⬛️দ্বিতীয় বছৰ,মাৰ্চ মাহ,তৃতীয় সংখ্যা
কবিতা শিতান
🔹নাৰী
নাৰী , শক্তিশালী আৰু স্থিতিস্থাপক
তেওঁলোকৰ আত্মা অভেদ্য
তেওঁলোকৰ ইচ্ছা অনমনীয়।
কান্ধত কঢ়িয়াই লৈ ফুৰে পৃথিৱীৰ ওজন,
কিন্তু তেওঁলোকৰ হৃদয় মুকলি আৰু আত্মা নিৰ্মল হৈ থাকে।
তেওঁলোকৰ সৌন্দৰ্য্য কেৱল ছালৰ গভীৰতা নহয়
ই ভিতৰৰ পৰা নিৰ্গত হয় জিলিকি থকা এক উজ্জ্বলতা।
তেওঁলোকৰ হাঁহি সংক্ৰামক
চকুলো ভৰা
তেওঁলোকৰ উপস্থিতিয়ে শান্তি আনে
তেওঁলোকৰ স্পৰ্শ সান্ত্বনাদায়ক।
মাক, ভগ্নী, কন্যা, পত্নী
তেওঁলোকৰ প্ৰেম নিঃস্বাৰ্থ
তেওঁলোকৰ ত্যাগ মহান।
আমাক অনুপ্ৰাণিত কৰে,
শক্তিশালী কৰে
পথ প্ৰদৰ্শন কৰে
তেওঁলোকৰ প্ৰজ্ঞা কালজয়ী
তেওঁলোকৰ শক্তি অসীম।
প্ৰতিধ্বনি হোৱা কণ্ঠৰে
আৰু প্ৰেৰণাদায়ক মন এটাৰে
আগবাঢ়ে আৰু কেতিয়াও ভাগৰি নপৰে
ভৰিৰ ছাপ এৰে যিটো চিৰদিনৰ বাবে স্থায়ী।
তেওঁলোক যোদ্ধা
সমতাৰ বাবে যুঁজি থকা
বাধা ভাঙি সাত সাগৰ পাৰ হোৱা ক্ষমতা
তেওঁলোকৰ মাত শুনিলে
তেওঁলোকৰ প্ৰভাৱ অনুভৱ হয়।
মানৱতাৰ মেৰুদণ্ড নাৰী
তেওঁলোকৰ অৱদান অসীম
তেওঁলোকৰ মূল্য অমূল্য।
আহা আমি সকলোৱে তেওঁলোকক সন্মান কৰোঁ
কাৰণ তেওঁলোক মহত্ত্বৰ মূৰ্তি।
✍🏼 বুলেন নাথ
___________________________________________________
🔵বসন্ত
আহিল হেঁপাহৰ বসন্ত ঋতুত
গছেপাতে সলালে বৰণ পিন্ধিলে
সেউজীয়া ৰঙৰ চোলা ।
কোমল কোমল কুঁহি পাতে সেউজীয়া বৰণ সানি পৃথিৱীক সেউজীয়া ধৰণীৰ দলিচা
পাৰি বিলাই দিয়ে প্ৰেমৰ সুবাস ।
ন কুঁহি পাতৰ আৰঁত কুলিটিয়ে বিনাই কু-কু বুলি
কি সুমধুৰ ক্ষণ, মন পৰশা সেউজ পৰিৱেশ ।
ঋতু ৰাজ বসন্তৰ আগমনে দশোদিশে সেউজীয়া বৰণ সানি পৃথিৱীক সেউজ কৰি তুলে।
ঢোলৰ মাতে ৰিঙিয়াই মাতে নাচনীক ,
পাটৰ সাজে, মূগাৰ সাজে নাচনীৰ
দেহৰ লাহি কাকঁল ভাগে বসন্তৰ সুবাসত ........!
