Showing posts with label কিশোৰ কুমাৰ কলিতা. Show all posts
Showing posts with label কিশোৰ কুমাৰ কলিতা. Show all posts

Wednesday, March 15, 2023

অসমীয়াৰ স্বাভিমান - ' তাতশাল আৰু গামোচা

 বিশেষ লেখা


অসমীয়াৰ স্বাভিমান - ' তাতশাল আৰু গামোচা '


          কিশোৰ কুমাৰ কলিতা


বিভিন্ন জাতি - জনজাতিৰ মহা মিলনৰ থলী অসমী আইৰ বুকুত বাৰেৰহণীয়া সমন্বয়েৰে অসমীয়াৰ কৃষ্টি - সংস্কৃতিৰ মেটমৰা ভৰাল চুকে কোণে আজিও উজ্জ্বিৱিত হৈ আছে। আমাৰ অসমীয়া সমাজ জীৱনৰ স্বাভিমানৰ অনন্য প্ৰতীক তাতশাল আৰু গামোচা অথবা বিহুৱান। কেৱল স্বাভিমানেই নহয়, অতীজৰে পৰাই তাতশালে প্ৰতিটো জাতি -জনগোষ্ঠীৰ জনজীৱনত এক বিশেষ ভূমিকাও গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে হেপাঁহৰ গামোচাখনে আমাৰ দৈনন্দিন জীৱন প্ৰৱাহতো বিশেষ উপাদানৰ ভূমিকা গ্ৰহণ কৰি আহিছে। অতিজৰে পৰাই অসমীয়া জাতিৰ সৈতে যেন এই তাতশালৰ এক এৰাব নোৱাৰা সম্পৰ্ক ৰক্ষা হৈ আছে আৰু অনাগত দিনতো ইয়াৰ গুৰুত্ব থাকিব। ৰজাদিনীয়া শাসনৰ সময়ত নিশাটোৰ ভিতৰতেই শিপিনীয়ে তাতশালত বহি আপোনজনক কৱচ কাপোৰ বই দি পুৱাই দেশ ৰক্ষাৰ বাবে যুদ্ধলৈ পঠিয়াই দিয়াৰ কথা আজিও স্বাভিমানী অসমীয়াৰ মুখে মুখে শুনা যায়। সচা অৰ্থত অসমীয়া জিয়ৰী - বোৱাৰীৰ দুহাতত যাদু পৰশত প্ৰাণ পাই উঠে হেপাঁহৰ গামোচাখন।

             অসমীয়াৰ প্ৰাণ প্ৰাচুৰ্যৰ প্ৰতীক হেপাঁহৰ বিহুগীততো তাতশাল অথবা গামোচাখনৰ বৰ্ণনাই অন্যতম ৰূপে তাহানিৰ পৰাই ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে- " আই নাই মাউৰা

  তিৰী নাই বৰলা

  গামোচা দিওতা নাই।"

আৰু-

 " লাং ফুলৰ গামোচা বলি ঐ ঘুনুচা

  কেচ ফুলৰ গামোচা বলি

  শুৱাই কি নুশুবাই ধনৰে ককালত

  লিৰিকি বিদাৰি চালি। "

