Showing posts with label তৃতীয় সংখ্যা. Show all posts
Showing posts with label তৃতীয় সংখ্যা. Show all posts

Tuesday, March 21, 2023

দ্বিতীয় বছৰ,মাৰ্চ মাহ,তৃতীয় সংখ্যা

 

⬛️দ্বিতীয় বছৰ,মাৰ্চ মাহ,তৃতীয় সংখ্যা



                                  কবিতা শিতান



🔹নাৰী


নাৰী , শক্তিশালী আৰু স্থিতিস্থাপক
তেওঁলোকৰ আত্মা অভেদ্য
তেওঁলোকৰ ইচ্ছা অনমনীয়।
কান্ধত কঢ়িয়াই লৈ ফুৰে পৃথিৱীৰ ওজন,
কিন্তু তেওঁলোকৰ হৃদয় মুকলি আৰু আত্মা নিৰ্মল হৈ থাকে।

তেওঁলোকৰ সৌন্দৰ্য্য কেৱল ছালৰ গভীৰতা নহয়
ই ভিতৰৰ পৰা নিৰ্গত হয় জিলিকি থকা এক উজ্জ্বলতা।
তেওঁলোকৰ হাঁহি সংক্ৰামক
চকুলো ভৰা
তেওঁলোকৰ উপস্থিতিয়ে শান্তি আনে
তেওঁলোকৰ স্পৰ্শ সান্ত্বনাদায়ক।

মাক, ভগ্নী, কন্যা, পত্নী
তেওঁলোকৰ প্ৰেম নিঃস্বাৰ্থ
তেওঁলোকৰ ত্যাগ মহান।
আমাক অনুপ্ৰাণিত কৰে,
শক্তিশালী কৰে
পথ প্ৰদৰ্শন কৰে
তেওঁলোকৰ প্ৰজ্ঞা কালজয়ী
তেওঁলোকৰ শক্তি অসীম।

প্ৰতিধ্বনি হোৱা কণ্ঠৰে
আৰু প্ৰেৰণাদায়ক মন এটাৰে
আগবাঢ়ে আৰু কেতিয়াও ভাগৰি নপৰে
ভৰিৰ ছাপ এৰে যিটো চিৰদিনৰ বাবে স্থায়ী।

তেওঁলোক যোদ্ধা
সমতাৰ বাবে যুঁজি থকা
বাধা ভাঙি সাত সাগৰ পাৰ হোৱা ক্ষমতা
তেওঁলোকৰ মাত শুনিলে
তেওঁলোকৰ প্ৰভাৱ অনুভৱ হয়।

মানৱতাৰ মেৰুদণ্ড নাৰী
তেওঁলোকৰ অৱদান অসীম
তেওঁলোকৰ মূল্য অমূল্য।
আহা আমি সকলোৱে তেওঁলোকক সন্মান কৰোঁ
কাৰণ তেওঁলোক মহত্ত্বৰ মূৰ্তি।

✍🏼 বুলেন নাথ

___________________________________________________



🔵বসন্ত

আহিল হেঁপাহৰ বসন্ত ঋতুত
গছেপাতে সলালে বৰণ পিন্ধিলে
সেউজীয়া ৰঙৰ চোলা ।
কোমল কোমল কুঁহি পাতে সেউজীয়া বৰণ সানি পৃথিৱীক সেউজীয়া ধৰণীৰ দলিচা
পাৰি বিলাই দিয়ে প্ৰেমৰ সুবাস  ।
ন কুঁহি পাতৰ আৰঁত কুলিটিয়ে বিনাই কু-কু বুলি
কি সুমধুৰ ক্ষণ, মন পৰশা সেউজ পৰিৱেশ ।
ঋতু ৰাজ বসন্তৰ আগমনে দশোদিশে সেউজীয়া বৰণ সানি পৃথিৱীক সেউজ কৰি তুলে।
ঢোলৰ মাতে ৰিঙিয়াই মাতে নাচনীক  ,
পাটৰ সাজে, মূগাৰ সাজে নাচনীৰ
দেহৰ লাহি কাকঁল ভাগে বসন্তৰ সুবাসত ........!
হাতত জেতুকা বৰণ সানি খুপাতে কপৌফুল হাতত গামেখাৰু পিন্ধি নাচে বসন্ত ঋতুৰ তালে তালে ।
উন্মনা যৌৱনে বিচাৰে আপোন জনক বসন্তৰ আগমনত
আশাৰে বাট চাই আছোঁহি হেঁপাহৰ বসন্ত লয় ।।
 
শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

_____________________________________________________


🔵আহিল হেঁপাহৰ বʼহাগ

ফাগুনী পছোৱা জাকে লঠঙা
কৰি যোৱা গছবোৰত সেউজীয়া
ৰঙ সানিব লৈছে হেঁপাহৰ বʼহাগে
কুমলীয়া কুঁহি পাতৰ আৰঁত বহি কুলিটি
জুৰিছে বʼহাগীৰ গীত ।
হেঁপাহৰ বʼহাগী আহিল
লঠঙা গছ লতাই পিন্ধিচে সেউজীয়া চোলা ।
তগৰ,  কেতেকী ,কপৌফুলে
বিলালে বʼহাগৰ বতৰা।
ধোৱাঁচাংৰ ঢোলটি বাজি উঠিল বৰ গছৰ তলত
নাচনী সাঁজি- কাঁচি বʼহাগৰ বিহুক আদৰিছে ।
                    
                   মিন্টু গোৱলা লখিমপুৰ কদম
_________________________________________________________

            
             কুঁৱলী

    আজি বহুদিন হ'ল , কবিতাৰ সেই নীলাৰঙী আঁচলৰ বুকুত সাৱটি ধৰা নাই !
       বহুদিন কোনো কবিতাও লিখা নাই ,,মনৰ মাজত শব্দৰ নিনাদে সমাধিও পতা নাই !
           এতিয়া মাথোন হৃদয়ৰ কাৰেঙত ছানি ধৰিছে কুঁৱলীৰ আৱেসে ,
               মন মন্দিৰৰ কাঞ্চন দূৱৰীত আগুছি ধৰিছে কুঁৱলীৰ আচ্ছাদনে ।
     শীতৰ ঢলপুৱাতে "পোহৰ" আৰু "কুঁৱলী"ৰ কি যে অপূৰ্ব মায়া !
         চকুৰ পলকতে যেন অনুৰাগ বুটলাৰ স্পৃহা ।
           স্বপ্ন দেশত হেঙুলীয়া তেজাল বেলিটিয়ে কুঁৱলী ফালি তাতেই পাৰি দিয়ে ৰঙা ৰিহা ,
              ৰাঙলী হোৱা আকাশখনিৰ বুকুত দেও দি ঘূৰি ফুৰে সাধু কথাৰ আৱেষ্টনীৰ এখন পৃথক ধৰা ।
                 কেতিয়াবা শৈশৱৰ  পদচিহ্ন কুঁৱলীয়ে স্পৰ্শ কৰে নতুন গাঁঠনি ,
                    উপলব্ধি শীত কিন্তু আনন্দৰ নতুন ধ্বনি ।
   তেজাল ডেকা - গাভৰুৰ খোজৰ দ্পদ্পনি ,
      কুঁৱলীৰ মাজত যেন আকৌ হেৰাই যাব প্ৰেমৰ সোঁৱৰণী ।
         বৃদ্ধ দেহৰ হাড় - ছাল আৰু মৃত্যুৰ প্ৰতিপল ,
            "কুঁৱলী" কেতিয়াবা হৈ পৰে অভিশপ্তৰো জীয়া ঢল !
                তথাপি যেন প্ৰকৃতিয়ে ৰাখে নিজৰ অস্তিত্বৰ নিপুন নান্দনিক ৰূপ ,
      জীৱন চক্ৰত কুঁৱলীৰ পৰিভ্ৰমণত সময় আৰু বিশুদ্ধ  পৰিৱেশৰ স্তূপ।
         হাড় কঁপাই যোৱা শীতৰ বতৰত বসুন্ধৰাৰ বুকুত নামি আহে "কুঁৱলী" ,
            বেদনাৰ গাঁথাৰে ভৰা এখনি বগা চাদৰ ল'বহি ঢাকি ।
               ইতিহাসৰ পাতত শব্দই নিচুকাই দি যায় দিগন্ত ভৰালী ,
       এয়াইনে ,,,ৰ'দালীৰ বেষ্টনী ফালি শুভ্ৰ সাজ পৰিহীতা অপৰূপা হৈ অহা মায়াৱী "কুঁৱলী" ।।

________________________________________________________


🔵মোৰ চিকুণ বাট
          ✍️ৰুমী কলিতা দত্ত
                  কেন্দুগুৰি(টিংখং)

কোন সেই চিকুনি বাট
ক'ৰে নো এই অচিন ঘাট
চিনাকি সুৰ এটি বাজিছে
সৰাপাতবোৰে নাচিছে
ফুলিব খুজিছে কপৌ
পিন্ধিব খুজিছে বসন্তৰ সাজ ।

মোৰ পদূলি উদুলি-মুদুলি
কপৌ ফুলিবৰ হ'ল
কুলিৰ বিননিত মোৰ হিয়াখনি
নিশাতে সেমেকি ৰ'ল !

সেউজ দূবৰি
ফাগুন ধূলিয়ৰি
ওপৰে বগলীৰ ছাঁ
ব'হাগৰ বাতৰি
কোনেনো আনিছে
হৃদয়ত লাগিছে ঘাঁ!

