আঘোণৰ মালিতা:
কিশোৰ কুমাৰ কলিতা
জী থকাৰ হেঁপাহ বুকুত গুজি
তেওঁ শোৱাপাটি এৰে
জাৰৰ কৱচ পিন্ধি দূবৰিৰ দলিচাত খোজ থয়
বোকা পানীত সেউজীয়া সিচি
সোণোৱালী সপোন দেখে আঘোণকাই
তেওঁ জীয়াব খোজে জীৱন
হাহিৰে চকুলো ঢাকি বোকোচাত কঢ়িয়াই
আশা আৰু হেপাঁহৰ সৌধ
বানে ধোৱা বিধ্বস্ত হৃদয়
তথাপিও তেওঁ সপোন দেখে
জীৱন জীয়াৰ জীৱন্ত সাধু দৰে
ৰবাব টেঙাৰ দৰে নহয় এই জীৱন
সেউজীয়া গুচি সোণালী হোৱাৰ দৰেও নহয়
তেওঁ বুজে জীৱনৰ অৰ্থ
জীয়াই থকাৰ দুৰ্বাৰ হেপাঁহ
কলিজাটো বিচনাতে এৰি যায় আঘোণাকাই
সপোনৰ বৰপেৰাটো সোণোৱালী সাধুৰ দৰে
দূবৰিৰ দলিচাত ৰৈ নাথাকে খোজৰ হিচাপ
জীৱন যেন পথাৰখন
হুমুনিয়াহ আৰু সপোন একাকাৰ
আঘোণৰ মালিতা।
No comments:
Post a Comment