          অসমীয়া সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰা তাতশালখনৰ কথা কবলৈ গলে আমি দুই ধৰণৰ তাতশাল দেখা পাও। হাতশাল আৰু টনাশাল বা তাতশাল। বিভিন্ন জাতি জনগোষ্ঠীৰ মহা মিলনৰ থলী অসমী আইৰ বুকুত জাতি জনগোষ্ঠী ভেদে বিভিন্ন ধৰণৰ তাতশাল পৃথক পৃথক ৰূপত ব্যৱহাৰ হোৱা দেখা যায়। হস্ততাত শিল্পৰ ভিতৰত তাতশাল অন্যতম হিচাপে আজিও বিবেচিত হৈ আহিছে। উজনিত তাত আৰু নামনিত কেৱল শাল শব্দটোৱো ব্যৱহাৰ কৰা দেখা যায় যদিও অৰ্থ একোটাই। হাতশালত মাকো মাৰিবলৈ দুয়োখন হাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে টনাশাল বা তাতশালত ৰচীত এক বিশেষ পদ্ধতিৰে কাঠৰ মুঠি লগাই এহাতেৰে সেই মুঠিৰে টানি মাকো মৰা হয়। মুঠতে অসমীয়া সমাজ জীৱনত দুই ধৰণৰ তাতশালৰ ব্যৱহাৰ হৈ আহিছে যদিও ঠাই ভেদে ইয়াৰ ব্যৱহাৰত সামান্য পৃথক পৃথক ৰূপ দেখা যায় আৰু সমান্তৰালভাৱে ইয়াৰ নামাকৰণো ঠাই ভেদে বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয়। এই তাতশালৰ প্ৰসংগত বিশিষ্ট সাহিত্যিক ড: লীলা গগৈয়ে এইদৰে মন্তব্য কৰিছে- " ভৈয়ামত মাটিৰ শাল আৰু পৰ্বতত ককালত বান্ধি লোৱা শাল জনপ্ৰিয় আছিল। ককালত বান্ধি লৈ বোৱা কাপোৰৰ পুতল তেনেই ঠেক, আনপিনে মাটিৰ শালত তিনি চাৰিহাত পুতলৰ কাপোৰ বব পাৰিছিল। তাতশালৰ প্ৰায় আটাইবোৰ সজুলিয়ে বাহৰ, মাত্ৰ টোলোঠা আৰু দোপতিযোৰ কাঠৰ। "

             গা -মোচা, অৰ্থাৎ গামোচা শব্দটোৰ আমাৰ ব্যৱহাৰিক জীৱনত বিশেষ ভূমিকা আছে । ব্যৱহাৰ, আকৃতি- প্ৰকৃতি আৰু বয়ন শিল্পৰ প্ৰকাৰ ভেদে  ইয়াৰ নামাকৰণো ভিন ভিন হোৱা দেখা যায়। ঠাই ভেদে অথবা জনগোষ্ঠীয় লোকসকলৰ মাজত নামাকৰণ বেলেগ হোৱা দেখা যায়। কিন্তু কিছু কিছু ক্ষেত্ৰত গামোচাৰ নামাকৰণ বেছি ভাগতেই একে। যেনে- পানী গামোচা, তিয়নী গামোচা, গুঠা গামোচা, ফুলাম গামোচা, ককালবন্ধা গামোচা ইত্যাদি ইত্যাদি..... । বিহুগীততো গামোচাৰ বৰ্ণনা ভিন্ন ধৰণে কৰা দেখা যায়- 

  " নাচনীৰ মূৰতে গুটি ফুলৰ গামোচা

    যেন মৰা চৰাইৰ নেজ।"

আৰু অসমীয়া সমাজ জীৱনত ডেকা গাভৰুৱে প্ৰেমৰ অনন্য প্ৰতীক বুলি ভবা বিহুৱানখনো বিহু গীতত সুন্দৰ ৰূপত উপস্থাপন কৰা দেখা যায়-

" ৰাতি দুপৰলৈকে কাটি সূতালাহি 

  ধনলৈ বিহুৱান বলো

  ৰঙাকৈ আচুৰে বাছি পানেকটা

  টিপতে লুকুৱাই থলো "

