Tuesday, February 21, 2023

গোপনে গোপনে

 গোপনে গোপনে

                                                  


আঁতৰি আহিলোঁ

তোমাক নজনোৱাকৈয়ে--!

মৰীচিকাৰ পিছে পিছে

কিমান থাকিম দৌৰি ?


তোমাৰ মৌনতাৰ পৃথিৱীত

নাবাজে জোনাকৰ সুহুৰি

ফাগুনৰ পছোৱাইও উৰুৱাব নোৱাৰে

তোমাৰ ৰিহাৰ আঁচল--;

পলাশে তোমাৰ ওঁঠৰ উপত্যকাত

সানিব নোৱাৰে ৰঙৰ বোল,

নাজানো ক'ত হেৰাল

তোমাৰ ওঁঠৰ হাঁহি।


যাত্ৰীবিহীন ডিঙা লৈ

কিমাননো হ'ম বিফল নাৱৰীয়া ?

তোমাৰ ঘাটত

বতাহতো নানাচে শুকুলা কঁহুৱা,

তুমি তপস্বিনী

তুমি পাষাণ প্ৰতিমা

ভোমোৰা হৈ চুমিবলৈ নাযাওঁ

তোমাৰ নিচ্ছল ফুলৰ পাপৰি

সেয়ে আঁতৰি আহিলোঁ 

তোমাক নজনোৱাকৈয়ে--

গোপনে--গোপনে...। 


✍️  আয়নাল চৌধুৰী 

     ধুবুৰী , আগমণি 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...