Tuesday, January 17, 2023

দ্বিতীয় বর্ষ,জানুৱাৰী মাহ,তৃতীয় সংখ্যা,

 🔴দ্বিতীয় বর্ষ⚫️জানুৱাৰী মাহ🔵তৃতীয় সংখ্যা



ম্পাদকীয়,


সাহিত্য মানুহৰ সুকুমাৰ অনুভৱৰ অনুপম সৃষ্টি। চৰ্যাপদৰ সৃষ্টিৰ পৰা বৰ্তমান সময়লৈকে সৃষ্ট সাহিত্যই মানৱ সমাজক প্ৰদান কৰি আহিছে এক অনাবিল সুখানুভূতি। যুগ যুগ ধৰি সাহিত্যই মানুহৰ জীৱনত এক ছাঁৰ দৰে বিৰাজমান কৰি আহিছে।

সাহিত্যৰ বিশাল ক্ষেত্রখনত অসমীয়া সাহিত্যৰ অৱদানো অনুপম। ক্ষুদ্ৰ ভাৰত হিচাপে খ্যাত অসমত নানা জাতি -জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৈচিত্ৰ্যৰ মাজতো ঐক্যতাৰে বসবাস কৰি অহাৰ লগতে অসমীয়া সাহিত্যত তেনে এক বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটিছে। নানান জাতি -জনগোষ্ঠীৰ সামাজিক -সাংস্কৃতিক মেটমৰা বৈশিষ্ট্যৰ পূৰ্ণ অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ ডিজিটেল মাধ্যমৰ যোগেদি নিয়াৰ এক প্ৰয়াসত জন্ম হৈছিল জোনাকী সাপ্তাহিক ই আলোচনী।ডিজিটেল মাধ্যমৰ যোগেদি প্ৰকাশিত মুষ্টিমেয় আলোচনীবোৰৰ মাজত 'জোনাকী সাপ্তাহিক ই আলোচনী' এক নৱতম সংযোজন। ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে প্ৰকাশ হোৱা 'জোনাকী সাপ্তাহিক ই আলোচনী ' প্ৰথম অসমীয়া সাপ্তাহিক ই-আলোচনী। গতিকে সাপ্তাহিক এখনি ই- আলোচনী  প্ৰকাশ কৰাটো অসম্ভৱ যেন লাগিলেও ইতিমধ্যে সফলতাৰে আলোচনীখনে পাঁচটা মাহ অতিক্ৰম কৰিছে আৰু গল্প- উপন্যাস -কবিতা-প্ৰৱন্ধকে আদি কৰি বিভিন্ন শিতানেৰে ৫০ৰো অধিক লেখকৰ মুঠ ৫০০লেখা প্ৰকাশ পাইছে। গতিকে এনে এক অভিনৱ প্ৰয়াসেৰে সাহিত্য অনুৰাগীৰ মাজত অতি  কম সময়তে সমাদৰ বুটলিবলৈ সক্ষম হোৱা সাপ্তাহিক ই-আলোচনীখনৰ অন্তৰালত থকা সকলোলৈকে আমাৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লগতে সাহিত্যৰ ভেঁটি টনকিয়াল কৰাৰ যি মহৎ উদ্দেশ্য আগত ৰাখি সাপ্তাহিক ই- আলোচনীখন  প্ৰকাশ কৰা লগতে সম্পাদনাৰ দায়িত্বৰে এই যাত্ৰাৰ সমভাগী হ'বলৈ সুযোগ দিয়াৰ বাবে আলোচনীখনৰ অন্তৰালত থকা সকলোলৈ আমাৰ অশেষ কৃতজ্ঞতা নিবেদিলো আৰু অনাগত দিনত সকলোৰে সহায় -সহযোগিতা কামনা কৰিলোঁ। 



       শেষত জোনাকী (অসমীয়া সাপ্তাহিক ৱেব আলোচনী)

 যি যাত্ৰা সেইয়া সফল আৰু অবিৰত হওক


_________________________________________________



🔵কবিতা শিতান:

                 (১)

🔸  ভোগালী বিহু

                    ✍️হিমাক্ষী (হেপী) কলিতা
                           - মাজ জালভাৰী -


পুহ মাহৰ ঘটিল সমাপ্তি
আহি পালেহি চেনেহৰ ভোগালী,
গাঁৱে গাঁৱে ঢেঁকীৰ মাত
খোন্দে চিৰা,সান্দহ আৰু পিঠাগুড়ি।

