🟡তুমি বিহীন জীৱন
তুমি মোক কিয় এৰি গলা অ
কেনেকৈ থাকো মই তোমাৰ অবিহনে
তুমি বিহীন জীৱনটো যে ইমান কষ্টকৰ ,
জানানে তুমি......
তুমি মোক যেতিয়াই এৰি গলা
তেতিয়াৰে পৰা এই সমাজখনে চলাইছে
মোৰ ওপৰত নিৰ্যাতন ।
আৰু কি জানা .......?
অন্ধবিশ্বাসৰ বলী হৈ,
তোমাৰ মৃত্যুৰ বাবেও মোকেই জগৰীয়া কৰিছে
তুমি কিয় মোক অকলে এৰি গলা,
কেনেকৈ যুজোঁ মই এই সমাজখনৰ লগত,
কিয় মোৰ জীৱনটো উকা কৰি গলা ......?
এই সমাজে বান্ধি দিয়া নীতি নিয়মৰ বাবে
আজি মই মোৰ সপোনবোৰকো ৰাখিছো বন্দী কৰি,
এটা লোৰ সজাত বন্দী চৰাই দৰে ।
এনেকৈ আৰু কিমান দিন থাকোঁ মই
কিয় মোক ইমান কষ্ট দিছে এই সমাজখনে ....?
জানা তুমি.....
এই সমাজে মোক দেখিলে ঘৃণাৰ দৃষ্টিৰে চাই
মোক কলংকিনী বুলি হাঁহে ।
তুমিৱে কোৱাহো মোৰ ভুল কত......
নাজানো কিয় ইমান নিকৃষ্ট এই সমাজ,
সঁচাকৈ এই সমাজখন ইমান ফোপোলা
ইয়াত আন্তৰিকতা,সহানুভূতি,মানৱতাবোধ বুলি একোৱে নাই ।
কেতিয়াবা মন যায় জানা.......
চিঞৰি চিঞৰি প্ৰতিবাদ কৰিবলৈ
কিন্তু......
প্ৰতিবাদৰ ভাষাবোৰ দেখোন হেৰাই যায়
মোৰ ভাষাৰ ভাণ্ডাৰৰ পৰা
ধাৰাসাৰে বৈ আহিব খোজা অশ্ৰু টোপালবোৰ
হঠাৎ স্তব্ধ হৈ ৰয় ,
হয়তো লাজ পাই .....
নিলাজ সমাজখনৰ আগত উদঙাই দিবলৈ
মোৰ মৌনতাৰ ভাষাবোৰ ।
কিয় নুবুজে এই সমাজখনে ....,
তোমাক হেৰুৱা বেদনাই মোক কিমান কষ্ট দিছে
কিয় ইমান নিকৃষ্ট এই সমাজ....?
কিয় অন্ধবিশ্বাসৰ বলী হৈ মোক ইমান কষ্ট দিছে ....?
কিয় মোক কলংকিনী সজাইছে....?
নোৱাৰিছো আৰু এই সমাজৰ লগত যুজিব
ভাগৰি পৰিছো....
তুমি আহাচোন আকৌ ...
তুমি বুজাই দিয়াহি এই ফোপোলা সমাজখনক
মোৰ ওপৰত জাপি দিয়া ধাৰণা ভূল বুলি ,
আহানা তুমি.....
মোৰ উকা হৈ ৰোৱা জীৱনটোক ৰঙীন কৰি তুলাহি ।
✍️প্ৰিয়া বৰা,যোৰহাট
অসম
No comments:
Post a Comment