Showing posts with label মাৰ্চ মাহ. Show all posts
Showing posts with label মাৰ্চ মাহ. Show all posts

Tuesday, March 21, 2023

দ্বিতীয় বছৰ, মাৰ্চ মাহ,তৃতীয় সংখ্যাৰ দ্বিতীয় ভাগ

দ্বিতীয় বছৰ, মাৰ্চ মাহ,তৃতীয় সংখ্যাৰ দ্বিতীয় ভাগ



    কবিতাৰ শিতান





🔴শূণ্যতা


আপোনাৰ ভালপোৱাৰ ৰঙেৰে 

ৰঙীন হব খোজা

সপোনবোৰ এতিয়া ভাঙি থাকিল ।

এতিয়া কেৱল শূণ্যতা

হেজাৰজনৰ মাজত থাকিও 

এটি খালি খালি অনুভৱে

বৰকৈ আমনি কৰে।

এনেকুৱা লাগে যেন 

একেচাতেই আপোনাৰ কাষলৈ যাও

কিন্তু ভয় হৈ যদি আপুনি কয়,

অধিকাৰ কত পালা মোৰ কাষলৈ অহাৰ?

সেয়েহে সকলো জানি বুজি

আঁতৰত থাকো আপোনাৰপৰা

মোৰ অবিহনেই যদি আপুনি সুখী

তেন্তে আপোনাক নো কিয় আমনি কৰো

সুখী হওঁক আপুনি মোৰ অবিহনে!!!

                     ✍️ অভিমানী ছোৱালী অনুস্কা

                                    দশম শ্ৰেণী

                          নৱজ্যোতি জাতীয় বিদ্যালয় 

                                চামতা ( নলবাৰী )


 🔴বিশ্ব কবিতা দিৱস 

ছেলিমা বেগম ৷


বিশ্ব কবিতা দিৱসৰ দিনা 

বিশ্বৰ সন্মানীয় কবি সকলক 

জনালোঁ মোৰ ফালৰ পৰা শুভেচ্ছা

শত কোটি প্ৰণাম জনালোঁ মোৰ 

প্ৰিয় কবি গুৰু সকলক 

কবিতাৰ জয় হক বিশ্বভূমণ্ডলত ৷


কবিসকলৰ মনৰ পৰা নিগৰি 

অহা শব্দৰবোৰ কলমৰে লিখি

মনৰ ভাৱবোৰ প্ৰকাশ কৰিলেই

কবিতা এটাৰ সৃষ্টি হয় 

চিকুণ ভাষাখিনি সুন্দৰ ৰূপে 

সজাই পৰাই ললেই কবিতাৰ সৃষ্টি ৷


কবিসকলৰ মনত সদায় 

নতুন নতুন শব্দই খুন্দা মাৰে 

আৰু কলমৰে নিগৰি আহে 

নতুন নতুন কবিতাৰ সৃষ্টি হয় 

কবিসকলৰ মনৰ ভিতৰত

কিছুমান শব্দ আবিৰ্ভাৱ হয় ৷


সেই আবিৰ্ভাৱ খিনি কবিতাৰ 

আকাৰে ৰূপ দি সাহিত্য জগতৰ

মাজত প্ৰচাৰ কৰি দিয়াটো আমাৰ 

প্ৰতিজন কবিৰ মনৰ আশা।



🔴আজি বিশ্ব কবিতাৰ দিন


                বিজুলতা পায়েং

                  গোগামুখ


আজি বিশ্ব কবিতাৰ দিন 

গুঞ্জৰিত হ'ব সহস্ৰজনৰ 

 সৃষ্টিৰ পথাৰত

 ন-ন অনুভৱৰ সৃজনীশীল |

কবিৰ অনুভৱত ভাঁহি উঠিব

কবিতাৰ মাজেৰে 

দুখৰ মাজত সুখৰ লহৰ

বৈ যাব আনন্দৰ চকুলোঁ 

গাই যাব সমাজৰ

 সজাগতাৰ জয়ধ্বনি,

দেশৰ উন্নতিৰ বাবে

জাতিৰ মঙ্গলৰ হ'কে

কবিৰ কাপত নিগৰিব জনতাৰ গান |

ৰাজপথৰ পংকিল পথৰ ক্ৰন্দনে 

ঠন ধৰি উঠিব 

কবিৰ প্ৰাণত |

কবিৰ কবিতাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে

পিতাইৰ পথাৰখন 

সেউজী হৈ পৰে |

আইৰ পদূলিত

তামোলৰ বাৰী আৰু 

থলুৱা শিপিনীৰ নিভাঁজ গোন্ধই

ৰিঙিয়াই মাতে কবিৰ অবুজন মনক |

কবিৰ বাবে কবিতাই হ'ল

 তেওঁৰ জীৱনৰ  আজন্ম প্ৰেমিক

 নিঃসঙ্গ লগৰীৰ অজান পথিক ||



**********************************************



                     কবিতা 

            


কবিতা হ'ল মনৰ অনুভূতিৰ জিৰণি ঠাই,

য'ত কোনো ভেদাভেদ নাই।

কবিতা আমাৰ চাৰিওফালে বিয়পি আছে,

কবিতাৰ শেষ কেতিয়াও নহয়।

কবিতা লিখিবলৈ হ'লে

কেৱল লাগে আমাৰ উপলব্ধি,

কবিতা পঢ়িবলৈ হ'লে

কেৱল লাগে আমাৰ শান্তনিষ্ঠ মন।

তথাপিনো কিয়?

কিয় নিলিখা কবিতা?

কবিতা লিখিবলৈ বা পঢ়িবলৈ

নালাগে টকা-পইচা,

নালাগে ধনী-দুখিয়া,

নালাগে সুখ-দুখ,

নালাগে উচ্চ-নীচ,

কেৱল লাগিব আমাৰ মনৰ ইচ্ছা।

কবিতা এনে এটা বাট.....

