⬛️দ্বিতীয় বছৰ🔹মাৰ্চ মাহ,🔸প্ৰথম সংখ্যা
কবিতা শিতান
(১)
ফাগুন
✒️ নিজৰা বৰ্মন ডেকা
বসন্তক বোকোচাত বান্ধি
ধূলিৰ দিক্ চৌ বাট নেওচি
মিচিকি হাঁহিৰে তাই আহে
বুকুৰ ভাঁজে ভাঁজে
এবুক তেজৰঙা ৰঙ লৈ।
ফাগুনৰ লঠঙা বিৰিখ
দোৰল খাই পৰে ধূলিৰ ধুমুহাত
তেজৰঙা মদাৰ শীতল পৰশ আলফুলীয়া
কাঁচিয়লি ৰ'দালিৰ জিলিকনি হাঁহি
পুৱাৰ চিলমিল টোপনি ভাঙি
উৰি আহে উন্মাদ নানাৰঙী পখী
বসন্তক ধৰালৈ আদৰে কুলি কেতেকী।
সেন্দুৰীয়া মুখৰ ৰ'দৰ আঁচলত ধৰি
আহিছে তাই সেন্দুৰীয়া হৈ
তাইৰ খোজত দেও দি আহে
পলাশ,মদাৰ, শিমলু সেন্দুৰীয়া কৰি বননি
চৌদিশে চৰাইৰ মৌ -সনা প্ৰতিধ্বনি।
বুকুত আশাৰ ৰেঙনি প্ৰকৃতি হ'ব শুৱনি
নানা ৰঙী ফুলেৰে জীপাল হৈ পৰিব ফাগুনৰ বননি
ডেকা-গাভৰুৰ প্ৰাণখোলা হাঁহি
আলফুলীয়া পখিলাৰ দেহতো
আজি উঠিছে দেওধনী ।
উৎফুল্লিত পৃথিৱী আজি ৰঙৰ আবিৰ সানি
আহিছে তাই ধূলিৰ আৱৰণ ফালি
শুষ্ক প্ৰকৃতিৰ দুৱাৰদলিত ৰঙৰ পদধুলা দি
নৈ-বিল পুখুৰীত আঁকে ৰঙীন ছবি
তাইয়েই প্ৰকৃতিৰ জীয়ৰী উন্মনা ফাগুনী ।
(২)
পলাশী সপোন
ছেলিমা বেগম।
জিলা নগাঁও।
সপোন কিয় আহে মনলৈ,
পলাশী সপোনত কৰে আমনি ।
ফাগুনৰ বুকুত বান্ধি পলাশ ফুলিলে
হিয়াত জুই জ্বলাই সপোন ৰচিলে
সেই ফুলে ফুলে ভোমোৰাই মৌ
পান কৰি গুণ গুণ গান গাই থকিলে ।
পলাশীৰ ৰূপ লাবণ্য দেখি মদাৰ
ফুল ফুলি ধৰণীৰ বুকুতে উজ্জ্বলি
চমকি উঠিল আমি ফাগুনৰ
সৌন্দৰ্য্যত মোহিত পলাশী ।
পলাশীয়ে লাজৰ উৰনি টানি
ন কন্যা সাজি মুক্ত মনেৰে
মুক্ত আকাশৰ তলত ৰভা
তলি সাজি বহি ললে।
শিমলু ফুলিল প্ৰকৃতিৰ বুকুত
যৌৱন আনি দিলে ,
এই বাৰ বিয়াৰ প্ৰস্তাৱ উত্থাপন
কৰিব পলাশৰ লগত ।
পলাশ, শিমলুৰ বিয়া
ফাগুনৰ শেষৰ ফালে
নাকান্দিবা পলাশী তোমাক
নিবলৈ আহিব দৰা হৈ শিমলু।
উত্তৰৰ পৰা দক্ষিণলৈ বলা
পচোৱা বতাহ জাকে উৰুৱাই
নিব মৰমৰ কন্যা জনীক ।
তাকে চাই চাই হাঁহি থাকিব
বসন্তৰ কুঁহিপাতে ,হায়ৰে! হায়!
