🔸স্তৱক
©প্ৰগতি গগৈ চাংমাই
নীলা বেদনাবোৰে এতিয়া খোপনি পুতিব নোৱাৰে
ছাঁই হৈ উৰে প্ৰতাৰণাৰ পৃষ্ঠা,
বিশ্বাস আৰু সাহচৰ্যৰে জীৱন জীয়াৰ সাধনা
পূৰণ হয় মোৰ অযুত বাসনা।
বুকুৰ ভিতৰখন জ্বলা-পোৰা নকৰে দুখত
মৰমৰ কঙালত নবয় লোতকৰ নদী
পৰম উছাহেৰে চাওঁ হেঙুলীয়া বেলি
সজাওঁ বুলি জীৱনক নতুন হেঁপাহত।
No comments:
Post a Comment