য'ত আমাৰ মনৰ বেদনা ক'লেও

কেতিয়াও আঘাত নিদিয়ে,

কেতিয়াও বিশ্বাসঘাতকতা নকৰে।

সেয়ে,

কবিতাক মই আপোন কৰিলোঁ

মনৰ সুখ-দুখ প্ৰকাশ কৰিব ধৰিলো‍ঁ।

কবি হ'বলৈ নহয়

মাথোঁ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ।

কবিতা মোৰ প্ৰিয়

একান্তৰ লগৰী।


                              ✍️ শিল্পী দাস

         ভালুকমাৰী , নগাঁও (অসম)

    বাণিজ্য শাখা, চতুৰ্থ ষান্মাসিক

                তাৰিখ- ১৫-০৩-২০২১


*****************************************


🔴ৰমজান


মাগফিৰাতৰ সৌৰভে ভৰা

মাহে ৰমজান;

মুমিনৰ ইবাদত দেখি

পলাব সব ইবলিছ শয়তান।।


হে মুমিন গণ !

মাহে ৰমজানৰ ছিয়াম সাধনাত

শীঘ্ৰেই মুক্তি লওঁক;

পাচঁ ওৱাক্ত নামাজ, তাৰাবীহ আৰু তাহাজ্জুদ পঢ়ি দোৱা কৰক।।


উপবাস মানেই ৰোজা নহয়

বিজ্ঞজনৰ মতামত;

অন্যায়-অত্যাচাৰ, অহেতুক-বাৰ্তালাপ, অশালীন ব্যৱহাৰ, কুৎসা-ৰটনা, হাই-কাজিয়া,অশ্লীলতা ইত্যাদিৰ পৰা থাকিব আঁতৰত।।


মাহে ৰমজান 

পঢ়ি কোৰান, কৰিলে মোনাজাত

আল্লাহে কবুল কৰে;

লাইলাতুল ৰজনীৰ ভাগ্য নিৰ্ধাৰণ

এইটো মাহতেই পৰে।।


মাহে ৰমজান

ৰহমত, বৰকত, মাগফিৰাত আৰু নাজাতৰ সূচিত নেয়ামত;

জান্নাতৰ দোৱাৰ খুলিবলৈ কৰক

পুণ্য অৰ্জন, অন্যথা যাব লাগিব দোজখত।।


✍️ এহিয়া আহমেদ, বৰথল কছাৰী গাওঁ,মৈৰাবাৰী।

মোবাইল নং- ৮৮৭৬১২৩১২৪


*************************************




⚪️বাউলী ফাগুন


ফাগুনৰ বতাহজাক জোৰকৈ বলিবলৈ ধৰিছে

চাও খিৰিকী খন জপাই দিও!

আজি বহুদিনৰ মূৰত কিবা এটা লিখো বুলি,

বহীৰ পাতবোৰ লুটিয়াই চাও!

দেখো অতীতৰ সেই নিস্তেজ কবিতা"বাউলী ফাগুন“!

ফাগুন কোনো এক শব্দ নহয়!

ই মাথোন বহু হেপাহৰ 

কোমল বায়ু।

বতাহজাকে উৰুৱাই নিয়া যন্ত্ৰণা 

আৰু সহিষ্ণুতা

সুখ আৰু দুখ।

এই সকলোবোৰ এতিয়া ফাগুনি আকাশৰ চিলাৰ সতে.....।

এটি বতাহ আৰু এটি জীৱন!

সঁচাই,ফাগুন কোনো এক শব্দ নহয়!

                  নাম: পংকজ দিহিঙীয়া

                  শ্ৰেণী:একাদশ(বাণিজ্যি)

                  যোগাযোগ         নং:৯৩৬৫১২৫১৪৫

                    ঠিকনা: শিৱসাগৰ (gankpatty)



🔴মাজনিশা এইয়া কাৰ ক্ৰন্দন


মাজনিশা কুকুৰৰ চিঞৰত সাৰ পাই উঠিলোঁ মই,
হঠাতে কাণত বাজি উঠিল কাৰোবাৰ কান্দোনৰ প্ৰতিধ্বনি ।
চাৰিওফালে চকু ফুৰালোঁ ,
নাই, কোনো নাই ইয়াত,
চাকিটো জ্বলাই লৈ বাহিৰলৈ ওলাই গ'লো
আৰু অনুসন্ধান কৰিলোঁ সেই শব্দৰ উৎসটি।

কিন্তু মোৰ সকলো চেষ্টা অথলে গ'ল,
নাপালোঁ কোনো অনুসন্ধান।
নিৰাশ মনেৰে উভতি আহি আকৌ শুবলৈ চেষ্টা কৰিলোঁ,
কিন্তু,এইয়া কি ???
পুনৰ কাণত বাজি উঠিল সেই কৰুণ সুৰটি।

যেতিয়া শব্দটি ভালদৰে শুনিবলৈ চেষ্টা কৰিলোঁ,
তেতিয়া অনুভৱ হ'ল - এইয়া যেন মোৰ বুকু ভেদি বৈ অহা ভগ্ন আত্মাৰ উচুপনি।
মৰহা মনৰ হেৰুওৱা স্বপ্নৰ এইয়া কৰুণ বিননি।
যিয়ে মাজনিশা মোৰ টোপনি হৰে,
মোৰ দেহৰ প্ৰতিটোপাল সজীৱ তেজ শোষণ কৰে ।
সমাজলৈ ই ভয় কৰে,
কিন্তু যেতিয়া নিঃসংগতা মোৰ বন্ধু হৈ পৰে
তেতিয়াই ই শক্তিশালী হৈ উঠে।
মোৰ মন প্ৰাণ কাঢ়ি লৈ যায় ধুৱলী-কুঁৱলীৰে অস্পষ্ট এখনি অচিন ৰাজ্যলৈ ।
য'ত কেৱল ভাঁহি থাকে মৃত দেহ আৰু ভগ্ন আত্মাৰ হিয়া ভগা উচুপনি,
মাজে মাজে বিকট চিঞৰ আৰু কেতিয়াবা দাম্ভিক হাঁহি ।