হাতত জেতুকা বৰণ সানি খুপাতে কপৌফুল হাতত গামেখাৰু পিন্ধি নাচে বসন্ত ঋতুৰ তালে তালে ।
উন্মনা যৌৱনে বিচাৰে আপোন জনক বসন্তৰ আগমনত
আশাৰে বাট চাই আছোঁহি হেঁপাহৰ বসন্ত লয় ।।
শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম
_____________________________________________________
🔵আহিল হেঁপাহৰ বʼহাগ
ফাগুনী পছোৱা জাকে লঠঙা
কৰি যোৱা গছবোৰত সেউজীয়া
ৰঙ সানিব লৈছে হেঁপাহৰ বʼহাগে
কুমলীয়া কুঁহি পাতৰ আৰঁত বহি কুলিটি
জুৰিছে বʼহাগীৰ গীত ।
হেঁপাহৰ বʼহাগী আহিল
লঠঙা গছ লতাই পিন্ধিচে সেউজীয়া চোলা ।
তগৰ, কেতেকী ,কপৌফুলে
বিলালে বʼহাগৰ বতৰা।
ধোৱাঁচাংৰ ঢোলটি বাজি উঠিল বৰ গছৰ তলত
নাচনী সাঁজি- কাঁচি বʼহাগৰ বিহুক আদৰিছে ।
মিন্টু গোৱলা লখিমপুৰ কদম
_________________________________________________________
কুঁৱলী
আজি বহুদিন হ'ল , কবিতাৰ সেই নীলাৰঙী আঁচলৰ বুকুত সাৱটি ধৰা নাই !
বহুদিন কোনো কবিতাও লিখা নাই ,,মনৰ মাজত শব্দৰ নিনাদে সমাধিও পতা নাই !
এতিয়া মাথোন হৃদয়ৰ কাৰেঙত ছানি ধৰিছে কুঁৱলীৰ আৱেসে ,
মন মন্দিৰৰ কাঞ্চন দূৱৰীত আগুছি ধৰিছে কুঁৱলীৰ আচ্ছাদনে ।
শীতৰ ঢলপুৱাতে "পোহৰ" আৰু "কুঁৱলী"ৰ কি যে অপূৰ্ব মায়া !
চকুৰ পলকতে যেন অনুৰাগ বুটলাৰ স্পৃহা ।
স্বপ্ন দেশত হেঙুলীয়া তেজাল বেলিটিয়ে কুঁৱলী ফালি তাতেই পাৰি দিয়ে ৰঙা ৰিহা ,
ৰাঙলী হোৱা আকাশখনিৰ বুকুত দেও দি ঘূৰি ফুৰে সাধু কথাৰ আৱেষ্টনীৰ এখন পৃথক ধৰা ।
কেতিয়াবা শৈশৱৰ পদচিহ্ন কুঁৱলীয়ে স্পৰ্শ কৰে নতুন গাঁঠনি ,
উপলব্ধি শীত কিন্তু আনন্দৰ নতুন ধ্বনি ।
তেজাল ডেকা - গাভৰুৰ খোজৰ দ্পদ্পনি ,
কুঁৱলীৰ মাজত যেন আকৌ হেৰাই যাব প্ৰেমৰ সোঁৱৰণী ।
বৃদ্ধ দেহৰ হাড় - ছাল আৰু মৃত্যুৰ প্ৰতিপল ,
"কুঁৱলী" কেতিয়াবা হৈ পৰে অভিশপ্তৰো জীয়া ঢল !
