তোলনীয়া
ছোৱালীজনীৰ নৃত্যত সভাঘৰত থকা সকলোৱে একেমুখে তাইক প্ৰশংসা কৰা দেখি বিমলাৰ মনটো অলপ মৰহি গ'ল। কাৰণ তাইৰ জীয়েক দীক্ষাই নাচিবও নাজানে, পঢ়া-শুনাটো বৰ ভাল নহয়। সেয়ে তাইৰ এটা স্বভাৱ আছে - আনৰ ল'ৰা-ছোৱালীৰ ভাল হোৱাটোও দেখিব নোৱাৰে। টুটকীয়া স্বভাৱটোৰ বাবে গাঁৱৰ আন মানুহেও বিমলাক বেয়া পায়। তথাপি গাঁৱৰ জ্ঞাতি বুলিয়েই একো নোকোৱাকৈ থাকে। ইঘৰৰপৰা গৈ সিঘৰত কথাৰ মহলা মাৰি, চাহৰ জুতি লৈ সময় পাৰ কৰা মানুহ বিমলা। মুখলৈ যি আহে তাকে বলকি দিয়ে। এইবোৰ দেখি-শুনি ৰূপালীৰ টিঙিচকৈ খং এটা নুঠা নহয়। বহুত ধৈৰ্যৰে বহি থাকে। কিমান আৰু আনৰ গুণানুকীৰ্তন শুনিব। আনৰ চৰ্চা কৰাটোও বেয়া কথা। এনেয়ে অ' বুলি শলাগি থৈ দিয়ে।
"সেইজনীৰ বিয়া হোৱা আজি বাৰ বছৰ হ'ল। ল'ৰা-ছোৱালীৰ মুখ দেখাই নাই। বাঁজী তিৰোতা"
ৰূপালীয়ে মুখ পাতি কৈয়েই দিয়ে- " অ' পেহী তেনেকৈ কিয় কৱ? তয়ো জানো তিৰোতা মানুহ নহৱ?"
"থ থ । তোৰ সেই জ্ঞানবোৰ। হেৰৌ তাইৰ কথা ক'লত তোৰ গা পুৰিবলৈ কি হ'ল?"
"পেহী , এইবোৰ কথা পাতিবলৈ আমাৰ ঘৰলৈ নাহিবি। মই কিন্তু বেয়া পাওঁ।"
" হ'ব দে , নাহো। সঁচা কথা ক'লে অমুকী বেয়াই।"
এই সকলোবোৰ কথা প্ৰণীতাৰ কাণত পৰেগৈ। উপায়তো নাই। সহিবই লাগিব। মিছাতো কোৱা নাই। তথাপি মনটোত দুখ লাগে তাইৰ । বুকুখন গধুৰ হৈ পৰে। সঁচাকৈয়ে তাইৰো যদি সন্তান এটি থাকিল হয় ! কিমান ভাল লাগিলহেঁতেন। ভগৱানেও জানো কিহৰ শাস্তি দিছে? সন্তান এটি থকাহ'লে কিমান মৰমত ৰাখিলহেঁতেন--এইবোৰ ভাবি দিন পাৰ কৰে।
অৱশেষত এদিন তাইৰ ভাগ্য উদয় হ'ল।
ৰাতিপুৱাই কেঁচুৱাৰ মাতত সিহঁতৰ চুবুৰীটো সৰৱ হৈ উঠিল। কেঁচুৱাৰ কান্দোন শুনি তায়ো উধাতু খাই লৰি গ'ল। ওচৰ পোৱাত দেখিলে সিহঁতৰ বাৰীৰ ভলুকাজোপাৰ গুৰিত (ৰাস্তাৰ কাষত) কোনোবাই কেঁচুৱা এটি পেলাই থৈ গৈছে। কোনেও কোঁচত তুলি লোৱা নাই। ''ক'ৰ কেঁচুৱা, কোনে লয়। জাত বা কিহৰ?''
