Showing posts with label প্ৰগতি গগৈ চাংমাই. Show all posts
Showing posts with label প্ৰগতি গগৈ চাংমাই. Show all posts

Tuesday, February 28, 2023

তোলনীয়া:প্ৰগতি গগৈ চাংমাই

 তোলনীয়া




   ছোৱালীজনীৰ নৃত্যত সভাঘৰত থকা সকলোৱে একেমুখে তাইক প্ৰশংসা কৰা দেখি বিমলাৰ মনটো অলপ মৰহি গ'ল। কাৰণ তাইৰ জীয়েক দীক্ষাই নাচিবও নাজানে, পঢ়া-শুনাটো বৰ ভাল নহয়। সেয়ে তাইৰ এটা স্বভাৱ আছে - আনৰ ল'ৰা-ছোৱালীৰ ভাল হোৱাটোও দেখিব নোৱাৰে। টুটকীয়া স্বভাৱটোৰ বাবে গাঁৱৰ আন মানুহেও বিমলাক বেয়া পায়। তথাপি গাঁৱৰ জ্ঞাতি বুলিয়েই একো নোকোৱাকৈ থাকে। ইঘৰৰপৰা গৈ সিঘৰত কথাৰ মহলা মাৰি, চাহৰ জুতি লৈ সময় পাৰ কৰা মানুহ বিমলা। মুখলৈ যি আহে তাকে বলকি দিয়ে। এইবোৰ দেখি-শুনি ৰূপালীৰ টিঙিচকৈ খং এটা নুঠা নহয়। বহুত ধৈৰ্যৰে বহি থাকে। কিমান আৰু আনৰ গুণানুকীৰ্তন শুনিব। আনৰ চৰ্চা কৰাটোও বেয়া কথা। এনেয়ে অ' বুলি শলাগি থৈ দিয়ে।

          "সেইজনীৰ বিয়া হোৱা আজি বাৰ বছৰ হ'ল। ল'ৰা-ছোৱালীৰ মুখ দেখাই নাই। বাঁজী তিৰোতা"

          ৰূপালীয়ে মুখ পাতি কৈয়েই দিয়ে- " অ' পেহী তেনেকৈ কিয় কৱ? তয়ো জানো তিৰোতা মানুহ নহৱ?"

            "থ থ । তোৰ সেই জ্ঞানবোৰ। হেৰৌ তাইৰ কথা ক'লত তোৰ গা পুৰিবলৈ কি হ'ল?"

              "পেহী , এইবোৰ কথা পাতিবলৈ আমাৰ ঘৰলৈ নাহিবি। মই কিন্তু বেয়া পাওঁ।"

              " হ'ব দে , নাহো। সঁচা কথা ক'লে অমুকী বেয়াই।"

              এই সকলোবোৰ কথা প্ৰণীতাৰ কাণত পৰেগৈ। উপায়তো নাই। সহিবই লাগিব। মিছাতো কোৱা নাই। তথাপি মনটোত দুখ লাগে তাইৰ । বুকুখন গধুৰ হৈ পৰে। সঁচাকৈয়ে তাইৰো যদি সন্তান এটি থাকিল হয় ! কিমান ভাল লাগিলহেঁতেন। ভগৱানেও জানো কিহৰ শাস্তি দিছে? সন্তান এটি থকাহ'লে কিমান মৰমত ৰাখিলহেঁতেন--এইবোৰ ভাবি দিন পাৰ কৰে। 

              অৱশেষত এদিন তাইৰ ভাগ্য উদয় হ'ল। 

          ৰাতিপুৱাই কেঁচুৱাৰ মাতত সিহঁতৰ চুবুৰীটো সৰৱ হৈ উঠিল। কেঁচুৱাৰ কান্দোন শুনি তায়ো উধাতু খাই লৰি গ'ল। ওচৰ পোৱাত দেখিলে সিহঁতৰ বাৰীৰ ভলুকাজোপাৰ গুৰিত (ৰাস্তাৰ কাষত) কোনোবাই কেঁচুৱা এটি পেলাই থৈ গৈছে। কোনেও কোঁচত তুলি লোৱা নাই। ''ক'ৰ কেঁচুৱা, কোনে লয়। জাত বা কিহৰ?'' 

