⬛️দ্বিতীয় বছৰ🔸মাৰ্চ মাহ🔹দ্বিতীয় সংখ্যা
কবিতা শিতান
🔴বড়ো খেতিৰ মাষ্টাৰপিষ্ট
ৰ’দত দোল খাই থকা ধানৰ পাত বোৰে
মৃদু বতাহৰ আগত ফুচফুচাই গোপন কথা।
প্ৰকৃতিৰ এক চিম্ফনী মাত্ৰ আৰম্ভ হৈছে,
নিশ্চিন্ত কবিৰ বাবে নিখুঁত ম্যুজ।
সূৰ্য্যই যেনেকৈ শস্যৰ পথাৰখন উষ্ণ কৰি তুলিছে,
আৰু বতাহে নিজৰ মিঠা সুগন্ধি কঢ়িয়াই লৈ ফুৰে,
কবিৰ মনটোক মনোৰঞ্জন দিবলৈ আৰম্ভ কৰে
বসন্তৰ আগমনত ফুলৰ দৰে ফুলি উঠা ধাৰণাই……
প্ৰতিটো ধানৰ পাতত এটা কাহিনী আছে,
কঠোৰ পৰিশ্ৰম, ধৈৰ্য্য আৰু আশাৰ।
সূৰ্য্য আৰু বতাহ, নিজৰ সকলো মহিমাৰে,
প্ৰকৃতিৰ সীমাহীন পৰিসৰৰ কথা সোঁৱৰাই দিয়ে।
প্ৰতিটো শব্দৰ লগে লগে কবিৰ কলম নাচে,
আৰু শব্দবোৰ মুক্ত নদীৰ দৰে বৈ যায়।
এই নিস্তব্ধ পৰিৱেশত কবিতা আগবাঢ়িছে,
সেউজীয়া পথাৰ, ৰ’দ, মৃদু বতাহৰ পৰা জন্ম হোৱা এক মাষ্টাৰপিছ।
বুলেন নাথ
গৰুখুটি, দৰং (অসম)
+৯১-৯৩৭০৫৫২৯২১
_________________________________________________________
🔴গৰম গৰম চিঙৰা
মুনমুনৰ সৰসৰকৈ
পৰিছে চকুৰ পানী,
তোমালোকে জানানে বাৰু
কাৰণ ইয়াৰ কি ?
খাবলৈ পোৱা নাই মুনমুনে
গৰম গৰম চিঙৰা !
মাকে কেৱল খাবলৈ দিয়ে
গাখীৰ,চিৰা,গুৰৰ চপৰা ।
মুনমুনে খঙত গগন ফালিলে
গৰম চিঙৰা খাম,
মাকে বোলে চপৰ-চপৰকৈ
লগাই দিলে নেপাবি পৰিএান ।
তিলপিঠা আছে তাকে লৈ খা
তেতিয়াহে জোৰ পাবি
প্ৰতিটো ক্ষণ,
পঢ়াত তোৰ বহিব
বেছি বেছিকৈ মন ।
নাম : মোস্তাকিন শ্বেখ
শ্ৰেণী : অষ্টম 'খ'শাখা
নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়
দূৰভাষ - ৮৬৩৮৮৬৪২২০
( নগাঁও, অসম )
___________________________________________________________
⬛️তুমি বিহীন ফাকুৱা
✍🏻ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই
তুমি বিহীন ফাকুৱা ,
কেনেকুৱা মনমৰা ...
লাগিছে মনত শূন্যতা
চকুত কাতৰতা বিভোৰ ।
নাই যেন সহিষ্ণুতা
আকৌ এন্ধাৰ লাগিছে ,
মোৰ তুমি বিনে ।
এই ৰঙীনা ফাকুৱাত
লাগিছে ৰংহীন জীৱন ,
তুমি দূৰতেই থাকি গ'লা ...
কিয় নাহা কাষলে ?
তুমি আৰু মই আমি
শব্দতেই থাকি গ'লো ,
বাস্তৱত আমি নহয় নে ?
দূৰত থাকিলেও ...
মোৰ প্ৰেম-প্ৰীতি গভীৰ ,
তোমাৰ প্ৰতি ।
ৰাধাকৃষ্ণণৰ প্ৰিয় উৎসৱ
ৰঙীন ফাকুৱা ,
ৰঙে ৰঙে ৰঙীন
সকলোৰে বিষাদ মন
হৈ পৰে আনন্দেৰে সীমাহীন ।
মোৰ হৃদয়খন ,
তুমি বিনে নহয় ৰঙীন ।
আহা না এবাৰ ...
মোৰ কাষলে ,
আমি দুয়ো পালন কৰিম
ৰঙে ৰঙে ভৰপূৰ
ৰঙৰ উৎসৱ ।
মই জানো তুমি নাহিবা ,
তথাপি দূৰৈৰ পৰাই ...
তোমাক ৰঙীন কৰিব
পাৰিম জানো ?