মানুহবোৰ যে আৰু! কেঁচুৱাৰো জাত-পাত বিচাৰি আছে। মুখৰ ভিতৰতে ভোৰভোৰাই তাই কেঁচুৱাকণ তুলি ধৰি বুকুৰ মাজত সোমোৱাই ল'লে। কণমানি ছোৱালীটিয়েও প্ৰণীতাৰ কোঁচত সোমায়েই মনে মনে থাকিল যেন নিজৰ মাককহে বিচাৰি পালে। গাঁৱৰ সকলোৰে সন্মুখত তাই কৈয়েই দিলে
-- "আজিৰ পৰা ময়েই তাইৰ মাক। মই তুলিম তাইক। ডাঙৰ কৰিম। "
---তাইৰ পাছে পাছে অহা পুতুলে ভালেই পালে। সিও কথাটোত হয়ভৰ দি কেঁচুৱাকণক মৰমৰে হাত বোলাই দিলে।
দুয়ো কণমানি কেঁচুৱাকণৰ নাম প্ৰয়াসী ৰাখিলে আৰু আজি সেই প্ৰয়াসীয়েই নৃত্যৰে সকলোৰে মন মুহিলে। জাওৰিয়ে জাওৰিয়ে অহা হাত চাপৰিত তাই নিজক পাহৰি যোৱা নাই। তাইৰ হাতত বিচাৰকে যেতিয়া নগদ ধন আৰু বঁটা তুলি দিলে , বিচাৰকৰ অনুমতি লৈ তাই মাক-দেউতাকক নিজৰ ওচৰলৈ মাতিলে আৰু বঁটা আৰু টকাখিনি মাক-দেউতাকৰ হাতত গতাই দিলে। দুয়োৰে চৰণ চুই তাই আৱেগিক হৈ পৰিল।
বক্তব্যৰ মাজতে তাই কৈ উঠিল-
" মোৰ মা-দেউতাই মোৰ বাবে বহুত কষ্ট তথা ত্যাগ স্বীকাৰ কৰিছে। তেওঁলোকৰ তুলনা নাই। মোক বহুতে মোৰ নিজৰ মা-দেউতা নহয় বুলি কয়। কিন্তু মই আজিলৈকে এওঁলোকৰ মাজত এনেকুৱা একো অভাৱ দেখা নাই যে মই নিজৰ মা-দেউতা বুলি মানি নলম। নিজৰ সন্তান হিচাপে মোক ডাঙৰ-দীঘল কৰিছে, মৰম দিছে। ইয়াতকৈ মোক আৰু কি লাগে?"
প্ৰণীতা আৰু পুতুলে দুচকুৰ ভাষাৰে পলকতে বুজি উঠিল কেঁচুৱাকণ তুলি সিহঁতে একো ভুল কৰা নাছিল। এয়া কোনোবা জনমৰ পুণ্যৰ ফল।
এইবোৰ দেখি বিমলাই সভাঘৰৰ পৰা পলাব বিচাৰিছিল। যিজনী প্ৰণীতাৰ কথা আনৰ আগত গাই ফুৰে,, ….. যিজনী ছোৱালীক নিজৰ মাক-দেউতাক নহয় বুলি কৈছিল , তোলনীয়া ল'ৰা -ছোৱালী ভাল নহয় -এইবোৰ। সেইজনী ছোৱালী আজি ইমান ভাল হ'ল। এইবোৰ ভাবি ভাবি যাওঁতে উজুটিত পৰিব খুজিছিল । প্ৰয়াসীয়ে থাপ মাৰি ধৰি পৰাৰপৰা বচালে।
"আই অ' ! মোক ক্ষমা কৰিবি। আগতে যিবোৰ কৈছিলোঁ পাহৰি যাবি।"
"পেহী আইতা! মই আপোনাক অকণো বেয়া পোৱা নাই। সময়ে মানুহক ক'ৰপৰা ক'লৈ লৈ যায় কোনেও ক'ব নোৱাৰে। আজিৰ ভাতসাঁজ আমাৰ ঘৰতে একেলগে খাম ব'লক।"
বিমলাই সোলা হাঁহি এটা মাৰিলে।
গল্পকাৰৰ ঠিকনা-
প্ৰগতি গগৈ চাংমাই
সহ: শিক্ষয়িত্ৰী
৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়
ডাকঘৰ-চকীমুখ, (নাজিৰা)
পিন-৭৮৫৬৮৫
ফোন-৭০৮৬১৩৭৯০২
জিলা-শিৱসাগৰ।
No comments:
Post a Comment