Tuesday, December 06, 2022

তুমি কেনে আছা:ৰাজ ৰাহুল

 তুমি  কেনে আছা

                                 ✍️ ৰাজ ৰাহুল 

                                                 

পুৱাৰ বেলিটো যেতিয়া 

ডাৱৰৰ আৱৰণ ফালি

 পূব আকাশত উদয় হয়,

সুধিবলৈ মন যায় 

তুমি কেনে আছা?

তোমাৰ  প্ৰতি থকা মোৰ  প্ৰতি শুভাশিসে

তোমাৰ  জীবনৰ প্ৰতি পল অনুপল 

লিখি যাওঁক সুখৰ সংজ্ঞা।

জীবনৰ বাটচৰাত  ফুলি ৰওঁক--

পাহি পাহি বেলিফুল 

জাতিষ্কাৰ হওঁক  জীৱনৰ 

প্ৰতিটো প্ৰভাত সুখ ফুলেৰে

তুমিযে মোৰ  অতিকে আপোন,

নিৰ্ভেজাল তোমাৰ  জীৱন গৰিমাৰ

লিখা হওঁক সুখৰ আলিংগনত 

সুন্দৰ  কবিতা ।

মইতো এতিয়া  বহুত  দূৰত

ঢুকি নোপোৱা  দুৰত্বৰে---

পাহিকটা জলঙাৰে চাম তোমাক ---

তোমাৰ  সুখৰ প্ৰতি  সন্ধ্যা

মোৰ ওঁঠত  বিৰিঙিব সন্তুষ্টিৰ মৃদু হাঁহি ।

আকৌ কওঁ--তুমি কেনে আছা?

সঠিক  নে তোমাৰ  মায়াময় 

ছায়ামায়া জীৱন যাত্ৰা ?


---------------------------------

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...