Tuesday, January 03, 2023

স্বাগতম নৱবৰ্ষ:ৰাজ ৰাহুল

🔸স্বাগতম নৱবৰ্ষ


                                ✍️ ৰাজ ৰাহুল 

                   


পুৰণিক বিদায় দি

কিছু আশা--এবুকু শিহৰণ জগাই

আহি আছে এটি নতুন বছৰ

ভাবিলেই ভাল লাগে

১ জানুৱাৰী আহিল বুলি।

উলাহত ক'ম যেন--

স্বাগতম্ নৱবৰ্ষ !

মনত পৰে দীঘলী পুখুৰীৰ পাৰত

তোমাক লগ পোৱা প্ৰথম দিনটি--

আজলী হৰিণীৰ দৰে

থৰ লাগি চাই থকা

তোমাৰ গোলাপী ওঁঠত

সমৰ্পিত হৈছিল মোৰ যৌৱনৰ প্ৰথম স্পৰ্শ--!

লাজুকী বনৰ দৰে কোচ-মোচ খাইও

তুমি ক'বলৈ নাপাহৰিলা --

" শুভ নৱ বৰ্ষ"

প্ৰেমৰ মধুৰ গুঞ্জন শুনিলোঁ হৃদয় জুৰি

নতুনৰ পৰশত স্পন্দিত বুকুখনত

ফুলি উঠিল হাজাৰ স্বপ্নাকুল হাস্নাহানা--!

সিদিনা প্ৰেমৰ কথা কোৱা চৰাইজনীক বিচাৰি

উজাগৰী হৈছিল মোৰ উমাল ৰাতি,

জানা,

তোমাৰ হাতে লিখা শুভেচ্ছা পত্ৰখন

আজিও ৰাখিছোঁ আলফুলে সামৰি,

সেই যে ১জানুৱাৰীটো 

তোমাৰ বাৰু মনত আছে নে নন্দিনী ?

মনত পৰিলে

ৰোমাঞ্চিত হওঁ আজিও।

যদিও তুমি মোৰ কাষতে আছা

তথাপি বছৰৰ প্ৰথম দিনটো আহিলে

মোৰ বাবে তুমি হৈ পৰা অনন্যা।

বৰ্ষজোৰা সপোনৰ প্ৰাপ্তি

তুমি মোৰ পিয়াসী নন্দিনী,

আহাচোন,আজিও পালন কৰোঁ

সেই ১জানুৱাৰী দিনটো

উশাহত উশাহ লৈ

কওঁ আহা--"স্বাগতম নৱবৰ্ষ"..।


        

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...