একতা,সম্প্ৰীতিৰে বিৰাজমান
ভোগালী বিহুটি,
ভোগৰ ভোগেৰে আজি
ঘৰ উভৈনদী।

উৰুকাৰ নিশাৰ বাবে
ভেলা ঘৰৰ সৃষ্টি,
হিম শীতল পুৱাতেই
মেজি জুই উঠে জ্বলি।

ভেলাঘৰ সাজে
বাহঁ,বেট আৰু খেৰে,
সকলোৱে আনন্দৰ
লহৰ তোলে।

মেজি জুইৰ
উত্তপ্ত শিখা,
দপদপকৈ জ্বলে
পুৱতি নিশা।

সূৰ্য আৰু অগ্নি দেৱতাক
নৈবেদ্য হিচাপে পূঁজা হয়,
অন্ধকাৰৰ ওপৰতো হয়
পোহৰৰ জয়।

চাউল,মাহজাতীয় শস্য
ঘিউ, আৰু পিঠা জলপান,
মেজিৰ অগ্নিক
দান কৰা হয়।


_________________________________________________

                          (২)

🔹ভোগালী বিহু

                               ✍️ নিজৰা বৰ্মন ডেকা 


পুহ মাহৰ বোকোচাত উঠি
ঠেটুৱৈ লগা ঠাণ্ডাত  
ভোগৰ বিহু ভোগালী 
আহিছে  যে সাজি কাচি ।
আই মোক কাইল ৰাতিপুৱা
 সোনকালে   জগাবা দেই
 দোকমোকালিতে গা ধুই 
যাম গৈ মেজিৰ কাষলৈ 
নহ'লে যে এই দিন নাপাম দুনাই ।
মই হ'লে আই বাহি গা-ৰে
নাচাপিম মেজিৰ কাষ 
শীতল পানীৰেই গা-টি তিয়াই 
মেজিৰ জুইত জনাম প্ৰণাম ।
সেয়েহে আই  উৰুকাৰ ৰাতি 
মাহ প্ৰসাদৰ খোল এটি 
সযতনে থবাচোন সাজি 
মেজিৰ কাষত থাপনা পাতি 
জুই দিম হৰিনাম গাই ।
ম'হৰ শিঙাৰে ৰজনজনাই 
চৌদিশ আলোড়িত কৰি 
ভোগালী বিহুৰ শুভেচ্ছা
 জনাম মই জগত খনিক ।
ভোগালী বিহুত সবে আদৰ যাচে 
ইঘৰে সিঘৰক বিহু খাবলৈ মাতে 
সেয়েহে ভোগালী বিহু মোৰ 
বৰ ভাল লাগে ।
কাইলৈ আই মোক 
সোনকালে জগাবা দেই 
দিনটোৰ ভিতৰত এবাৰো হ'লে 
কেটেৰাই নামাতিবা দেই 
অসমীয়াৰ বাপতিসাহোন
 ভোগালী বিহুত ৰাখিছো আশা 
 চিৰদিনলৈ অপায় অমংগল দূৰ হোৱাৰ ।

_________________________________________________

               (৩)
🔸তোমাৰ এটি মিচিকিয়া হাঁহি

                                                               
                            ✍️ শিল্পী দাস
   ভালুকমাৰী ৰাণীপুখুৰী, নগাওঁ
                   ছাত্ৰী, বাণিজ্য শাখা 
                          চতুৰ্থ ষান্মাসিক 
                    লংকা মহাবিদ্যালয়
                           

            

তোমাৰ এটি মিচিকিয়া হাঁহিয়ে-  
দূৰ কৰে মোৰ দুখ, 
দূৰ কৰে মোৰ কষ্ট,
দূৰ কৰে মোৰ ক্লান্তি,                                   
দূৰ কৰে মোৰ দুৰ্বলতা,
দূৰ কৰে মোৰ জ্ঞানহীনতা,
দূৰ কৰে মোৰ বিষাদ,
দূৰ কৰে মোৰ অভিমান,
দূৰ কৰে মোৰ অশান্তি।
তেতিয়া,
মোৰ অন্তৰত থকা সৰু ফুলৰ
কলিটি ফুলি উঠে,
মোৰ ব্যৰ্থ জীৱন
আশাৰে ভৰি পৰে,
মোৰ মনৰ সপোনবোৰ
সপোন ৰাজ্যলৈ গুচি যায়। 
মাথোঁ,
তোমাৰ এটি মিচিকিয়া হাঁহিৰ বাবে।
কিন্তু, তুমি ক'ত আজি?
মোৰ দুখ কিয় নুবুজা?
তুমি অবিহনে মই কেৱল অকলশৰীয়া,
আছে তথাপিও অতীতত
কটোৱা তোমাৰ মধুৰ স্মৃতি।
তুমি তো জানা, 
মই বিচাৰি পাওঁ তোমাৰ মাজত
সুখ আৰু শান্তিৰ এখনি
মুক্ত পৃথিৱী।
য'ত মই আপোন মনেৰে
ফূৰি থাকো চৰাইৰ দৰে।
তোমাৰ এটি মিচিকিয়া হাঁহিয়েই
মোৰ জীৱন পাই পূৰ্ণতা।
                                                
_________০০০__________




                             (৪)

🔹উৰুকা

                   লক্ষীন্দ্ৰ জুমন গগৈ
                       ঢকুৱাখনা

আজি ভোগালীৰ উৰুকা ।
উৰুকাৰ নিশাৰ এই মধুৰ ক্ষণত
একতাৰে সকলোৱে ভোজ ভাত খাম,
মাজ নিশা স্নান কৰি মেজি জ্বলাম ।
তাতেই জ্বলাই দিম দুখৰ ভঁৰালটি,
বুটলি আনিম সুখৰ ৰেঙনি ।

