Tuesday, February 21, 2023

ছাই হোৱা বুকুৰ ঠিকনা

 ছাই হোৱা বুকুৰ ঠিকনা

                                         

মই কেনেকৈ ক'ম

ছাই হোৱা বুকুৰ ঠিকনা

ৰঙা শাৰী পিন্ধি

ফেহুঁজালি দিলে প্ৰেমে ।

বুকুত তেজাল ঘোঁৰা বান্ধি

উজাব খোজে নদী

ক'ত থ ওঁ মন, ক'ত থওঁ চকু

পলাশৰ ৰঙ সনা ফাগুনক কলো

ফুলৰ বাবে কাঁইট নে

কাঁইট থকাৰ বাবে ফুল

কেনেকৈ সহিব পাৰি

ফুলে ধুৱা বিলাসী যাতনা

কেনেকৈ ক ওঁ বাৰু

ছাই হোৱা বুকুৰ ঠিকনা ।



✍️ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...