পলাশক লৈ গৈছে ফাল্গুণিয়ে।
(৩)
তুমি বিহীনি ফাগুন
মিন্টু গোৱলা, লখিমপুৰ, কদম
ফাগুনী পছোৱা বতাহ জাকে
কিয় জানো দি গ'ল (?)
ফাগুন অহাৰ খৱৰ ।
পলাশ, শিমলু , মদাৰ ও এতিয়া
ফুলি উঠিছে , ফাগুনৰ খৱৰ পায়।
মোৰ উকা হিয়াখন আজি বৰ
অকলশৰীয়া ফাগুনৰ খৱৰ পায় ।
মনৰ ফাগুনীজনী আজি নাই যে কাষত
তাৰে বিষাক্ত তেজে মোক কৈ যায় বাৰে বাৰে
তুমি বিহীনি ফাগুন ।
হিয়াও উৰুঙা ফাগুনৰ লঠঙা
গছজোপাৰ দৰে
ফাগুনী পছোৱা বতাহ জাকে
সকলো উৰুৱাই নিলে ।
এতিয়া প্ৰতি পল মাথোঁ
তুমি বিহীনি ফাগুন ।
(৪)
ফাগুন
বেল বজাইছে ফাগুনে।
মোৰ হৃদয় কঁপিছে।
সমগ্ৰ শৰীৰত জোৱাৰ বাঢ়িছে।
সকলো প্ৰৱেশদ্বাৰ খোলা।
বন্ধু বা প্ৰেমিকৰ চিঞৰ
শৰীৰটো দুটা ভিন্ন স্তৰত গুৰুতৰ হৈ পৰে।
মোৰ শৰীৰটো ফাগুনৰ সূৰ্য্যই ভক্ষণ কৰি আছে।
কাটোনোৰ দাম কিমান?
সকলোৱে দাবী কৰে
যে এটা লুকাই চুৰকৈ বতাহ আহি আছে,
আৰু তাত একেবাৰেই কোমলতা নাই।
পৃথিৱীত এক প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হৈছে,
যাৰ ফলত অৱশিষ্টবোৰ উৰি গৈছে।
প্ৰকৃতিৰ মাজত অংকুৰিত হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ বীন।
এই ধূৰ্ত বতাহৰ বিষয়ে তেওঁলোক অজ্ঞাত বা অৱহেলিত।
এইটো আৰাধনাৰ ওপৰত এখন ছনেট,
যিটো মই সেই উদ্দেশ্যেৰে লিখিছোঁ।
বুলেন নাথ
গৰুখুটি, দৰং(অসম)
+৯১-৯৩৭০৫৫২৯২১
(৫)
প্রিয় আজিও নৈপৰীয়া তুমি
✍🏻 ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই(অসম)
তোমাৰ ঘৰৰ নৈপৰীয়া ঠিকনাটো ,
ব্ৰহ্মপুত্ৰ নদীখনেই
উটোৱাই আনে ।
কিমান দিন হ'ল বাৰু ...
তোমাক নেদেখা ,
তোমাৰ লগত কথা নোহোৱা ?
মোৰ অতীত,বৰ্তমান,ভৱিষ্যত
সকলোতে যেন তুমিয়ে আছা ;
সপোনত কেতিয়াবা দিঠক বুলি
খেপিয়াই বিচাৰি ফুৰো তোমাক ।
অজাননিত ভূলতে
তোমাৰ নামটো ,
আহি ৰৈ যায়
মোৰ কোমলীয়া দুটি ওঁঠত ।
সেয়াই হয়টো প্ৰেম ...