মূগাৰ সাজ পিন্ধিলৈ
ওলাবি তই লগৰী
ঢোল-পেঁপাৰ লহৰত
কঁকাল তই ভাঙিবি
মই থাকিম বাটলৈ চাই
বুকুৰ সোণামুৱা
কেতিয়াকৈ আহিব
মোৰ দেখোন
মূগাৰ সাজ নাই।

মৰহা যৌৱন মোৰ
সাজিছোঁ কাচিছোঁ
ব'হাগৰ নতুন সুৰ লৈ
এইবেলি মৰমে মোৰ
হৃদয় নভৰালে
গুছি যাম সিটো ঘাটলৈ।

নাহিবি বসন্ত তই
ভাটিয়ালি গীত গাই
চুলিত ৰূপালী আবিৰ
কোনে দিলে চটিয়াই।

যৌৱন ভটিয়ালেও
মন গাভৰু মোৰ
কলমেৰে কাগজত
আঁকিছোঁ ছবি
আপোন-পৰক
চিনিব পৰা নাই
উশাহো মোৰ
পৰে চোন উফৰি।

________________________________________________________



🔵ফাগুণ জানো এনেকুৱা !

       নৱযানী বৰুৱা শইকীয়া

ধূলিয়াৰী ফাগুন আজি নিশ্চুপ , নিমাত আৰু স্পন্দনহীন।
ধূলিৰ ধূলি কাটি
বতাহত উৰে আজি
তেজ ঘামৰ পানী ধূলি ধূলি ধূলি
আকাশত ধূলি , বতাহত ধূলি বাতৰিৰ শিৰোনামাত ধূলি ।
কোব পৰে স্পছন্দনহীন কলিজাত।
চকুৰ আগতে ভাঙি থান বান হয় সপোন, বৰ্তমান আৰু ভৱিষ্যত।
কোনে কয় ?
"ফাগুনৰ মতলীয়া আকাশত জুই ফুল ফুলে !"
এয়া, ৰঙহীন ফাগুনৰ আকাশত ক্ষোভৰ জুই।
",,,,,, এতিয়া আহিব নকবিচোন !"
কাতৰ অনুৰোধ।
ৰঙা নীলা হালধীয়া ধূলিৰ
মাজে মাজে অট্টাহাস্যৰ শৱদত
ঠন ঠন কৰি খহি পৰা
একবিংশ শতিকাৰ উন্নয়নৰ ফাগুন ।

_________________________________________________________



🔵চ'তৰ মিঠা আবেলি

সেন্দুৰবুলীয়া  চ'তৰ আবেলি
নয়নে বুকুৰ ৰং সানে
বসন্তৰ বতৰতে আপোন ঠিকনা বিচাৰি
আচোঁৰত বন-কুলি কেতেকীৰ  মিঠা  মাত। 

ক'ত জনে নিজহাতে
দিগ-বাণীৰ ফুলৰ চানেকিৰে
মনৰ জোখাৰে সাঁচি থব মৰমৰ গামোচা
এই বাটে কপৌ পাহি ফুলি উঠিব জকমকাই ।

আখৰাত ঢোল , পেঁপা , গগণাৰ মাতত
নাচি -বাগি আহিব বৰদৈচিলা
নাচনীয়ে কঁকাল ঘোৰাই নাচিব
বহাগ অহালৈ বাটেচাই  ।

ন কুঁহিপাত  চকু মেলে নৱপত্ৰিকাই
সাচতীয়া মনটি সময়কে বাটেচাই
আটি আটি বান্ধি থোৱা
অবুজ ভাৱনাৰ জোনাকৰ জুই ।

       ✍️ যমুনা দুলু বৈশ্য
              শুৱালকুছি
_________________________________________________________



🔵চিয়াঁহী
            দিপ্তী মনি গোস্বামী
            লখিমপুৰ (লালুক)
            ৬০০১৫৭৪৫০৭

মোৰ আজন্ম প্ৰেমিক তই
ৰঙা নীলা ক'লা বাৰেবৰণীয়া
মোৰ মানৱী জীৱন কালৰ
এধানি সুখৰ সঁফুৰা।

তোৰ সমীৰৰ আবেশতেই
মোৰ অনুভৱে দু-পাখি মেলি উৰে
তোৰ কান্ধৰ সাহসতেই
সাঁতুৰি -নাদুৰি ফুৰে।

তোৰ প্ৰেম পৰশনৰ হেঁপাহতেই
দুভাগ নিশাৰ শেতেলীত
উজাগৰি টোপনি সাৱটি লওঁ
ঢপলিয়াই গৈ পৰ্বতৰ টিং পাওঁ।

প্ৰতি দিন প্ৰতি ৰাতি নিজানত
একান্ত নিবিড় আলিংগন তোৰ আৰু মোৰ
আমাৰ প্ৰেম পৰশনত গজালি মেলে
অনুভৱ অনুভূতিৰ অণু পৰমাণুবোৰ।

তোৰ মোৰ মিলনৰ সাক্ষী
জিলিকি আছে বগা কাগজৰ পৃষ্ঠা ব্যাপি
ম্ই নাথাকিলেও থাকিবি তই
আমাৰ মিলনৰ চানেকিবোৰ লৈ।

_________________________________________________________


⚪️ নষ্টালজিয়া


জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাহ
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া,
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰাণ সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।

✍️ এহিয়া আহমেদ, মৈৰাবাৰী
    ফোন নং- ৮৮৭৬১২৩১২৪

_________________________________________________________


🔵আধা ফুলা কলিটি

মোৰ হৃদয় বাগিচাৰ
এটি সৰু কলি ,
ৰঙা - গোলপীয়া , বৰ আলসুৱা ।
ফুলো কি নুফুলোকৈ
মেলো কি নেমেলোকৈ
তাৰ কোমল পাহি ,
লাজৰ নূপুৰ পিন্ধা ।
আলফুলীয়া মনৰ পদূলিত
ফুলি থকা কলিটি ,
তুমি হাত নেমেলিবা !
নোচোবা তাৰ কোমল পাহি ,
এই যেন সৰি পৰিব কবিতাৰ ৰহণ সানি ।

________________________________________________________

🔴ফাগুনীৰ বিয়া

ফাগুনৰ পুৱাতে খিৰিকীৰ কাষতে  ।
দেখিলোঁ তোমাৰ ছবিখন যে ইয়াতে। ।

মদাৰ ,পলাশ, শিমলু যে স্বাগতম ।
ধৰণীখন জাকজমক যে কৰিম।।

পাখি লগা মন  মতলীয়া  উৰি ফুৰে ।
ফাগুনৰ সৌন্দৰ্য্যত মন  মোৰ উৰে। ।

ফাল্গুণীৰ বিয়া যে পলাশৰ লগত ।
দুয়োৰো বিয়া যে জগতৰ নিয়মত। ।

ৰভা মণ্ডপখন  ধৰণীৰ তলত।
কন্যা  বহিব সৰা পাতৰ ওপৰত ।।

ভোমোৰা আহিব গুণগুণাই  গাবলৈ ।
মৌ মাখি আহিব যে বিয়াৰ মিঠাই লৈ। ।

মদাৰ ফুল আহিব ৰঙা শাৰী পিন্ধি ।
চজিনা ফুল আহিব বগা শাৰী পিন্ধি ।।

পচোৱা বতাহ যে আহিব নাচি নাচি ।
কমোৱা তুলা লৈ যে বিয়াত সাজি -কাঁচি ।।

উত্তৰ পৰা দক্ষিণলৈ বলা পচোৱা ।
উৰুৱাই নিব  যে কন্যা জনীক চোৱা ।।

  বৰদৈচিলা আহিব কন্যাক নিবলৈ ।
সকলো তচনচ কৰি যাব  কন্যা লৈ। ।

ছেলিমা বেগম
জিলা নগাঁও।
গাঁও মেলেকাধিং
ডাকঘৰ বলিকটীয়া

_________________________________________________________


🔴লিমাৰিক

                ছেলিমা বেগম
               জিলা নগাঁও

(১)
চ'তৰ খৰাং গছ -লতাৰ বিননি,
পানী পানী হায় বৰ্ষা ঋতু দিয়া আনি ।
এজাক বৰষুণ দিয়া,
চকু পানী মুচি নিয়া,
পৃথিৱীৰ বুকুখন সেউজীয়া আনি ।

           (  ২)

চ'তে গৈ গৈ ব'হাগৰ বাতৰি আনিলে,
এই বাৰ বহাগতে গাবলৈ আহিলে।
কুলি কুউ কুউ বুলি,
কেতেকী গাব উথলি।
ডেকা গাভৰুৱে বিহু তলিত আহিলে ।
       (  ৩)
এবেলি বহাগতে কৰিবি লটি -ঘটি ,
পিঠিত বান্ধি লবি যেন বস্তা একোটি ।
এ কাৰ কথা কৈছে হে,
নিবি যে পলুৱাই হে।
তোক নিব নোৱাৰিলে মৰি যাম চেনী  ।

_________________________________________________________



🔵তথাপি তুমি

                      ✍️ৰুম্পী দাস                       
                          ভালুকমাৰী ৰাণীপুখুৰী,হোজাই