মেজিৰ জুইৰ দৰে উজ্জ্বল হওঁক
আমাৰ জীৱনৰ লক্ষ্যটি,
তেতিয়াহে অন্ধকাৰৰ মাজতো লক্ষ্য ভেদ কৰি
কঢ়িয়াই আনিব পাৰিম প্ৰাপ্তিৰ টোপোলাটি ।

অ'ত কষ্টৰে সজা ভেলা ঘৰটি
জ্বলাই দিম আমি উৰুকাৰ ৰাতি ।
তাতেই জ্বলি যাব
দুখ-ভাগৰ আৰু অশান্তিৰ বোজাখিনি ।

এইয়াই অসমীয়াৰ বাপতি সাহোন ভোগালী ।

     
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°


                         (৫)

🔸আদৰৰ ভন্টীজনী




মনত পৰিছে বৰকৈ তোৰ কথা 
ভাঁহি উঠিছে সেই দিনবোৰ
উদুলি-মুদুলি উৰি ফুৰা ক্ষণবোৰ
এটি-দুটিকৈ বাগৰিছে দিন
সময় বৰ নিষ্ঠুৰ
নাই ভ্ৰক্ষেপ, নকৰে অপেক্ষা
কেৱল মাথোঁ যায় আগুৱাই। 

তই যে কেতিয়া ডাঙৰ হ'লি গমেই নাপালোঁ
সৌ সিদিনাখন তইচোন পঢ়িছিলি
পঞ্চম শ্রেণীত
তাৰ পিছত মেট্রিক, হায়াৰ ছেকেণ্ডাৰী
অ' তইচোন বি, এ পাছোঁ কৰিলি
মোৰে দেখোন মনতে নাই অ'। 

অ' মাজতে তয়ে চোন মুৰব্বী হ'লি ঘৰখনৰ
প্ৰতিজনৰ প্ৰয়োজন, কৰ্তব্য কিম্বা ভোজনৰ তাগিদা
কি যে তোৰ বাহাদুৰী! 
সৱেই যেন তোৰ কথাত উঠা-বহা খেলে। 
একমাত্র তয়েচোন আলাসৰ লাড়ু
পাপা-মা,ককায়েক আনকি ককাকৰো। 

হয়, আজি বোলে তোৰ বিয়া
বিশ্বাসেই নহয় বুজিছ
সিদিনাৰ ছোৱালী জনীও বিয়া হয়! 
ঘৰখনৰ সৱেই যেন গোপনে গোপনে চকুলো টুকে
মন বোৰ কিয় বাৰু সেমেকি আছে 
তয়েচোন শিক্ষাগুৰু ৰূপে শাসন কৰিছিলি
আজি দে চোন বুজনি সৱকে
নোৱাৰ, বুজিছ নোৱাৰ। 

প্ৰকৃতিৰ নীতি মানিব লাগিব
কিন্তু, ৰৈ যাব কিছু স্মৃতি
খেলপথাৰ সদৃশ চোতালখনি যেন নিস্তব্ধ হৈ পৰিব
বাগিচাৰ ফুলবোৰে হয়তো বিচাৰিব
পাপা-মাকে সঘনাই তোক মাতিব
আৰু ককায়েকৰ কামবোৰ হয়তো পৰি ৰ'ব
আধৰুৱা হৈ। 

তই ভালে থাকিবি অ' ভনীটি
যুগ্ম জীৱনৰ পাতনি মেলিব লাগিব
নতুন ঘৰখন আকোঁৱালি লবি
পাৰিলে সাজি লবি সেইখনক
আপোন ঘৰ হিচাপে
হয়তো পাই যাবি আন এটি আলসুৱা পৰিয়াল।

বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
ম'বাইল- 9101130649

_______________________________________________



                  (৬)

🔹ভোগালী



কুঁৱলীৰ বেষ্টনী ফালি ৰিঙিয়াই
আকাশ-বতাহ মুখৰিত কৰি
ঘটিছে মাঘৰ আগমন। 

শীতৰ বোকোচাত গিজ্গিজাইছে
অপাৰ উল্লাসেৰে 
গুণাকৰ অসমীয়াই  আদৰিছে
চেনেহৰ ভোগালীক।

চৌদিশে ৰজনজনাইছে
সু-স্বাদু খাদ্যৰ সুবাসে
সান্দহ, পিঠা , দৈ ৰ স'তে
নানা তৰহৰ লাড়ুৰ জুতিয়ে
মজবুত কৰে সম্প্ৰীতিৰ এনাজৰী। 

ঢেঁকীৰ গুম্‌গুমনিত
আমন-জিমনকৈ থকাজনো 
আনন্দত মতলীয়া হয়
প্ৰেমৰ আবিৰ সিঁচি
ৰঙীণ হয় জগত। 

যুগমীয়া হওঁক মাঘৰ স্মৃতি
প্ৰৱাহিত হওঁক আনন্দৰ স্ৰোত
ঐক্যতাৰ আৱেষ্টনীত
বৈ যাওক শান্তিৰ নৈ
ভ্ৰাতৃত্ববোধত জাহ যাওক তনু-মন।
"""""""""""""""""""""""""""""""""""""""""""""""""""""
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও

________________________________________________

                      (৭)

🔸প্ৰিয়জনলৈ....