নীলা ৰং শ্ৰীকৃষ্ণণৰ বহু প্ৰিয় ,
মইও তোমাক মুখৰ নীলিমাতেৰে
ৰঙতে বিলীন কৰিম
সানি দিম মৰমীয়াল
দুটা গালতেই ।
অনুভৱেৰেই ৰঙেৰে
ৰঙীন মূহুৰ্ত
উপভোগ কৰিম
আমি দুয়ো ।
দূৰৰ পৰাই প্ৰজ্বলিত প্ৰদীপত ,
তোমাৰ ভাল থকা
আশাৰে কামনা কৰিম ।
ফাগুনে সোঁৱৰাই দিছে ...
ৰং-ধেমালিৰে
ফাকুৱাৰ কথা ।
_________________________________________________________
🔴আইতা
লখিমপুৰ, নাৰায়ণপুৰ।
আইতা অ' আইতা
কাষলৈ আহাচোন
মোৰ ওচৰতে বহি সাধু এটা কোৱানা
তোমাৰ মুখৰ সাধু শুনিবলৈ
মোৰ বৰ মন গৈছে
কোৱানা আইতা সাধুকথা
পিছে আইতা
ভূটৰ সাধু নকবা, সাপৰ সাধু নকবা
সপোনত খেদা মাৰি আহিব
আইতা অ' আইতা
মোৰ ভাল লগা
বেজবৰুৱাৰ সাধু কোৱানা
তেজীমলাৰ সাধু
চিলনীৰ জীয়েকৰ সাধু
তুলা আৰু তেজা.........
মৰমৰ আইতা অ'
সাধুকথা কৈ যোৱা
মই তোমাৰ কোলাতে টোপনি যাওঁ।।
__________________________________________________________
⚪️এটি কবিতা তোমাৰ নামত
কুঁৱলীয়ে সিঁচি দিয়ে
নিয়ৰৰ মুকুতা মালা গাঁঠি
সৰা বকুলৰ দুবাহুত
মোৰ ৰিক্ত হৃদয়ৰ অপূৰ্ণ আশাবোৰ
কুঁৱলীয়ে মোক আজিও
আলিংগণ কৰে
তাহানিৰ দৰেই
সিক্ত চেঁচা দুহাতেৰে
আৰু ........
হাতত কলম তুলি লিখিবলৈ দিয়ে মাথোঁ
এটি কবিতা তোমাৰ নামত ।
✍️কাকলি (কাকু) দত্ত ।
দশম শ্ৰেণী
ধেমাজি(মাছখোৱা) ।
___________________________________________________________
🔵বিষাদ
তেওঁ আকৌ অচিনাকি হৈ ৰ'ল
কিন্তু এইবাৰ বহুত স্মৃতিৰে,
মোৰ ভগ্ন হৃদয়ত তেওঁ
প্ৰিয় হৈ থাকি ৰ'ল।
তেওঁ যদিও বৰ্তমান
মোৰ লগত নাই,
হলেও তেওঁক অনুভৱ কৰোতেই
সময়বোৰ পাৰ হ'ল।
দিনবোৰ নোযোৱা হ'ল
ৰাতিবোৰ বিষাদৰ হ'ল
স্মৃতিবোৰ কষ্টকৰ হ'ল,
আৰু তেওঁ নামৰ কাহিনীটো
অধালিখা হৈ থাকি গ'ল।
✍️ অভিমানী ছোৱালী অনুস্কা
দশম শ্ৰেণী
নৱজ্যোতি জাতীয় বিদ্যালয়
চামতা ( নলবাৰী )
___________________________________________________________
🔴মোৰ কোনো অস্তিত্বই নাথাকিব
✍️চুমিয়া আকতাৰাকাষত থাকিলে ইমান মৰম
মই তোমাৰ আৰু তুমি মোৰ
কিমান যে কচম!
কিন্তু..চকুৰ আঁতৰ হলেই
তুমি দেখোন মোক পাহৰি যোৱা।
মোৰ খবৰেই নোলোৱা।।
সৃষ্টিকৰ্তাৰ আদেশত
প্ৰকৃতিৰ নিয়ম পালন কৰি
মই যদি পৃথিৱী এৰি যাব লগা হয়
তুমি সকলো কচম পাহৰি যাবা।
কিজানি অলপ চকুলো টুকিবা!
কিন্তু নি:সন্দেহে মোক পাহৰি যাবা।
মোক কবৰ দিয়াৰ পিছত
তুমি হয়তো
নতুন জীৱন সংগী বিচাৰিবা!
তেতিয়া তোমাৰ জীৱনত
মোৰ এই জীৱনৰ
কোনো অস্তিত্বই নাথাকিব।
___________________________________________________________
🔴"ঐতিহাসিক স্মৃতি"
কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া
ফাগুন, তুমি যাবাগৈ চাগে...
আজি কুলিৰ মাত শুনিছোঁ।
আকৌ আহিবা কবিতা
লিখিব ক'বলৈ...
বিদায় বুলি নকওঁ,
অহাবছৰ আকৌ লগ পাম।
এইবাৰ জানা...
বসন্তই বিহুৰ বতৰা লৈ
বিহুৰ কবিতা লিখিব ক'লে।
___________________________________________________________
🔴বলিয়ালি
অকলশৰীয়া হওঁতে হওঁতে
নিষিদ্ধ জনবহুল পথেৰে
আগুৱাইছো যেন বহু যুগ,
সকলো থাকিও যেন ক'তো কোনো নাই
নাই কোনো সাৰি-শব্দ
মাথোঁ কৰ্ণকুহৰত বাজে
অম্বুধিৰ মৃদু স্ৰোত ...