পাহৰিব নোৱাৰা ,
মনৰ পৰা মুচিব নোৱাৰা ।
তোমাৰ প্ৰতি হৃদয়ৰ কাতৰতা ,
অসীম যেন লাগে ।
আজিও সামৰি থৈছোঁ
বহু ক'বলগীয়া কথা ,
গোপনে মনতে ।
সদায় অকলে এন্ধাৰত বহি
অপেক্ষা কৰোঁ ,
মাথোঁ তোমাৰ আগমনৰ ।
কিজানি হয়তো আহিব পাৰা
মোৰ কাষলে ।
কেতিয়াবা ৰিঙিয়াই মাতে
মোৰ আত্মাৰ অনুভূতিয়ে ,
মোৰ অজাননিতে
তোমাকেই ।
তোমাৰ কথা ভাবিলে ,
কেতিয়াবা মুখৰ
হাঁহি এটি ওলমি ৰ'য় ।
মোৰ মায়াত বন্দী হৈ
একেবাৰে খামুচিৰে বহি আছা ;
সলনি নহয় ।
ভালপাওঁ বুলি ক'ব নোৱাৰি ,
চকুৱে প্ৰকাশ দিয়ে ।
নিৰৱতাত থাকি প্ৰাৰ্থনা ,
তুমি ভালে থকাৰ কাৰণে ।
থাকিবা যতনেচোন ,
আজিও মোৰ দুনয়নতেই ।
(৬)
ধান
ধানেই ধন কৃষকৰ সন্মান
শ্ৰমৰ মৰ্যাদা দেশৰ প্ৰাণ,
সোণালী হীৰা ঘামৰ দান
জীৱিকাৰ অমিয়া অনুপান !
ক্ষুধাৰ ভাত মুঠি দেহৰ খুটি
সাজে প্ৰতি তৃপ্তিৰে খায়,
নাঙলৰ কীৰ্তি মাটিৰ জ্যোতি
পুষ্টি যোগায়-শক্তি বঢ়ায় !
চহাৰ স্বাভিমান অৰ্জিত ধান
দেশৰ ফচল প্ৰধান সম্বল,
পথাৰৰ লখিমী ভঁৰালৰ মান
প্ৰাণত বোৱায় হৰ্ষৰ ঢল !
আহু বৰো শালি প্ৰীতিৰ খেতি
প্ৰতি শীহত লাগে সোণগুটি,
পুৰণি পদ্ধতি শূন্যলৈ গ'ল উঠি
যুতি দিলে আধুনিক প্ৰযুক্তি !
চহাই দেশ গঢ়ে সমানে সুখ বিতৰে
পৰিশ্ৰমৰ উচিত মূল্য নাপায়,
জনতাৰ মেৰুদণ্ড চহাই পোন কৰে
তথাপি কিয় কেৰাহিকৈ চায় ?
_________________________________
আমিৰ হুছেইন আহমেদ ।
( ৭)
এটি অপেক্ষাৰে
-ৰাজ দ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।
মোৰ প্ৰিয় গৰাকী হওক
মোৰ প্ৰভাতিৰ
শেৱালী জোপাৰ দৰে,
যাৰ সুবাসত
মই নিতৌ বিলীন হ'ব পাৰো।।
মোৰ হৃদয়ত ফুলৰ আবিৰ সানি
তুমি দিবাহি
সপোনৰ ফুলনিত
এমুঠি আশা।।
মোৰ উমাল বুকুৰ মাজত
তুমি আহি জীয়াবাহি
মই আঁকি দিম তোমাৰ কপালত
হেঁপাহ ভৰা
বিশ্বাসৰ এটি চুমা।।
(৮)
অনুভৱৰ পৃষ্ঠা
লিখিবলৈ মন আছিল এটি সুন্দৰ কবিতা,
কিন্তু লিখিবলৈ বিচাৰি পোৱা নাই কোনো কাব্যিক ভাষা ।
শব্দবোৰে দেখোন মোৰ লগত লুকা-ভাকু খেলে,
যেতিয়া মোৰ অনুভৱী হৃদয়ে তুলিকা ধৰে ।