প্ৰগতি গগৈ চাংমাই

হে প্ৰিয়জন
সুখবোৰ ফুলি উঠক,
উশাহে উশাহে আশাই হাঁহি বিৰিঙাই
জীপাল কৰক সকলোৰে জীৱন।
আৰুনো কি লাগে?
লাগে মাথোঁ বিশ্বাস,
মৰমৰ আশ্বাস।
ৰঙাজিঞাৰ দেশত উৰিবলৈ মন
দুপাখি মেলি,
প্ৰাণে প্ৰাণে যাওক
হেঁপাহে ঢৌ তুলি।
আলসুৱা সহস্ৰ কোলাহল
মোৰ মৌনতাৰ সিপাৰে...
কাৰণ...
তুমি..
তোমাৰ বাবেইতো বৰণ সলায়
মোৰ ফেঁহুৰঙী সপোনে।
নিত্য নতুন সুন্দৰ সত্য
বাস্তৱ আৰু কল্পনাৰ,
জীয়া কাহিনী
প্ৰেম আৰু ত্যাগৰ।
সুবিশাল হৃদয়ৰ দুপাৰত
দুটি আতুৰ প্ৰাণ,
আশা কেৱল
মিলনপ্ৰয়াসী।

_______________________________________________

                 (৮)

🔹আপোনাৰ অভিমানৰ বাবে



হেই শুনানা....
    সেই যে এটা গানত আছিলে 
"তুমি অভিমান কৰিবা
   মাথোঁ আঁতৰি নাযাবা
   এই হিয়াতে হিয়াৰে আলহী হৈ"--
   শুনিছা চাগে ন....?
গানটোত কোৱাৰ দৰে মইও কৈছোঁ 
অভিমান কৰিবা
আঁকোৱালি লম মই মৰমেৰে।
কিন্তু আঁতৰি নাযাবা দেই।

তুমিতো জুবিন দাক ভালপোৱা ন..?
তেওঁৰ গীতৰ কথাৰেও কৈছোঁ শুনা
"মোৰ বাবে তুমি
      চিৰ নতুন এটি কবিতা"
সচাই তুমি মোৰ বাবে 
এটি নতুন কবিতা।
যি কবিতাৰ মাজেৰে 
মই নিজকে বিচাৰি পাওঁ।।

✍️কুকী মহন্ত

_____________________________________________

                  
                     (৯)

🔸অন্তহীন প্ৰেম 

                          আব্দুল কাদেৰ মিঞা
                          দক্ষিণ শালমাৰা মানকাচাৰ

তোমাৰ সৈতে কোৱা প্ৰতিটো কথা কবিতা, 
প্ৰতিটো মূহুৰ্ত উৎসৱ।
তুমি যেতিয়া মোৰ পৰা আঁতৰি যোৱা
পৃথিৱীৰ সমস্ত পোহৰ নুমাই যায়
গ্ৰন্থ মেলাখন হৈ পৰে জনশূণ্য 
তোমাক লৈ কবিতা লিখিবলৈ পাহৰি যাওঁ।
তোমাৰ উপস্থিতিত প্ৰতিটো মূহুৰ্ত
ৰবীন্দ্ৰ সংগীতৰ দৰে ধুনীয়া,
মোৰ ক্ষুদ্ৰ হৃদয়ৰ অন্তহীন নদীৰ ঢৌ তুমি!
তোমাৰ হাঁহিৰ অৰ্থ হৈছে
মোৰ জীয়াই থকাৰ মূলমন্ত্ৰ।
তুমি কাষত নাথাকিলে 
পৃথিৱীখন শূণ্য হৈ পৰে,
তোমাৰ লগত কোৱা প্ৰতিটো গোপন কটুক্তি
মোৰ অন্তহীন বসন্তকাল!
তোমাৰ প্ৰতিটো সম্বোধন
নিজৰাৰ কুলু-কুলু ধ্বনি।
তোমাৰ প্ৰতিটো আহ্বান
মোৰ এটি অনন্ত সন্ধিয়া।
সেয়ে তুমি যেতিয়া মোৰ পৰা গুচি যোৱা
মুহুৰ্ততে হৃদয়ৰ নদীপথ বন্ধ হৈ পৰে,
পদ্মাৰ ৰূপালী ইলিছে তেওঁৰ সৌন্দৰ্য্য হেৰায়
ফুলনিখন হৈ পৰে মৰুভূমি!
যেতিয়ালৈকে তুমি মোৰ ওচৰত থকা
তেতিয়ালৈ থাকে সপ্তৰ্ষি-মণ্ডল
মুৰৰ ওপৰত থাকে ৰাতিৰ তৰাভৰা আকাশ,
তোমাৰ হাত খন যেতিয়ালৈকে মোৰ হাতত থাকে
তেতিয়ালৈকে দেখা পাওঁ ইন্দ্ৰজাল
আঙুলিত নাচে চঞ্চল হৰিণা,
তুমি নিচেই মোৰ ওচৰত আহিলে
দূৰৈৰ নীলা আকাশখন নামি আহে,
তোমাৰ উপস্থিতিত প্ৰতিটো মূহুৰ্ত
সংগীতৰ অপূৰ্ব অজ্ঞানতা
যেন কাৰো অবিৰল গাৰ অশ্ৰুপাত,
তোমাৰ প্ৰতিটো কাব্য
এটি এটি কবিতা
প্ৰতিটো শব্দ যেন শুভ্ৰ শিশিৰ।