তুমি কৈছা , এয়া মই কাষতেই আছোঁ!
ভদ্ৰ লোকৰ অতি কথা শুনিব জানো
যিদৰে ৰাজপথৰ টেপটোৰ পৰা
অবিৰত পানী পৰে কাৰণ বিহীন ,
ঠিক মই এনেকুৱাই
প্ৰতিদিন, দিনে নিশাই কোনো সলনি নাই
নাই শান্তি !
পথৰ মাজেৰে লৈ গৈছে এটি মৃত দেহ
দূৰতে তুমি মোক হাত বাউলি মাতিছা
কি কৈছা মই শুনি পোৱা নাই , শুনিব পৰা নাই!
জীয়াই থকাবোৰ কিজানি এনেকুৱাই হয়
হয়তো মৰি যোৱাবোৰো
এনেকুৱাই,অদ্ভুত বলিয়ালি !
চাৰিওফালে মোৰ গুণগুণ,
অজস্ৰ মুখ, হয়তো মুখা!
ভিৰৰ মাজেৰেই চাই পঠিয়াওঁ
শেষ সূৰ্যাস্তৰ দিশে
তাৰ পিছত কেৱল তুমি তুমি গোন্ধোৱা !
দূৰ প্ৰান্তৰ ক'ৰবাৰ পৰা শুনা পাওঁ
তুমি কৈছা----
এনেকৈ কোনোবাই কাৰোবাক ভালপাব পাৰে?
হাঁহি উঠে মোৰ, মনতে কওঁ,
আচলতে মই ভালপোৱাৰ মানে
কোনো দিন বুজি পোৱাই নাই ,
মাথোঁ জানিছো জীয়াই থকা তোমাক লৈয়ে
আৰু, ভালপোৱাটো এক বলিয়ালি !!
✍️মাৰ্জিনা বেগম,বৰপেটা ।
___________________________________________________________
🔴নিজেই নিজক
✍🏻 ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই
নিজেই নিজক মনৰ মণিকোঠাত সাঁচিলোঁ ,
নিজেই নিজক সহস্ৰাধিক দুখৰ মাজতো , হাঁহিত ৰাখিলোঁ ।
নিজেই নিজক বহু চেষ্টাৰে , আপন কৰিলোঁ ।
নিজেই নিজক বুজাই , সত্যক লৈ অসত্যক পৰাজিত কৰিব ধৰিলোঁ ।
নিজেই নিজক বিফলতাৰ পৰা , সফলতাৰ ফালে আগবঢ়ালোঁ ।
নিজেই নিজক কবলৈ ধৰোঁ , দুখৰ সম্মুখীন হলেও সদায় সৎ পথত চলিলোঁ ।
নিজেই নিজক অৱহেলিত কৰি , স্বাৰ্থপৰ মানুহক আপোন ভাবি মোৰ আশাভৰা আত্মাক মাৰিলোঁ ।
নিজেই নিজক এই দুদিনীয়া দুনিয়াই , সঁচা ভালপোৱাৰ কোনো মূল্য নাই বুলি বুজালোঁ ।
নিজেই নিজক হেৰাই পেলাম বুলি , প্ৰকৃতিৰ সৌন্দৰ্য্যত মুগ্ধ হৈ মায়াময় হৃদয়খনকলৈ গোটেই পৃথিবী ফুৰিলোঁ ।
নিজেই নিজক ভালপাওঁ বুলি , মোৰ জীৱনখনি কেনেকুৱা হ'ব সেই চিন্তাত যেন বহু ভাঙি পৰিলোঁ ।।
___________________________________________________________
🔴জীৱনৰ যুঁজ
ফোন নং:৯৩৯৫৩৪১৯২৯
কিমান যে সপোন....!
মোৰ এই দুচকুত....।।
পূৰাবলৈ যাওঁতেই....,
আঘাত পাওঁ বুকুত..।।
কিমান যে আশা....!