                      ৰিমাশ্ৰী কোচ-ৰাজবংশী
                      দশম শ্ৰেণী
                      ঢকুৱাখনা

_________________________________________________________


🔵চিৰ সুন্দৰ তুমি


কবি অনিল চন্দ্ৰ বৰ্মণ, শিক্ষক (গণিত বিভাগ)

চিৰ সুন্দৰ তুমি কৃষ্ণ
অতুলনীয় ৰূপ তোমাৰ শৰীৰত
ময়ুৰ পাখি জিলমিল কৰে তোমাৰ উন্নত শিৰত
মুখত তোমাৰ মিঠা হাঁহি
কদমতলীত বহি বজোৱা
প্ৰেমৰ মোহন বাঁহী।

তোমাৰ বাঁহীৰ সুৰে সুৰে
মই নাচো বহু দূৰে দূৰে
কিন্তু নাজানো, মোৰ কপালত
কি আছে লেখা
আজিও পোৱা নাই তোমাক দেখা।

সেয়ে দূৰৰ পৰাই মই তোমাক
জনাওঁ শতকোটি প্ৰণাম
মই তোমাৰ সেৱক
অনিল চন্দ্ৰ বৰ্মণ মোৰ নাম।।

বোৱালগুৰি আদৰ্শ গাঁও
ডাকঘৰ: গা-খজুৱা
জিলা: মৰিগাঁও : অসম
পিন: 782142

____________________________________________


🔵নীলা খামৰ চিঠি


                   প্ৰজেছ দাস

প্রিয় নিলাঞ্জনা আছেনে কুশলে
শীতৰ সৰা পাতৰ ওপৰেদি আহিছা নেকি মোৰ হৃদয়লৈ ?
তুমি আহিছা বুলি গ'ম পাই মোৰ মন
ফাগুণত ফুলা সেই শিমলু জোপাৰ ৰংঙত মতলীয়া হৈ পৰিছে ।
নিলাঞ্জনা তুমি আহিলে মোৰ চাৰিওদিশে বাজি উঠিব গীতৰ সেউজীয়া লহৰ ,

বহাগত শিপিনীৰ হাতৰ পৰশ পাই
মাকুৱে যি'দৰে মাত লগাই
সেই মাতৰ লহৰত ঘূৰি যাব মন
তুমি অহা বাট বিচাৰি ।
নিলাঞ্জনা আছানে কুশলে ?
তুমি চাগৈ আনিছা মোৰ বাবে
বুটা বচা এখনি ফুলাম গামোচা।
হয়তো মই বেছিকৈয়ে অনুভৱ কৰিছো
হৃদয়ৰ সমস্ত আবেগ অনুভূতি
এখনি সেউজীয়া অৰণ্য সাজিবলৈ ।
নিলাঞ্জনা......!


_____________________________________________



 ⚪️নিস্পাপ পক্ষী"


✍️চুমিয়া আকতাৰা
ফোন নং:৯৩৯৫৩৪১৯২৯


পূৱাই উৰি যাওঁ মই
সজাৰ পৰা ওলাই,
আহাৰৰ সন্ধানত মোৰ
গোটেই দিন গুচি যায়।

দিনৰ শেষত উভতি মই
সজাত আহি পৰোঁ,
হাজাৰ ভয় মনত লৈ
ৰাতিটো পাৰ কৰোঁ।

পক্ষী হৈ জন্মিলোঁ মই
এই পৃথিৱীত,
চিকাৰীয়ে চিকাৰ কৰে মোক
এয়াই চাগে প্ৰকৃতিৰ ৰীত।

হাজাৰ অভিযোগ আছে মোৰ
পিছে কাৰ আগত ক'ম?
নিষ্পাপ জীৱন মোৰ
মনত হাজাৰ গম।

দ্বিতীয় বছৰ,মাৰ্চ মাহ,তৃতীয় সংখ্যা

 

⬛️দ্বিতীয় বছৰ,মাৰ্চ মাহ,তৃতীয় সংখ্যা



                                  কবিতা শিতান



🔹নাৰী


নাৰী , শক্তিশালী আৰু স্থিতিস্থাপক
তেওঁলোকৰ আত্মা অভেদ্য
তেওঁলোকৰ ইচ্ছা অনমনীয়।
কান্ধত কঢ়িয়াই লৈ ফুৰে পৃথিৱীৰ ওজন,
কিন্তু তেওঁলোকৰ হৃদয় মুকলি আৰু আত্মা নিৰ্মল হৈ থাকে।

তেওঁলোকৰ সৌন্দৰ্য্য কেৱল ছালৰ গভীৰতা নহয়
ই ভিতৰৰ পৰা নিৰ্গত হয় জিলিকি থকা এক উজ্জ্বলতা।
তেওঁলোকৰ হাঁহি সংক্ৰামক
চকুলো ভৰা
তেওঁলোকৰ উপস্থিতিয়ে শান্তি আনে
তেওঁলোকৰ স্পৰ্শ সান্ত্বনাদায়ক।

মাক, ভগ্নী, কন্যা, পত্নী
তেওঁলোকৰ প্ৰেম নিঃস্বাৰ্থ
তেওঁলোকৰ ত্যাগ মহান।
আমাক অনুপ্ৰাণিত কৰে,
শক্তিশালী কৰে
পথ প্ৰদৰ্শন কৰে
তেওঁলোকৰ প্ৰজ্ঞা কালজয়ী
তেওঁলোকৰ শক্তি অসীম।

প্ৰতিধ্বনি হোৱা কণ্ঠৰে
আৰু প্ৰেৰণাদায়ক মন এটাৰে
আগবাঢ়ে আৰু কেতিয়াও ভাগৰি নপৰে
ভৰিৰ ছাপ এৰে যিটো চিৰদিনৰ বাবে স্থায়ী।

তেওঁলোক যোদ্ধা
সমতাৰ বাবে যুঁজি থকা
বাধা ভাঙি সাত সাগৰ পাৰ হোৱা ক্ষমতা
তেওঁলোকৰ মাত শুনিলে
তেওঁলোকৰ প্ৰভাৱ অনুভৱ হয়।