তথাপি যেন প্ৰকৃতিয়ে ৰাখে নিজৰ অস্তিত্বৰ নিপুন নান্দনিক ৰূপ ,
জীৱন চক্ৰত কুঁৱলীৰ পৰিভ্ৰমণত সময় আৰু বিশুদ্ধ পৰিৱেশৰ স্তূপ।
হাড় কঁপাই যোৱা শীতৰ বতৰত বসুন্ধৰাৰ বুকুত নামি আহে "কুঁৱলী" ,
বেদনাৰ গাঁথাৰে ভৰা এখনি বগা চাদৰ ল'বহি ঢাকি ।
ইতিহাসৰ পাতত শব্দই নিচুকাই দি যায় দিগন্ত ভৰালী ,
এয়াইনে ,,,ৰ'দালীৰ বেষ্টনী ফালি শুভ্ৰ সাজ পৰিহীতা অপৰূপা হৈ অহা মায়াৱী "কুঁৱলী" ।।
________________________________________________________
🔵মোৰ চিকুণ বাট
✍️ৰুমী কলিতা দত্ত
কেন্দুগুৰি(টিংখং)
কোন সেই চিকুনি বাট
ক'ৰে নো এই অচিন ঘাট
চিনাকি সুৰ এটি বাজিছে
সৰাপাতবোৰে নাচিছে
ফুলিব খুজিছে কপৌ
পিন্ধিব খুজিছে বসন্তৰ সাজ ।
মোৰ পদূলি উদুলি-মুদুলি
কপৌ ফুলিবৰ হ'ল
কুলিৰ বিননিত মোৰ হিয়াখনি
নিশাতে সেমেকি ৰ'ল !
সেউজ দূবৰি
ফাগুন ধূলিয়ৰি
ওপৰে বগলীৰ ছাঁ
ব'হাগৰ বাতৰি
কোনেনো আনিছে
হৃদয়ত লাগিছে ঘাঁ!
মূগাৰ সাজ পিন্ধিলৈ
ওলাবি তই লগৰী
ঢোল-পেঁপাৰ লহৰত
কঁকাল তই ভাঙিবি
মই থাকিম বাটলৈ চাই
বুকুৰ সোণামুৱা
কেতিয়াকৈ আহিব
মোৰ দেখোন
মূগাৰ সাজ নাই।
মৰহা যৌৱন মোৰ
সাজিছোঁ কাচিছোঁ
ব'হাগৰ নতুন সুৰ লৈ
এইবেলি মৰমে মোৰ
হৃদয় নভৰালে
গুছি যাম সিটো ঘাটলৈ।
নাহিবি বসন্ত তই
ভাটিয়ালি গীত গাই
চুলিত ৰূপালী আবিৰ
কোনে দিলে চটিয়াই।
যৌৱন ভটিয়ালেও
মন গাভৰু মোৰ
কলমেৰে কাগজত
আঁকিছোঁ ছবি
আপোন-পৰক
চিনিব পৰা নাই
উশাহো মোৰ
পৰে চোন উফৰি।
________________________________________________________
🔵ফাগুণ জানো এনেকুৱা !
নৱযানী বৰুৱা শইকীয়া
ধূলিয়াৰী ফাগুন আজি নিশ্চুপ , নিমাত আৰু স্পন্দনহীন।
ধূলিৰ ধূলি কাটি
বতাহত উৰে আজি
তেজ ঘামৰ পানী ধূলি ধূলি ধূলি
আকাশত ধূলি , বতাহত ধূলি বাতৰিৰ শিৰোনামাত ধূলি ।
কোব পৰে স্পছন্দনহীন কলিজাত।
চকুৰ আগতে ভাঙি থান বান হয় সপোন, বৰ্তমান আৰু ভৱিষ্যত।
কোনে কয় ?
"ফাগুনৰ মতলীয়া আকাশত জুই ফুল ফুলে !"
এয়া, ৰঙহীন ফাগুনৰ আকাশত ক্ষোভৰ জুই।
",,,,,, এতিয়া আহিব নকবিচোন !"
