তুমি নামৰ কবিতাটো:
হীৰামনি লাহন
বুকুৰ দুখৰ ছাঁই ৰঙী
পোচাকযোৰ খুলি
এদিন ওলাই আহিছিলো
তোমাৰ অনুপম কবিতাৰ
ছন্দ বিছাৰি ,
সঁজাবলৈ প্ৰতিপল জীৱন
নামৰ উপন্যাসখনৰ ।
বহুত হেৰুৱাই আজিও
ভাগৰা নাই,
মাথো আছো তুমি নামৰ কবিতাটোৰ
ছন্দ মিলাই ,
এবুকু আশাৰ মাজত সাতুৰি
ৰিক্ত কলিজাখন ধূৱাই ।
যেন পাখি ভঙা বিহংগম পখীৰ দৰে
বাৰে বাৰে সেমেকা আকাশত
বাট হেৰুৱাই,
এতিয়া মাথো আছো অপেক্ষাত
এচেৰেঙা তেজাল ৰ'দলৈ
বাট চায় ।
No comments:
Post a Comment