মানৱতাৰ মেৰুদণ্ড নাৰী
তেওঁলোকৰ অৱদান অসীম
তেওঁলোকৰ মূল্য অমূল্য।
আহা আমি সকলোৱে তেওঁলোকক সন্মান কৰোঁ
কাৰণ তেওঁলোক মহত্ত্বৰ মূৰ্তি।

✍🏼 বুলেন নাথ

___________________________________________________



🔵বসন্ত

আহিল হেঁপাহৰ বসন্ত ঋতুত
গছেপাতে সলালে বৰণ পিন্ধিলে
সেউজীয়া ৰঙৰ চোলা ।
কোমল কোমল কুঁহি পাতে সেউজীয়া বৰণ সানি পৃথিৱীক সেউজীয়া ধৰণীৰ দলিচা
পাৰি বিলাই দিয়ে প্ৰেমৰ সুবাস  ।
ন কুঁহি পাতৰ আৰঁত কুলিটিয়ে বিনাই কু-কু বুলি
কি সুমধুৰ ক্ষণ, মন পৰশা সেউজ পৰিৱেশ ।
ঋতু ৰাজ বসন্তৰ আগমনে দশোদিশে সেউজীয়া বৰণ সানি পৃথিৱীক সেউজ কৰি তুলে।
ঢোলৰ মাতে ৰিঙিয়াই মাতে নাচনীক  ,
পাটৰ সাজে, মূগাৰ সাজে নাচনীৰ
দেহৰ লাহি কাকঁল ভাগে বসন্তৰ সুবাসত ........!
হাতত জেতুকা বৰণ সানি খুপাতে কপৌফুল হাতত গামেখাৰু পিন্ধি নাচে বসন্ত ঋতুৰ তালে তালে ।
উন্মনা যৌৱনে বিচাৰে আপোন জনক বসন্তৰ আগমনত
আশাৰে বাট চাই আছোঁহি হেঁপাহৰ বসন্ত লয় ।।
 
শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

_____________________________________________________


🔵আহিল হেঁপাহৰ বʼহাগ

ফাগুনী পছোৱা জাকে লঠঙা
কৰি যোৱা গছবোৰত সেউজীয়া
ৰঙ সানিব লৈছে হেঁপাহৰ বʼহাগে
কুমলীয়া কুঁহি পাতৰ আৰঁত বহি কুলিটি
জুৰিছে বʼহাগীৰ গীত ।
হেঁপাহৰ বʼহাগী আহিল
লঠঙা গছ লতাই পিন্ধিচে সেউজীয়া চোলা ।
তগৰ,  কেতেকী ,কপৌফুলে
বিলালে বʼহাগৰ বতৰা।
ধোৱাঁচাংৰ ঢোলটি বাজি উঠিল বৰ গছৰ তলত
নাচনী সাঁজি- কাঁচি বʼহাগৰ বিহুক আদৰিছে ।
                    
                   মিন্টু গোৱলা লখিমপুৰ কদম
_________________________________________________________

            
             কুঁৱলী

    আজি বহুদিন হ'ল , কবিতাৰ সেই নীলাৰঙী আঁচলৰ বুকুত সাৱটি ধৰা নাই !
       বহুদিন কোনো কবিতাও লিখা নাই ,,মনৰ মাজত শব্দৰ নিনাদে সমাধিও পতা নাই !
           এতিয়া মাথোন হৃদয়ৰ কাৰেঙত ছানি ধৰিছে কুঁৱলীৰ আৱেসে ,
               মন মন্দিৰৰ কাঞ্চন দূৱৰীত আগুছি ধৰিছে কুঁৱলীৰ আচ্ছাদনে ।
     শীতৰ ঢলপুৱাতে "পোহৰ" আৰু "কুঁৱলী"ৰ কি যে অপূৰ্ব মায়া !
         চকুৰ পলকতে যেন অনুৰাগ বুটলাৰ স্পৃহা ।
           স্বপ্ন দেশত হেঙুলীয়া তেজাল বেলিটিয়ে কুঁৱলী ফালি তাতেই পাৰি দিয়ে ৰঙা ৰিহা ,
              ৰাঙলী হোৱা আকাশখনিৰ বুকুত দেও দি ঘূৰি ফুৰে সাধু কথাৰ আৱেষ্টনীৰ এখন পৃথক ধৰা ।
                 কেতিয়াবা শৈশৱৰ  পদচিহ্ন কুঁৱলীয়ে স্পৰ্শ কৰে নতুন গাঁঠনি ,
                    উপলব্ধি শীত কিন্তু আনন্দৰ নতুন ধ্বনি ।
   তেজাল ডেকা - গাভৰুৰ খোজৰ দ্পদ্পনি ,
      কুঁৱলীৰ মাজত যেন আকৌ হেৰাই যাব প্ৰেমৰ সোঁৱৰণী ।
         বৃদ্ধ দেহৰ হাড় - ছাল আৰু মৃত্যুৰ প্ৰতিপল ,
            "কুঁৱলী" কেতিয়াবা হৈ পৰে অভিশপ্তৰো জীয়া ঢল !
                তথাপি যেন প্ৰকৃতিয়ে ৰাখে নিজৰ অস্তিত্বৰ নিপুন নান্দনিক ৰূপ ,
      জীৱন চক্ৰত কুঁৱলীৰ পৰিভ্ৰমণত সময় আৰু বিশুদ্ধ  পৰিৱেশৰ স্তূপ।
         হাড় কঁপাই যোৱা শীতৰ বতৰত বসুন্ধৰাৰ বুকুত নামি আহে "কুঁৱলী" ,
            বেদনাৰ গাঁথাৰে ভৰা এখনি বগা চাদৰ ল'বহি ঢাকি ।
               ইতিহাসৰ পাতত শব্দই নিচুকাই দি যায় দিগন্ত ভৰালী ,
       এয়াইনে ,,,ৰ'দালীৰ বেষ্টনী ফালি শুভ্ৰ সাজ পৰিহীতা অপৰূপা হৈ অহা মায়াৱী "কুঁৱলী" ।।

________________________________________________________


🔵মোৰ চিকুণ বাট
          ✍️ৰুমী কলিতা দত্ত
                  কেন্দুগুৰি(টিংখং)

কোন সেই চিকুনি বাট
ক'ৰে নো এই অচিন ঘাট
চিনাকি সুৰ এটি বাজিছে
সৰাপাতবোৰে নাচিছে
ফুলিব খুজিছে কপৌ
পিন্ধিব খুজিছে বসন্তৰ সাজ ।

মোৰ পদূলি উদুলি-মুদুলি
কপৌ ফুলিবৰ হ'ল
কুলিৰ বিননিত মোৰ হিয়াখনি
নিশাতে সেমেকি ৰ'ল !

