Tuesday, November 29, 2022

লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ:খাইৰুল ইছলাম

 লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ 
                      ✍খাইৰুল ইছলাম



হে বীৰ সেনাপতি 

লাচিত বৰফুকন, 

আপোনাক আজি

কৰিছোঁ সশ্ৰদ্ধ সোঁৱৰণ। 


হে বীৰ সেনাপতি

লাচিত বৰফুকন,

গাই শেষ কৰিব নোৱাৰি

আপোনাৰ গুণানুকীৰ্তন। 


দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে

নৰীয়া দেহাৰেও যুঁজিছিলে;

কৰ্মত গাফিলতি কৰাৰ বাবে

আপোনজনকো শিৰচ্ছেদ কৰিছিলে। 


স্বদেশ ৰক্ষাৰ ক্ষেত্ৰত

কদাপিও আপোচ কৰা নাছিলে;

বাঘ হাজৰিকাৰ সহযোগত

বিপক্ষক পৰাভূত কৰিছিলে। 


আপুনি দেখুৱাই গ'ল 

এক অনন্য আদৰ্শ;

যি আদৰ্শত অনুপ্ৰাণিত হ'ল

আজি গোটেই ভাৰতবৰ্ষ। 


যুগে যুগে আপুনি

ভাৰতীয়ৰ মন

থাকিব জিনি...

সেয়ে কৰি থাকিব আপোনাক স্মৰণ। 


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...