কাতৰ অনুৰোধ।
ৰঙা নীলা হালধীয়া ধূলিৰ
মাজে মাজে অট্টাহাস্যৰ শৱদত
ঠন ঠন কৰি খহি পৰা
একবিংশ শতিকাৰ উন্নয়নৰ ফাগুন ।
_________________________________________________________
🔵চ'তৰ মিঠা আবেলি
সেন্দুৰবুলীয়া চ'তৰ আবেলি
নয়নে বুকুৰ ৰং সানে
বসন্তৰ বতৰতে আপোন ঠিকনা বিচাৰি
আচোঁৰত বন-কুলি কেতেকীৰ মিঠা মাত।
ক'ত জনে নিজহাতে
দিগ-বাণীৰ ফুলৰ চানেকিৰে
মনৰ জোখাৰে সাঁচি থব মৰমৰ গামোচা
এই বাটে কপৌ পাহি ফুলি উঠিব জকমকাই ।
আখৰাত ঢোল , পেঁপা , গগণাৰ মাতত
নাচি -বাগি আহিব বৰদৈচিলা
নাচনীয়ে কঁকাল ঘোৰাই নাচিব
বহাগ অহালৈ বাটেচাই ।
ন কুঁহিপাত চকু মেলে নৱপত্ৰিকাই
সাচতীয়া মনটি সময়কে বাটেচাই
আটি আটি বান্ধি থোৱা
অবুজ ভাৱনাৰ জোনাকৰ জুই ।
✍️ যমুনা দুলু বৈশ্য
শুৱালকুছি
_________________________________________________________
🔵চিয়াঁহী
দিপ্তী মনি গোস্বামী
লখিমপুৰ (লালুক)
৬০০১৫৭৪৫০৭
মোৰ আজন্ম প্ৰেমিক তই
ৰঙা নীলা ক'লা বাৰেবৰণীয়া
মোৰ মানৱী জীৱন কালৰ
এধানি সুখৰ সঁফুৰা।
তোৰ সমীৰৰ আবেশতেই
মোৰ অনুভৱে দু-পাখি মেলি উৰে
তোৰ কান্ধৰ সাহসতেই
সাঁতুৰি -নাদুৰি ফুৰে।
তোৰ প্ৰেম পৰশনৰ হেঁপাহতেই
দুভাগ নিশাৰ শেতেলীত
উজাগৰি টোপনি সাৱটি লওঁ
ঢপলিয়াই গৈ পৰ্বতৰ টিং পাওঁ।
প্ৰতি দিন প্ৰতি ৰাতি নিজানত
একান্ত নিবিড় আলিংগন তোৰ আৰু মোৰ
আমাৰ প্ৰেম পৰশনত গজালি মেলে
অনুভৱ অনুভূতিৰ অণু পৰমাণুবোৰ।
তোৰ মোৰ মিলনৰ সাক্ষী
জিলিকি আছে বগা কাগজৰ পৃষ্ঠা ব্যাপি
ম্ই নাথাকিলেও থাকিবি তই
আমাৰ মিলনৰ চানেকিবোৰ লৈ।
_________________________________________________________
⚪️ নষ্টালজিয়া
জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাহ
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া,
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰাণ সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।
✍️ এহিয়া আহমেদ, মৈৰাবাৰী
ফোন নং- ৮৮৭৬১২৩১২৪
_________________________________________________________
🔵আধা ফুলা কলিটি
মোৰ হৃদয় বাগিচাৰ
এটি সৰু কলি ,
ৰঙা - গোলপীয়া , বৰ আলসুৱা ।
ফুলো কি নুফুলোকৈ
মেলো কি নেমেলোকৈ
তাৰ কোমল পাহি ,
লাজৰ নূপুৰ পিন্ধা ।
আলফুলীয়া মনৰ পদূলিত
ফুলি থকা কলিটি ,
তুমি হাত নেমেলিবা !