মোৰ বুকুৰ কান্দোন ,
তুমি আজিও বুজি পোৱা নাই ?
যান্ত্ৰিক পৃথিৱীখনত
আজিও যন্ত্ৰৰ দৰে
কম্পনেৰে চলি আছোঁ ।
তুমি নাজানা নে ?
এই সুন্দৰ শৰীৰত ...
এদিন মৰীচিকাই ,
চুমি ধৰিব ।
কাঁইটীয়া জীৱন হলেও ,
বহু সৌন্দৰ্য্যময় ।
আকৌ কাঁইটীয়া বাটেৰে
সহস্ৰ সুখ-দুখ পাহৰি
গুচি যাম ।
তুমি জানো আজীৱন থাকিবা ,
থাকিবলৈ অজস্ৰ শান্তি বিচাৰিছা ?
ন'হলে কিয় ইমান গৌৰৱ ...?
নিজৰ ৰূপৰ সামান্য
সৌন্দৰ্য্যৰ প্ৰতি ।
মই মাথোঁ অলপ
স্বাৰ্থবিহীন উন্মুক্ত প্ৰেম ,
বিচাৰিছিলোঁ তোমাৰ কাষত ।
পোৱা নাই তোমাৰ ,
সেই পূৰ্ণ হাতখন ।
আজি আঁউসীৰ এন্ধাৰত ,
মোৰ বুকুৰ হাহাকাৰ
নিৰৱে জ্বলি জ্বলি
ছাঁইত পৰিণত হৈছে ।
আজিও তুমি
ওভতি আহিলে ...
মই তোমাৰ দুখ-সুখৰ
সমভাগী হ'ম ।
শুব নোৱাৰিলোঁ
এৰাতিও শান্তিৰ নিদ্ৰাত ।
মইতো এদিন এৰি গুচি যাম
মায়া-মোহ ত্যাগ কৰি ।
তুমি থাকিবা জানো আজীৱন ?
অপেক্ষা কৰি ভাল লাগে
তোমাৰ আগমনৰ ।
তুমি জানো আহিবা ,
কোৱা না এবাৰ ?
ৰ'দক ভাল নাপাওঁ
আজিকালি এন্ধাৰ বৰ প্ৰিয় ,
এন্ধাৰতেই বহি মই
তোমাৰ কথাকে ভাবো ।
সঁচাকৈ তুমি ভালে আছা নে ,
কোৱা না এবাৰ ?

_________________________________________________________



🔵অসম দেশৰ অনুপম কথা


অসম দেশৰ অনুপম কথা
শুনিয়েই লাগে বৰ মজা,
শংকৰদেৱৰ জন্মস্থান
বৰদোৱা ইয়াৰ পুণ্যধাম ।
ঢোলৰ চাপৰত, গীতৰ লহৰত
কুলিৰ বিনন্দীয়া মাত,
এই প্ৰকৃতিৰ মনোমোহা ধেমালিয়ে
হিয়া মোৰ কৰিলে শাতঁ ।
আহোম, কাৰ্বি, তিৱা, কছাৰী
গাৰো, দেউৰী,মটক আৰু বড়ো,
সকলো জাতি-জনগোষ্ঠী মিলি
একএিত অসম গঢ়ো ।
অসম ভূমিৰ লীলা
দুটি শব্দত বুজোৱাটোৱেই টান,
অসম দেশৰ সন্তান আমি
ৰাখিম দেশৰ মান ।

✍️ মোস্তাকিন শ্বেখ
অষ্টম 'খ'শাখা
নগাঁও চৰকাৰী উ মা বালক বিদ্যালয়,

_______________________________________________________



🔴সুখ


সুখৰ পিছত নদৌৰিবা বন্ধু
দুহাতৰ মুঠি খুলি দেখিবা
বুকুভৰা শূণ্যতা।
জন্মৰ পিছৰ পৰা উপলব্ধি কৰিব পৰা হোৱাৰ  লগে লগে সুখ বিচাৰি হাহাকাৰ কৰে মানৱজীৱনে। কেঁচুৱাই ভোক পিয়াহ লাগিলে মাকক ওচৰত নাপালেই কন্দিবলৈ আৰম্ভ কৰে। বিচৰা বস্তু এটা পোৱা যায়, তাৰমানে সুখী হোৱা। কিন্তু এই সুখৰ অনুভূতিটো ক্ষন্তেকিয়া। অথচ সুখৰ ক্ষন্তেকীয়া অনুভূতিৰ মোহ  এৰিব নোৱাৰি মৃত্যু পযন্ত দৌৰি ফুৰে সুখৰ পাছত। প্রকৃততে কি পালে মানুহ সুখী হৈ তাকেই বুজিব নোৱাৰে আৰু তাতেই মানৱ জীৱনৰ আটাইতকৈ বেছি কৰুণ যন্ত্ৰণা।

                     দৃলীনা দাস
                            তিনিচুকীয়া

_________________________________________________________


🔴মোৰ পৰিচয়



✍️চুমিয়া আকতাৰা

পৰিস্থিতি বিস্ময়,
জীৱন মোৰ স্বপ্নময়,
মন আশাবাদী,
কেনেকৈ গঢ়িম
নিজৰ পৰিচয়?
নাই ....
নালাগে মোক চাকৰি,
নালাগে মোক ধন,
মোৰ কৰ্মৰ যোগেদি
সকলোৰে মই
জয় কৰিব বিচাৰো মন।
নাই......
নালাগে মোক স্বীকৃতি বটা,
নিবিচাৰো মানপত্ৰ মই,
মাথো বিচাৰো...
মৃত্যুৰ পিছতো যাতে
সকলোৰে মোৰ নাম মনত ৰয়।
মই নাথাকিলেও যাতে
নাপাহৰে কোনেও মোৰ পৰিচয়।

_________________________________________________________



🔵অপেক্ষা


কেতিয়াবা দূৰণিৰ পাহাৰখন
দুৰৰ পৰা চাই ভাল লগাৰ
অভ্যাস এটা হৈ যায়
তেতিয়া হয়তো ওচৰত যায় চাব
মনেই নোহোৱা হয়।
এই যে পূৰ্ণিমাৰ জোনটো
দুৰৰ পৰা চায়ে
ইমান ভাল লগা হৈ পৰিল
এতিয়া ওচৰত যোৱাৰ
হেপাহটো হেৰাই গ'ল।
আপোনাকো সদায় দুৰৰ পৰা চোৱাৰ
অভ্যাস হৈ যোৱাৰ পাছত
এতিয়া যেন আপোনাৰ কাষ চাপিব
ভাল নলগা হ'ল।
এনেকুৱা নহয় হে এতিয়া আপোনাক
ভাল নাপাওঁ,
কিন্তু নিজৰ কৰাৰ আশাবোৰ
কৰবাত মৰহি গ'ল।
অনুভৱ বোৰ সেই আগৰ দৰেই আছে
মাথোঁ অনুভৱৰো অপেক্ষা কৰি কৰি
অপেক্ষাৰত হৈ থাকিব ভাল লগা হ'ল।
                      ✍️ অভিমানী ছোৱালী অনুস্কা
                                      দশম শ্ৰেণী
                           নৱজ্যোতি জাতীয় বিদ্যালয়
                              চামতা ( নলবাৰী )
_________________________________________________________


🔹মই এজন পথভ্ৰষ্ট পথিক



অনুভৱৰ সিপাৰেই মোৰ দেশ ,
তুমি জানো আহি পাইছা কেতিয়াবা?
নালাগে আহিব তুমি , নোৱাৰিবা ,
মোৰ এই শুকান মৰুভূমিত জীৱন কটাবলৈ ,
কণ্টক বনেৰে পৰিপূৰ্ণ এই মৰুভূমিত সহ্য কৰিব নোৱাৰিবা তুমি অত্যন্ত গৰম আৰু ঠাণ্ডা ।

মোৰো ইয়াত থাকিবলৈ একেবাৰে মন নাই ,জানা
কিন্তু উপায় নাই অঃ ,
মই যে এজন পথভ্ৰষ্ট পথিক ।

এই বিশাল মৰুভূমিৰ মাজত ঘূৰি ফুৰোঁ মৰীচিকাৰ পম খেদি,
নাই কোনো মোৰ সহযাত্ৰী।
নিঃসংগ, নিৰ্জন আৰু নিৰৱেই মোৰ একমাত্ৰ সংগী ।

দূৰৈৰ পৰা ৰঙা গোলাপ দেখি আহিছিলোঁ দৌৰি এপাহ ছিঙিম বুলি ,
কিন্তু মায়াবী মৰুভূমিত আহি দেখোঁ নাই কোনো গোলাপৰ পাহি ।
এইয়া আছিল কেৱল মৰীচিকাৰ ধেমালি।

কেতিয়াবা চিঞৰি চিঞৰি কান্দো,
কিন্তু নাই মোৰ কোনো দিবলৈ সহাঁৰি।
সদায় বুকুত এটি আশা বান্ধি লৈ ফুৰোঁ ,
যে মইয়ো পাম মোৰ পথৰ সন্ধানটি।

সজাম জীৱনটোক নতুন ৰঙেৰে,
তাতে আঁকিম ছবি তোমাৰ আৰু মোৰে ।

মই যে এজন পথভ্ৰষ্ট পথিক...