মই সাঁচি ৰাখিছো..।।
নিৰাশাৰ কবলত পৰি..,
হাবাথুৰি খাই ফুৰিছো..।।
জীৱনৰ এই যুঁজত মই
যুঁজাৰু হৈ গ'লো....।।
হাৰা-জিকা পিছৰ কথা
যুঁজিব মই শিকিলোঁ..।।
হাজাৰ বাধাৰ পিছতো
মনে মোৰ নামানে হাৰ..।।
প্ৰতিবাদী মন মোৰ....,
বিশ্বাসী মই সৃষ্টিকৰ্তাৰ..।।
___________________________________________________________
🔴হে মহান নাৰী
হে নাৰী তুমি সঁচাকৈ মহান! পালন কৰিবা
সদায় নিজৰ দায়িত্বৰ কথা, তুমি অনন্যা
নাৰি তুমি গৃহিনী, তুমি মা তুমি ভনী,তুমি
কাৰোবাৰ পত্নী,নাৰী তুমি মহৎ গুণৰ অধিকাৰী।
নাৰী বিহীন জগত আধৰুৱা ,যেনেকৈ
চন্দ্ৰ, সূৰ্য্য বিহীন আকাশখন মূল্যহীন
য'ত নাৰী সদায় নিৰ্যাতনৰ বলী
য'ত নাৰী সদায় ধৰ্ষিতা ।
তাত আমি সদায় বিচাৰো নাৰীৰ মৰ্য্যদা
য'ত নাৰীৰ বাবেই জগত খনত উখল মাখল
তৰাবিলাকে যেনেকৈ আকাশখন শুৱাই
নাৰী বিলাকে তেনেকৈ এখন ঘৰ শুৱনি কৰে।
ফুলৰ পাহিৰ দৰে নাৰীৰ কোমল অন্তৰ
হয়, ভুল হোৱাটো নাৰীৰ স্বাভাবিক
আৱদ্ধ মাথোঁ এটি শব্দৰ মাজত নাৰী
য'ত নাৰীক হবলৈ নিদিওঁ নিৰ্য্যাতিতা ।
নাৰী তুমি পানী হৈ বৈ যোৱা
অগ্নি হৈ জ্বলি যোৱা তুমি
হাঁহিৰে দুখ কষ্ট সহ্য কৰি যোৱা
নাৰী তুমি সঁচাকৈ মহান।
✍️ছেলিমা বেগম
জিলা নগাঁও
___________________________________________________________
🔵বাই তই সেইখন গাঁৱৰ কথা
বাই তই ৰাখিছনে খবৰ
আছে নে বৰ পুখুৰীটো পথাৰৰ মাজৰ
ডেকা গাভৰুৱে সাঁতোৰেনে তাত ।
উৎসৱ পাৰ্বনত ধোঁৱেনে কাপোৰ ।
বাই বৰ পুখুৰীটোত ফুলিছে নে নীল পদ্ম ।
গাঁৱৰ বুঢ়া সকলে বৰপানী চুই আজিও
মাটি পানী লৈ ঘটিটো পুতি থয় নে বাৰু বোকাত ।
পানী পৰুৱা বিলাকে উলাহতে
নাচিবাগি মেল পাতেনে তাত ।
বাই তই সেইখন গাঁৱৰ কথা ক
যিখন গাঁৱত ঢেঁকীৰ মাতত প্ৰকৃতিয়ে সাৰ পাই
গৰুৱে হেম্বেলিয়াই
পুৱা হলে তোৰ মানুজনে
হাল কোৰ লৈ পথাৰলে যায় ।
বাই তই সেইখন গাঁৱৰ কথা ক ।
আছেনে সকলো কুশলে
চৰুত সিজিছেনে ভাত
লঘোণীয়া পেটত পৰিছেনে ভাত ।
সন্ধিয়া বাজে নে ডবা শংখ
শিয়ালে দিয়ে নে হোৱা ।
মাঘৰ উৰুকাত হেৰাই নে
বাৰীৰ জেওৰা জপনা
বাই তই সেইখন গাঁৱৰ কথা ক ।
চ'তৰ বিহুত শিপিনীয়ে লগাই নে তাত
নাহৰ ফুলে বিলাই নে সুবাস
ব'হাগৰ ন পানীত উজাই নে মাছ
বাই তই সেইখন গাৱঁৰ কথা ক ।
য'ত বিচাৰি পাওঁ লৰালিৰ সুবাস ।
মেঘালী বৰা
গুৱাহাটী, হেঙেৰাবাৰী
___________________________________________________________
🔴কু'লি
✍️দৃলীনা দাস ৷ তিনিচুকীয়া
আজি তোমালৈ বৰকৈ
মনত পৰিছে
ফাগুনৰ বৰষুণ জাকে
তোমাৰ কথা কৈ গৈছে ৷
তোমাৰ যে আহিবৰ হল
আজি ৰিণিকি ৰিণিকি
ঢোলৰ মাত শুনিলো
কিন্তু কতা তোমাৰ দেখুন
মাতেই নুশুনিলো
এইবাৰ পাহৰিলা নেকি
আহিবলৈ আমাৰ কাষলৈ।
তোমাৰ মাত নুশুনিলে দেখুন
মনটো ভালেই লগা নাই
শুনিচা আজি এঘৰৰ চোতালত
তগৰ ফুলা দেখিলোঁ
কিন্তু তাৰ কাষৰ ওখ বিৰিখত
জুমি চালো কিজানিবা
তোমাক দেখো।
নাই তুমি দেখুন অহাই নাই
নে পাহৰিলা তোমাৰ যে
অহাৰ সময় হল বুলি ?
