গোপনে গোপনে
আঁতৰি আহিলোঁ
তোমাক নজনোৱাকৈয়ে--!
মৰীচিকাৰ পিছে পিছে
কিমান থাকিম দৌৰি ?
তোমাৰ মৌনতাৰ পৃথিৱীত
নাবাজে জোনাকৰ সুহুৰি
ফাগুনৰ পছোৱাইও উৰুৱাব নোৱাৰে
তোমাৰ ৰিহাৰ আঁচল--;
পলাশে তোমাৰ ওঁঠৰ উপত্যকাত
সানিব নোৱাৰে ৰঙৰ বোল,
নাজানো ক'ত হেৰাল
তোমাৰ ওঁঠৰ হাঁহি।
যাত্ৰীবিহীন ডিঙা লৈ
কিমাননো হ'ম বিফল নাৱৰীয়া ?
তোমাৰ ঘাটত
বতাহতো নানাচে শুকুলা কঁহুৱা,
তুমি তপস্বিনী
তুমি পাষাণ প্ৰতিমা
ভোমোৰা হৈ চুমিবলৈ নাযাওঁ
তোমাৰ নিচ্ছল ফুলৰ পাপৰি
সেয়ে আঁতৰি আহিলোঁ
তোমাক নজনোৱাকৈয়ে--
গোপনে--গোপনে...।
✍️ আয়নাল চৌধুৰী
ধুবুৰী , আগমণি
No comments:
Post a Comment