                  ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
                                        দশম শ্ৰেণী
                                        ঢকুৱাখনা
_________________________________________________________


🔹জীৱনৰ ঠিকনা


জীৱনৰ ঠিকনাটো হঠাৎ
হেৰাব ধৰিছে
এখন ৰহস্যময়ী জালে জীৱনটো
মেৰিয়াই পেলাইছে ।
জীৱন যুঁজত আছে মুক্তিপণ
ক্ৰমাৎ সলনি হৈছে জীৱনৰ গতিপথ
অক্লান্ত বেদনাত ডুবিব ধৰা
জীৱনৰ কৰুণ বিননী
নিষ্ঠুৰ সময়ে কৰিলে সকলো সলনি ।

             ✍️ কাকলি দত্ত
            দশম শ্ৰেণী
ধেমাজি(মাছখোৱা)
_________________________________________________________


🔵আশাৰ প্ৰতিশ্ৰুতি



ফাগুন তুমি
নোহোৱা উন্মনা
নোহোৱা দুষ্ট
নোহোৱা বাউলী।
তুমি সৰাপাতৰ
উচুপনিও নোহোৱা।
তুমি মাথোঁ
লঠঙা গছক
কুঁহিপাত মেলি
সেউজ সুন্দৰ,
ৰঙীণ কৰাৰ
আশাৰ প্ৰতিশ্ৰুতি।
তুমিয়েই
আকাশ ৰাঙলী কৰি
পলাশ মদাৰৰ
আঁচল উৰুৱাই নিয়া
মিঠা হাঁহি।
তুমিয়েই
লাজুক লাজুক চাৱনিৰে
গালে মুখে আবিৰৰ ৰং সনা
মনপ্ৰাণ উতলা কৰা
এমুঠি মিঠা জোনাক।
তুমিয়েই
কুলি ,কেতেকীৰ
মিঠা মাতৰ
বসন্তৰ আগমনি।
তোমাৰ আগমনিত
ধৰিত্ৰী জীপাল হয়।
ৰিবৰিব মলয়াই
মনপ্ৰাণ উতলা কৰে
ডেকা গাভৰুৰ
প্ৰেমৰ স্পন্দন।
ফাগুন তুমিতো
নোহোৱা উন্মনা
নোহোৱা বাউলী
তুমি মাথোঁ,
প্ৰকৃতি সেউজীয়া কৰাৰ
আশাৰ প্ৰতিশ্ৰুতি।

✍️মেঘালী বৰা
হেঙেৰাবাৰী, গুৱাহাটী।
________________________________________________________



🔵এজাক বৰষুণৰ আশাত


ফাগুনৰ মাহতে ফাল্গুনীয়ে সকলোতে ,
পিয়াহ আনি দিলে অন্ঠ কন্ঠ শুকাই
অপেক্ষাত ৰৈ আছে বৃক্ষ বিৰিণা ।
এজাক বৰষুণৰ আশাত শুকান
পথাৰখন সেউজীয়া কৰিবলৈ
আশাৰে বাট চাই আছে বৰ্ষাৰ পানী বাবে।
এজাক বৰষুণৰ পানী পাই শুকান
ঘাঁহনি বননি নতুন জীৱন ধাৰণ কৰি
পৃথিৱীখন সেউজীয়া কৰি অক্সিজেন
যোগান ধৰি পৰিৱেশ সুৰক্ষা কৰি ৰাখিবলৈ ।
বৰ্ষা ঋতুত  আহি পিয়া আতঁৰাই ধৰণীৰ
বুকুখন নতুন কুঁহি পাতেৰে নতুন পিন্ধি
ন কন্যা সাজি মুক্ত মনেৰে মুক্ত
আকাশৰ তলত গৰ্ভধাৰণ কৰি বংশ
বৃদ্ধি কৰি পৃথিৱীৰ সমস্ত অংশৰ
ওপৰত চটিয়াই দিবলৈ ।
এজাক বৰষুণ আহিল শুকান
লতায়ে যেন পালে জলধাৰ যেনেকৈ
শকুন্তলা পাইছিল নিজৰ হেৰুৱা
স্বামী পাই, ৰজাক হেৰুৱাই শকুন্তলাৰ
অন্তৰে বিচাৰি নোপোৱাত চ'তৰ খৰানত
যেনেকৈ গছ -লতা পানী নোহোৱাকৈ
শুকাই যায় তেনেকৈ শুকাই গৈছিল।

✍️ছেলিমা বেগম।
জিলা নগাঁও
গাওঁ মেটেকা ধিং

Tuesday, January 17, 2023

দ্বিতীয় বর্ষ🔸জানুৱাৰী মাহ🔹তৃতীয় সংখ্যা(অনুগল্প শিতান),

🔹দ্বিতীয় বর্ষ🔸জানুৱাৰী মাহ🔹তৃতীয় সংখ্যা 

                         (ভাগ ২)

🔸আজি দিনটোৰ বিশেষত্ব:



১৭ জানুৱাৰী (ইংৰাজী: 17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

⭕১৯১৭ খৃঃ - এম জি ৰামাচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
⭕১৯৪৫ খৃঃ - জাৱেদ আখতাৰ, বলিউডৰ প্ৰসিদ্ধ গীতিকাৰ।
⭕১৯৫১ খৃঃ - জ্যোতিপ্ৰসাদ আগৰৱালা, বিখ্যাত অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
⭕২০১০ খৃঃ - জ্যোতি বসু, আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

⭕আজি শিল্পী দিৱস।


🔸কৰ্মৰ সন্ধানত অসমবাসীয়ে বহিৰাজ্যলৈ গতি, এতিয়াও কিয় ?


   


   ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম। আচলতে প্ৰাকৃতিক সম্পদ বুলি কলে বিভিন্ন ধৰনৰ বনজাত, খনিজাত, জলজাত আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তু বোৰেই হল প্ৰাকৃতিক সম্পদ। কিন্তু অসমত ইমানবোৰ প্ৰকৃতি সম্পদ থকা সত্ত্বেও অসম শিল্প বাণিজ্যত তেণেই পিছপৰা। যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে, তাৰোগৰাকি সাধাৰণতে বহিৰাগত। ইয়াতে কথা এটা উল্লেখ কৰো যে আমাৰ অসম অৰ্থনৈতিক দিশত ইমান মজবুত নহয়। সেয়েহে  ইয়াত সচৰাচৰ অৰ্থনৈতিক দিশত সবল  ব্যক্তিসকলৰ বহু অভাৱ। গতিকে আমাৰ ইয়াৰ অনুষ্ঠান,প্ৰতিষ্ঠান সমূহৰ গৰাকী বহিৰাগত ৰাজ্যৰ হাততে আছে। কিন্তু মোৰ মতে এইটো ইমান এটা চিন্তনীয় বিষয় নহয়। আচলতে সেই অনুষ্ঠান, প্ৰতিষ্ঠানৰ গৰাকী সমূহে সাধাৰণ কৰ্মচাৰী সমূহক নিজ ঠাইৰ পৰা আনি আমাৰ ইয়াত চাকৰিত নিযুক্তি দিয়া দেখা যায়। এইটো দিশতহে অসম চৰকাৰৰ আৰু অসমীয়া জনগন সজাগ হ'বৰ হ'ল। চাওঁক ইয়াতে জাপানী সকলৰ দৰে সৰু এটি উদাহৰণ আপোনালোকৰ আগত অবগত কৰাও। আচলতে জাপানী সকলে বিশ্বৰ ডাঙৰ, ডাঙৰ আগশাৰীৰ অনুষ্ঠান, প্ৰতিষ্ঠানৰ শাখাসমূহৰ নিজ দেশত স্থাপন কৰিবলৈ দিয়ে কিন্তু তাৰে সৰ্বোচ্চ কৰ্মচাৰী সমূহ নিজ দেশ জাপানৰে নিযুক্তি দিব লাগিব বুলি চুক্তিবদ্ধ  কৰে  আৰু এনেকৈয়ে লাহে লহে বহিৰাগত দেশসমূহৰ অনুষ্ঠান, প্ৰতিষ্ঠানৰ সকলোখিনি দিশৰ জ্ঞান আয়ত্ত কৰি লৈ নিজ দেশতে ঠিক একেধৰণৰ নিজৰ অনুষ্ঠান, প্ৰতিষ্ঠান গঢ় দিবলৈ সক্ষম হয়। মুঠতে কথা হ'ল এতিয়া আমাৰ অসমখনক বিকশিত কৰিবলৈ হলে নিজে নোৱাৰিলেও প্ৰথমে আনৰ হতুৱাই হ'লেও নিজৰ উন্নতিৰ দিশ নিৰ্ধাৰণ কৰিব লাগিব। কৰ্মৰ সন্ধানত অসমবাসীয়ে বহিৰাজ্যলৈ গতি কৰা দেখি সচাকৈ মনত আঘাত হানে। তেন্তে অসমত বসবাস কৰা নিবনুৱা সকলক কৰ্ম সংস্থাপন কৰি দিয়াটো অসম চৰকাৰ আৰু প্ৰতি অসমবাসীৰে দায়িত্ব নহয়নে ?? আনহাতে দিল্লী, মুম্বাই, বেংগালুৰুৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠান, প্ৰতিষ্ঠান সমুহক অসমত প্ৰতিষ্ঠা বা স্থাপন কৰিবলৈ সুবিধা কৰি দিয়াটো আমাৰ দায়িত্ব নহয়নে ?? চাওঁক নিজ ৰাজ্যৰ, নিজ ৰাজ্যৰ জনসাধাৰণৰ প্ৰগতিৰ পথত যদি এতিয়াওঁ আমি সচেতন নহওঁ তেন্তে এসময়ত ‌‌গৈ একেবাৰে লজ্জাজনক আৰু  নিন্দনীয় অৱস্থাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে।