সেউজ দূবৰি
ফাগুন ধূলিয়ৰি
ওপৰে বগলীৰ ছাঁ
ব'হাগৰ বাতৰি
কোনেনো আনিছে
হৃদয়ত লাগিছে ঘাঁ!

মূগাৰ সাজ পিন্ধিলৈ
ওলাবি তই লগৰী
ঢোল-পেঁপাৰ লহৰত
কঁকাল তই ভাঙিবি
মই থাকিম বাটলৈ চাই
বুকুৰ সোণামুৱা
কেতিয়াকৈ আহিব
মোৰ দেখোন
মূগাৰ সাজ নাই।

মৰহা যৌৱন মোৰ
সাজিছোঁ কাচিছোঁ
ব'হাগৰ নতুন সুৰ লৈ
এইবেলি মৰমে মোৰ
হৃদয় নভৰালে
গুছি যাম সিটো ঘাটলৈ।

নাহিবি বসন্ত তই
ভাটিয়ালি গীত গাই
চুলিত ৰূপালী আবিৰ
কোনে দিলে চটিয়াই।

যৌৱন ভটিয়ালেও
মন গাভৰু মোৰ
কলমেৰে কাগজত
আঁকিছোঁ ছবি
আপোন-পৰক
চিনিব পৰা নাই
উশাহো মোৰ
পৰে চোন উফৰি।

________________________________________________________



🔵ফাগুণ জানো এনেকুৱা !

       নৱযানী বৰুৱা শইকীয়া

ধূলিয়াৰী ফাগুন আজি নিশ্চুপ , নিমাত আৰু স্পন্দনহীন।
ধূলিৰ ধূলি কাটি
বতাহত উৰে আজি
তেজ ঘামৰ পানী ধূলি ধূলি ধূলি
আকাশত ধূলি , বতাহত ধূলি বাতৰিৰ শিৰোনামাত ধূলি ।
কোব পৰে স্পছন্দনহীন কলিজাত।
চকুৰ আগতে ভাঙি থান বান হয় সপোন, বৰ্তমান আৰু ভৱিষ্যত।
কোনে কয় ?
"ফাগুনৰ মতলীয়া আকাশত জুই ফুল ফুলে !"
এয়া, ৰঙহীন ফাগুনৰ আকাশত ক্ষোভৰ জুই।
",,,,,, এতিয়া আহিব নকবিচোন !"
কাতৰ অনুৰোধ।
ৰঙা নীলা হালধীয়া ধূলিৰ
মাজে মাজে অট্টাহাস্যৰ শৱদত
ঠন ঠন কৰি খহি পৰা
একবিংশ শতিকাৰ উন্নয়নৰ ফাগুন ।

_________________________________________________________



🔵চ'তৰ মিঠা আবেলি

সেন্দুৰবুলীয়া  চ'তৰ আবেলি
নয়নে বুকুৰ ৰং সানে
বসন্তৰ বতৰতে আপোন ঠিকনা বিচাৰি
আচোঁৰত বন-কুলি কেতেকীৰ  মিঠা  মাত। 

ক'ত জনে নিজহাতে
দিগ-বাণীৰ ফুলৰ চানেকিৰে
মনৰ জোখাৰে সাঁচি থব মৰমৰ গামোচা
এই বাটে কপৌ পাহি ফুলি উঠিব জকমকাই ।

আখৰাত ঢোল , পেঁপা , গগণাৰ মাতত
নাচি -বাগি আহিব বৰদৈচিলা
নাচনীয়ে কঁকাল ঘোৰাই নাচিব
বহাগ অহালৈ বাটেচাই  ।

ন কুঁহিপাত  চকু মেলে নৱপত্ৰিকাই
সাচতীয়া মনটি সময়কে বাটেচাই
আটি আটি বান্ধি থোৱা
অবুজ ভাৱনাৰ জোনাকৰ জুই ।

       ✍️ যমুনা দুলু বৈশ্য
              শুৱালকুছি
_________________________________________________________



🔵চিয়াঁহী
            দিপ্তী মনি গোস্বামী
            লখিমপুৰ (লালুক)
            ৬০০১৫৭৪৫০৭

মোৰ আজন্ম প্ৰেমিক তই
ৰঙা নীলা ক'লা বাৰেবৰণীয়া
মোৰ মানৱী জীৱন কালৰ
এধানি সুখৰ সঁফুৰা।

তোৰ সমীৰৰ আবেশতেই
মোৰ অনুভৱে দু-পাখি মেলি উৰে
তোৰ কান্ধৰ সাহসতেই
সাঁতুৰি -নাদুৰি ফুৰে।

তোৰ প্ৰেম পৰশনৰ হেঁপাহতেই
দুভাগ নিশাৰ শেতেলীত
উজাগৰি টোপনি সাৱটি লওঁ
ঢপলিয়াই গৈ পৰ্বতৰ টিং পাওঁ।

প্ৰতি দিন প্ৰতি ৰাতি নিজানত
একান্ত নিবিড় আলিংগন তোৰ আৰু মোৰ
আমাৰ প্ৰেম পৰশনত গজালি মেলে
অনুভৱ অনুভূতিৰ অণু পৰমাণুবোৰ।