স্নিগ্ধ আকাশত দেখোঁ তৰাৰ মেলা,
ডাৱৰৰ আঁৰে আঁৰে লুকা-ভাকু খেলা ।
চন্দ্ৰমাই পোহৰেৰে মোৰ হিয়াত দিলেহি আবিৰ সানি ,
প্ৰকৃতিৰ মায়াত গ'লোঁ আপোন পাহৰি।
নিশাৰ আকাশত তিৰবিৰাই থকা তৰাবোৰৰ মাজে মাজে বিচাৰোঁ আপোনত্ব ,
পৃথিৱীত নিজৰ অস্তিত্ব।
নিশাৰ আন্ধাৰতো বিচাৰি ফুৰোঁ
পোহৰৰ এধানি,
কাৰণ, মই যে স্বপ্ন সন্ধানী ।
মত্যতে দেখা পাওঁ দেৱতাৰ ধৰ্ম,
মত্যতে চিনি পাওঁ দানৱৰ কাৰ্য ।
আপোন মানুহবোৰে যেতিয়া মোৰ জীৱনক লৈ হেতালি খেলে ,
নিঃসংগতাই তেতিয়া মোৰ একমাত্ৰ সংগী হৈ পৰে ।
*✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী*
*দশম শ্ৰেণী*
*ঢকুৱাখনা*
(৯)
অনুশীলন
শ্ৰী মাণিক চন্দ্ৰ চহৰীয়া
সুলকি পৰিব খুজি দিনটোৱে বেলিৰ আচলত বিষাদৰ তুলিকা ঘহি পিহি
উজাই লৈ গল নাও খন,
শৃংগত ধূসৰিত শিলৰ ঘামবোৰ
দিগন্ত ৰ শেষ সীমালৈ
এটা এটাকৈ বুটলি ।
শিলেৰে আৰম্ভ হোৱা জীৱন
এটা হাহিৰ কৰণি
সুখৰ বিলাস
দুখৰ প্ৰতিলেপন
আৰু চূচূৰ্মৈ হৈ পৰা
কলিজাৰ সুৰ
শলিতাত শোহযোৱা সময়ৰ সোতে
সভ্যতাৰ ফেহুজালি এৰি আহি
প্ৰস্তৰত খোদাই লৈ হৈ পৰিল
শাওণী মেঘৰ ৰাগ কল্যাণ।
এতিয়া হাটে বাটে বিশ্বকৰ্মাৰ
চিন্তা বিলাসী আল্পনা আৰু
শোকহীন এটিফাগুনৰ মূৰ্ছনা।।
(১০)
ফাগুন
প্ৰিয়ংকা চমুৱা, গাওঁ: ভোমা আহোম, মহকুমা:ঢকুৱাখনা, জিলা:লখিমপুৰ,ডাক: যোগী সুঁতি, ডাক সুচাংক:৭৮৭০৫৫ ভ্ৰাম্যভাষ:৮১৩৩০০৩২০২
উন্মনা বতাহজাকে নাকে মুখে কোবাই
কাণে কাণে তোৰ বাতৰি দি গল ফাগুন...
তই হেনো বাউলী পছোৱাৰ
ভৈৰৱী টান
অভিমানী কলিজাৰ আধৰুৱা টান।
তই মেঘালী ফাগুন...
তোৰ হাঁহিত শিমলু ফুলে
তোৰ হেঁপাহৰ আঁচলত
মিচিং ডেকা গাভৰুৱে
ভাগৰি নপৰাকৈ গুমৰাগ নাচে।
তই খেতিয়কৰ হেঁপাহৰ গান
চিনাকি সুহুৰিৰ অচিনাকি টান
তই মাঘি হেঁপাহৰ শেহতীয়া হেঁপাহ
জোনাকী ৰাতিৰ উন্মাদ উশাহ।
শিমলু ফুলিলে তই আহ
বহু সপোনৰ সহচৰ হৈ
হিয়াৰ দাপোনত স্বচ্ছ প্ৰতিবিম্বিত হয়
আপোন মানুহজনৰ হেঁপাহৰ সুহুৰিৰ
সপোন সনা সুৰীয়া ৰাগ ....।
তই প্ৰেমিক ফাগুন...