            মুঠতে এটা কথা স্পষ্ট যে অতীজৰে পৰাই অসমীয়া সমাজ জীৱনত তাতশাল আৰু গামোচাই যি ভূমিকা গ্ৰহণ কৰি আহিছে সেই ভূমিকা আজিও আছে যদিও সময়ৰ সোঁতত সকলো পৰিয়ালৰেই চোতালত পূৰ্বৰ দৰেই আজিকালি তাতশালখন আপুনি দেখিবলৈ নাপায়। চতমাহীয়া দিনবোৰত গ্ৰামাঞ্চলৰ চুকে কোণে তাতশালৰ শব্দই ৰজনজনাই আছিল। গাৱলীয়া পৰিয়াল সমূহত এতিয়াও আছে যদিও লাহে লাহে নোহোৱা হবলৈ ধৰিছে। আনহাতে, আমাৰ স্বভিমানৰ প্ৰতীক বিহুৱান অথবা গামোচাখনো বহু ঠাইত জিয়ৰী বোৱাৰীয়ে অতি সাম্প্ৰতিক সময়ত ববলৈ এৰিলে। এতিয়া বহিৰাজ্যৰ মেচিনত তৈয়াৰ কৰা গামোচাই বজাৰ দখল কৰিছে। এই ক্ষেত্ৰত ৰজাঘৰীয়াৰ কৰণীয় যথেষ্ট আছে। বহিৰাজ্যৰ মেচিনত তৈয়াৰী গামোচাৰ মূল্য কম আৰু সহজতে উপলব্ধ। তাৰ বিপৰীতে অসমীয়া জিয়ৰী বোৱাৰীৰ দুহাতৰ যাদু পৰশত প্ৰাণ পাই উঠা গামোচাৰ উভৈনদী নোহোৱা হবলৈ ধৰিছে। মূল্যৱো বেছি, বোৱাৰ ক্ষেত্ৰত কষ্টৱো হয়। ৰজাঘৰীয়াই এক সুদূৰ প্ৰসাৰি সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে।

            অসমীয়া সমাজ জীৱনৰ বাবে বিহুৰ গুৰুত্ব সৰ্বদা অপৰীসম হিচাপেই থাকিব । সময় সলনি হলেও হেপাঁহৰ গামোচাখন আথবা বিহুৱান আৰু তাতশালৰ আদৰ শেষ হোৱা নাই। তাহানিতে এই বিহুৱান অথবা গামোচা আমাৰ ঐতিহ্যৰ প্ৰতীক আছিল, আজিও আছে আৰু ভৱিষ্যতেও থাকিব। অসমীয়া জাতি জীয়াই থকালৈকে ইয়াৰ আদৰ থাকিব। অৱশ্যে মহা মিলনৰ ভূমি এই অসমী আইৰ বুকুত স্বমহিমাৰে উজ্বলি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত  তাতশাল অথবা গামোচা ভিন্ন ভিন্ন ৰূপ, ভিন্ন ভিন্ন নামাকৰণ আৰু ভিন্ন ভিন্ন ব্যৱহাৰ দেখা যায়। সময় থাকোতেই সেইবোৰৰ বহুলভাৱে আলোচনাৰ প্ৰয়োজন অতিকৈ প্ৰয়োজনীয়। অন্যথা সময়ৰ সোতত আমাৰ সমাজ জীৱনৰ পৰা কিছু কিছু বিষয় নোহোৱা হৈ যায়।

       


( বি: দ্ৰ:- বিভিন্ন উৎসৰ সহায় লোৱা হৈছে।)


  কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ)

  দখলা- বিজয়নগৰ

  দক্ষিণ কামৰূপ

  ৯৯৫৪০৩০৯৩১

Tuesday, February 21, 2023

অস্তাচলৰ কেনভাছ:কিশোৰ কুমাৰ কলিতা

 স্তাচলৰ কেনভাছ

               

                 

 

নীলা আকাশ

ৰঙা আবিৰ

পচোৱাৰ চঞ্চলতাত বিপন্ন জীৱন

সুখ বিচাৰি দুখবোৰ কেনি গল 


গছজোপা এতিয়া লঠঙা

তথাপিও,

কপৌজুৰীৰ সুখৰ আলয়

হাহিৰ আৰৰ চকুলো


মদাৰৰঙী সপোন

হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব 

এতিয়া যেন বহু যোজনৰ বাট


হালধীয়াবোৰত ওলমি আছে

অস্তাচলৰ কেনভাছ

জীৱনৰ অহা-যোৱা

সৰাপাতৰ দৰেই  .... ....