_____________________________________________


                   (১০)

🔸মই সুখী হ'ম কেনেকৈ মা



                         ✍️ শিল্পী দাস  ভালুকমাৰী ৰাণীপুখুৰী, নগাওঁ  
                                         ছাত্ৰী, বাণিজ্য শাখা
                                          চতুৰ্থ ষান্মাসিক
                                          লঙ্কা মহাবিদ্যালয় 

মই সুখী হ'ম কেনেকৈ মা
দুখৰ ছাড়া লৈ।
মোৰ ভঙা হৃদয় 
ওলট্-পালট্ হোৱা
পাৰ কৰিম কেনেকৈ।
তুমি যে গুচি গ'লা
মোক এৰি থৈ।
মৰমৰ চেনেহবোৰ যেন
এতিয়া মা মিছা।
বুজি পালোঁ মই
জীৱনটো দুদিনীয়া।
তোমাক হেৰাই মা
আছোঁ দুখত এতিয়া।
তোমাৰ স্মৃতিবোৰে মোক
খাঁমুটি ধৰে
পাহৰিব নোৱাৰোঁ
তোমাক মা।

                                         

_____________________________________________


               (১১)

🔹চিলনীৰ জীয়েক



চিলনীৰ জীয়েকজনীটো আমাৰেই জী
নি:কিন ভাৱনাৰ বাবে
জট বান্ধে তাইৰ চুলি।

সভ্যতাৰ পোচাকী নামত অভিমানী
যান্ত্ৰিক অনুসৰণত তাত বহি থাকে
কংক্ৰিট জীৱনৰ উশাহ।

চিলনীৰ বাহত অভাৱৰ কাকৈত লাগি সৰি পৰে সময়ৰ দীঘল জোখ
বাটৰুৱাই ডিঙি মেলি
নিজকে দেখা পায়
নি:স্ব দশাৰ বাবে লাজ দিয়ে
ক্ষণিকতে ৰোহঘৰত উপায় বিচাৰি।

বুকুৰে উম দিয়া পোৱালি টো ,বাহৰ পৰা ধৰি নিয়া পৰত
বিয়াৰ পুৱতি নিশাৰ মাকৰ দৰে
অতীতৰ সুখ দুখৰ যাঠি পাতে
বুকু ফালি থৈ যায়।।


✍️মাণিক চন্দ্ৰ চহৰীয়া

***************-----------------******************

             (১২)

🔸সহজ নহয়


সহজ নহয় হুমুনিয়াহ এৰি
 সুখী আছোঁ বুলি কোৱাটো।
অথবা সহজ নহয়
চকুপানী লুকুৱাই হাঁহি থকাটো।
জীৱনটো এটা ডাঙৰ সাঁথৰ
যি সাঁথৰৰ পাক খুলি 
সদায় জিকি যোৱাটো
সহজ নহয় কেতিয়াও।

সপোন দেখিবলৈ সহজ
কিন্তু সহজ নহয় 
সেই সপোন দিঠক কৰাটো।
"তুমি সলনি হ'লা"----
এই সৰু কথাটো কবলৈ সহজ
কিন্তু সেই বিশেষজন সলনি হৈ যোৱাৰ
কষ্ট সহ্য কৰাটো সহজ নহয়।

এই জীৱনত ওপৰৰ পৰা চাবলৈ গ'লে
সকলোবোৰেই সহজ
কিন্তু সঁচা অৰ্থত জীৱনটো
সহজ নহয় ইমান।।

✍️কুকী মহন্ত

_______________________________________________

               (১৩)