তোৰ ৰঙা আঁচলত লেখা আছে
হৃদয় ৰঙৰ সপোনৰ ঠিকনা
ভালপোৱাৰ আদৰুৱা ভাৱনা
প্ৰাচীন হেঁপাহ সনা।
((১১)
ভগ্ন স্বপ্ন
বিষাদেৰে ভৰা উজাগৰী নিশা অশ্ৰুবোৰেই মোৰ প্ৰিয় বন্ধু ,
হৃদয়ৰ ভাঁজে -ভাঁজে উলমি ৰয় কিছুমান অলৌকিক প্ৰশ্নৰ এলান্ধু ।
বিনিদ্ৰ নিশাৰ ঘিটমিট এন্ধাৰত
বিচাৰোঁ সুখ আৰু শান্তিৰ মন্ত্ৰ ।
নীলাভ আকাশৰ ডাৱৰৰ আঁৰে -আঁৰে
বিচাৰোঁ মোৰ হেৰুওৱা স্বপ্ন।
মৌনতা আজি কালি বৰ প্ৰিয়!
নিঃসংগতা যে মোৰ একমাত্ৰ সংগ ;
মৌনতাৰ কাষতেই ব্যক্ত মোৰ অনুভৱৰ টোপালাটি।
নিঃসংগতাৰ সৈতে খেলোঁ ওৰে নিশাটি ।
মাজনিশা চাৰিকড়ীয়াৰ পাৰত শুনো মোৰ আত্মাৰ হিয়া ভগা উচুপনি ,
এইয়া যেন মোৰ হেৰুওৱা স্বপ্নৰ কৰুণ বিননি।
প্ৰতিনিশা ভগ্ন স্বপ্নবোৰে কান্দোনৰ ৰোল তুলি নিদ্ৰা ভংগ কৰে।
দুচকুৱে অশ্ৰুৰ টোপালেৰে সাগৰত পাল নাওঁ তৰে।
✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
দশম শ্ৰেণী
ঢকুৱাখনা
(১২)
কিয় এনেকুৱা হয়
দেহৰ সিৰাই সিৰাই
স্পৰ্শি জুই বিয়পি যায়
পুৰি নিয়াৰ এক অজুহাত......
সময়ৰ দাৱানল ,
ৰেণুমাই! কিয় এনেকুৱা হয়?
শেষ হ'ল পলাশৰ দিন
বিচাৰি আজিও বসন্তৰ বাট ,
ফাগুন,বতাহত বিলাই দিলোঁ
তোমাৰ বতাহত লীন হ'লো ।
মন কুঠৰিত খোলা খিৰিকী
দুৱাৰত দুটি ছাঁ বাটলৈ মুখ কৰি ,
লাহে লাহে পথৰ পিছত পথ নেদেখা হয়
নেদেখা হয় মানুহৰ হৃদয়
গভীৰৰ খাদবোৰ ।
অসময়ত বাজে অশ্ৰুগন্ধী তান
পুৰণি চোলা পিন্ধা চিগা বীণাত ,
মন বিহগী উৰি যায়
মুহুৰ্তৰ আশ্ৰয় বিচাৰি ......
ক্ষন্তেক চুই চোৱাৰ এক অজুহাত ।
ৰেণুমাই! কিয় এনেকুৱা হয় ?
কিয় এনেকুৱা মন ?
কিয় আঁকি থৈ যায় ?
স্মৃতিৰ বুকুত আঁচ !!
