ছন্দ বিহীন:
মোৰ কবিতাত ছন্দ হেৰাই
ছন্দালেখা,
ভীৰৰ নগৰীত,
খবৰ জানো ৰাখা,
মোৰ হৃদয়ৰ সুষম কোনত
তোমাৰ অৱস্হিতি,
সেই খবৰ জানো পোৱা ?
কিমান যুগৰ প্ৰনতিত
তোমাৰ মুখামুখি হম নাজানো ;
ভয় লাগে,
জানোছা খহি পৰে বিষাদৰ পৰ্ব ।
জানোচা স্তব্ধ হয়
মোৰ জীৱনৰ বাট,
কেতিয়াবা ভাগৰত সৰি পৰো,
আকৌ পুনৰ আগুৱাই যাওঁ
সাহসেৰে বগুৱাবাই ,
হেৰুৱাই জীয়াই থকাৰ আসক্তি ।
তোমাৰ মৰমে মোক
স্পৰ্শ নকৰা হলে,
নিলিখিলো হেতেন ,
এই ছন্দ বিহীন কবিতা,
ছন্দালেখা,
হীৰামনি লাহন, গোলাঘাট।
No comments:
Post a Comment