নোচোবা তাৰ কোমল পাহি ,
এই যেন সৰি পৰিব কবিতাৰ ৰহণ সানি ।
________________________________________________________
🔴ফাগুনীৰ বিয়া
ফাগুনৰ পুৱাতে খিৰিকীৰ কাষতে ।
দেখিলোঁ তোমাৰ ছবিখন যে ইয়াতে। ।
মদাৰ ,পলাশ, শিমলু যে স্বাগতম ।
ধৰণীখন জাকজমক যে কৰিম।।
পাখি লগা মন মতলীয়া উৰি ফুৰে ।
ফাগুনৰ সৌন্দৰ্য্যত মন মোৰ উৰে। ।
ফাল্গুণীৰ বিয়া যে পলাশৰ লগত ।
দুয়োৰো বিয়া যে জগতৰ নিয়মত। ।
ৰভা মণ্ডপখন ধৰণীৰ তলত।
কন্যা বহিব সৰা পাতৰ ওপৰত ।।
ভোমোৰা আহিব গুণগুণাই গাবলৈ ।
মৌ মাখি আহিব যে বিয়াৰ মিঠাই লৈ। ।
মদাৰ ফুল আহিব ৰঙা শাৰী পিন্ধি ।
চজিনা ফুল আহিব বগা শাৰী পিন্ধি ।।
পচোৱা বতাহ যে আহিব নাচি নাচি ।
কমোৱা তুলা লৈ যে বিয়াত সাজি -কাঁচি ।।
উত্তৰ পৰা দক্ষিণলৈ বলা পচোৱা ।
উৰুৱাই নিব যে কন্যা জনীক চোৱা ।।
বৰদৈচিলা আহিব কন্যাক নিবলৈ ।
সকলো তচনচ কৰি যাব কন্যা লৈ। ।
ছেলিমা বেগম
জিলা নগাঁও।
গাঁও মেলেকাধিং
ডাকঘৰ বলিকটীয়া
_________________________________________________________
🔴লিমাৰিক
ছেলিমা বেগমজিলা নগাঁও
(১)
চ'তৰ খৰাং গছ -লতাৰ বিননি,
পানী পানী হায় বৰ্ষা ঋতু দিয়া আনি ।
এজাক বৰষুণ দিয়া,
চকু পানী মুচি নিয়া,
পৃথিৱীৰ বুকুখন সেউজীয়া আনি ।
( ২)
চ'তে গৈ গৈ ব'হাগৰ বাতৰি আনিলে,
এই বাৰ বহাগতে গাবলৈ আহিলে।
কুলি কুউ কুউ বুলি,
কেতেকী গাব উথলি।
ডেকা গাভৰুৱে বিহু তলিত আহিলে ।
( ৩)
এবেলি বহাগতে কৰিবি লটি -ঘটি ,
পিঠিত বান্ধি লবি যেন বস্তা একোটি ।
এ কাৰ কথা কৈছে হে,
নিবি যে পলুৱাই হে।
তোক নিব নোৱাৰিলে মৰি যাম চেনী ।
_________________________________________________________
🔵তথাপি তুমি
✍️ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই
মোৰ বুকুৰ কান্দোন ,
তুমি আজিও বুজি পোৱা নাই ?
যান্ত্ৰিক পৃথিৱীখনত
আজিও যন্ত্ৰৰ দৰে
কম্পনেৰে চলি আছোঁ ।
তুমি নাজানা নে ?
এই সুন্দৰ শৰীৰত ...
এদিন মৰীচিকাই ,
চুমি ধৰিব ।
কাঁইটীয়া জীৱন হলেও ,
বহু সৌন্দৰ্য্যময় ।
আকৌ কাঁইটীয়া বাটেৰে
সহস্ৰ সুখ-দুখ পাহৰি
গুচি যাম ।
তুমি জানো আজীৱন থাকিবা ,
থাকিবলৈ অজস্ৰ শান্তি বিচাৰিছা ?
ন'হলে কিয় ইমান গৌৰৱ ...?
নিজৰ ৰূপৰ সামান্য
সৌন্দৰ্য্যৰ প্ৰতি ।
মই মাথোঁ অলপ
স্বাৰ্থবিহীন উন্মুক্ত প্ৰেম ,
বিচাৰিছিলোঁ তোমাৰ কাষত ।
পোৱা নাই তোমাৰ ,
সেই পূৰ্ণ হাতখন ।
আজি আঁউসীৰ এন্ধাৰত ,
মোৰ বুকুৰ হাহাকাৰ
নিৰৱে জ্বলি জ্বলি
ছাঁইত পৰিণত হৈছে ।
আজিও তুমি
ওভতি আহিলে ...
মই তোমাৰ দুখ-সুখৰ
সমভাগী হ'ম ।
শুব নোৱাৰিলোঁ
এৰাতিও শান্তিৰ নিদ্ৰাত ।
মইতো এদিন এৰি গুচি যাম
মায়া-মোহ ত্যাগ কৰি ।
তুমি থাকিবা জানো আজীৱন ?