-----মাৰ্জিনা বেগম ,বৰপেটা ।
⬛️ফাগুন।
ফাগুন
তোৰেই প্ৰেমত ফুলিছে শিমলু
নদীৰ পাৰত।
বৰদৈচিলাৰ পিঠিত উঠি
আকাশত
কজলা মেঘৰ মেলা।
কত প্ৰেমিকৰ বুকু জুৰোৱা
মদাৰৰ তেজৰঙা ফুল ।
সৌৱা
আলিৰ সিপাৰে আহি
অপেক্ষা কৰিছে বসন্ত
থৌকি-বাথৌ মন ।
ফাকুৱাৰ আবিৰ সানি
দুগাল ৰাঙলী কৰি
আহাঁ আলিঙ্গন কৰোঁ
উৎসৱৰ ৰঙীন পৃথিৱীত ।
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
🔴তুমি যোৱাৰ পৰত
আয়নাল চৌধুৰী
ধুবুৰী , আগমণি
অশান্ত হ'ব হৃদয়
তুমি যোৱাৰ পৰত
শাওণৰ জাগলে
দুচকুত আন্ধাৰ নমাব---।
ভূঁইকপ হ'ব বুকুৰ চুবুৰীত
দুপৰৰ কপৌজনীয়েও
অস্থিৰ হৈ কুৰুলিয়াব
তুমি যোৱাৰ পৰত।
তুমি নেদেখাকৈ
নদীৰ গৰা খহাদিচপৰা চপৰে খহিব মনৰ গৰা,
তথাপিও ঢাকি ৰাখিম
উদ্গীৰণ হৈ পৰা মনৰ ৰাভা।
তুমি যোৱাৰ পৰত
উভতি নাচাবা,
কৰ্তব্যৰ খাতিৰত
তুমিতো যাবই লাগিব
পত্নীৰ মায়াতকৈ উচ্চ আইৰ সেৱা,
তুমি ঘূৰি অহালৈ
বিশ্বাসৰ বান্ধোনেৰে কৰিম অপেক্ষা
মই কৰিম অপেক্ষা...।
🔵সুখৰ ডিঙৰ
-বীনা দেবী মৰিগাওঁ
মই এনেকৈ য়ে থাকিম
আগুৱাই যোৱা ৰাস্তা ই বা কত!
সুখৰ ঠিকনা বিচাৰোতেই জীৱনটো পাৰ হ'ল
এতিয়া বিষাদৰ ঘৰখন মোৰ স্থায়ী পৰিচয়
সুখ আহিব বুলি পদুলিলৈ নাচাওঁ
সুখে দুখৰ পোছাক পিন্ধি আহি
আকৌ ডুবাই থৈ যাব দুখৰ গৰাহত
অপেক্ষা নকৰো সুখৰ বাবে
দুখৰ পিঞ্জৰাতে আবদ্ধ হওঁক
অব্যক্ত জীৱন গাঁঠা
আক্ষেপ নকৰো কাৰোবাৰ ওচৰত
সুখ বিচাৰি নাচাওঁ পদুলিলৈ
এয়া মোৰ আপোন নিৰ্বাসন
ঠিকনা হীন পথটোত কাকনো সুধো বাৰু
কেনি ওভতি গল মোৰ সুখৰ ডিঙৰা।
অচিন পথ নাজানো ঠিকনা ।
তথাপি কব মন যায় ক'বলৈ
সুখ আহাচোন এবাৰ
চকুলোৰ নদী খনত ডুবি আছো
দুহাতৰ ধৰি পাৰলৈ আনা।।
⚫️"ফাগুনৰ প্ৰেম"
✍️ৰশ্মি ৰেখা দুৱৰা।
ফাগুন তোক অহাৰ বাতৰি পাই
পলাশ,মদাৰে জনালে সম্ভাষণ।
লঠঙা গছৰ উৰুঙা উৰুঙা লগা
পচোৱাজাকে মৃদু কণ্ঠেৰে
জুৰে বিষাদৰ সুৰ।
বিষাদৰ আঁৰতেই বৈছে আনন্দৰ ৰোল
ফাগুনেই আনিছে প্ৰেমৰ সুৰীয়া আভা,
কোনে কয়?