তোৰ মোৰ মিলনৰ সাক্ষী
জিলিকি আছে বগা কাগজৰ পৃষ্ঠা ব্যাপি
ম্ই নাথাকিলেও থাকিবি তই
আমাৰ মিলনৰ চানেকিবোৰ লৈ।

_________________________________________________________


⚪️ নষ্টালজিয়া


জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাহ
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া,
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰাণ সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।

✍️ এহিয়া আহমেদ, মৈৰাবাৰী
    ফোন নং- ৮৮৭৬১২৩১২৪

_________________________________________________________


🔵আধা ফুলা কলিটি

মোৰ হৃদয় বাগিচাৰ
এটি সৰু কলি ,
ৰঙা - গোলপীয়া , বৰ আলসুৱা ।
ফুলো কি নুফুলোকৈ
মেলো কি নেমেলোকৈ
তাৰ কোমল পাহি ,
লাজৰ নূপুৰ পিন্ধা ।
আলফুলীয়া মনৰ পদূলিত
ফুলি থকা কলিটি ,
তুমি হাত নেমেলিবা !
নোচোবা তাৰ কোমল পাহি ,
এই যেন সৰি পৰিব কবিতাৰ ৰহণ সানি ।

________________________________________________________

🔴ফাগুনীৰ বিয়া

ফাগুনৰ পুৱাতে খিৰিকীৰ কাষতে  ।
দেখিলোঁ তোমাৰ ছবিখন যে ইয়াতে। ।

মদাৰ ,পলাশ, শিমলু যে স্বাগতম ।
ধৰণীখন জাকজমক যে কৰিম।।

পাখি লগা মন  মতলীয়া  উৰি ফুৰে ।
ফাগুনৰ সৌন্দৰ্য্যত মন  মোৰ উৰে। ।

ফাল্গুণীৰ বিয়া যে পলাশৰ লগত ।
দুয়োৰো বিয়া যে জগতৰ নিয়মত। ।

ৰভা মণ্ডপখন  ধৰণীৰ তলত।
কন্যা  বহিব সৰা পাতৰ ওপৰত ।।

ভোমোৰা আহিব গুণগুণাই  গাবলৈ ।
মৌ মাখি আহিব যে বিয়াৰ মিঠাই লৈ। ।

মদাৰ ফুল আহিব ৰঙা শাৰী পিন্ধি ।
চজিনা ফুল আহিব বগা শাৰী পিন্ধি ।।

পচোৱা বতাহ যে আহিব নাচি নাচি ।
কমোৱা তুলা লৈ যে বিয়াত সাজি -কাঁচি ।।

উত্তৰ পৰা দক্ষিণলৈ বলা পচোৱা ।
উৰুৱাই নিব  যে কন্যা জনীক চোৱা ।।

  বৰদৈচিলা আহিব কন্যাক নিবলৈ ।
সকলো তচনচ কৰি যাব  কন্যা লৈ। ।

ছেলিমা বেগম
জিলা নগাঁও।
গাঁও মেলেকাধিং
ডাকঘৰ বলিকটীয়া

_________________________________________________________


🔴লিমাৰিক

                ছেলিমা বেগম
               জিলা নগাঁও

(১)
চ'তৰ খৰাং গছ -লতাৰ বিননি,
পানী পানী হায় বৰ্ষা ঋতু দিয়া আনি ।
এজাক বৰষুণ দিয়া,
চকু পানী মুচি নিয়া,
পৃথিৱীৰ বুকুখন সেউজীয়া আনি ।

           (  ২)

চ'তে গৈ গৈ ব'হাগৰ বাতৰি আনিলে,
এই বাৰ বহাগতে গাবলৈ আহিলে।
কুলি কুউ কুউ বুলি,
কেতেকী গাব উথলি।
ডেকা গাভৰুৱে বিহু তলিত আহিলে ।
       (  ৩)
এবেলি বহাগতে কৰিবি লটি -ঘটি ,
পিঠিত বান্ধি লবি যেন বস্তা একোটি ।
এ কাৰ কথা কৈছে হে,
নিবি যে পলুৱাই হে।
তোক নিব নোৱাৰিলে মৰি যাম চেনী  ।

_________________________________________________________



🔵তথাপি তুমি

                      ✍️ৰুম্পী দাস                       
                          ভালুকমাৰী ৰাণীপুখুৰী,হোজাই

মোৰ বুকুৰ কান্দোন ,
তুমি আজিও বুজি পোৱা নাই ?
যান্ত্ৰিক পৃথিৱীখনত
আজিও যন্ত্ৰৰ দৰে
কম্পনেৰে চলি আছোঁ ।
তুমি নাজানা নে ?
এই সুন্দৰ শৰীৰত ...
এদিন মৰীচিকাই ,
চুমি ধৰিব ।
কাঁইটীয়া জীৱন হলেও ,
বহু সৌন্দৰ্য্যময় ।
আকৌ কাঁইটীয়া বাটেৰে
সহস্ৰ সুখ-দুখ পাহৰি
গুচি যাম ।
তুমি জানো আজীৱন থাকিবা ,
থাকিবলৈ অজস্ৰ শান্তি বিচাৰিছা ?
ন'হলে কিয় ইমান গৌৰৱ ...?
নিজৰ ৰূপৰ সামান্য
সৌন্দৰ্য্যৰ প্ৰতি ।
মই মাথোঁ অলপ
স্বাৰ্থবিহীন উন্মুক্ত প্ৰেম ,
বিচাৰিছিলোঁ তোমাৰ কাষত ।
পোৱা নাই তোমাৰ ,
সেই পূৰ্ণ হাতখন ।
আজি আঁউসীৰ এন্ধাৰত ,
মোৰ বুকুৰ হাহাকাৰ
নিৰৱে জ্বলি জ্বলি
ছাঁইত পৰিণত হৈছে ।
আজিও তুমি
ওভতি আহিলে ...
মই তোমাৰ দুখ-সুখৰ
সমভাগী হ'ম ।
শুব নোৱাৰিলোঁ
এৰাতিও শান্তিৰ নিদ্ৰাত ।
মইতো এদিন এৰি গুচি যাম
মায়া-মোহ ত্যাগ কৰি ।
তুমি থাকিবা জানো আজীৱন ?
অপেক্ষা কৰি ভাল লাগে
তোমাৰ আগমনৰ ।
তুমি জানো আহিবা ,
কোৱা না এবাৰ ?
ৰ'দক ভাল নাপাওঁ
আজিকালি এন্ধাৰ বৰ প্ৰিয় ,
এন্ধাৰতেই বহি মই
তোমাৰ কথাকে ভাবো ।
সঁচাকৈ তুমি ভালে আছা নে ,
কোৱা না এবাৰ ?

