Showing posts with label প্ৰিয়ংকা চমুৱা. Show all posts
Showing posts with label প্ৰিয়ংকা চমুৱা. Show all posts

Tuesday, February 21, 2023

অলপ সুৰুঙা পালেই নাপাহৰিবা নিজকে

🟡লপ সুৰুঙা পালেই নাপাহৰিবা নিজকে....


                

                               

অলপ সুৰুঙা পালেই যত ৰদেঢকা তোমাৰ বেৰৰ জলঙাৰে

বাৰিষাৰ বৰষুণ যাক সোমাই আহে

ৰদঘাই বুলি নাভাবিবা 

তোমাৰ ঘৰটো 

কিম্বা চুবুৰীটো....।


নাভাবিবা এবাগৰ মাৰিব পৰাকৈ

বাঁহৰ বিছনা খন পালা বুলিয়েই

ছালপীৰা খনো ৰজাই 

তোমাকে দিব বুলি।


ৰজাই ভাল দেশে যাক

মাটি ভেটি নালাগে তাক

কিন্তু ৰজাৰ ৰোষত পৰে যি

উধাৰিব নোৱাৰিব সি

কাৰণ তুমি ৰজাৰ পছন্দৰ হব পাৰা

ৰজা কেতিয়াও তোমাৰ হব নোৱাৰে।


ৰজা সদায় সকলো 

প্ৰজাৰ বাবে এখন আকাশ হৈ পৰে

যি তোমাৰেই নহয়

সকলোৰে বাবে 

সুৰক্ষাৰ ঢাল হৈ জীয়ে

জীৱন উজ্বিবিত কৰে সকলোৰে।


সেইবাবে সুখৰ হাইঠা মাটিত পৰিলেই

 উৎফুল্লিত নহবা

সুখৰ পাছত দুখেও 

তোমাৰ কোলা শুৱাব পাৰে।


✍️প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ 


Tuesday, December 06, 2022

পথৰুৱা সপোন:প্ৰিয়ংকা চমুৱা

পথৰুৱা সপোন
            প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ, ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮



ৰ'দজাক মাটি হল

মাটিবোৰ ৰ'দ

ধোৱাময় সপোনবোৰ

তমোময় হ'ল

পিয়লাৰ চাহকাপ চেচা পৰি ৰ'ল

নাঙলৰ মুঠিৰ টান হাতখন

আজি জেঠৰ বাৰ খৰত জঠৰ

শাওণী অসুখটোৰ হাত ধৰি

আইৰ আখলত ধোৱাবোৰ গধূৰ হ'ব

চকুলোৰ ওজন বাঢ়িব বাইদেউৰ

ফলি পুথি সামৰি ককাইদেউ ঘৰমুৱা হব

বুকুত সামৰি থৈ

ডাঙৰ মানুহ হোৱাৰ সপোনটো

আৰু মই,,,,,

কায়াহীন ছায়াৰ হাত ধৰি এইয়া উজনিৰ ৰেলৰ ডবাত

পিছলৈ এৰি আহিছো  সপোনবোৰ

দেউতাৰ ঘোলা চকুজোৰত

চাব নুখুজো আৰু চকুলো

মই  ছদ্মবেশী ভাৱৰীয়া হ'লো

জীৱনৰো সপোনৰো৷

অণুগল্প--অলিখিত

 অণুগল্প-- 

    অলিখিত



      পুৱাৰ পৰা বিচাৰি বিচাৰি বেলি লহিওৱাৰ পৰত তাই মানুহটো থকা ৰূমটো বিচাৰি ওলিয়ালে ।

      গুৱাহাটীৰ মেপ প্ৰতিদিনে সলনি হয় । পতাক ভাঙে, ভঙাক পাতে ।  ভায়েকটো আছিল বুলিহে লগত ।

        পিছে আজি কালি সি তাত নাথাকে । আগতে ডেৰ বছৰ মান তাই জগতৰ  লগত পলাই আহি তাতে আছিল । সেয়েহে ঘৰৰ মালিকে তাইক চিনি পালে । তেওঁ জনালে সি আজি কালি শান্তি পাৰাত থাকে । পিছে তাক জগত নহয় JD বুলিহে জানে সেই ঠাইত । কাষত সাতমহীয়া কেচুৱাটো লৈ ওৰে দিন ঘুৰি ঘুৰি ভাগৰ লাগিছে যদিও মানুহটো বিছাৰি যাবই লাগিব । আজি সম্পূৰ্ণ এটা বছৰ মানুহ টোৰ খবৰ খাতি নাই । তাইৰ গাত লেঠা হোৱা বাবে শাহুৱেকে তাইক জগতৰ লগত গুৱাহাটীলৈ আকৌ নপঠালে । এনেকুৱা অৱস্থাত এৰি অহা মানুহ জনীৰ এটা খবৰ কৰা নাই । মনত অনেক অমংগলীয়া চিন্তা লৈ অগত্যা তাক বিচাৰি আহিবলৈ তাই বাধ্য হ'ল । প্ৰথমে কামৰ হেঁচাত সময় নোপোৱা বুলিয়ে ভাৱিছিল তাই ।

         চিকিমিকি বেলিকা যেনেতেনে ঘৰটো ওলিয়ালে। কলিং বেলটো টিপি দিয়াত এগৰাকী আদহীয়া মহিলা ওলাই আহি তাইৰ মূৰৰ পৰা ভৰিলৈকে নিৰিক্ষণ কৰি কাক বিছাৰিছে শুধিলে । তাই উত্তৰ দিয়াৰ আগতেই হাতকটা মেক্সি পিন্ধা এজনী গাভৰু ওলাই আহিল । 

   অ' এইজনী বিনিতা ! আগতে সিহঁত থকা ভাৰা ঘৰৰ লগতে কাষৰ ৰূমটোত আছিল । 

--- আহক এইটো জগত দাস মানে মোৰ হাচবেণ্ড JD ৰে ঘৰ । এইয়া মোৰ মা । পিছে আপুনি কিয় আহিলে ? এওঁ আহিপোৱাৰ আগতেই আপুনি যাবগৈ লাগিব । 

     কোলাত থকা কেচুৱাটোৱে ভোক আৰু টোপনিত কলমতিয়াইছে তাইৰো মূখৰ মাত  হৰিল । মূৰটো আচন্দ্ৰাই কৰি আহিছে । ভায়েকে কথাৰ কটাকটি কৰিছে । এসময়ত ভায়েকে তাইৰ হাতত ধৰি ভিতৰলৈ একপ্ৰকাৰ চুচৰাই লৈ গ'ল । তাই ধুঁৱলী কুঁৱলীকৈ এটা ফটো ফ্ৰেমত জগতে বিনিতাক সাৱতি ধৰি থকা ফটো এখন দেখিলে । ফ্ৰেমটো পুৰণি , যিটো ফ্ৰেমত সজতনে বন্ধাই থৈ গৈছিল জগতৰ লগত তাইৰ যুগ্ম ফটো । ধুনীয়াকৈ সজাই থোৱা চেণ্টাৰ টেবুলত বিনিতাই ওলিয়াই দেখুৱালে সিঁহতৰ কৰ্ট মেৰিজ চাৰ্টিফিকেট । প্ৰেমত পৰি গন্ধৰ্ব বিবাহ কৰোৱা বাবে যিখন তাইৰ হাতত নাই ,চতুৰ বিনিতাৰ হাতত আছে ।


প্ৰিয়ংকা চমুৱা


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...