অপেক্ষা কৰি ভাল লাগে
তোমাৰ আগমনৰ ।
তুমি জানো আহিবা ,
কোৱা না এবাৰ ?
ৰ'দক ভাল নাপাওঁ
আজিকালি এন্ধাৰ বৰ প্ৰিয় ,
এন্ধাৰতেই বহি মই
তোমাৰ কথাকে ভাবো ।
সঁচাকৈ তুমি ভালে আছা নে ,
কোৱা না এবাৰ ?
_________________________________________________________
🔵অসম দেশৰ অনুপম কথা
অসম দেশৰ অনুপম কথা
শুনিয়েই লাগে বৰ মজা,
শংকৰদেৱৰ জন্মস্থান
বৰদোৱা ইয়াৰ পুণ্যধাম ।
ঢোলৰ চাপৰত, গীতৰ লহৰত
কুলিৰ বিনন্দীয়া মাত,
এই প্ৰকৃতিৰ মনোমোহা ধেমালিয়ে
হিয়া মোৰ কৰিলে শাতঁ ।
আহোম, কাৰ্বি, তিৱা, কছাৰী
গাৰো, দেউৰী,মটক আৰু বড়ো,
সকলো জাতি-জনগোষ্ঠী মিলি
একএিত অসম গঢ়ো ।
অসম ভূমিৰ লীলা
দুটি শব্দত বুজোৱাটোৱেই টান,
অসম দেশৰ সন্তান আমি
ৰাখিম দেশৰ মান ।
✍️ মোস্তাকিন শ্বেখ
অষ্টম 'খ'শাখা
নগাঁও চৰকাৰী উ মা বালক বিদ্যালয়,
_______________________________________________________
🔴সুখ
সুখৰ পিছত নদৌৰিবা বন্ধু
দুহাতৰ মুঠি খুলি দেখিবা
বুকুভৰা শূণ্যতা।
জন্মৰ পিছৰ পৰা উপলব্ধি কৰিব পৰা হোৱাৰ লগে লগে সুখ বিচাৰি হাহাকাৰ কৰে মানৱজীৱনে। কেঁচুৱাই ভোক পিয়াহ লাগিলে মাকক ওচৰত নাপালেই কন্দিবলৈ আৰম্ভ কৰে। বিচৰা বস্তু এটা পোৱা যায়, তাৰমানে সুখী হোৱা। কিন্তু এই সুখৰ অনুভূতিটো ক্ষন্তেকিয়া। অথচ সুখৰ ক্ষন্তেকীয়া অনুভূতিৰ মোহ এৰিব নোৱাৰি মৃত্যু পযন্ত দৌৰি ফুৰে সুখৰ পাছত। প্রকৃততে কি পালে মানুহ সুখী হৈ তাকেই বুজিব নোৱাৰে আৰু তাতেই মানৱ জীৱনৰ আটাইতকৈ বেছি কৰুণ যন্ত্ৰণা।
দৃলীনা দাস
তিনিচুকীয়া
_________________________________________________________
🔴মোৰ পৰিচয়
✍️চুমিয়া আকতাৰা
পৰিস্থিতি বিস্ময়,
জীৱন মোৰ স্বপ্নময়,
মন আশাবাদী,
কেনেকৈ গঢ়িম
নিজৰ পৰিচয়?
নাই ....
নালাগে মোক চাকৰি,
নালাগে মোক ধন,
মোৰ কৰ্মৰ যোগেদি
সকলোৰে মই
জয় কৰিব বিচাৰো মন।
নাই......
নালাগে মোক স্বীকৃতি বটা,
নিবিচাৰো মানপত্ৰ মই,
মাথো বিচাৰো...