✍️কিশোৰ কুমাৰ কলিতা,

প্ৰজ্ঞাৰ সাধক- সমাজপ্ৰাণ মহেশ কলিতা

 এখন অভিনন্দন গ্ৰন্থ আৰু অনুভৱৰ একলম

                           প্ৰজ্ঞাৰ সাধক- সমাজপ্ৰাণ মহেশ কলিতা 


এগৰাকী শিক্ষক -সমাজ সেৱক হিচাপে পৰিচিত জীৱনৰ চাৰি কুৰিৰ দেওনা পাৰ কৰা এগৰাকী অনন্য ব্যক্তিত্বৰ অধিকাৰী-- মহেশ কলিতা। দক্ষিণ কামৰূপৰ ছয়গাও নিবাসী মহেশ কলিতাই জীৱনৰ বিয়লি বেলাত খোজ থোৱাৰ সময়ত সুধি সমাজে তেওঁলৈ উপহাৰ হিচাপে তুলি দিছে- ' প্ৰজ্ঞাৰ সাধক- সমাজপ্ৰাণ মহেশ কলিতা ' নামৰ অভিনন্দন গ্ৰন্থখনি। যোৱা ১২ ডিচেম্বৰত উন্মোচন হোৱা তথা বিশেষ বিশেষ তথ্য সন্নিবিষ্ট কৰাৰ লগতে বিভিন্নজনৰ লেখাৰে সম্বৃদ্ধ  ২৬০ পৃষ্ঠাৰ অভিনন্দন গ্ৰন্থখনি  সম্পাদনা কৰিছে লেখক পংকজ কলিতাই।

                 সমাজ জীৱনত জীৱন জোৰা সাধনাৰে মহীয়ান হোৱা ব্যক্তিসকলক আমি পৰলোকগামী হোৱাৰ পিছত আদৰ কৰো। কিন্তু ব্যক্তিগৰাকীক জীৱিত অৱস্থাত আমি যথোপযুক্ত সন্মান দিবলৈ আগ্ৰহী নহও। তাৰ ব্যতিক্ৰমী পদক্ষেপ এই অভিনন্দন গ্ৰন্থখন। গ্ৰন্থখনৰ সম্পাদকীয়ত লেখক পংকজ কলিতাই ব্যক্তিগৰাকী সন্দৰ্ভত এইদৰে উল্লেখ কৰিছে- " এক কথাত এগৰাকী নিষ্ণাত লোক। শিপাৰ পৰা বিচ্ছিন্ন হব নোখোজা মনে- সাজে চিকুণ সমাজহিতৈষী ব্যক্তি। পুৰাণপ্ৰসিদ্ধ চম্পকনগৰৰ বেউলা- লখিন্দৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত ছয়গাৱৰ সমাজ জীৱনত সুদীৰ্ঘ কাল শ্ৰমলব্ধ সাধনা আৰু সংগ্ৰামী ভাৱনাৰে প্ৰজ্ঞাৰ সন্ধানত সাৰ্বিক ৰূপত দক্ষিণ কামৰূপৰ লগতে, বিশেষকৈ দক্ষিণ ছয়গাৱৰ জনজাতীয় অঞ্চলটোৰ দিহিঙে- দিপাঙে জাগ্ৰত প্ৰহৰী হৈ মানৱীয় প্ৰমূল্যৰ স্বকীয়তা ৰক্ষা কৰি জ্ঞানৰ বন্তি জ্বলাই মানুহ আৰু মমতাৰ স্পৰ্শতাৰ অনুভূতি ধৰ্ম-কৰ্ম, চিন্তা-চেতনাৰ মাজেৰে প্ৰকাশ কৰি গৰিমা লভিবলৈ যে তেওঁ সক্ষম হৈছে তাত সন্দেহৰ অৱকাশ নাই। "  সম্পাদক তথা লেখক পংকজ কলিতাৰ এনে মন্তব্যৰ পৰাই ব্যক্তিগৰাকীৰ জীৱন আৰু সাধনা সম্পৰ্কে অনুমান কৰিব পাৰি।