      ‌  

      চন্দ্ৰ শেখৰ পৰাজুলী

      বিশ্বনাথ চাৰিআলি,অসম

      দূৰভাষ:-৮৬৩৮০৯৮৯২২

      চন্দ্ৰ শেখৰ পৰাজুলী

      বিশ্বনাথ চাৰিআলি,অসম

      দূৰভাষ:-৮৬৩৮০৯৮৯২২


_________________________________________________


🔹ভোগালীৰ আনন্দ আমাৰ নাই 


অণুগল্প 

ছেলিমা বেগম। 



ভোগালীৰ উৰুকাৰ দিনা পুৱা উঠি জেউতিৰ মনটো একেবাৰে ভাঙি পৰিল। মনমাৰি বাটৰ কাষতে বহি থাকিল। ধণকাই সেই সময়ত বাটেৰে গৈ আছে, জেউতিক দেখি মাত লগালে হেৰৌ মাইনাজনী অকলে অকলে বহি কি কথা ভাবি আছ। জেউতি উপচি উচপি কান্দি কলে, আমি এবেলি মাঘৰ বিহু কেনেকৈ পাতিম। চৰকাৰে যে আমাৰ ঘৰ বাৰী ভাঙি চূৰমাৰ কৰি দিছে উচ্ছেদৰ নামত। পুহমহীয়া ঠাণ্ডাৰ মাজত আমাৰ যে কিমান কষ্টেৰে দিনবোৰ পাৰ কৰি আছোঁ। খাবলৈ নাপাই শুব নোৱাৰি বেমাৰে আক্ৰান্ত হোৱা পৰিয়ালটো কেনেকৈ ভোগালীৰ ভোগ উপভোগ কৰিম। এইবাৰ বিহুত চিৰা, পিঠা, লাৰু উৰুকাৰ নিশা বাতি  ভৰাই চিৰা খাবলৈ যে নাপাম। জেউতিৰ কথা শুনি ধণকাই চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে। হায়!  এই নিস্পাপ শিশুটি কি ভুল কৰিছে আজি তাইৰ মনত দুখ চেপি ধৰি ৰাখিব লগা হৈছে। উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত ক'ত। সিহঁতৰ মনৰ আনন্দ ক'ত এই বুলি কৈ ধণকাই ওঁঠ দুটিত কামুৰি ধৰি ইয়াৰ পৰা গুচি যায়।


_________________________________________________


🔹আমাৰ মাজত সজাগতাৰ অতি প্ৰয়োজন:-

               


        অলপদিন আগতে লোকসভাৰ অধিবেশনত ইমতিয়াজ জলিল নামৰ লোকসভাৰ সদস্য এজনে কেইদিনমান আগতে হৈ যোৱা বিশ্বকাপ ফুটবল খেলৰ বিষয়ে উল্লেখ কৰি ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত থকা লজ্জাজনক পৰিস্থিতিৰ কথা উল্লেখ কৰিছিল। হয়তো আমি বহুতেই তেওঁৰ ভাষণ শুনি আপ্লুত হৈছোঁ  আৰু এই বিষয়ে আমি সকলোৱে মিলি বহলাই চিন্তা=চৰ্চা কৰাও অতিকৈ আবশ্যক । চাওক ভাৰতবৰ্ষ উন্নত দেশৰ তালিকাত আহিবলৈ হ'লে কেৱল এটি দিশতে মনোনিবেশ কৰিলে নহ'ব। আৰু আমি আজিও নিজৰ নূন্যতম প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিবলৈ ব্যৰ্থ আছোঁ। হয়তো আমাৰ নূন্যতম প্ৰয়োজনীয় সমূহ পূৰ্ণ কৰিবলৈ কিছুমান পুঁজিপতি মানুহ লগতে চৰকাৰৰ ফালৰ পৰা সম্পুৰ্ণ সহযোগীতা পোৱাগৈ নাই। অৰ্থাৎ বিনামূলীয়া ঘৰ, চাউল,শৌচালয়ৰ আদিয়ে পোৱাৰে যোগ্য নেকি বৰ্তমান সময়ৰ আমি সকলো ভাৰতীয়। প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰা আমি জনা,নজনাকৈ আমাৰ আয়ৰ কৰ পৰিশোধ কৰি থাকিব লগিয়া হৈছে চৰকাৰক। অৰ্থাৎ কষ্ট কৰি আমি উপাৰ্জন কৰা টকাবোৰৰ পৰা বেলেগে বিনা কাৰণতেই খায় বৰ সোৱাদ ল'বলৈ সক্ষম হৈছে।

       এতিয়া আহো প্ৰকৃত কথালৈ। অৰ্থাৎ এসময়ত গোটেই বিশ্বতে বিশেষকৈ শিক্ষাকে বৰ বেছিকৈ প্ৰাধান্য দিয়া হৈছিল। আৰু ইয়াৰ লগতে খেল=ধেমালি, নানান কলাত্মক দিশসমূহৰ কেৱল মাত্ৰ কিছুমান ঠাইবোৰতে সীমাবদ্ধ আছিল। কিন্তু আজিৰ সময়ত এজন প্ৰকৃত মানুহ হ'বলৈ মানুহৰ সৰ্বাংগীন বিকাশ হোৱাটো অতি আবশ্যক।তাৰ উপৰিও বৰ্তমান সময়ত শিক্ষা=দিক্ষাৰ লগতে নানান ক্ৰীড়া আৰু নানান কলাত্মক দিশসমূহৰ পৰা নিজে স্বাভলম্ভি হোৱাৰ লগতে নিজ ৰাজ্য আৰু দেশৰ হৈ গৌৰৱ কঢ়িয়াই লৈ আনিব পাৰি। চাওক আজি  এটা শিশুয়ে হয়তো নিজ দেশৰ বিশিষ্ট সাহিত্যিক বা   বৈজ্ঞানিক এজন নাম কব নোৱাৰিবও পাৰে । কিন্তু এজন বিশ্ববিখ্যাত ক্ৰিকেটাৰ বা ফুটবলাৰ কোন বুলি কলে তেওঁ তৎক্ষণাৎ উত্তৰ দি দিব।

           গতিকে আমি কেৱল এটা দিশতে মনোনিবেশ কৰি বহি থাকিলে নহ'ব। সময়ৰ সৈতে নিজক আৰু নিজ দেশক আগুৱাই লৈ যাবলৈ আমি সম্পূৰ্ণ চেষ্টা আৰু চিন্তা=চৰ্চা কৰাৰ সময় আহি পৰিছে। কেৱল নিজ দেশৰ কেতবোৰ পুঁজিপতিৰ  কাঠৰ পুতলা আৰু চৰকাৰৰ ভোট বেংক হৈ কিমানদিন বহি থাকিম। আমাৰ মাজত সজাগতা আমি প্ৰতিজনে মিলি আনিবলৈ চেষ্টা কৰিব লাগিব। নহলে এসময়ত মানুহবোৰ অন্যান্য গ্ৰহলৈ স্থানান্তৰ হৈ যাবগৈ । আৰু আমাৰ বাবে এইখন সংসাৰতে তিষ্টি থাকিবলৈ ঠাই নাইকিয়া হ'ব। 

         

           চন্দ্ৰ শেখৰ পৰাজুলী

           বিশ্বনাথ চাৰিআলি,অসম

           দূৰভাষ:-৮৬৩৮০৯৮৯২২


_________________________________________________


🔹ভ্ৰাতৃ-স্নেহ

 ( অণুগল্প ) 

                                                  ✍️ ৰাজ ৰাহুল 
                                          
       "ভাইটি, মোক লৈ যাহি। মই ইয়াত আৰু থাকিব নোৱাৰোঁ---"____বায়েকৰ কান্দোন-মিহলি মাতটো শুনি কমলে লৰা-লৰিকৈ ফোনটো জেপত সোমোৱাই বায়েক ৰত্নাৰ ঘৰত ওলালগৈ।
          বয়-বস্তুবোৰ সামৰি থাকোঁতে সি আঁৰ চকুৰে বায়েকৰ ক'লা পৰি থকা হাত-মুখলৈ চালে।বুকুখন বিষাই গৈছিল তাৰ।ধনীৰ ঘৰত বোৱাৰী হৈ থাকক বুলি বিয়া দিয়া বায়েকৰ দেহত ৰাতি ৰাতি মদাহী ভিনিয়েকে কৰা অত্যাচাৰৰ চিন জিলিকি আছে স্পষ্টকৈ। সি মনতে ভাবিলে---য'ত এখন সঁচা হৃদয় নাই,তাত এসোপা টকাই মানুহক সুখী কৰিব নোৱাৰে। এজন অযোগ্য ব্যক্তিৰ ওচৰত বায়েকৰ জীৱনটো আৰু নষ্ট হ'বলৈ নিদিওঁ বুলি ভাবিয়েই সি বায়েকক ঘৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত ল'লে। কাৰণ, মাক-দেউতাকক সৰুতে হেৰুৱাই সিহঁত দুটাই জানে অভাৱৰ লগত আৰু পৰিস্থিতিৰ লগত কেনেদৰে যুঁজ দিব লাগে।
         অ'টোখনত বহি চকুপানী টুকি থকা বায়েকৰ চকুপানীখিনি মচি দি সি চালকক ক'লে--"পাঞ্জাবাৰী,২নং গলি।"
                  

_________________________________________________


🔹অসমত নাৰী ধৰ্ষণ বন্ধ কৰক


                                                        ✍️ শিল্পী দাস
                                            ভালুকমাৰী ৰাণীপুখুৰী, নগাওঁ
                     