_________________________________________________________



🔵অসম দেশৰ অনুপম কথা


অসম দেশৰ অনুপম কথা
শুনিয়েই লাগে বৰ মজা,
শংকৰদেৱৰ জন্মস্থান
বৰদোৱা ইয়াৰ পুণ্যধাম ।
ঢোলৰ চাপৰত, গীতৰ লহৰত
কুলিৰ বিনন্দীয়া মাত,
এই প্ৰকৃতিৰ মনোমোহা ধেমালিয়ে
হিয়া মোৰ কৰিলে শাতঁ ।
আহোম, কাৰ্বি, তিৱা, কছাৰী
গাৰো, দেউৰী,মটক আৰু বড়ো,
সকলো জাতি-জনগোষ্ঠী মিলি
একএিত অসম গঢ়ো ।
অসম ভূমিৰ লীলা
দুটি শব্দত বুজোৱাটোৱেই টান,
অসম দেশৰ সন্তান আমি
ৰাখিম দেশৰ মান ।

✍️ মোস্তাকিন শ্বেখ
অষ্টম 'খ'শাখা
নগাঁও চৰকাৰী উ মা বালক বিদ্যালয়,

_______________________________________________________



🔴সুখ


সুখৰ পিছত নদৌৰিবা বন্ধু
দুহাতৰ মুঠি খুলি দেখিবা
বুকুভৰা শূণ্যতা।
জন্মৰ পিছৰ পৰা উপলব্ধি কৰিব পৰা হোৱাৰ  লগে লগে সুখ বিচাৰি হাহাকাৰ কৰে মানৱজীৱনে। কেঁচুৱাই ভোক পিয়াহ লাগিলে মাকক ওচৰত নাপালেই কন্দিবলৈ আৰম্ভ কৰে। বিচৰা বস্তু এটা পোৱা যায়, তাৰমানে সুখী হোৱা। কিন্তু এই সুখৰ অনুভূতিটো ক্ষন্তেকিয়া। অথচ সুখৰ ক্ষন্তেকীয়া অনুভূতিৰ মোহ  এৰিব নোৱাৰি মৃত্যু পযন্ত দৌৰি ফুৰে সুখৰ পাছত। প্রকৃততে কি পালে মানুহ সুখী হৈ তাকেই বুজিব নোৱাৰে আৰু তাতেই মানৱ জীৱনৰ আটাইতকৈ বেছি কৰুণ যন্ত্ৰণা।

                     দৃলীনা দাস
                            তিনিচুকীয়া

_________________________________________________________


🔴মোৰ পৰিচয়



✍️চুমিয়া আকতাৰা

পৰিস্থিতি বিস্ময়,
জীৱন মোৰ স্বপ্নময়,
মন আশাবাদী,
কেনেকৈ গঢ়িম
নিজৰ পৰিচয়?
নাই ....
নালাগে মোক চাকৰি,
নালাগে মোক ধন,
মোৰ কৰ্মৰ যোগেদি
সকলোৰে মই
জয় কৰিব বিচাৰো মন।
নাই......
নালাগে মোক স্বীকৃতি বটা,
নিবিচাৰো মানপত্ৰ মই,
মাথো বিচাৰো...
মৃত্যুৰ পিছতো যাতে
সকলোৰে মোৰ নাম মনত ৰয়।
মই নাথাকিলেও যাতে
নাপাহৰে কোনেও মোৰ পৰিচয়।

_________________________________________________________



🔵অপেক্ষা


কেতিয়াবা দূৰণিৰ পাহাৰখন
দুৰৰ পৰা চাই ভাল লগাৰ
অভ্যাস এটা হৈ যায়
তেতিয়া হয়তো ওচৰত যায় চাব
মনেই নোহোৱা হয়।
এই যে পূৰ্ণিমাৰ জোনটো
দুৰৰ পৰা চায়ে
ইমান ভাল লগা হৈ পৰিল
এতিয়া ওচৰত যোৱাৰ
হেপাহটো হেৰাই গ'ল।
আপোনাকো সদায় দুৰৰ পৰা চোৱাৰ
অভ্যাস হৈ যোৱাৰ পাছত
এতিয়া যেন আপোনাৰ কাষ চাপিব
ভাল নলগা হ'ল।
এনেকুৱা নহয় হে এতিয়া আপোনাক
ভাল নাপাওঁ,
কিন্তু নিজৰ কৰাৰ আশাবোৰ
কৰবাত মৰহি গ'ল।
অনুভৱ বোৰ সেই আগৰ দৰেই আছে
মাথোঁ অনুভৱৰো অপেক্ষা কৰি কৰি
অপেক্ষাৰত হৈ থাকিব ভাল লগা হ'ল।
                      ✍️ অভিমানী ছোৱালী অনুস্কা
                                      দশম শ্ৰেণী
                           নৱজ্যোতি জাতীয় বিদ্যালয়
                              চামতা ( নলবাৰী )
_________________________________________________________


🔹মই এজন পথভ্ৰষ্ট পথিক



অনুভৱৰ সিপাৰেই মোৰ দেশ ,
তুমি জানো আহি পাইছা কেতিয়াবা?
নালাগে আহিব তুমি , নোৱাৰিবা ,
মোৰ এই শুকান মৰুভূমিত জীৱন কটাবলৈ ,
কণ্টক বনেৰে পৰিপূৰ্ণ এই মৰুভূমিত সহ্য কৰিব নোৱাৰিবা তুমি অত্যন্ত গৰম আৰু ঠাণ্ডা ।