        ডা: কমলাকান্ত কলিতা, ড:নগেন কলিতা, সুকুমাৰ মেধী, ৰমাকান্ত ৰাভা, জেউতীময়ী কলিতা, প্ৰণীতা কলিতা, উপেন ডেকা, ড: ৰাজু বৰদলৈ, ড: প্ৰাণেশ্বৰ নাথ, উজ্বল মেধি, দুলাল শৰ্মা, ৰত্ন মহন্ত, নাৰ্জী চৌধুৰী, জুনমণি দাস, চিন্ময় কলিতা, সোণেশ্বৰ ৰাভা, হাবিৰাম ৰাভা আদিকে ধৰি ভালেসংখ্যক লোকৰ অনুভৱৰ কলমেৰে সজোৱা অভিনন্দন গ্ৰন্থখনত মহেশ কলিতাই নিজেই লিখিছে-" সৃষ্টি আৰু জ্ঞানৰ আনন্দৰ উন্মেষ কৰিব পৰাটোৱেই শিক্ষকৰ সৰ্বশ্ৰেষ্ঠ অৰিহণা। এই কথাখিনিয়ে মোৰ মনত বাৰুকৈয়ে শিপাইছিল। জ্ঞান- বিজ্ঞানেৰে মানুহ গঢ়াৰ সপোন দেখিছিলো। মনত উপজিল শিক্ষক হোৱাৰ আকাংক্ষা।সময়ত তাকেই ব্ৰত হিচাপে গ্ৰহণ কৰিলো।" জীৱনৰ সুদীৰ্ঘ সময় পাণ্টান হাইস্কুলত শিক্ষক হিচাপে কাম কৰা কলিতাদেৱে অভিনয়ো কৰিছিল। বিভিন্ন দল -সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানক সমুখৰ পৰা নেতৃত্বত দি আহিছে। যাৰ বাবে আজি জীৱনৰ বিয়লি বেলাত সুধি সমাজে দিলে সুন্দৰ উপহাৰ। 

        কামৰূপীয়া পৰম্পৰাগত লোককৃষ্টিৰ সাধক শিল্পী সুকুমাৰ মেধীয়ে লিখিছে-" ছাৰ সভা শুৱনি পুৰুষ। উপস্থিতিত পৰিৱেশ শান্ত আৰু শুভ্ৰ হৈ যায়।.... ... ..... ...   শুধ বগা পোছাকযোৰত ছাৰক আমি দেখা দিনাৰে পৰা আকৰ্ষণ আছিল শ্ৰদ্ধাৱান ৰূপত। " সচা অৰ্থত মহেশ কলিতাদেৱৰ বিশাল ব্যক্তিত্ব আৰু জীৱনজোৰা সাধনা পৰিণতি এইখন অভিনন্দন গ্ৰন্থ। যিখন গ্ৰন্থ প্ৰকাশে আন দহজনক প্ৰেৰণা যোগাব।


✍️ কিশোৰ কুমাৰ কলিতা

Tuesday, December 13, 2022

আঘোণৰ মালিতা:কিশোৰ কুমাৰ কলিতা

 আঘোণৰ মালিতা:

