Tuesday, February 21, 2023

অস্তাচলৰ কেনভাছ:কিশোৰ কুমাৰ কলিতা

 অস্তাচলৰ কেনভাছ

               

                 

 

নীলা আকাশ

ৰঙা আবিৰ

পচোৱাৰ চঞ্চলতাত বিপন্ন জীৱন

সুখ বিচাৰি দুখবোৰ কেনি গল 


গছজোপা এতিয়া লঠঙা

তথাপিও,

কপৌজুৰীৰ সুখৰ আলয়

হাহিৰ আৰৰ চকুলো


মদাৰৰঙী সপোন

হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব 

এতিয়া যেন বহু যোজনৰ বাট


হালধীয়াবোৰত ওলমি আছে

অস্তাচলৰ কেনভাছ

জীৱনৰ অহা-যোৱা

সৰাপাতৰ দৰেই  .... ....


✍️কিশোৰ কুমাৰ কলিতা,

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...