ওখ ওখ অট্টালিকাবোৰ
দেখি আমাৰ ন কুঁহিপাত
ভৰা অসমলৈ আহিবলৈ পাহৰিলা।
তুমি সোনকালে আহা চোন
তোমাৰ এষাৰি মাতে সৰি
নিয়ে মনপ্ৰাণ
অ কুলি আজি তোমালৈ
বৰকৈ মনত পৰিছে।
___________________________________________________________
🔵খেল ধেমালি
বহু আশাৰ ৰেঙণিৰ
স্বপ্ন জীৱনীৰ
আবেগৰ প্ৰাণ পোৱা
খেল আৰু ধেমালিৰ
মন প্ৰাণ জুৰুৱা এটি আবেগ
এটি শক্তি ,এটি অধ্যায়ৰ
মাজতেই খেলৰ পৃথিৱীখনি
শৰীৰ সবল কৰা স্মৃতিৰ
শিখৰত ৰোৱা
এটি জীৱনৰ সফলতা
অর্জন কৰা এই খেলৰ
মাজতেই লুকাই আছে
উচ্চ শিখৰ উচ্চ মন
লগত ৰাখি
আগবাঢ়িব লাগিব আমি
খেলৰ শিৰৰ মুকুট
বুকুত বান্ধি
✍️ভাৰ্গব জ্যোতি দাস
জিলা - নগাঁও
___________________________________________________________
⚪️প্ৰেম
প্ৰেম মানেই এগছি বন্তি
এই শিখা যুগ-যুগ
আৰু যুগৰো অন্ত নাই।।
প্ৰেম মানেই
জীৱনৰ মুকলি পথ
দেহৰ ৰন্ধে ৰন্ধে চ'ৰা ৰূপোৱালী সুবাস।।
প্ৰেম মানেই
দৈনিক সুন্দৰৰ আহ্বান
অনন্ত দিশৰ অফুৰন্ত গতি
যাৰ ভাষাৰ প্ৰকাশ নাই।।
প্ৰেম মানেই
পৰাণৰ এমুঠি আনন্দ
য'ত থাকে ঐক্য এনাজৰীৰ হৃদয়ৰ বান্ধোন।।
প্ৰেমহীন জৌৱন অৰ্থাহীন
প্ৰেমহীন জীৱন অসহনীয়
প্ৰেমেই দিছে শান্তিৰ বাৰ্তা
প্ৰেমেই আনে তেজৰ অস্তিত্ব।।
প্ৰেম মানে
কবিৰ আবেগ-অনুভূতি
প্ৰেম অবিহনে শূণ্য পৃথিৱী।।
নাম: ৰাজ দ্বীপ মৰাং
জিলা: লখিমপুৰ। (অসম)
ফোন: ৮৪৭১৮৬৫২২৯
___________________________________________________________
🔵বিদায়
এদিন ফাগুন আহিছিল
ঠিক তেওঁৰ দৰে
মোৰ যৌৱনৰ আঁচলত ধৰি
অভিমানি হৈ
উৰা মৰা ফাগুনৰ পছোৱা জাকে মোক কাণে কাণে কৈছিল...
মোৰ যাবৰে হ'ল প্ৰিয়তমা।
ফাগুনৰ সেই উৰুঙা উৰুঙা যেন লগা
মনতোত ৰঙাকৈ ৰহন সনা
পলাশজুপিয়ো মোৰ বৰ প্ৰিয়।
এতিয়া যেন প্ৰিয় বোৰ ক'ৰবাত হেৰাই গ'ল...
সৰাপাত সৰাদি সৰি পৰা দুধাৰি অশ্ৰুৱে প্ৰিয়বোৰক বিদায় দিলে
এদিন তেওঁক দিয়াৰ দৰেই।
- ৰিম্পী বড়া
___________________________________________________________
🔴চিৰসুন্দৰ
-নিবেদিতা ডিম্পলসৰ্বযুগৰ সৰ্বশ্ৰেষ্ঠ " চিৰসুন্দৰ"
লৰাজনটো আপুনিয়েই হয়
মোৰ দৃষ্টিৰ
আপুনি যে এখন বাগিচাৰ
হালধীয়া , নীলা , ক'লা
গোলাপ কেইপাহৰ মাজত
ফুলি থকা এপাহ সুন্দৰ
ৰক্ত গোলাপ ।
যিপাহ ৰক্ত গোলাপ দেখিলেই
সকলোৰে হ্নদয় পৰি যায় শাত ।
আপুনি সদায়ে জিলিকি থাকক
এপাহ ৰক্ত গোলাপ হৈ
মোৰ বুকুত , হেজাৰজনী
অনুৰাগীনীৰ বুকুত
আপোনাৰ সোন্দৰ্য্য
কেতিয়াও ম্লান হৱলৈ নিদিবদেই ।
________________________________________________________
🔵নাৰী তুমি অনন্যা
✍🏻বিৰাজ বল্লভ নাথ
খগা, লখিমপুৰ
নাৰী তুমি যুগস্ৰষ্টা
যুগে যুগে মানৱ সৃষ্টি কৰোঁতা
মাতৃ ৰূপী নাৰী তুমি এই জগতৰ
নাৰী তুমি অনন্যা ।
ত্যাগ, ধৈৰ্য
সহনশীলতা, মানৱীয়তাৰ