মৃত্যুৰ পিছতো যাতে
সকলোৰে মোৰ নাম মনত ৰয়।
মই নাথাকিলেও যাতে
নাপাহৰে কোনেও মোৰ পৰিচয়।
_________________________________________________________
🔵অপেক্ষা
কেতিয়াবা দূৰণিৰ পাহাৰখন
দুৰৰ পৰা চাই ভাল লগাৰ
অভ্যাস এটা হৈ যায়
তেতিয়া হয়তো ওচৰত যায় চাব
মনেই নোহোৱা হয়।
এই যে পূৰ্ণিমাৰ জোনটো
দুৰৰ পৰা চায়ে
ইমান ভাল লগা হৈ পৰিল
এতিয়া ওচৰত যোৱাৰ
হেপাহটো হেৰাই গ'ল।
আপোনাকো সদায় দুৰৰ পৰা চোৱাৰ
অভ্যাস হৈ যোৱাৰ পাছত
এতিয়া যেন আপোনাৰ কাষ চাপিব
ভাল নলগা হ'ল।
এনেকুৱা নহয় হে এতিয়া আপোনাক
ভাল নাপাওঁ,
কিন্তু নিজৰ কৰাৰ আশাবোৰ
কৰবাত মৰহি গ'ল।
অনুভৱ বোৰ সেই আগৰ দৰেই আছে
মাথোঁ অনুভৱৰো অপেক্ষা কৰি কৰি
অপেক্ষাৰত হৈ থাকিব ভাল লগা হ'ল।
✍️ অভিমানী ছোৱালী অনুস্কা
দশম শ্ৰেণী
নৱজ্যোতি জাতীয় বিদ্যালয়
চামতা ( নলবাৰী )
_________________________________________________________
🔹মই এজন পথভ্ৰষ্ট পথিক
অনুভৱৰ সিপাৰেই মোৰ দেশ ,
তুমি জানো আহি পাইছা কেতিয়াবা?
নালাগে আহিব তুমি , নোৱাৰিবা ,
মোৰ এই শুকান মৰুভূমিত জীৱন কটাবলৈ ,
কণ্টক বনেৰে পৰিপূৰ্ণ এই মৰুভূমিত সহ্য কৰিব নোৱাৰিবা তুমি অত্যন্ত গৰম আৰু ঠাণ্ডা ।
মোৰো ইয়াত থাকিবলৈ একেবাৰে মন নাই ,জানা
কিন্তু উপায় নাই অঃ ,
মই যে এজন পথভ্ৰষ্ট পথিক ।
এই বিশাল মৰুভূমিৰ মাজত ঘূৰি ফুৰোঁ মৰীচিকাৰ পম খেদি,
নাই কোনো মোৰ সহযাত্ৰী।
নিঃসংগ, নিৰ্জন আৰু নিৰৱেই মোৰ একমাত্ৰ সংগী ।
দূৰৈৰ পৰা ৰঙা গোলাপ দেখি আহিছিলোঁ দৌৰি এপাহ ছিঙিম বুলি ,
কিন্তু মায়াবী মৰুভূমিত আহি দেখোঁ নাই কোনো গোলাপৰ পাহি ।
এইয়া আছিল কেৱল মৰীচিকাৰ ধেমালি।
কেতিয়াবা চিঞৰি চিঞৰি কান্দো,
কিন্তু নাই মোৰ কোনো দিবলৈ সহাঁৰি।
সদায় বুকুত এটি আশা বান্ধি লৈ ফুৰোঁ ,
যে মইয়ো পাম মোৰ পথৰ সন্ধানটি।
সজাম জীৱনটোক নতুন ৰঙেৰে,
তাতে আঁকিম ছবি তোমাৰ আৰু মোৰে ।
মই যে এজন পথভ্ৰষ্ট পথিক...
✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
দশম শ্ৰেণী
ঢকুৱাখনা
_________________________________________________________
🔹জীৱনৰ ঠিকনা
জীৱনৰ ঠিকনাটো হঠাৎ
হেৰাব ধৰিছে
এখন ৰহস্যময়ী জালে জীৱনটো
মেৰিয়াই পেলাইছে ।
জীৱন যুঁজত আছে মুক্তিপণ
ক্ৰমাৎ সলনি হৈছে জীৱনৰ গতিপথ
অক্লান্ত বেদনাত ডুবিব ধৰা
জীৱনৰ কৰুণ বিননী
নিষ্ঠুৰ সময়ে কৰিলে সকলো সলনি ।
✍️ কাকলি দত্ত
দশম শ্ৰেণী
ধেমাজি(মাছখোৱা)
_________________________________________________________
🔵আশাৰ প্ৰতিশ্ৰুতি
ফাগুন তুমি
নোহোৱা উন্মনা
নোহোৱা দুষ্ট
নোহোৱা বাউলী।
তুমি সৰাপাতৰ
উচুপনিও নোহোৱা।
তুমি মাথোঁ
লঠঙা গছক
কুঁহিপাত মেলি
সেউজ সুন্দৰ,
ৰঙীণ কৰাৰ
আশাৰ প্ৰতিশ্ৰুতি।
তুমিয়েই
আকাশ ৰাঙলী কৰি
পলাশ মদাৰৰ
আঁচল উৰুৱাই নিয়া
মিঠা হাঁহি।
তুমিয়েই
লাজুক লাজুক চাৱনিৰে
গালে মুখে আবিৰৰ ৰং সনা
মনপ্ৰাণ উতলা কৰা
এমুঠি মিঠা জোনাক।
তুমিয়েই
কুলি ,কেতেকীৰ
মিঠা মাতৰ
বসন্তৰ আগমনি।
তোমাৰ আগমনিত
ধৰিত্ৰী জীপাল হয়।
ৰিবৰিব মলয়াই
মনপ্ৰাণ উতলা কৰে
ডেকা গাভৰুৰ
প্ৰেমৰ স্পন্দন।
ফাগুন তুমিতো
নোহোৱা উন্মনা
নোহোৱা বাউলী
তুমি মাথোঁ,
প্ৰকৃতি সেউজীয়া কৰাৰ
আশাৰ প্ৰতিশ্ৰুতি।
✍️মেঘালী বৰা
হেঙেৰাবাৰী, গুৱাহাটী।
________________________________________________________
🔵এজাক বৰষুণৰ আশাত
ফাগুনৰ মাহতে ফাল্গুনীয়ে সকলোতে ,
পিয়াহ আনি দিলে অন্ঠ কন্ঠ শুকাই
অপেক্ষাত ৰৈ আছে বৃক্ষ বিৰিণা ।
এজাক বৰষুণৰ আশাত শুকান
পথাৰখন সেউজীয়া কৰিবলৈ
আশাৰে বাট চাই আছে বৰ্ষাৰ পানী বাবে।
এজাক বৰষুণৰ পানী পাই শুকান
ঘাঁহনি বননি নতুন জীৱন ধাৰণ কৰি
পৃথিৱীখন সেউজীয়া কৰি অক্সিজেন
যোগান ধৰি পৰিৱেশ সুৰক্ষা কৰি ৰাখিবলৈ ।
বৰ্ষা ঋতুত আহি পিয়া আতঁৰাই ধৰণীৰ
বুকুখন নতুন কুঁহি পাতেৰে নতুন পিন্ধি
ন কন্যা সাজি মুক্ত মনেৰে মুক্ত
আকাশৰ তলত গৰ্ভধাৰণ কৰি বংশ
বৃদ্ধি কৰি পৃথিৱীৰ সমস্ত অংশৰ
ওপৰত চটিয়াই দিবলৈ ।
এজাক বৰষুণ আহিল শুকান
লতায়ে যেন পালে জলধাৰ যেনেকৈ
শকুন্তলা পাইছিল নিজৰ হেৰুৱা
স্বামী পাই, ৰজাক হেৰুৱাই শকুন্তলাৰ
অন্তৰে বিচাৰি নোপোৱাত চ'তৰ খৰানত
যেনেকৈ গছ -লতা পানী নোহোৱাকৈ
শুকাই যায় তেনেকৈ শুকাই গৈছিল।
✍️ছেলিমা বেগম।
জিলা নগাঁও
গাওঁ মেটেকা ধিং
No comments:
Post a Comment