ঢেঁকী
✍️ ৰাজ ৰাহুল
ঢেঁকী--
আপুৰুগীয়া সম্পদ অসমীয়াৰ
গ্ৰামীণ জীৱনৰ অহংকাৰ--!
যাৰ ঘৰত কাহিলীপুৱাতেই
মাত শুনা যায় ঢেঁকীৰ
সেই ঘৰতে থাকে হেনো লখিমী বোৱাৰী--!
বিহু আহিলে কথাই নাই
ঢেঁকীৰ মাতত গাঁওবোৰ ৰজন্ জনায়।
চিৰা, পিঠাৰ আয়োজনত
জীয়ৰী-বোৱাৰীহঁতৰ
তৰণি নোহোৱা হয় গাত।
ঢেঁকীত উলিওৱা চাউলেৰে ৰন্ধা ভাতৰ তৃপ্তি
কোনে বুজি পায় ?
মাথোঁ বুজি পায় চহা অসমীয়াই--!
আচৰিত লাগে--
কোনে বাৰু প্ৰথম সাজি উলিয়ালে
এনে প্ৰয়োজনীয় সৰল সঁজুলি ?
হয়তো কোনো কৃষকেই ইয়াৰ জন্মদাতা
যি উপলব্ধি কৰিছিল ইয়াৰ আৱশ্যকতা।
আৰম্ভ হ'ল নগৰীকৰণ
শাৰীৰিক পৰিশ্ৰম লঘু কৰাৰ চিন্তাই
ধুই পেলালে মানুহৰ মন-মগজু--!
মেচিনত খুন্দা হ'ল ধান,চিৰা পিঠা
গৃহিণীৰ শ্ৰম লঘু হ'ল
ঢেঁকীৰ প্ৰয়োজনীয়তা কমি গ'ল
ভুল হ'লেও নধৰিবা জগৰ
সঁচাকৈ কৈছোঁ--
গাঁৱৰ মহিলাৰ চৰ্বী বাঢ়ি গ'ল
পুৱা-গধূলি খোজ কাঢ়িও
ৰক্ষা নোপোৱা হ'ল--!
এৰা,
গাঁৱত এতিয়া
ঢেঁকীৰ মাত আপুৰুগীয়া হ'ল
ছবি হৈ ৰ'ব ঢেঁকী
উত্তৰ পুৰুষে সুধিব ঢেঁকী মানে কি...।
No comments:
Post a Comment