Tuesday, February 21, 2023

ছাই হোৱা বুকুৰ ঠিকনা

 ছাই হোৱা বুকুৰ ঠিকনা

                                         

ই কেনেকৈ ক'ম

ছাই হোৱা বুকুৰ ঠিকনা

ৰঙা শাৰী পিন্ধি

ফেহুঁজালি দিলে প্ৰেমে ।

বুকুত তেজাল ঘোঁৰা বান্ধি

উজাব খোজে নদী

ক'ত থ ওঁ মন, ক'ত থওঁ চকু

পলাশৰ ৰঙ সনা ফাগুনক কলো

ফুলৰ বাবে কাঁইট নে

কাঁইট থকাৰ বাবে ফুল

কেনেকৈ সহিব পাৰি

ফুলে ধুৱা বিলাসী যাতনা

কেনেকৈ ক ওঁ বাৰু

ছাই হোৱা বুকুৰ ঠিকনা ।



✍️ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...