      আমি আজিও অসমক উন্নতি কৰিব পৰা নাই, তাৰে অন্যতম কাৰণ 'নাৰী ধৰ্ষণ'।যাৰ ফলত এজন নাৰীৰ লগতে তেওঁৰ পৰিয়াল ধ্বংসৰ ফালে আগুৱাই যায় আৰু সমাজৰ কাষত বেয়া বুলি প্ৰমাণিত হয়। 'নাৰী ধৰ্ষণ' একধৰণৰ যৌন আক্ৰমণ। কিছুমান কাপুৰুষে এনেকুৱা, নাৰীৰ জীৱন ধ্বংস কৰে। অনুমতি প্ৰদানত অক্ষম যেনে-কোনো অজ্ঞাত,বিকলাঙ্গ, মানসিক প্ৰতিবন্ধী তথা অপ্ৰাপ্তবয়স্ক নাৰীক ধৰ্ষণ কৰিবলৈও লজ্জাবোধ নকৰে। তেওঁলোকৰ উদ্দেশ্যে মই ক'ব বিচাৰোঁ, এনেকুৱা যৌন নিৰ্যাতন যদি তেওঁলোকৰ মাতৃ, ভগ্নী, পত্নীৰ লগত হয় তেনেহলে বুজিব অপৰাধবোধ। তেতিয়াও যদি নুবুজে তেনেহলে তেওঁলোকৰ যেন অতি সোনকালেই মৃত্যু হয় তাৰে কামনা প্ৰাপ্তি।যাৰ ফলত আজিও বহু নাৰী উচ্চশিক্ষা,উচ্চসম্মান, ৰাতিৰ যাতায়াত ইত্যাদিত সমাজ তথা পৰিয়াল বাধাস্বৰূপ । ইয়াৰ মুখ্য কাৰণ কিছুমান কাপুৰুষ।
         নাৰী ধৰ্ষণ ঘটনাটো পূৰ্বৰ পৰাই চলিত। এনে ঘটনাই  ৰাজ্য,সমাজ আৰু জাতিৰ কাৰণে অত্যন্ত লজ্জাজনক তথা কলংকজনক কথা।এখন ৰাজ্যৰ চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্বই হৈছে শক্তিশালী আইন প্ৰণয়ন কৰি তাৰ যথাযথ প্ৰয়োগ কৰাৰ মাধ্যমত এনে অপৰাধ বন্ধ কৰা।
নাৰী ধৰ্ষণকলৈ ১৯৮৩ চনত আৰু পিছত ২০১৩ চনত ভাৰতীয় দণ্ডবিধি আইন প্ৰণয়ন কৰিছিল। এনেকুৱা আৰুও বহু আইন প্ৰণয়ন কৰিছে আৰু কৰিব, কিন্তু নাৰী ধৰ্ষণ বন্ধ হ'ব নে?মন কৰিব, এজনী নাৰী মা, ভগ্নী,পত্নী, দেৱতা ইত্যাদি। নাৰীৰ মাহাত্ম্য অসীম। নাৰীৰ অবিহনে পুৰুষৰ অস্তিত্ব শূণ্য। নাৰীৰ জৰিয়তেই সকলোৱে পৃথিৱীৰ ৰূপমাধুৰ্য্য উপভোগ কৰিব পাৰোঁ। ইয়াৰ উপৰিও সকলোৱে দেৱতাক পূজা কৰে,আকৌ ইফালে নাৰী ধৰ্ষণ কৰোঁতে দ্বিধাবোধ নকৰে।য'ত প্ৰশাসন, আৰক্ষী, সংবিধান উন্নত নহয় তাতে এনেকুৱা ঘটনা স্বাভাবিক। প্ৰতিদিনতেই এনেকুৱা ঘটনাই বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মই অসমৰ মুখ্যমন্ত্ৰী তথা আৰক্ষীৰ উদ্দেশ্যে ক'ব বিচাৰোঁ, কঠোৰ আইন প্ৰণয়ন তথা যথাযথ শিক্ষাৰ জৰিয়তে সজাগ হৈ অসমত নাৰী ধৰ্ষণ বন্ধ কৰাৰ ব্যবস্থা কৰে যেন। আৰু যদি নোৱাৰে তেন্তে আমি মা দূৰ্গাৰ দৰে  দহভূজা নহয় হেজাৰভূজাৰে অসুৰসকলক উচিত শিক্ষাৰে দমন কৰিম। এনেকুৱা কুব্যৱহাৰ নকৰি নাৰী, পুৰুষ সকলোৱে সজাগ হৈ মধুৰ সম্পৰ্ক গঢ়ি জীৱন অতিবাহিত কৰিব বুলি আশা কৰিছোঁ । আৰু অতি সোনকালে অসমত নাৰী ধৰ্ষণ বন্ধ হ'ব বুলি বিশ্বাস ৰাখিছোঁ।




_________________________________________________


🔹ভোগালীৰ উৎসৱ মাঘ বিহু:



                                         ✍️পৰাগ জ্যোতি দাস

অসম বিভিন্ন জাতি-জনজাতিৰ মিলনভূমি।বিহু হৈছে অসমীয়াৰ জাতীয় উত্সৱ। অসমীয়া জাতিৰ প্ৰাণ ,দাপোণ,আয়ুস ৰেখা,অনুভূতি ইত্যাদি বিহু ।এই বিহুৰ লগত অসমীয়া জাতিৰ প্ৰাণ এনেদৰে বান্ধোন খাই আছে যে এই প্ৰাণৰ বিহু টিক এৰি অসমীয়া জাতিৰ সভ্যতা,কৃষ্টি-সংস্কৃতিক গঢ়ি তুলিব নোৱাৰি । বিহুৰ লগত জাতীয় জীৱনৰ সকলো আশা-আকাংক্ষা, আনন্দ,অনুভূতি,আৱেগ ইত্যাদি ওতঃপ্ৰোতভাৱে জড়িত ।
      অসমীয়াৰ জাতীয় উত্সৱ বিহু তিনিটা- বহাগ বিহু,কাতি বিহু আৰু মাঘ বিহু ।বহাগ বিহুক ৰঙালী বিহু,কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বোলা হয় ।
    ভোগালী বা মাঘ বিহু হৈছে শীতকালীন কৃষিভিত্তিক উত্সৱ ।অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু উদযাপন কৰে। এই বিহু তিনিদিন পালন কৰা হয় ।পুহ মাহত কৃষিজীৱী লোকসকলে ধান,তিল,মাহ আদি শস্য চপাই ভঁৰাল পূৰ কৰে ।এই সময়ত সকলোৰে ঘৰত দুমুঠি ধান-চাউল ,মাহ ইত্যাদি খাবলৈ থাকে ।এই বিহুত খোৱা-বোৱাৰ গুৰুত্ব অধিক কিয়নো এই সময়ত ভঁৰাল সকলোৰে উভৈনদী হৈ থাকে ।সেয়েহে এই বিহুক 'ভোগালী বিহু' বোলা হয় ।
মাঘ বিহুৰ মুখ্য আকৰ্ষণ হৈছে মেজি পোৰা । 
   মাঘ বিহু অতীতৰ পৰা বৰ অসমত গুৰুত্বপূৰ্ণভাৱে পালন কৰি আহিছে । আদিতে মাঘ বিহু বড়ো সকলৰ প্ৰধান উত্সৱ আছিল ।মাঘ বিহুৰ দুটা প্ৰধান অংশ হ'ল উৰুকা আৰু মেজি ।বিহুৰ দিনা অসমৰ সবাৰে পৰিচিত শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰংঘৰৰ বাকৰিত বিভিন্ন ধৰণৰ খেল-ধেমালিৰ আয়োজন কৰা হৈছিল ।আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ বাকৰিত বিহুত ম'হ যুঁজ,মাল যুঁজ, কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ,হাতী যুঁজ,কুকৰা যুঁজ, কড়ি যুঁজ ইত্যাদি অনুষ্ঠিত কৰি জনসাধাৰণক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলি আমোদ-প্ৰমোদৰ সোৱাদ লৈছিল ।
  মাঘ বিহুৰ আগত গাঁৱৰ ডেকাসকলে পুহ মাহতে নৰা কাটি ভেলাঘৰ প্ৰস্তুত কৰে ।উৰুকাৰ দিনা ল'ৰাবোৰে নিজৰ গাঁৱতে মানুহৰ বাৰীৰ জেওৰা,শাক-পাচলি, ইত্যাদি চুৰ কৰে।কিছুমানে ঘৰে ঘৰে গৈ পিঠা খায় ।আৰু কিছুমান খাবলৈ যোৱাৰ চলেৰে কুকৰা,হাঁহ,পাৰ আদি চুৰি কৰি আনে ।ভেলাঘৰত গাঁৱৰ লোকসকলে ভোজষভাত ৰান্ধে আৰু সকলোৱে লাগি ভাগি ভোজ ভাত খাই ৰং-ৰইচ কৰে । এই বিহুৰ দিনা বস্তু চুৰ হ'ব বুলি জানি মানুহে ওৰে ৰাতি ঘৰৰ চৌহদৰ চকু ৰাখে । কিছুমান ঠাইত মাঘ বিহুক চোৰ বিহুও বোলা হয় ।
    উৰুকাৰ পিছদিনা চাৰিজোপা কলগছৰ গাত সমান্তৰালকৈ কাঠ,বাঁহ জাপি দি নিৰ্মাণ কৰা মেজিত ৰাতিপুৱাৰ লগে লগে গা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলোৱাৰ পিছত অগ্নিক সেৱা কৰে আৰু তলৰ মন্ত্ৰ ফাঁকি গোৱা হয়-

অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বণ হুতাশন।
সুবৰ্ণবৰ্ণ মমলং
জ্যোতিৰূপায়তে নমঃ।।

 মেজি পোৰাৰ পিছত সেই জুইৰ ছাঁইৰে ফোঁট লয়।ইয়াৰ পিছত ওচৰ-চুবুৰীয়া বা ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান,ভোজ-ভাত খুৱাই আৰ্শীবাদ লোৱা হয়।
  এই বিহুত অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান,পিঠা যেনে-তিল পিঠা,সুতুলী পিঠা,ঘিলা পিঠা,টেকেলী পিঠা,ইত্যাদি তৈয়াৰ কৰা হয় ।তাৰোপৰি হুৰুম,কোমল চাউল,চিৰা,সান্দহ ,দৈ ইত্যাদিৰে অতিথিক আপ্য়ায়ন কৰা হয় ।
      এনেদৰে বৰ অসমে অসমীয়া জাতিৰ প্ৰাণৰ উত্সৱ বিহু পালন কৰি আহিছে ।



_________________________________________________



🔹মাঘ বিহু

                নাছৰিন চুলতানা


বিহুৰ দিনা পুৱা সকলোয়ে গা-পা ধুই উৰুকাৰ দিনা সজা ভেলাঘৰ মেজিত জুই লগাই সমাজৰ অমংগল দূৰ কৰিবৰ বাবে প্ৰৰ্থনা জনায়।মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পুৰি শেষ হলে সেই ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মেজি ঘৰ দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়।

বিহুৰ খাদ্য
মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়।এই বিহুত সকলো অসমীয়াই ঘৰে ঘৰে বিভিন্ন ধৰণৰ জলপান, পিঠা-পনা তথা লাডু আদি প্ৰস্তুত কৰে। এই উৎসৱৰ বিশেষ পিঠা হৈছে চুঙা পিঠা আৰু তিল পিঠা। তদুপৰি মাঘ বিহুত পানী পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা আদিও বনোৱা হয়। ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ী, আখৈ, চুঙা চাউল ইত্যাদি জলপানো বিহু বিশেষ। বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয়।
বিহু উপলক্ষে অনুষ্ঠিত খেল ধেমালি

চৰাইৰ যুঁজ-
হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে।জনমত অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।ৰাজ্যৰ আন আন ঠাইতো চৰাই যুঁজ হয়।

মহ যুঁজ-
মাঘ বিহুৰ সময়ত ম'হ যুঁজৰ আয়োজনৰ সম্পৰ্কে ভিন্ন জনৰ ভিন্ন মত পোৱা যায়। এই খেল আহোম ৰজাৰ দিনত ৰংপুৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হৈছিল বুলি জনা যায়। আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ ওপৰৰ পৰা এই খেল উপভোগ কৰিছিল।

কণী যুঁজ-
কণী যুঁজ অসমৰ এটি প্ৰিয় খেল।এই যুঁজ সাধাৰণতে পাতি হাঁহৰ কণীৰে কৰোৱা হয়। খেলুৱৈ সকলে বিভিন্ন ঠাইৰপৰা টান কণী বিচাৰি আনি যুঁজলৈ সাজু হয়।কোনো কোনো ঠাইত ৰঙালী বিহুৰ সময়তো কণী যুঁজ হয়।
ইফালে, বিহু উপলক্ষে অসমৰ ভিন্ন ঠাইত পৰম্পৰা অনুসৰি নাও খেল, কড়ি খেল আদিও অনুষ্ঠিত হয়।


_________________________________________________

🔹ৰস-ৰচনা

               কুকুৰাৰ পাখিৰ চমৎকাৰ



  দিনটো আছিল ২০২০ চনৰ ২৮ ডিচেম্বৰ। মই তেতিয়া হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ। এদিন মোক আমাৰ অসমীয়া বিভাগৰ বাইদেউ এগৰাকীয়ে ক'লে, "তোমালোকে এখন হাতেলিখা আলোচনী উলিয়াব লাগে। ৩১ ডিচেম্বৰৰ আগত।"

মোৰ লগৰ সহপাঠী কেইগৰাকীৰ লগত সন্মতি জনাই ক'লো," ঠিক আছে বাইদেউ।" কথা মতেই কাম। আলোচনীৰ কাম আৰম্ভ হ'ল। প্ৰৱন্ধ, কবিতা যি পাৰি ল'ৰা-ছোৱালীৰ পৰা লৈ আমি লিখাৰ কাম আৰম্ভ কৰিলোঁ। এফালে আলোচনীৰ কাম আমি প্ৰথম কৰিছোঁ। আগে-পিছে অভিজ্ঞতা নাই। মোৰ লগত আলোচনীৰ কামত সহায় কৰা বান্ধৱী তিনি জনীৰো একেই অৱস্থা। A-4 চাইজ কাগজত লিখা উকা লিখনি বোৰ বাইদেউক দেখুৱালোঁ।" আলোচনী খন বৰ উকা লাগিছে। তোমালোকে লিখনিৰ লগত মিলা ছবি আঁকি দিয়া।" এতিয়াহে লাগিল লেঠাটো। আলোচনীৰ কাম কৰা এজনীৰো ছবিত দখল নাই।ইমানেই আমি ছবিত ভাল যে আমটোও আম হৈ নাথাকে। ক্লাছত কোনো ছবি অঁকা মানুহ নাই। দিনবোৰো গৈ থাকিল।ছবি তেনেকৈয়ে থাকিল। এদিন লগৰ কেইজনীক ক'লো, "আৰু দুদিন আছে। মোৰ অলপ লিখিবলৈও আছে। ছবি যি হয় হ'ব আমাৰ ঘৰলৈ কে আহিবি।আলোচনীৰো কাম কৰিম, ছবিও আঁকিম। যি হয় দেখা যাব।" 

  সিহঁতেও প্ৰস্তাৱটো মানি আমাৰ ঘৰলৈকে আহিল। লিমাৰিক, কৌতুক এইবোৰ ভৰাওঁ তেই ৰাতি দহ টা বাজিল।ছবি আছেই। এজনীয়ে যেনে-তেনে বেটুপাত খন আঁকিলে। দেখিবলৈ বিশেষ এটাও ভাল হোৱা নাছিল। কিন্তু ইয়াৰ বাদে  উপায়ো নাছিল আমাৰ। কাৰ নো বুদ্ধি উলাল। বোলে কুকুৰাৰ পাখি ছিঙি আনি ৰঙত ডুবিয়াই কাগজৰ ওপৰত থৈ দিওঁ, ছবি হৈ যাব। পাখিৰ ছবি। আমিও ভাবিলোঁ কামটো বেয়া নহয়। যি হওঁক পাখি খিলাৰ ছবি টোতো বহিব। নহ'লে আমি পাখিও আঁকিব পাৰিম নেকি? ঘৰৰ মানুহ নটাতেই শুলে। লগৰ দুজনীৰ লগত কোনেও গম নোপোৱাকৈ নিজৰ ঘৰৰ কুকুৰাৰ গৰাঁলত টৰ্চ এটা লৈ সোমালোঁ। মিচন কুকুৰাৰ পাখি চিঙা। কুকুৰা চোৰ কৰা নহয় দেই ৰাইজ। এফালে ৰাতি। গৰাল গোটেই আন্ধাৰ। টৰ্চ লৈ কুকুৰা এজনী ধৰিলোঁ। কুকুৰা জনীয়ে চিঞৰিবলৈ ল'লে। মা সাৰ পোৱাৰ আগতে গৰাঁলৰ পৰা পাখি ছিঙি আমি পলাব লাগে মুঠতে। কিমান পাখি চিঙিলো মনত নাই পিছে। কুকুৰাৰ চিঞৰত মা সাৰ পাই গ'ল। আমাৰ মা পিছে কম নহয়।নিউ ইয়েৰ পাইছে হি। ক'ৰ কুকুৰা চোৰ সোমাল বুলি একেবাৰে লাঠী এডাল লৈহে গৰাঁলত সোমাল। আন্ধাৰ ইমান। ক'ৰ টৰ্চ কত পৰিল। আঐ যি মাৰ পৰিল নহয় মোৰ গাত, কেকাই-জেকাই দুই কোবৰ পিছত "মা" "মা" চিঞৰ মাৰোতেহে মায়ে গম পাইছে, "আচলতে কুকুৰা চোৰ নহয়, তেখেতৰ মৰমৰ ছোৱালী জনীহে।" বেচেৰী মাৰত ৰঙা-চিঙা পৰি গ'ল। পাখি চিঙাৰ আইডিয়া কোনে দিছিল মনত নাই। কিন্তু ফচিলোঁ মই হে। সিহঁত এজনীৰো গাত মাৰ নপৰিল। চমুকৈ ক'বলৈ গ'লে কুকুৰাৰ পাখি চিঙিবলৈ অহা, মাৰ ভাষাত চোৰ কৰিবলৈ অহা তেখেতৰ ছোৱালী জনীয়ে আলোচনীখনৰ কাৰণে বৰঙণি এটা দিলে আৰু।