উৎকৃষ্ট নিদৰ্শন তুমি
তুমি নাৰী অনন্যা ।
কোনোবা জনৰ তুমিয়েই মাতৃ,
কোনোবা জনৰ তুমিয়েই বাই - ভনী,
তুমিয়েই লক্ষ্মী,
তুমিয়েই আই সৰস্বতী,
তুমিয়েই মা দুৰ্গা
তুমি নাৰী অনন্যা ।
নদীৰ দৰে চিৰ প্ৰবাহিত,
নদীৰ দৰে নিৰৱধি,
ধাৰাষাৰ বৈ গৈ
মৃত্যুৰ উপত্যকাত বিলীন হোৱা
নাৰী তুমি অনন্যা ।
___________________________________________________________
🔵নাৰী তুমি মহিয়সী
*নাৰী তুমি মহিয়সী*
*তুমি বিশ্বৰ জননী*
*সাগৰৰ দৰে সুগভীৰ তুমি*
*তোমাৰ সৌন্দৰ্য্য এই সুবিশাল বসুন্ধৰাৰ দৰে*
*তেজস্বিতা তোমাৰ সূৰ্যৰ দৰে*
*হে নাৰী তুমি ত্যাগ,ধৈৰ্য্য,কষ্ট সহিঞ্চুতাৰ*
*এক আলোকিত প্ৰতিমূৰ্তি ।*
*জগত জননী হে নাৰী*
**তুমিয়েই অপৰূপা,*
*তুমিয়েই জীৱন দায়িনী**
**জগত জননী নাৰীৰূপে*
*তুমি যুগে যুগে হোৱা প্ৰতিষ্ঠিতা।**
*নাৰী তুমি সৰ্বদা শক্তিমান*
*তুমি বীৰাংগনা,তুমি দুৰ্বাৰ*
*তুমি নহয় চঞ্চলা*
*প্ৰেমৰ ডোলেৰে বান্ধি পোহৰাই তোলা*
*তোমাৰ এই বসুন্ধৰা
✍️ শ্ৰী পৰাগ জ্যোতি দাস
একাদশ শ্ৰেণী
ঢকুৱাখনা,লখিমপুৰ
_______________________________________________________
🔴নাৰী
সৃষ্টিৰ আধাৰ তুমি নাৰী বীৰাংগনা
সহনশীলা তুমিয়েই বসুন্ধৰা
নাৰী তুমি গৰীয়সী তুমিয়েই মমতাময়ী
আনিব পাৰা
শান্তিৰ নিলয়, সফলতাৰ বন্যা
আছে শকতি তোমাৰ
বিশ্ব বিজয়ৰ।
তোমাৰ মাজত মা জননী
আকাশ সম উদাৰতা
জীৱন সঙ্গিনী প্ৰতিপলৰ লগৰী পুৰুষৰ,
ভগ্নী হৈ তুমিয়েই গঢ়ি তোলা
এনাজৰী মৰমৰ।
হ'বই নোৱাৰা তুমি অবলা
ত্যাগৰ প্ৰতিমা তুমি অপৰূপা
তোমাৰ হাততেই আছে পুৰুষৰ
জয় পৰাজয়ৰ বন্তি,
সৌন্দর্যৰ শীর্ষত উঠি জ্যোতি সানিছা
তমোময় জগতক।
কত অভিনয়েৰে কৰা মোহিত জগতক
কত ক্ষয় হয় পৰ্বত তোমাৰ
কোমল পৰশত,
ৰূপান্তৰ হয় মৃদু হাঁহিত
কত শিলাময় হিয়া ।
সৰ্বদিশত নৰৰূপী আছে অৱদান
তৎস্বত্বেও হৈছা ধৰ্ষিতা,লাঞ্ছিতা,পীড়িত
ৰচিছে অপযশ জীৱশ্রেষ্ঠৰ
দানৱৰ বেশ ধৰি নৰৰ কলংক সানি
অপৰাধ কৰিছে অনেকে ।
কিয় হ'বা তুমি ছলনাময়!
হ'বা কিয় তুমি অশান্তিৰ কাৰণ
তুমি যে বোৱঁতী নৈ!
কেতিয়াবা প্লাৱনৰ ৰূপত নাশ কৰিবা
দানৱৰূপী কুলাংগাৰক।
হে নাৰী! তুমিয়েই বজ্ৰকণ্ঠৰ গৰাকী
আগুৱাই যোৱা বৰদৈচিলা হৈ
ন্যায় আৰু অধিকাৰৰ হকে,
মজবুত কৰা স্বাভিমান
ঐক্য আৰু শান্তিৰ সম সাজেৰে
বোৱাই দিয়া জগত।
বাহাৰুল ইছলাম (শিক্ষক)
___________________________________________________________
🔵নাৰী তুমি অনন্যা
নাৰী তুমি নোহোৱা অৱলা,
নোহোৱা দুৰ্বলা।
সাগৰৰ দৰে গভীৰ
আকাশৰ দৰে
বিশাল
তোমাৰ উদাৰতা।
তুমিয়েই সৃষ্টি কাৰিণী
তুমিয়েই পালিতা,
তুমিয়েই ৰহস্যময়ী
তুমিয়েই লয়লাসা
পুৰুষৰ শৰ্য্যসায়িনী
তুমিয়েই জীৱন দায়িনী।
তুমি ত্যাগৰ প্ৰতিমূৰ্তি।
তুমি মহীয়সী।
