Wednesday, March 15, 2023

অসমীয়াৰ স্বাভিমান - ' তাতশাল আৰু গামোচা

 বিশেষ লেখা


অসমীয়াৰ স্বাভিমান - ' তাতশাল আৰু গামোচা '


          কিশোৰ কুমাৰ কলিতা


বিভিন্ন জাতি - জনজাতিৰ মহা মিলনৰ থলী অসমী আইৰ বুকুত বাৰেৰহণীয়া সমন্বয়েৰে অসমীয়াৰ কৃষ্টি - সংস্কৃতিৰ মেটমৰা ভৰাল চুকে কোণে আজিও উজ্জ্বিৱিত হৈ আছে। আমাৰ অসমীয়া সমাজ জীৱনৰ স্বাভিমানৰ অনন্য প্ৰতীক তাতশাল আৰু গামোচা অথবা বিহুৱান। কেৱল স্বাভিমানেই নহয়, অতীজৰে পৰাই তাতশালে প্ৰতিটো জাতি -জনগোষ্ঠীৰ জনজীৱনত এক বিশেষ ভূমিকাও গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে হেপাঁহৰ গামোচাখনে আমাৰ দৈনন্দিন জীৱন প্ৰৱাহতো বিশেষ উপাদানৰ ভূমিকা গ্ৰহণ কৰি আহিছে। অতিজৰে পৰাই অসমীয়া জাতিৰ সৈতে যেন এই তাতশালৰ এক এৰাব নোৱাৰা সম্পৰ্ক ৰক্ষা হৈ আছে আৰু অনাগত দিনতো ইয়াৰ গুৰুত্ব থাকিব। ৰজাদিনীয়া শাসনৰ সময়ত নিশাটোৰ ভিতৰতেই শিপিনীয়ে তাতশালত বহি আপোনজনক কৱচ কাপোৰ বই দি পুৱাই দেশ ৰক্ষাৰ বাবে যুদ্ধলৈ পঠিয়াই দিয়াৰ কথা আজিও স্বাভিমানী অসমীয়াৰ মুখে মুখে শুনা যায়। সচা অৰ্থত অসমীয়া জিয়ৰী - বোৱাৰীৰ দুহাতত যাদু পৰশত প্ৰাণ পাই উঠে হেপাঁহৰ গামোচাখন।

             অসমীয়াৰ প্ৰাণ প্ৰাচুৰ্যৰ প্ৰতীক হেপাঁহৰ বিহুগীততো তাতশাল অথবা গামোচাখনৰ বৰ্ণনাই অন্যতম ৰূপে তাহানিৰ পৰাই ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে- " আই নাই মাউৰা

  তিৰী নাই বৰলা

  গামোচা দিওতা নাই।"

আৰু-

 " লাং ফুলৰ গামোচা বলি ঐ ঘুনুচা

  কেচ ফুলৰ গামোচা বলি

  শুৱাই কি নুশুবাই ধনৰে ককালত

  লিৰিকি বিদাৰি চালি। "

          অসমীয়া সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰা তাতশালখনৰ কথা কবলৈ গলে আমি দুই ধৰণৰ তাতশাল দেখা পাও। হাতশাল আৰু টনাশাল বা তাতশাল। বিভিন্ন জাতি জনগোষ্ঠীৰ মহা মিলনৰ থলী অসমী আইৰ বুকুত জাতি জনগোষ্ঠী ভেদে বিভিন্ন ধৰণৰ তাতশাল পৃথক পৃথক ৰূপত ব্যৱহাৰ হোৱা দেখা যায়। হস্ততাত শিল্পৰ ভিতৰত তাতশাল অন্যতম হিচাপে আজিও বিবেচিত হৈ আহিছে। উজনিত তাত আৰু নামনিত কেৱল শাল শব্দটোৱো ব্যৱহাৰ কৰা দেখা যায় যদিও অৰ্থ একোটাই। হাতশালত মাকো মাৰিবলৈ দুয়োখন হাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে টনাশাল বা তাতশালত ৰচীত এক বিশেষ পদ্ধতিৰে কাঠৰ মুঠি লগাই এহাতেৰে সেই মুঠিৰে টানি মাকো মৰা হয়। মুঠতে অসমীয়া সমাজ জীৱনত দুই ধৰণৰ তাতশালৰ ব্যৱহাৰ হৈ আহিছে যদিও ঠাই ভেদে ইয়াৰ ব্যৱহাৰত সামান্য পৃথক পৃথক ৰূপ দেখা যায় আৰু সমান্তৰালভাৱে ইয়াৰ নামাকৰণো ঠাই ভেদে বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয়। এই তাতশালৰ প্ৰসংগত বিশিষ্ট সাহিত্যিক ড: লীলা গগৈয়ে এইদৰে মন্তব্য কৰিছে- " ভৈয়ামত মাটিৰ শাল আৰু পৰ্বতত ককালত বান্ধি লোৱা শাল জনপ্ৰিয় আছিল। ককালত বান্ধি লৈ বোৱা কাপোৰৰ পুতল তেনেই ঠেক, আনপিনে মাটিৰ শালত তিনি চাৰিহাত পুতলৰ কাপোৰ বব পাৰিছিল। তাতশালৰ প্ৰায় আটাইবোৰ সজুলিয়ে বাহৰ, মাত্ৰ টোলোঠা আৰু দোপতিযোৰ কাঠৰ। "