মোৰো ইয়াত থাকিবলৈ একেবাৰে মন নাই ,জানা
কিন্তু উপায় নাই অঃ ,
মই যে এজন পথভ্ৰষ্ট পথিক ।

এই বিশাল মৰুভূমিৰ মাজত ঘূৰি ফুৰোঁ মৰীচিকাৰ পম খেদি,
নাই কোনো মোৰ সহযাত্ৰী।
নিঃসংগ, নিৰ্জন আৰু নিৰৱেই মোৰ একমাত্ৰ সংগী ।

দূৰৈৰ পৰা ৰঙা গোলাপ দেখি আহিছিলোঁ দৌৰি এপাহ ছিঙিম বুলি ,
কিন্তু মায়াবী মৰুভূমিত আহি দেখোঁ নাই কোনো গোলাপৰ পাহি ।
এইয়া আছিল কেৱল মৰীচিকাৰ ধেমালি।

কেতিয়াবা চিঞৰি চিঞৰি কান্দো,
কিন্তু নাই মোৰ কোনো দিবলৈ সহাঁৰি।
সদায় বুকুত এটি আশা বান্ধি লৈ ফুৰোঁ ,
যে মইয়ো পাম মোৰ পথৰ সন্ধানটি।

সজাম জীৱনটোক নতুন ৰঙেৰে,
তাতে আঁকিম ছবি তোমাৰ আৰু মোৰে ।

মই যে এজন পথভ্ৰষ্ট পথিক...

                  ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
                                        দশম শ্ৰেণী
                                        ঢকুৱাখনা
_________________________________________________________


🔹জীৱনৰ ঠিকনা


জীৱনৰ ঠিকনাটো হঠাৎ
হেৰাব ধৰিছে
এখন ৰহস্যময়ী জালে জীৱনটো
মেৰিয়াই পেলাইছে ।
জীৱন যুঁজত আছে মুক্তিপণ
ক্ৰমাৎ সলনি হৈছে জীৱনৰ গতিপথ
অক্লান্ত বেদনাত ডুবিব ধৰা
জীৱনৰ কৰুণ বিননী
নিষ্ঠুৰ সময়ে কৰিলে সকলো সলনি ।

             ✍️ কাকলি দত্ত
            দশম শ্ৰেণী
ধেমাজি(মাছখোৱা)
_________________________________________________________


🔵আশাৰ প্ৰতিশ্ৰুতি



ফাগুন তুমি
নোহোৱা উন্মনা
নোহোৱা দুষ্ট
নোহোৱা বাউলী।
তুমি সৰাপাতৰ
উচুপনিও নোহোৱা।
তুমি মাথোঁ
লঠঙা গছক
কুঁহিপাত মেলি
সেউজ সুন্দৰ,
ৰঙীণ কৰাৰ
আশাৰ প্ৰতিশ্ৰুতি।
তুমিয়েই
আকাশ ৰাঙলী কৰি
পলাশ মদাৰৰ
আঁচল উৰুৱাই নিয়া
মিঠা হাঁহি।
তুমিয়েই
লাজুক লাজুক চাৱনিৰে
গালে মুখে আবিৰৰ ৰং সনা
মনপ্ৰাণ উতলা কৰা
এমুঠি মিঠা জোনাক।
তুমিয়েই
কুলি ,কেতেকীৰ
মিঠা মাতৰ
বসন্তৰ আগমনি।
তোমাৰ আগমনিত
ধৰিত্ৰী জীপাল হয়।
ৰিবৰিব মলয়াই
মনপ্ৰাণ উতলা কৰে
ডেকা গাভৰুৰ
প্ৰেমৰ স্পন্দন।
ফাগুন তুমিতো
নোহোৱা উন্মনা
নোহোৱা বাউলী
তুমি মাথোঁ,
প্ৰকৃতি সেউজীয়া কৰাৰ
আশাৰ প্ৰতিশ্ৰুতি।

✍️মেঘালী বৰা
হেঙেৰাবাৰী, গুৱাহাটী।
________________________________________________________



🔵এজাক বৰষুণৰ আশাত


ফাগুনৰ মাহতে ফাল্গুনীয়ে সকলোতে ,
পিয়াহ আনি দিলে অন্ঠ কন্ঠ শুকাই
অপেক্ষাত ৰৈ আছে বৃক্ষ বিৰিণা ।
এজাক বৰষুণৰ আশাত শুকান
পথাৰখন সেউজীয়া কৰিবলৈ
আশাৰে বাট চাই আছে বৰ্ষাৰ পানী বাবে।
এজাক বৰষুণৰ পানী পাই শুকান
ঘাঁহনি বননি নতুন জীৱন ধাৰণ কৰি
পৃথিৱীখন সেউজীয়া কৰি অক্সিজেন
যোগান ধৰি পৰিৱেশ সুৰক্ষা কৰি ৰাখিবলৈ ।
বৰ্ষা ঋতুত  আহি পিয়া আতঁৰাই ধৰণীৰ
বুকুখন নতুন কুঁহি পাতেৰে নতুন পিন্ধি
ন কন্যা সাজি মুক্ত মনেৰে মুক্ত
আকাশৰ তলত গৰ্ভধাৰণ কৰি বংশ
বৃদ্ধি কৰি পৃথিৱীৰ সমস্ত অংশৰ
ওপৰত চটিয়াই দিবলৈ ।
এজাক বৰষুণ আহিল শুকান
লতায়ে যেন পালে জলধাৰ যেনেকৈ
শকুন্তলা পাইছিল নিজৰ হেৰুৱা
স্বামী পাই, ৰজাক হেৰুৱাই শকুন্তলাৰ
অন্তৰে বিচাৰি নোপোৱাত চ'তৰ খৰানত
যেনেকৈ গছ -লতা পানী নোহোৱাকৈ
শুকাই যায় তেনেকৈ শুকাই গৈছিল।

✍️ছেলিমা বেগম।
জিলা নগাঁও
গাওঁ মেটেকা ধিং

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...