ফাগুন,তই বিষাদেৰে ভৰপূৰ
ফাগুনতেই হয় মনবোৰ উগুল-থুগুল।
ফাগুনৰ পচোৱাজাকে সিঁচিছে স্নেহৰ সুগন্ধি
লঠঙা গছৰ ডালবোৰেও
পলাশ,মদাৰৰ প্ৰেমত হাবু-ডুবু
পলাশ,মদাৰে হাঁহি হাঁহি
জোৰকৈ বলা বতাহজাকত সিঁচৰতি হৈ
লঠঙা গছৰ ডালত বহি যাঁচে চুম্বন
হেঁপাহেৰে কৰে আলিঙ্গন।
ফাগুন এতিয়া বসন্তকলৈ আত্মবিভূৰ
কি সাজে শুৱাব বসন্তৰ পৰশ লাগি
তাকেলৈ ব্যস্ত ফাগুন।
⚪️ফাগুন, জোকাম নেকি?
প্ৰিয় ফাগুন--
কিমান যে ভালপাওঁ তোক,
তই পছোৱা হৈ আহিলে
বুকুখন চুই চাওঁ--
কিজানি তোৰ পৰশ লাগি
খহি পৰে মোৰ ৰিহাৰ আঁচল !
ৰঙাবোৰ ছটিয়াই দি
যৌৱনা কৰ আকুল পৃথিৱী,
ডেও দি ডেও দি
উৰি যাবলৈ মন যায়
সাৱটিবলৈ তোৰ উতনুৱা পৰিধি।
চিলা হৈ যাওঁ নেকি
তোৰ মৰম চুমিবলৈ ?
নালাগে দে,
পলাশৰ সুহুৰিৰে তই যে এনেই চঞ্চল,
অজলা ফাগুন বুলি নকওঁ আৰু তোক!
এজাক বৰষুণ হৈ
মোৰ লঠঙা কৰৱীজোপা জীপাল কৰিলিহি,
ধূলিয়ৰি আকাশখনক প্ৰত্যাহ্বান জনাই
তই সদম্ভে আওৰাব পাৰ
প্ৰেম ---ভালপোৱাৰ গীতি,
ঐনিতমৰ সুৰ এটি হৈ
তোক জোকাম নেকি
উন্মনা ফাগুন বুলি ??
ইন্দিৰা কোঁৱৰ
⚫️মানুহেই এইখন পৃথিৱীত সৌন্দৰ্যৰ সূৰ্য্য
প্ৰণৱৰঞ্জন শইকীয়া
মায়ামোহ আবিষ্ট দুৰ্ভেদ্য দুৰ্গম দূৰ্গ
হয় যদি চুৰ্ণ বিচুৰ্ণ
কালশ্ৰোত নিৰুদ্ধ হৈ হ'লে বেদশূন্য
স্থিতপজ্ঞ যোগ সমাধিস্থ
নিশ্চল অচল স্পন্দনহীনতাৰে আচন্ন
অচিন অনাহুত ধ্বনি প্ৰতিধ্বনিৰ অভ্যান্তৰত
নিৰন্তৰ অনন্ত ব্ৰহ্মজ্যোতি হ'ব প্ৰস্ফূটিত
জাগ্ৰত সমাধি দিব্য মহিমা প্ৰাপ্তিৰে
সৰ্বতে দৃশ্যমান হ'ব ব্ৰহ্মময় বসন্তৰ অপূৰ্ব দৃশ্য
দেখিবা বুজিবা মন প্ৰাণ আত্মাৰে অনুভৱ কৰিবা
মানুহেই এইখন পৃথিৱীৰ সৌন্দৰ্যৰ সূৰ্য্য
সকলো জীৱয়েই অচিন্ত্য ঈশ্বৰৰ অংশ
__________
No comments:
Post a Comment