উন্মনা ফাগুন
মিন্টু গোৱলা, লখিমপুৰ, কদম
ফাগুন মাহৰ ফাগুনী পছোৱা বতাহ জাক বলিবলৈ আৰম্ভ হৈছে । ফাগুনৰ বতৰা পাই পলাশ, শিমলু ও ফুলিব আৰম্ভ হৈছে।প্ৰেমিক প্ৰেমিকাৰ মনবোৰো বৰ উন্মনা হৈ উঠিছে। ফাগুন মানেই এক যৌৱনৰ বতৰ মত আপোন জনৰ লগত নৈৰ পাৰত বহি কথা পতা আমেজ বৰ বেলেগ লাগে। উন্মনা ফাগুনে আনে বলিয়া প্ৰেমৰ বান ।
ফাগুনীৰ ঘৰ গাঁওৰ ইটো মুৰত ।ফাগুনীৰ প্ৰেমিক কৰ্মসূত্ৰে চেন্নাইত থাকে । তেওঁলোকৰ সম্পৰ্ক প্ৰায় এবছৰ হ'ব হ'ল ।যোৱা বছৰ ফাগুনত শেষ বাৰ বাবে ফাগুনীক লগ কৰি প্ৰতিশ্ৰুতি দি চেন্নাইলৈ বুলি উৰা মাৰে।ফাগুনীয়ে সেই প্ৰতিশ্ৰুতি বুকুত বান্ধি পলাশ লৈ আশাৰে বাট চাই আছে।
সিদিনা আবেলি পৰত ফাগুনীয়ে বৰকৈ পদূলিত ৰৈ ঘনাই ঘনাই চকু আলি বাটত ।যেন ফাগুনীৰ চেনাই অহাৰ বতৰ বুলি পদূলি মুৰত অপেক্ষা কৰিছে ।কাৰণ পলাশে ফাগুনীক প্ৰতিশ্ৰুতি দিছে।এই ফাগুনত ফাগুনীৰ ওচৰত অহাৰ । সেইবাবেই ফাগুনীৰ মনতো ঘৰত নবহাই হ'ল । বাটত লৈ বাৰে বাৰে যায় ।চাই চাই ফাগুনীয়ে খংত জ্বলি পুৰি নৈৰ পাৰত বহিবলৈ গ'ল।নিদান নিস্তব্ধ পৰিবেশত বহি যোৱা বছৰ কথা মনত পেলাই আছে। মনতো দুখ কৰি পলাশৰ প্ৰতিশ্ৰুতিবোৰ মনৰ ভিতৰত এক দৃশ্যমানেৰে বৰকৈ ভাৱি আছে ।
সিদিনা আছিল ফাগুনৰ বতৰ ,যʼত ফাগুনী আৰু পলাশে নৈৰ পাৰত বহি অলপ আলাপ কৰিছিল ।পলাশে সিদিনাই ফাগুনীক শেষ বাৰৰ বাবে লগ কৰিছিল। সেই কথা বোৰকে ভাৱি আছে।
পলাশে যোৱাৰ আগত ফাগুনীক কৈছিল,যে ফাগুনী মইতো তোমাৰ এবছৰৰ বাবে বাহিৰলৈ যাম অʼ।অহা ফাগুনত আহিলে মই তোমাক নিজৰ কৰিম ।
ফাগুনীয়ে দুচকু সেমেকাই পলাশক ক'লে- উম! হ'ব মই তোমালৈ সদায় বাট চাই থাকিম ।তুমি সোনকালেই আহিবা ।
ফাগুনীয়ে সেই কথাবোৰ ভাৱি ভাৱি বহি আছে ।ফাগুনীয়ে কথাবোৰ ভাৱি মগ্ন হৈ এখন সপোনৰ দেশত । হঠাৎ পলাশে ফাগুনীক গাঁওত বিচাৰি ফুৰিছিল , কিন্তু গাঁওত ফাগুনীক দেখা নাপালে । বিচাৰি বিচাৰি পলাশে নৈৰ পাৰত পালে গৈ।পলাশে আহি দেখে যে ফাগুনীয়ে দুচকু সেমেকাই নৈৰ পাৰত বহি মনে মনে বহি আছে ।ফাগুনীৰ পাছ ফালে পলাশে মনে মনে আহি হাতখনেৰে দুচকু বন্ধ কৰি দিলে ।ফাগুনীয়ে হঠাৎ চক খাই চিঞৰি উঠিল।পলাশে যেতিয়া হাতখন এৰি দিলে।
তেতিয়া ফাগুনীয়ে অভিমানেৰে ক'লে - কিয় আহিলা এতিয়া ?
নাহিলেও হয়চোন ।ইমান দিন মই কেনেকৈ আছোঁ , মই হে জানো ।
পলাশে হাঁহি এটি মাৰি ক'লে- ঐ পাগলী মই ঘৰত নাহিল ক'ত ৰাম অʼ।
বাহ! ইমান অভিমান নʼ।
মইতো তোমাক কোৱাৰ দৰেই কথাতো ৰাখিছোঁ নʼ।
খং,অভিমান বোৰ সামৰি দুহাত মেলি তোমাৰ হিয়াৰ মাজত লোৱা না। মই আহি গʼলো, এতিয়া চিন্তা নকৰিবা ।
ফাগুনীয়ে এটি মিচিকিয়াই হাঁহি মাৰি ।দুহাত মেলি পলাশক সাৱটি ধৰিলে ।
ফাগুনীয়ে ক'লে - তুমি নহা দেখি মোৰ বহুত খং উঠিছিলে অʼ।
এই মোক লৈ যোৱা , নহ'লে মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ অʼ।
পলাশে ক'লে - মই আহিছোঁ , এতিয়া আৰু কিহৰ চিন্তা ।তোমাক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবলৈ আহিলোঁ।
কেইদিনমানৰ পাছত ফাগুনীয়ে পলাশৰ লগত জীৱনৰ নতুন ফাকু সানিবলৈ লʼলে । উন্মনা ফাগুনৰ বলিয়া প্ৰেমে দুয়োকে চিৰদিনৰ বাবে একে লগ কৰিলে । দুয়ো সুখত জীৱন কটাই আছে ।
No comments:
Post a Comment