🔹ঐশ্বৰ্য্য 



নিজৰ বুলিবলৈ আছিল মাথোঁ 

পাহাৰ- প্ৰকৃতি, কৃষ্ণচূড়া 

আৰু সূৰ্য উঠা দেশ ,

নিৰ্বাসিত এই  পথত 

নাপাওঁ যদি একো 

তথাপি,  এই নিৰিবিলি, লীলাকেন্দ্ৰত

অহোৰাত্ৰি আহ্বান জনায় 

সৌন্দৰ্য্যৰ মনোৰম মেলাত ।


মই সেই অৰণ্য মানৱৰ 

প্ৰাচীন ৰজন 

যাৰ চকু মুখত  ঢৌৱাই 

বন বিৰিখৰ কেঁচা গোন্ধ , 

দেহৰ প্ৰতিটো ভাঁজে ভাঁজে থাকে 

শেলুৱৈৰঙী আন্ধাৰ ।


 চকু মেলি চোৱাচোন ,

মাটিৰ ধৰনীৰ প্ৰাচীন ৰজা মই 

যাৰ নিজৰ বুলিবলৈ সাঁচি ৰাখিছে 

কত পৰিত্যাক্ত মৰম -ভালপোৱা,

 জোন - জ্যোৎস্নাৰে ভৰা 

আঁউসী জোনাক 

আৰু, 

অতুল ঐশ্বৰ্য্যশালী কত  বিভূতি....

কোটি কোটি চকু পানী !!


- মাৰ্জিনা বেগম (বৰপেটা)

•••••••••••••••●••••••••••••••●••••••••••••••••••••••••


            (১৪)

🔸অভিনন্দন মিছ হৃষিতা পৰাশৰ


হৃষিতা তোমাৰ চকুজুৰি  লৈ চালে মোৰ অনুভৱ হয় যে তুমি মোক ভাল পোৱা।

তুমি নাজানো বুলি ভাবিছা নেকি 

তোমাৰ প্ৰেমৰ সংজ্ঞা।

তুমি যেতিয়া মোলৈ থৰ লাগি চাই থকা তেতিয়াই

পঢ়িছিলোঁ মই তোমাৰ মনৰ কথা।

মই তোমাৰ ওচৰত থাকিলে ।

তোমাৰ সেমেকা মুখখন

উজ্বল হৈ উঠা মই দেখিছোঁ।

তোমাৰ বুকুৰ স্পন্দনত

মোলৈ থকা মৰমৰ 

এটা নিমাত চিঞৰ

শুনিবলৈ পাইছোঁ।

অভিনন্দন তোমাক

তুমি মোৰ প্ৰেমত পৰিছা  ।

অপেক্ষা মাথোঁ বিয়ালৈ।

কুশলে থাকিবা ।


              ✍️ হৃদয় বৈশ্য

    ***************--------------********************


                   (১৫)

🔹তুঁহ জুইৰ উম


উমি উমি জ্বলা

তুঁহ জুই একুৰা 

শিখা নেমেলা

সেই উমৰ পৰা

উপকৃত হয় শীতৰ ধৰা--! 


                আইতাৰ চোতালত 

                 জাৰৰ জুহালত 

                 জতু গৃহৰ একোণত 

                 তুঁহ জুইৰ ধূনি 

                 প্ৰসুতিৰ দেহৰ  

                 সুগন্ধি উমৰ উমনি-

                 পৱিত্ৰতাৰ অৰ্ঘ্য আনি

                 বিতাড়িত খেচৰ ডাইনী

                 অবিশ্বাসী কাহিনী হলেও 

                  অদ্যপি পুতি আছে খোপনি--! 


তুঁহ জুইৰ জ্বলন

চহাৰ মন পথাৰত 

বানে কাঢ়িলে ছান

বোকাৰ ছাউনিত ধান 

আৰ্ত্তৰ উদৰৰ গহ্বৰত

অন্নৰ অভাৱ এমুঠি 

ক্ষোভৰ বিস্ফোৰণ

স্খলিত আবেগ অনুভূতি 

জাতি যদি হয় মেৰুকৰণ--! 


                 প্ৰজাৰ মনত তুঁহ জুই 

                  ৰজাই থাকিলে শুই

                  উমৰ উমনিতে শিখা 

                  বিদ্ৰোহে আনে বৰষা ।


স্তুপিকৃত মূল সূঁতি

অতীতৰ  সংস্কৃতি

আজি মাথোঁ স্মৃতি

তুঁহ জুইৰ ঈষৎ উমে 

নাশক যত চব দূৰ্গতি --! 

_________________________________

✍️আমিৰ হুছেইন আহমেদ ।


_____________________________________________

                          (১৬)


🔸সহ্যহীন বেদনা                                  

                                             ✍🏻 ৰুম্পী দাস

             ভালুকমাৰী ৰাণীপুখুৰী , নগাওঁ (অসম)


     যায় যায় মন যায়

     সব সহ্য কৰিব ,

     নাথাকো যেন

     মায়াময় পৃথিৱীত ।

     এদিন শীতল হৈ পৰিব ,

     সমস্ত শৰীৰ .....।

     সিদিনা হ'ব জানো  

     মোৰ খোজ .....?