             গা -মোচা, অৰ্থাৎ গামোচা শব্দটোৰ আমাৰ ব্যৱহাৰিক জীৱনত বিশেষ ভূমিকা আছে । ব্যৱহাৰ, আকৃতি- প্ৰকৃতি আৰু বয়ন শিল্পৰ প্ৰকাৰ ভেদে  ইয়াৰ নামাকৰণো ভিন ভিন হোৱা দেখা যায়। ঠাই ভেদে অথবা জনগোষ্ঠীয় লোকসকলৰ মাজত নামাকৰণ বেলেগ হোৱা দেখা যায়। কিন্তু কিছু কিছু ক্ষেত্ৰত গামোচাৰ নামাকৰণ বেছি ভাগতেই একে। যেনে- পানী গামোচা, তিয়নী গামোচা, গুঠা গামোচা, ফুলাম গামোচা, ককালবন্ধা গামোচা ইত্যাদি ইত্যাদি..... । বিহুগীততো গামোচাৰ বৰ্ণনা ভিন্ন ধৰণে কৰা দেখা যায়- 

  " নাচনীৰ মূৰতে গুটি ফুলৰ গামোচা

    যেন মৰা চৰাইৰ নেজ।"

আৰু অসমীয়া সমাজ জীৱনত ডেকা গাভৰুৱে প্ৰেমৰ অনন্য প্ৰতীক বুলি ভবা বিহুৱানখনো বিহু গীতত সুন্দৰ ৰূপত উপস্থাপন কৰা দেখা যায়-

" ৰাতি দুপৰলৈকে কাটি সূতালাহি 

  ধনলৈ বিহুৱান বলো

  ৰঙাকৈ আচুৰে বাছি পানেকটা

  টিপতে লুকুৱাই থলো "

            মুঠতে এটা কথা স্পষ্ট যে অতীজৰে পৰাই অসমীয়া সমাজ জীৱনত তাতশাল আৰু গামোচাই যি ভূমিকা গ্ৰহণ কৰি আহিছে সেই ভূমিকা আজিও আছে যদিও সময়ৰ সোঁতত সকলো পৰিয়ালৰেই চোতালত পূৰ্বৰ দৰেই আজিকালি তাতশালখন আপুনি দেখিবলৈ নাপায়। চতমাহীয়া দিনবোৰত গ্ৰামাঞ্চলৰ চুকে কোণে তাতশালৰ শব্দই ৰজনজনাই আছিল। গাৱলীয়া পৰিয়াল সমূহত এতিয়াও আছে যদিও লাহে লাহে নোহোৱা হবলৈ ধৰিছে। আনহাতে, আমাৰ স্বভিমানৰ প্ৰতীক বিহুৱান অথবা গামোচাখনো বহু ঠাইত জিয়ৰী বোৱাৰীয়ে অতি সাম্প্ৰতিক সময়ত ববলৈ এৰিলে। এতিয়া বহিৰাজ্যৰ মেচিনত তৈয়াৰ কৰা গামোচাই বজাৰ দখল কৰিছে। এই ক্ষেত্ৰত ৰজাঘৰীয়াৰ কৰণীয় যথেষ্ট আছে। বহিৰাজ্যৰ মেচিনত তৈয়াৰী গামোচাৰ মূল্য কম আৰু সহজতে উপলব্ধ। তাৰ বিপৰীতে অসমীয়া জিয়ৰী বোৱাৰীৰ দুহাতৰ যাদু পৰশত প্ৰাণ পাই উঠা গামোচাৰ উভৈনদী নোহোৱা হবলৈ ধৰিছে। মূল্যৱো বেছি, বোৱাৰ ক্ষেত্ৰত কষ্টৱো হয়। ৰজাঘৰীয়াই এক সুদূৰ প্ৰসাৰি সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে।

            অসমীয়া সমাজ জীৱনৰ বাবে বিহুৰ গুৰুত্ব সৰ্বদা অপৰীসম হিচাপেই থাকিব । সময় সলনি হলেও হেপাঁহৰ গামোচাখন আথবা বিহুৱান আৰু তাতশালৰ আদৰ শেষ হোৱা নাই। তাহানিতে এই বিহুৱান অথবা গামোচা আমাৰ ঐতিহ্যৰ প্ৰতীক আছিল, আজিও আছে আৰু ভৱিষ্যতেও থাকিব। অসমীয়া জাতি জীয়াই থকালৈকে ইয়াৰ আদৰ থাকিব। অৱশ্যে মহা মিলনৰ ভূমি এই অসমী আইৰ বুকুত স্বমহিমাৰে উজ্বলি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত  তাতশাল অথবা গামোচা ভিন্ন ভিন্ন ৰূপ, ভিন্ন ভিন্ন নামাকৰণ আৰু ভিন্ন ভিন্ন ব্যৱহাৰ দেখা যায়। সময় থাকোতেই সেইবোৰৰ বহুলভাৱে আলোচনাৰ প্ৰয়োজন অতিকৈ প্ৰয়োজনীয়। অন্যথা সময়ৰ সোতত আমাৰ সমাজ জীৱনৰ পৰা কিছু কিছু বিষয় নোহোৱা হৈ যায়।

       


( বি: দ্ৰ:- বিভিন্ন উৎসৰ সহায় লোৱা হৈছে।)


  কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ)

  দখলা- বিজয়নগৰ

  দক্ষিণ কামৰূপ

  ৯৯৫৪০৩০৯৩১

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...