🟡অলপ সুৰুঙা পালেই নাপাহৰিবা নিজকে....
অলপ সুৰুঙা পালেই যত ৰদেঢকা তোমাৰ বেৰৰ জলঙাৰে
বাৰিষাৰ বৰষুণ যাক সোমাই আহে
ৰদঘাই বুলি নাভাবিবা
তোমাৰ ঘৰটো
কিম্বা চুবুৰীটো....।
নাভাবিবা এবাগৰ মাৰিব পৰাকৈ
বাঁহৰ বিছনা খন পালা বুলিয়েই
ছালপীৰা খনো ৰজাই
তোমাকে দিব বুলি।
ৰজাই ভাল দেশে যাক
মাটি ভেটি নালাগে তাক
কিন্তু ৰজাৰ ৰোষত পৰে যি
উধাৰিব নোৱাৰিব সি
কাৰণ তুমি ৰজাৰ পছন্দৰ হব পাৰা
ৰজা কেতিয়াও তোমাৰ হব নোৱাৰে।
ৰজা সদায় সকলো
প্ৰজাৰ বাবে এখন আকাশ হৈ পৰে
যি তোমাৰেই নহয়
সকলোৰে বাবে
সুৰক্ষাৰ ঢাল হৈ জীয়ে
জীৱন উজ্বিবিত কৰে সকলোৰে।
সেইবাবে সুখৰ হাইঠা মাটিত পৰিলেই
উৎফুল্লিত নহবা
সুখৰ পাছত দুখেও
তোমাৰ কোলা শুৱাব পাৰে।
✍️প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ
No comments:
Post a Comment