সৃষ্টিটো তুমি
ধ্বংস টো তুমি।
সচাই,
সঁচাই নাৰী তুমি অনন্যা।
মেঘালী বৰা।
___________________________________________________________
🔴প্ৰকৃতিৰ সেউজীৰ আঁৰে আঁৰে
লঠঙা গছৰ ডালে পাতে
বসন্তই সানিলে প্ৰকৃতিলৈ
যৌৱনময়ী ৰূপেৰে
সেউজী সাজৰ ন-সাজোন ,
সেউজীৰ ৰঙত বুল গৈ
প্ৰকৃতিয়ে পাতিছে
চৌদিশে মিতিৰালিৰ বান্ধোন |
কুলি-কেতেকীয়েও কুউ-কুউকৈ বিনালে
সুললিত মিঠা লহৰ ,
প্ৰকৃতিয়ে হাঁহিলে মনপ্ৰাণ খুলি
ক্ষন্তেক প্ৰহৰ |
কপৌ ফুলে যাচিব
ব'হাগৰ নাচনীক
খোপাতে গুজনিৰ
এপাহি মৰমৰ উপহাৰ ,
তগৰে বিলাব
সুগন্ধি গিৰিহঁতৰ পদূলিত
পৰশ সুবাসৰ |
সেউজী বননিৰ তিৰবিৰ নাচোন দেখি
নৰ-পক্ষী সকলো মগন হয়,
বাটৰ বাটৰুৱাই সকলো পাহৰি
লক্ষ্যভ্ৰষ্ট হৈ
ক্ষন্তেক থমকি ৰয় |
নাহৰ,কৃষ্ণচুড়াৰ যৌৱনা
মিচিকিয়া হাঁহিত
ডেকা-গাভৰুৱে জুৰায় প্ৰেমৰ আলাপ |
চৰাই চিৰিকতিবোৰেও
কিৰ্ কিৰিলি ধ্বনিৰে
মুখৰিত কৰি তোলে সংগীতৰ ঝংকাৰ |
চৌদিশে কেৱল প্ৰকৃতিৰ সেউজ
সেউজবুলীয়া ৰঙৰ বিনন্দীয়া সেউজী সুবাস ||
বিজুলতা পায়েং
গোগামুখ
___________________________________________________________
🔴নাৰী
✍🏻 মাৰ্জিনা বেগম, বৰপেটা
দেখিছা নে তুমি ?
এগৰাকী নাৰীৰ জীৱন যুদ্ধ ,
যিমানেই দেখিবা সিমানেই আচৰিত হ'বা !
কেতিয়াবা প্ৰেমালয় জুৰিটিৰ পাৰত
কেতিয়াবা তোমাৰ গৃহ লক্ষ্মী ভাৰ্য্যা ৰূপত
আৰু কেতিয়াবা দেখা পাবা
মমতাময়ী মাতৃত্বৰ স্নেহে উথলি উঠা ।
তুমি জানোঁ বুজানে?
নাৰী মনে কি বিচাৰে,
মুক্ত আকাশত মুকলি মনে
ডেউকা মেলি উৰিব খোজে ,
অব্যক্ততাৰ আন্ধাৰত লুকুৱা
ইচ্ছা শক্তি তেজত থাকে মিহলি ।
নাৰী-পুৰুষৰ দৃষ্টিত
নাই ভেদা-ভেদ ,
বিশ্বৰ যি মহান
সৃষ্টি চিৰ কল্যানকৰ
এহাতে নাৰী আনহাতে পুৰুষৰ গঢ় ।
বিশ্বত যি আহিল পাপ- তাপ-শোক
বেদনাৰ অশ্ৰু নদী,
এহাতে কঢ়িয়াই আনিলে পুৰুষ
আনহাতে নাৰী ।
কোনে কৰে তোমাক হেয় জ্ঞান
নৰকী নাৰী বুলি?
উত্তৰ তোমাৰ হাতত এয়া-
আদি পাপ নহয় যে নাৰী !!
___________________________________________________________
🔴"আমি নাৰী"
আমি নাৰী সুন্দৰী পুৰুষৰ সহচৰী
নাৰী অবিহনে সৃষ্টি হ'ব অভিশাপ,
সৃষ্টিৰ ধাৰাবাহিকতাৰ ম্যাদী পট্টা
নাৰীক লাঞ্চিত কৰা অপৰাধ মহাপাপ
আমি ইতিহাসৰ বাবে নহওঁ কলঙ্কিত পৃষ্ঠা
কিছুৱে ভেমৰ বাবে হ'ব পাৰে বিষাক্ত সাপ !
আমি নাৰী অনন্যা সম্পূৰ্ণা বহ্নিমান
মাতৃ ভগ্নী গৃহিণী সতী সাধিনী পত্নী
দূৰ্গতি নাশিনী নাচনী ৰূপৰ ৰাণী
প্ৰতিহিংসাত কৰিব পাৰোঁ অগ্নিস্বান !
তথাপি কিয় হওঁ নিষিদ্ধ যৌতুকৰ বলি ?
নিঃস্বৰ জীয়ৰী বাঞ্ছিত বোৱাৰী হৈ
স্বপ্নৰ কাৰেং সুখৰ ঘৰ পাতিবলৈ
সংকল্প লওঁ-'পতি পৰম গুৰু' বুলি
যৌতুক প্ৰাপ্তিত সংসাৰ অপ্ৰাপ্তিত অসাৰ
নিৰ্যাতন চলায় লোভৰ ইন্ধন ঢালি !