       কিশোৰ কুমাৰ কলিতা



জী থকাৰ হেঁপাহ বুকুত গুজি

তেওঁ শোৱাপাটি এৰে

জাৰৰ কৱচ পিন্ধি দূবৰিৰ দলিচাত খোজ থয়


বোকা পানীত সেউজীয়া সিচি

সোণোৱালী সপোন দেখে আঘোণকাই

তেওঁ জীয়াব খোজে জীৱন

হাহিৰে চকুলো ঢাকি বোকোচাত কঢ়িয়াই

আশা আৰু হেপাঁহৰ সৌধ


বানে ধোৱা বিধ্বস্ত হৃদয়

তথাপিও তেওঁ সপোন দেখে

জীৱন জীয়াৰ জীৱন্ত সাধু দৰে


ৰবাব টেঙাৰ দৰে নহয় এই জীৱন

সেউজীয়া গুচি সোণালী হোৱাৰ দৰেও নহয়

তেওঁ বুজে জীৱনৰ অৰ্থ

জীয়াই থকাৰ দুৰ্বাৰ হেপাঁহ


কলিজাটো বিচনাতে এৰি যায় আঘোণাকাই

সপোনৰ বৰপেৰাটো সোণোৱালী সাধুৰ দৰে

দূবৰিৰ দলিচাত ৰৈ নাথাকে খোজৰ হিচাপ


জীৱন যেন পথাৰখন

হুমুনিয়াহ আৰু সপোন একাকাৰ

আঘোণৰ মালিতা।

Tuesday, November 29, 2022

যোৱা বাটেৰেই এদিন আহিব উভতি:কিশোৰ কুমাৰ কলিতা

 যোৱা বাটেৰেই এদিন আহিব উভতি
                   কিশোৰ কুমাৰ কলিতা




ৰৈ থকাৰো হেপাঁহ থাকে

যদিওবা সেই সময় বিষাদৰ


এদিন হঠাৎ তেওঁ

যোৱা বাটেৰেই আহিব উভতি

যদিওবা তেতিয়ালৈকে

কাৰো বাবেই সময় নাথাকে ৰৈ


কেতিয়াবা কাহিনীও নভবাকৈয়ে

নজনাকৈয়ে ঘটি যায় অজুহাতৰ ঘটনাবোৰ

সাৰে থাকে সপোন

উজাগৰী হয় প্ৰত্যাশাৰ নিশা


সপোনৰ সেউজীয়া বৰষুণজাক

গৰ্ভৱতী নাৰীৰ দৰেই শিপাই ধৰাৰ বুকুত

নতুন দিনৰ আশাত বন্দী আপুনি মই


যোৱা বাটেৰেই এদিন আহিব উভতি

সময়ৰ বোকোচাত উঠি গৈ থাকিব সকলো

তেওঁহে তেতিয়ালৈকে তেওঁৰ হৈ নাথাকিব।

Tuesday, November 01, 2022

নিলপৱন:কিশোৰ কুমাৰ কলিতা

 কবিতা

           নীলপৱন

                                কিশোৰ কুমাৰ কলিতা

বুকুৰ কেনভাছত সাতোৰঙী এখন ছবি

শাশ্বত প্ৰেম


ৰং তুলিকাৰ বাংময় জীৱন

তামৰঙী ঘোৰা দৌৰৰ জীৱন্ত ছবি

পদপথত হেঙুল হাইতাল বোলোৱা হেপাঁহবোৰ

সেউজীয়াৰ বৰ্ণিময় সমাহাৰ


 নীলপৱন   !


আপুনি জীৱন্ত কিম্বদন্তী

জীৱন মানেই গান

জীৱন মানেই ছবি

জীৱন মানেই প্ৰেম


বতাহজাকে আজিও আমনি কৰে 

বসন্তবোৰ বাৰে বাৰে আহে 

জীৱন হেনো বৰ অনুপম

নীলপৱন  !


নীল দিপালী হেনো প্ৰেমৰ প্ৰতীক

সৌৰভনগৰ হেনো প্ৰেমৰ চুবুৰী

আদম- ইভ পানৈ- জংকী

এন ফ্ৰাংকৰ ডায়েৰী

আধালেখা দস্তাবেজ

মনত পৰে নীলপৱন   ! 


চশমাৰ ফাকেৰে সৰকি আহে 

প্ৰাণৰো আপোন প্ৰেমৰ চাৱনি।

চেনাইলৈ থৰ লাগি চোৱা চুকুজৰি

বুকুৰ কেনভাছত আকিলে নেকি

নীলপৱন  !


যুগ যুগান্তকাৰৰ  শাশ্বত প্ৰেম কাহিনী

কাৰ বাবে এৰি থৈ গল 

নীলপৱন  !


প্ৰেমৰ বাবেই উৎসৰ্গিত আছিল জীৱন

ভাগৰুৱা দেহাৰে আপুনি শুব খুজিছিল

অজুহাত বিচাৰি ফুৰিছিল নীলপৱন  !


নীল দিপালীৰ প্ৰেমৰ শাশ্বত ছবি

কেনভাছত সুবাসিত যন্ত্ৰণাৰ নাম

নীলপৱন  !


