প্ৰবন্ধ:
কিতাপ পঢ়াৰ বাবে লজ্জিত মই
কিতাপ জীৱনৰ অবিচ্ছেদ্য অংগ। কিতাপৰ পৰিসৰ সাগৰতকৈও বিশাল। মই কিতাপ পঢ়ি ভাল পোৱা ছাত্ৰ। নিয়মিতভাৱে জিলা পুথিভঁৰালৰ পৰা বিভিন্ন কিতাপ সংগ্ৰহ কৰি পঢ়ো। মই বিভিন্ন ঠাইত ভ্ৰমণ কৰিবলৈ গ'লে সেই সময়ত মোৰ বন্ধু হৈ পৰে কিতাপ। বহু লোকে মোক কিতাপ পঢ়া দেখিলে ঠাট্টা কৰে। বিশেষকৈ আমাৰ নতুন প্ৰজন্মই।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বৰ্ষতকৈও অধিক হ'ল। শিক্ষা ইমান দ্ৰুত গতিত গৈ থকাৰ পিছতো কিয় কিতাপ পঢ়াৰ বাবে লজ্জিত হও মই। আমি যদি কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে কিতাপ পঢ়ো তেন্তে সেয়া ভুল ধাৰণা। কাৰণ শিক্ষা আমি লোৱাৰ পাছত সেই শিক্ষা যদি বাস্তৱত ৰূপায়িত কৰিবলৈ নোৱাৰোঁ তেন্তে সেই শিক্ষা গ্ৰহণ কৰাৰ মূল্য কি থাকিল? কিতাপে নতুন জীৱনৰ সন্ধান কৰি বিশ্বক আগবঢ়ায় লৈ গৈছে। কিতাপ হৈছে মানুহৰ সকলোতকৈ ভাল বন্ধু। সেইবাবে আমি সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা উচিত। বিজ্ঞানে যিমানেই উন্নতি সাধন নকৰক কিয় কিতাপ অবিহনে যেন মানৱ জীৱনৰ শিক্ষা আধৰুৱা।কিতাপৰ অধিকতকৈ অধিক প্ৰচাৰ হ'ব লাগে। আহক ৰাইজ কিতাপেৰে ভৰপূৰ এখন মুক্ত সমাজ গঢ়ো।
নাম: মোস্তাকিন শ্বেখ
শ্ৰেণী: অষ্টম 'খ'শাখা
নগাঁও চৰকাৰী উ:মা: বালক বিদ্যালয়
দূৰভাষ: ৮৬৩৮৮৬৪২২০
No comments:
Post a Comment