আমাক বিশ্বাস কৰে যেন বজাৰৰ সামগ্ৰী
কটু বাক্যবাণ দৈহিক মানসিক উৎপীড়ন
সঙ্কীৰ্ণ মনৰ খাতাত লিখে ঘৃণাৰ ব্যাকৰণ
বোৱাৰী নহওঁ যেন চিৰবৈৰী ইতৰ প্ৰাণী
নিৰ্যাতনৰ উতলাঙ্ক বঢ়ায়গৈ এশ ডিগ্ৰী !
আমি আজিৰ নাৰী নহওঁ অৱলা দৃঢ়তাহীন
পুৰুষৰে ফেৰমৰা সম শিক্ষিতা স্বাধীন
সমাজৰ বৈষম্য ব্যবস্থা আমিয়ে নাশিম
নিৰক্ষৰতা ঠেক মনোবৃত্তি নাৰীৰ কীট
কু প্ৰথা অন্ধবিশ্বাসত বৰ্তে ঈৰ্ষাৰ পীঠ
এই অবৈধ ব্যাধিৰ শিপা আমি উভালিম !!
___________________________________
আমিৰ হুছেইন আহমেদ।
___________________________________________________________
🔴ৰঙা জিঞাৰ কবি তুমি
জ্ঞানৰ সাগৰ তুমি
সহস্ৰজনৰ আৰ্দশ -পুৰুষ
নামেই যাৰ পৰিচয়
ৰঙা-জিঞাৰ কবি তুমি।
চাৰি কুৰি সাত বছৰ পূৰ্বে
স্নিগ্ধ মধুৰ পৰিৱেশত
ভূমিষ্ঠ হৈছিলাহি তুমি
এইখন সুন্দৰ পৃথিৱীত।
সাহিত্য জগতৰ বাবেই
কৰিছিলা জীৱন উচৰ্গা,
নৱ-প্ৰজন্মই আজিও বিচাৰে
"কাঠনীবাৰীৰ ঘাট"ৰ স্ৰষ্টাক।
তোমাৰ সৃষ্টিৰাজিত আছে
অতুলনীয় জীৱন্ত চৰিত্ৰৰ সমাহাৰ মাত্ৰ পাঁচ দশকেই নহয় ,
তোমাৰ কৰ্মৰাজি থাকিব জীয়াই আমাৰ সমাজত,
যিদিনালৈকে মানৱৰ থাকিব অস্তিত্ব জগতৰ বুকুত।
শ্ৰী দ্বীপশিখা শৰ্মা
নগাঁও (ভোটাই গাওঁ)
________________________________________________________
🔴প্ৰেমিক চৰাই মই
( ছিৰিজ-২০৪)
ফাগুনৰ অনুভৱ তেতিয়াহে হয়
যেতিয়া ধূলি আৰু সৰাপাতৰ খোজে বতাহৰ ঢৌ কঢ়িয়াই ।
সেউজীয়া অৰণ্য যেতিয়া সোণালী ৰঙত পৰিণত হয়।
লঠঙা আহত গছজোপাই বিষাদৰ গান গাই।
নুবুজা ,নুশুনা বিৰহৰ অবুজ যন্ত্ৰণা উৰুৱাই শৰীৰত ঘহাই থৈ যায়।
এয়াই নেকি উত্তৰ ফাগুনৰ অনুভৱ
নে এয়াই প্ৰমাণ সত্যতা পৰিৱেশ ।?
হ'ব পাৰে আকৌ এবাৰ বৰষুণৰ আশীৰ্বাদ ।
আৰু গজি উঠিব গজালি
ফুলিব ফুল আৰু কুঁহিপাত।
আহচোন বাৰু এইবাৰ লৈ
মোক সাগৰৰ পৰা আঁতৰাই
অৰণ্যৰ মাজভাগত এৰি থৈ।
আহ নহ'লে সৰাপাতৰ বিননি কোনে শুনিব?
সৰাপাতেই আনে নতুন আশা
পাগল বুলি নকবি মোক
নহ'লে তোকেই বকিব
এইটো সঁচা দুষ্ট ফাগুন তোক চিনিব।
কলম -হাইছ উদ্দিন আহমেদ
নগাঁও
___________________________________________________________
🔴গোলাপ
✍️ নিজৰা বৰ্মন ডেকা
ফুলৰ ৰাণী তুমি গোলাপৰ কলি
দেখিবলৈ কি যে শুৱনি
তাতে পৰি ভোমোৰাই
দুগুন বঢ়াই জেউতি ।
স্নিগ্ধ জোনাক নিশা
শীতল সমীৰণে আহি
কপাই তোলে গোলাপৰ পাহি ,
কোমলীয়া গোলাপৰ লাজুকী পাহি
লয় যেন লাজৰ দীঘল ওৰণি।
পুৱাৰ সূৰুযৰ ৰ'দ কাঁচিয়লি
গোলাপৰ সৌন্দৰ্য্যত মধুৰতা দিয়েহি,
বছৰৰ ছয়টা ঋতুতে
ফুলি থকা তুমি
ৰঙৰ সমাহাৰে সকলোৰে হৃদয়ত
জগাই তোলা সোণালী সপোন
তোমাৰ সৌন্দৰ্য্যৰ যে
কাহানিও নহয় পতন ।
___________________________________________________________
No comments:
Post a Comment