বৰ ভাগৰুৱা আজি মই
মায়াময় আঘোণৰ
উদাসীন গধূলিত
ছাঁয়ামায়া কাণিমুনি
পদুলিত ৰৈ
জ্বলি জ্বলি ছাই হৈ যোৱা
এবুকু যাতনা লৈ
জীয়াই আছো প্ৰিয়তমা ,
দুৰনিৰ পথাৰত
তুমি দাই অহা
শুকান ন'ৰানি ডৰা চাই ,
বৰ ভাগৰুৱা ,আজি মই ।
তেজৰ ধাৰত
শাণ দিয়া কাঁচিখনত
অহঙ্কাৰেৰে
চিকমিকাই থকা বিস্ফুৰিত
শোকৰ যন্ত্ৰণা বোৰৰ
উপশমৰ বিছাৰি উপায় ,
বৰ ভাগৰুৱা আজি মই ।
ধূসৰ পৃথিৱীখনত
এতিয়া নাই
শীতল জোনাক,
আকাশখনেও ফাঁকি দিলে
চকুপানীবোৰ
বৰষুণে তিয়াই নিলে
ভৰ বাৰিষাৰ
নৈ'য়ে উটুৱাই লৈ গল
ভৰসাৰ নাঁও খনি ,
বিশ্বাসৰ বঠাপাত
খেপিয়াই খেপিয়াই
শুকান নদীত বিছাৰি
পৰিছো ভাগৰি ।
প্ৰিয়তমা ,
তুমি দাই অহা
শুকান নৰানিৰ ডৰা চাই
বৰ ভাগৰুৱা আজি মই ।
হিৰামনি লাহন, গোলাঘাট
No comments:
Post a Comment