Showing posts with label খাইৰুল ইছলাম. Show all posts
Showing posts with label খাইৰুল ইছলাম. Show all posts

Tuesday, January 03, 2023

নতুন বছৰৰ নতুন প্ৰভাতত সংকল্প

◾️নতুন বছৰৰ নতুন প্ৰভাতত সংকল্প 

খাইৰুল ইছলাম, মৈৰাবাৰী, মৰিগাঁও

নতুন বছৰৰ 

                  নতুন প্ৰভাত;

সূৰ্যৰ পোহৰ 

                  পৰিল ধৰাত।

উজলি উঠিল 

                  গছ-বন;

জীপাল হৈ পৰিল

                  তন-মন।

নতুন সংকল্প 

                  ল'লোঁ মনত;

লিখিম কবিতা-গল্প

                   বেছিকৈ নতুন বছৰত।।

Tuesday, December 13, 2022

জীৱনৰ এক স্তৱক : খাইৰুল ইছলাম

  জীৱনৰ এক স্তৱক :

খাইৰুল ইছলাম

মানুহৰ জীৱন কাল

সদায় নাথাকে ভাল।

জীৱনত থাকে সুখ-দুখৰ সমাহাৰ

সংগ্ৰাম কৰিয়েই জীৱন হয় পাৰ।

Tuesday, November 29, 2022

লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ:খাইৰুল ইছলাম

 লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ 
                      ✍খাইৰুল ইছলাম



হে বীৰ সেনাপতি 

লাচিত বৰফুকন, 

আপোনাক আজি

কৰিছোঁ সশ্ৰদ্ধ সোঁৱৰণ। 


হে বীৰ সেনাপতি

লাচিত বৰফুকন,

গাই শেষ কৰিব নোৱাৰি

আপোনাৰ গুণানুকীৰ্তন। 


দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে

নৰীয়া দেহাৰেও যুঁজিছিলে;

কৰ্মত গাফিলতি কৰাৰ বাবে

আপোনজনকো শিৰচ্ছেদ কৰিছিলে। 


স্বদেশ ৰক্ষাৰ ক্ষেত্ৰত

কদাপিও আপোচ কৰা নাছিলে;

বাঘ হাজৰিকাৰ সহযোগত

বিপক্ষক পৰাভূত কৰিছিলে। 


আপুনি দেখুৱাই গ'ল 

এক অনন্য আদৰ্শ;

যি আদৰ্শত অনুপ্ৰাণিত হ'ল

আজি গোটেই ভাৰতবৰ্ষ। 


যুগে যুগে আপুনি

ভাৰতীয়ৰ মন

থাকিব জিনি...

সেয়ে কৰি থাকিব আপোনাক স্মৰণ। 


Tuesday, November 08, 2022

তুমি য'তেই আছা শান্তিত থাকা:খাইৰুল ইছলাম

তুমি য'তেই আছা শান্তিত থাকা



"মানুহে মানুহৰ বাবে..." শীৰ্ষক গীত গাই

মানুহৰ মানৱতাক তুলি জগাই 

কৰি অমানুহকো মানুহ

তুমি হৈ পৰিছিলা মানুহৰ প্ৰিয় মানুহ। 


তুমি ভাৰত ৰত্ন 

তুমি সুধাকণ্ঠ

তুমি সংগীত সূৰ্য

তোমাক লৈ সকলোৱেই কৰে গৰ্ব। 


হে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা,

তুমি য'তেই আছা শান্তিত থাকা।


✍খাইৰুল ইছলাম

ৰচনা কালঃ ০৫-১১-২০২২

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...