✍️ অস্মিতা লাহন

স্নাতক দ্বিতীয় ষান্মাসিক

গোলাঘাট জিলা


_________________________________________________

দ্বিতীয় বর্ষ,জানুৱাৰী মাহ,তৃতীয় সংখ্যা,

 🔴দ্বিতীয় বর্ষ⚫️জানুৱাৰী মাহ🔵তৃতীয় সংখ্যা



ম্পাদকীয়,


সাহিত্য মানুহৰ সুকুমাৰ অনুভৱৰ অনুপম সৃষ্টি। চৰ্যাপদৰ সৃষ্টিৰ পৰা বৰ্তমান সময়লৈকে সৃষ্ট সাহিত্যই মানৱ সমাজক প্ৰদান কৰি আহিছে এক অনাবিল সুখানুভূতি। যুগ যুগ ধৰি সাহিত্যই মানুহৰ জীৱনত এক ছাঁৰ দৰে বিৰাজমান কৰি আহিছে।

সাহিত্যৰ বিশাল ক্ষেত্রখনত অসমীয়া সাহিত্যৰ অৱদানো অনুপম। ক্ষুদ্ৰ ভাৰত হিচাপে খ্যাত অসমত নানা জাতি -জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৈচিত্ৰ্যৰ মাজতো ঐক্যতাৰে বসবাস কৰি অহাৰ লগতে অসমীয়া সাহিত্যত তেনে এক বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। নানান জাতি -জনগোষ্ঠীৰ সামাজিক -সাংস্কৃতিক মেটমৰা বৈশিষ্ট্যৰ পূৰ্ণ অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ ডিজিটেল মাধ্যমৰ যোগেদি নিয়াৰ এক প্ৰয়াসত জন্ম হৈছিল জোনাকী সাপ্তাহিক ই আলোচনী।ডিজিটেল মাধ্যমৰ যোগেদি প্ৰকাশিত মুষ্টিমেয় আলোচনীবোৰৰ মাজত 'জোনাকী সাপ্তাহিক ই আলোচনী' এক নৱতম সংযোজন। ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে প্ৰকাশ হোৱা 'জোনাকী সাপ্তাহিক ই আলোচনী ' প্ৰথম অসমীয়া সাপ্তাহিক ই-আলোচনী। গতিকে সাপ্তাহিক এখনি ই- আলোচনী  প্ৰকাশ কৰাটো অসম্ভৱ যেন লাগিলেও ইতিমধ্যে সফলতাৰে আলোচনীখনে পাঁচটা মাহ অতিক্ৰম কৰিছে আৰু গল্প- উপন্যাস -কবিতা-প্ৰৱন্ধকে আদি কৰি বিভিন্ন শিতানেৰে ৫০ৰো অধিক লেখকৰ মুঠ ৫০০লেখা প্ৰকাশ পাইছে। গতিকে এনে এক অভিনৱ প্ৰয়াসেৰে সাহিত্য অনুৰাগীৰ মাজত অতি  কম সময়তে সমাদৰ বুটলিবলৈ সক্ষম হোৱা সাপ্তাহিক ই-আলোচনীখনৰ অন্তৰালত থকা সকলোলৈকে আমাৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লগতে সাহিত্যৰ ভেঁটি টনকিয়াল কৰাৰ যি মহৎ উদ্দেশ্য আগত ৰাখি সাপ্তাহিক ই- আলোচনীখন  প্ৰকাশ কৰা লগতে সম্পাদনাৰ দায়িত্বৰে এই যাত্ৰাৰ সমভাগী হ'বলৈ সুযোগ দিয়াৰ বাবে আলোচনীখনৰ অন্তৰালত থকা সকলোলৈ আমাৰ অশেষ কৃতজ্ঞতা নিবেদিলো আৰু অনাগত দিনত সকলোৰে সহায় -সহযোগিতা কামনা কৰিলোঁ। 



       শেষত জোনাকী (অসমীয়া সাপ্তাহিক ৱেব আলোচনী)

 যি যাত্ৰা সেইয়া সফল আৰু অবিৰত হওক


_________________________________________________



🔵কবিতা শিতান:

                 (১)

🔸  ভোগালী বিহু

                    ✍️হিমাক্ষী (হেপী) কলিতা
                           - মাজ জালভাৰী -


পুহ মাহৰ ঘটিল সমাপ্তি
আহি পালেহি চেনেহৰ ভোগালী,
গাঁৱে গাঁৱে ঢেঁকীৰ মাত
খোন্দে চিৰা,সান্দহ আৰু পিঠাগুড়ি।

একতা,সম্প্ৰীতিৰে বিৰাজমান
ভোগালী বিহুটি,
ভোগৰ ভোগেৰে আজি
ঘৰ উভৈনদী।

উৰুকাৰ নিশাৰ বাবে
ভেলা ঘৰৰ সৃষ্টি,
হিম শীতল পুৱাতেই
মেজি জুই উঠে জ্বলি।

ভেলাঘৰ সাজে
বাহঁ,বেট আৰু খেৰে,
সকলোৱে আনন্দৰ
লহৰ তোলে।

মেজি জুইৰ
উত্তপ্ত শিখা,
দপদপকৈ জ্বলে
পুৱতি নিশা।

সূৰ্য আৰু অগ্নি দেৱতাক
নৈবেদ্য হিচাপে পূঁজা হয়,
অন্ধকাৰৰ ওপৰতো হয়
পোহৰৰ জয়।

চাউল,মাহজাতীয় শস্য
ঘিউ, আৰু পিঠা জলপান,
মেজিৰ অগ্নিক
দান কৰা হয়।


_________________________________________________

                          (২)

🔹ভোগালী বিহু

                               ✍️ নিজৰা বৰ্মন ডেকা 


পুহ মাহৰ বোকোচাত উঠি
ঠেটুৱৈ লগা ঠাণ্ডাত  
ভোগৰ বিহু ভোগালী 
আহিছে  যে সাজি কাচি ।
আই মোক কাইল ৰাতিপুৱা
 সোনকালে   জগাবা দেই
 দোকমোকালিতে গা ধুই 
যাম গৈ মেজিৰ কাষলৈ 
নহ'লে যে এই দিন নাপাম দুনাই ।
মই হ'লে আই বাহি গা-ৰে
নাচাপিম মেজিৰ কাষ 
শীতল পানীৰেই গা-টি তিয়াই 
মেজিৰ জুইত জনাম প্ৰণাম ।
সেয়েহে আই  উৰুকাৰ ৰাতি 
মাহ প্ৰসাদৰ খোল এটি 
সযতনে থবাচোন সাজি 
মেজিৰ কাষত থাপনা পাতি 
জুই দিম হৰিনাম গাই ।
ম'হৰ শিঙাৰে ৰজনজনাই 
চৌদিশ আলোড়িত কৰি 
ভোগালী বিহুৰ শুভেচ্ছা
 জনাম মই জগত খনিক ।
ভোগালী বিহুত সবে আদৰ যাচে 
ইঘৰে সিঘৰক বিহু খাবলৈ মাতে 
সেয়েহে ভোগালী বিহু মোৰ 
বৰ ভাল লাগে ।
কাইলৈ আই মোক 
সোনকালে জগাবা দেই 
দিনটোৰ ভিতৰত এবাৰো হ'লে 
কেটেৰাই নামাতিবা দেই 
অসমীয়াৰ বাপতিসাহোন
 ভোগালী বিহুত ৰাখিছো আশা 
 চিৰদিনলৈ অপায় অমংগল দূৰ হোৱাৰ ।

_________________________________________________

               (৩)
🔸তোমাৰ এটি মিচিকিয়া হাঁহি

                                                               
                            ✍️ শিল্পী দাস
   ভালুকমাৰী ৰাণীপুখুৰী, নগাওঁ
                   ছাত্ৰী, বাণিজ্য শাখা 
                          চতুৰ্থ ষান্মাসিক 
                    লংকা মহাবিদ্যালয়
                           

            

তোমাৰ এটি মিচিকিয়া হাঁহিয়ে-  
দূৰ কৰে মোৰ দুখ, 
দূৰ কৰে মোৰ কষ্ট,
দূৰ কৰে মোৰ ক্লান্তি,                                   
দূৰ কৰে মোৰ দুৰ্বলতা,
দূৰ কৰে মোৰ জ্ঞানহীনতা,
দূৰ কৰে মোৰ বিষাদ,
দূৰ কৰে মোৰ অভিমান,
দূৰ কৰে মোৰ অশান্তি।
তেতিয়া,
মোৰ অন্তৰত থকা সৰু ফুলৰ
কলিটি ফুলি উঠে,
মোৰ ব্যৰ্থ জীৱন
আশাৰে ভৰি পৰে,
মোৰ মনৰ সপোনবোৰ
সপোন ৰাজ্যলৈ গুচি যায়। 
মাথোঁ,
তোমাৰ এটি মিচিকিয়া হাঁহিৰ বাবে।
কিন্তু, তুমি ক'ত আজি?
মোৰ দুখ কিয় নুবুজা?
তুমি অবিহনে মই কেৱল অকলশৰীয়া,
আছে তথাপিও অতীতত
কটোৱা তোমাৰ মধুৰ স্মৃতি।
তুমি তো জানা, 
মই বিচাৰি পাওঁ তোমাৰ মাজত
সুখ আৰু শান্তিৰ এখনি
মুক্ত পৃথিৱী।
য'ত মই আপোন মনেৰে
ফূৰি থাকো চৰাইৰ দৰে।
তোমাৰ এটি মিচিকিয়া হাঁহিয়েই
মোৰ জীৱন পাই পূৰ্ণতা।
                                                
_________০০০__________


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...