     তথাপি কিনো হাহাকাৰ 

     আছো আজি কিদৰে 

     মনৰ বেদনায় নুবোজে ,

     জ্বলে আজি 

     মোৰ বুকু .....।

     আজি কিনো মৰণ ,

     বিচাৰিছিলো জীৱন ।

     আজি কিনো দুখ ,

     বিচাৰিছিলো সুখ ।

     আজি কিনো ভয় ,

     বিচাৰিছিলো সাহস ।

     আজি কিনো পিছপৰি ,

     বিচাৰিছিলো আগবঢ়া ।

     আজি কিনো এন্ধাৰ ,

     বিচাৰিছিলো পোহৰ ।

     মেলিব'নে কেতিয়াবা ,

     হাঁহিৰ সঁফুৰা .....?

     হ'ল আজি হাৰ 

     জিকিব নোৱাৰিলো ,

     সুখৰ কৰিব এই

     জটিল জীৱন ।

     যায় যায় মন যায়

     সব সহ্য কৰিব ,

     নাথাকো যেন

     মায়াময় পৃথিৱীত ।

     হিয়াৰ কোঁহে কোঁহে

     বান্ধিছিলো যাক ,

     এৰি গুচি গ'ল মোক ।

     নুশুনো নুশুনো 

     কিনো হ'ব শুনি .....?

     নাথাকো নাথাকো

     কিনো হ'ব থাকি .....?

     তথাপি ,

     ৰচিম নে কাহানী ।

     সাথঁৰ বনাম নে ,

     মোৰ এই জীৱন ।

     সাঁচিম নে সপোন. ....?

     বিচাৰিছিলোঁ গঢ়া দাপোন ,

     ভাবো আজি নেদেখা

     সকলো আপোন ।

     মৰিলেও নাযাওঁ পাহৰি ,

     মনতে থাকিব উভতি !

     আজিও দেখা পাওঁ ,

     সপোনৰ সাগৰত

     মন মেলি সাঁতুৰি থকা

     সি জন ।

     আহিবনে কেতিয়াবা 

     মোৰ এই কাষত ।

     যায় যায় মন যায়

     সব সহ্য কৰিব ,

     নাথাকো যেন !

     মায়াময় পৃথিৱীত ।।


        _________________________________________


               (১৭)


🔹ভোগালীৰ প্ৰাচুর্য্য


ভোগৰ মহিমাৰে মহিমামণ্ডিত 

উখল মাখল মাঘৰ বতৰ, 

সুস্বাদু খাদ্য-সংস্কৃতিৰে গৰ্বিত 

চহা জীৱনৰ আখল-ঘৰ---! 


শাওণৰ সপোন 

নাচি বাগি ধৰে ঠন

আঘোণত ৰূপ--সোণোৱালী ধান, 

শইচ সোণগুটিৰে 

প্ৰাচুর্য্যৰ ভঁৰাল ভৰে

ভোগালীৰ জলপান-অতিথি আপ্যায়ন ।


বাপতি-সাহোন হেপাঁহৰ ভোগালী 

আগমন যাৰ কুৱঁলী ফালি 

চহাৰ চোঁতালত শেতেলি পাৰে, 

 মুখৰিত হয় উৰুকাৰ গধুলি 

 ভোগৰে মোহিত প্ৰতি পদুলী 

 প্ৰভাতত ঐতিহ্যৰ মেজি পোৰে ।


 সোণগুটিৰ বুকুত পিঠাগুড়ি ৰয় 

 ঢেঁকীৰ আঘাতত স্বৰূপ সলায়

 জীয়ৰী-বোৱাৰীৰ হাতত প্ৰাণ পায় 

পিঠাতে কলাকাৰৰ দিয়ে পৰিচয় ।


ভোগালীয়ে ভোগৰ সুবাস ছটিয়ায় 

আকাশে বতাহেও তাৰ ভাগ লয় 

বাৰ্ষিক প্ৰাচুর্য্যৰ কীৰ্তিৰ স্মৃতি 

এক বিৰল ঐতিহ্যৰ- চহকী সমন্বয় ।


মেজিৰ প্ৰজ্বলিত জুয়ে 

অশুভ নাশৰ বাৰ্তা দিয়ে, 

গাৱেঁ-ভূঞে বয়-উমাল বতাহ, 

 স্বজাতিৰ স্বাভিমান 

বিশ্বৰ বিৰল সন্মান 

ঠাণ্ডাতো- ইয়াৰ পাৰভঙা উচাহ ।


      কিন্তু আজিৰ ভোগালী 

      ধন-ব্যয়ত নাই কৃপণালী 

      ভেলাঘৰ ৰূপী-ৰংঘৰ কাৰেংঘৰ 

      কুতুব মিনাৰ আইফেল টাৱাৰ 

      গঁড় হাতি হেলিকপ্টাৰ আদি সাজি, 

       প্ৰদৰ্শন কৰিছোঁ কাৰিকৰী নিদৰ্শন

        যদিও হৈছে গাঁঠিৰ ধন উছন 

       ৰঙালী-ভোগালী হয় একাকাৰ 

       জাতীয় ভুল নে প্ৰাচুর্য্যৰ চমৎকাৰ? 

      নে কাৰোবাৰ প্ৰচাৰ মুখী কাৰচাজি? 