ৰূপালী ৰঙৰ আবিৰ সানি

মোনাখনত ৰং তুলিকা সামৰি

কোনো দিনেই উভতি নহাৰ বাটেৰে 

বাট পোনালে নীলপৱন   !


শুকুলা ঘোৰাবোৰকো দৌৰিবলৈ দিয়া

সাতোৰঙী ৰামধেনুৰ ৰংবোৰ চিনিবলৈ দিয়া

নীলপৱন  ! 


জীৱন্ত কিম্বদন্তী সৌৰভ নগৰৰ প্ৰেমৰ চুবুৰী

কি দি গল আপুনি

হিৰুদাই কোৱাৰ দৰে মৃত্যু সচাই শিল্প


নীলপৱন !

Tuesday, October 11, 2022

উশাহবোৰ:কিশোৰ কুমাৰ কলিতা

 উশাহবোৰ:

          (এক)


আইৰ পৰা ধাৰলৈ লোৱা

কলিজাটো

উশাহবোৰ 


পিতাইৰ পৰা ধাৰলৈ লোৱা

পুৱাৰ ৰ'দ

তেজৰ উষ্ণতা

       

          (দুই)


হেৰাই যোৱাৰ বাটত 

ক্ৰমশঃ দুৰ্লভ হৈ পৰিছে

ধাৰবোৰ..... 


অস্ত আকাশ

ৰূপালী ৰঙৰ আবিৰ

পায়ো হেৰুওৱাৰ হুমুনিয়াহ


         ( তিনি)


এন্ধাৰ এচুকত পৰি ৰয়

আধামৰা জোন

বেশ্যা হয় ভোকৰ ভাত


কত সামৰি থম

খোজবোৰ

সপোনবোৰ........ 


          (চাৰি)


তথাপিও আই আৰু পিতাই

উশাহবোৰ

জীৱনবোৰ.....


---------------/// ------------

কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ)

মামফৎ স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা

গাওঁ- দখলা (বণিয়াপাৰা)

ডাক- বিজয়নগৰ (দখলা)

পিন-৭৮১১২২

ফোন-৯৯৫৪০৩০৯৩১

কামৰূপ (অসম)

সপোনৰ সেউজীয়া চহৰখন:কিশোৰ কুমাৰ কলিতা

সপোনৰ সেউজীয়া চহৰখন:

শৰত অহাৰ বাটত নকৈ গাভৰু হয়

সপোনৰ সেউজীয়া চহৰখন

ফুলি উঠে কহুৱা কোমল যৌৱন


এদিনৰ বাবে বিচৰণ কৰিম

এদিনৰ বাবে আপোনাৰ হম

প্ৰেমৰ অপলাপ কৰিম

শাৰদীয় কবিতা আওৰাম

জোনাকৰ বৰষুণত তিতিম

মাতাল হম প্ৰেমৰ ৰাগীত


কি দিন কি ৰাতি

আকাশ  বতাহ শেৱালি নিয়ৰ সকলো থাকিব

সপোনৰ সেউজীয়া  চহৰখন


আপোনাৰ বাবে উন্মাদ প্ৰেমীক হম

কবিতাৰ ভূগোল বিচাৰি চলাথ কৰিম


এদিনৰ বাবে বিচৰণ কৰিম

সপোনৰ সেউজীয়া চহৰখনত 

অশ্লীল হৈ পৰিব সন্ধিয়াটো

মৈথুনৰত ৰূপোৱালী মাদকতাত 

ফুল হৈ ফুলিব যৌৱন


সপোনৰ সেউজীয়া চহৰখন

সূৰ্যমুখীৰ বিপৰীতে শেৱালিৰ সুবাসিত যন্ত্ৰণা


শৰত অহাৰ বাটত

জীৱন- যৌৱনৰ জীয়া ছবি

সপোনৰ সেউজীয়া চহৰখন।


কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ )

মাৰফৎ- স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা

গাও- দখলা (বণিয়াপাৰা )

ডাক- বিজয়নগৰ (দখলা )

ডাক সূচাংক- ৮৭১১২২

ফোন- ৯৯৫৪০৩০৯৩১

কামৰূপ (অসম )

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...