আমিৰ হুছেইন আহমেদ


_____________________________________________


               (১৮)


🔹অনুভৱ




হাঁহিবোৰে আৱৰি ৰাখিব পৰাকৈ

হয়তো আমি সকলো সুখী।

কিন্তু এই জীৱন নামৰ যুঁজখনত

জিকিব পৰাকৈ আমি সুখী হয় জানো...?

অভাবে জুৰুলা কৰা এটা পৰিয়াল।

যত কেতিয়াবা হাঁহিবোৰৰ বাবেও 

দিব লাগে বুকুৰ এটুপাল তেজ।

যত পেট ভৰে আইৰ চকুলোৰে।

আৰু সপোন দেখিবলৈ শিকা হয়

দেউতাই কৰা কষ্টৰে।

নিজৰ দুখবোৰ লুকুৱাব লাগে 

ভন্টি ভাইটিক মানুহ কৰাৰ বাবে।

তথাপিও কেতিয়াবা হাঁহিব লাগে

মা দেউতাৰ মুখত হাঁহি দেখিবৰ বাবে।।


কুকী


_____________________________________________


                              (১৯)


🔸উৰুকাৰ বজাৰলৈ

     


উৰণীয়া মন আকাশৰ

প্ৰৱাহিত উত্তাল তৰঙ্গৰ সৈতে

উদ্বাউল হোৱা প্ৰতিটো ক্ষণ,

হেঁপাহৰ ভোগালী যে কাষতে.....


পিছে, উৰুকাৰ বজাৰলৈ বুলি

আপোনাৰ পাচলিৰ বাগিচাৰ,

প্ৰাণচঞ্চলা পুখুৰী বা

লহপহীয়া গড়ালৰ পৰা 

কি আগবঢ়াই দিব ?

নে কেৱল ভাৱিছে 

বজাৰলৈ গৈ চালানী বস্তুৰে

মেটমৰা পাহোৱাল হৈ আহিব !


আঘোণৰ সোণালী ভঁৰালৰ

শুভ্ৰ মুকুতাৰ পৰা

এঠা এঠা লগা চেনেহবোৰ

দৈ, মিঠৈৰে জুতি ল'ব পৰাকৈ

উন্মত্ত হৈ পৰিছে.....

আপোনাৰ কৃষিৰ পৰা

শোণিতসাৰুৱা  মৰমখিনি

বুকুৰ জোলোঙাত ভৰিবলৈ ৰৈছে ।


                         

✍🏻 কৌশিক কুমাৰ শৰ্মা,

ৰঙিয়া, কামৰূপ


_________________________________________________


         (২০)


🔸ভোগৰ ভোগালী



ভোগৰ ভোগালী উদুলি মুদুলি

মেজিতে জ্বলালে জুই,

শীতৰ সেমেকা নিয়ৰৰ টোপোলা

বেদনা পেলালে ধুই ।

আঘোণৰ পথাৰত সোণ জিলিকে

আইৰ বুকুত আজি,

সৰগ সোণোৱালী ৰাঙলী বেলিটি

লুইতৰ বালিতে বহি ।



দীপাংকৰ দাস


__________________________________________



                           (২১)


🔸জীৱনৰ ৰঙ



জীৱনৰ ৰঙবোৰ বিচাৰি 

নাখাওঁ কাহানিও হাবাথুৰি 

ভাগৰি পৰিলেও 

এৰি নিদিওঁ কাহানিও ।

হাতৰ লাখুটি । 

যিয়ে দিব মোৰ 

লক্ষ্যৰ দেখুৱাই দুৱাৰ ।

পিছলিব খুজিলেওঁ 

লাখুটিত ভৰ দি 

কাইটিয়া বাটত আগুৱাওঁ ।


✍️ অৰুপ হালৈ


_________________________________________________


                    (২২)


🔹জীৱন বোধ


                                         ✍️ ৰাজ ৰাহুল 

                               


সন্ধিয়া নামিল

জীৱন দিন-পঞ্জীৰ

শেষ হ'ল অন্য এটি দিন--,

আগবাঢ়িছোঁ লাহে লাহে

সেই অন্তিম দিনটোলৈ।


তুমি হতাশ নহ'বা

সকলো দি যাম

যোৱাৰ আগতে--!

কি আছে নাজানো

যি আছে তাৰেই সজাম

থকা দিনকেইটা।


তুমি হাঁহিবা

মই কথা ক'ম

মই হাঁহিম

তুমি কথা ক'বা

জীৱনৰ ৰঙবোৰ

ভগাই যাবা--!


অন্তহীন প্ৰয়োজন

জীৱন জীবলে,

জীৱননো কি--

জীয়াই থকালৈকেহে--!


আমি নকওঁ

নোপোৱাৰ কথা,

যি পালোঁ

তাৰেই লিখি যাম--__

জীৱন মালিতা

আৰু অন্তিম দিনত

সামৰিম জীৱন গাথা...।


__:______::______________________________

             

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...