           মানুহবোৰ যে আৰু! কেঁচুৱাৰো জাত-পাত বিচাৰি আছে। মুখৰ ভিতৰতে ভোৰভোৰাই তাই কেঁচুৱাকণ তুলি ধৰি বুকুৰ মাজত সোমোৱাই ল'লে। কণমানি ছোৱালীটিয়েও প্ৰণীতাৰ কোঁচত সোমায়েই মনে মনে থাকিল যেন নিজৰ মাককহে বিচাৰি পালে। গাঁৱৰ সকলোৰে সন্মুখত তাই কৈয়েই দিলে

           --  "আজিৰ পৰা ময়েই তাইৰ মাক। মই তুলিম তাইক। ডাঙৰ কৰিম। "

---তাইৰ পাছে পাছে অহা পুতুলে ভালেই পালে। সিও কথাটোত হয়ভৰ দি কেঁচুৱাকণক মৰমৰে হাত বোলাই দিলে। 

        দুয়ো কণমানি কেঁচুৱাকণৰ নাম প্ৰয়াসী ৰাখিলে আৰু আজি সেই প্ৰয়াসীয়েই নৃত্যৰে সকলোৰে মন মুহিলে। জাওৰিয়ে  জাওৰিয়ে অহা হাত চাপৰিত তাই নিজক পাহৰি যোৱা নাই। তাইৰ হাতত বিচাৰকে যেতিয়া নগদ ধন আৰু বঁটা তুলি দিলে , বিচাৰকৰ অনুমতি লৈ তাই মাক-দেউতাকক নিজৰ ওচৰলৈ মাতিলে আৰু বঁটা আৰু টকাখিনি মাক-দেউতাকৰ হাতত গতাই দিলে। দুয়োৰে চৰণ চুই তাই আৱেগিক হৈ পৰিল। 

        বক্তব্যৰ মাজতে তাই কৈ উঠিল-

        " মোৰ মা-দেউতাই মোৰ বাবে বহুত কষ্ট তথা ত্যাগ স্বীকাৰ কৰিছে। তেওঁলোকৰ তুলনা নাই। মোক বহুতে মোৰ নিজৰ মা-দেউতা নহয় বুলি কয়। কিন্তু মই আজিলৈকে এওঁলোকৰ মাজত এনেকুৱা একো অভাৱ দেখা নাই যে মই নিজৰ মা-দেউতা বুলি মানি নলম। নিজৰ সন্তান হিচাপে মোক ডাঙৰ-দীঘল কৰিছে, মৰম দিছে। ইয়াতকৈ মোক আৰু কি লাগে?"

         প্ৰণীতা আৰু পুতুলে দুচকুৰ ভাষাৰে পলকতে বুজি উঠিল কেঁচুৱাকণ তুলি সিহঁতে একো ভুল কৰা নাছিল। এয়া কোনোবা জনমৰ পুণ্যৰ ফল।

        এইবোৰ দেখি বিমলাই সভাঘৰৰ পৰা পলাব বিচাৰিছিল। যিজনী প্ৰণীতাৰ কথা আনৰ আগত গাই ফুৰে,, ….. যিজনী ছোৱালীক নিজৰ মাক-দেউতাক নহয় বুলি কৈছিল , তোলনীয়া ল'ৰা -ছোৱালী ভাল নহয় -এইবোৰ। সেইজনী ছোৱালী আজি ইমান ভাল হ'ল। এইবোৰ ভাবি ভাবি যাওঁতে উজুটিত পৰিব খুজিছিল । প্ৰয়াসীয়ে থাপ মাৰি ধৰি পৰাৰপৰা বচালে।

        "আই অ' ! মোক ক্ষমা কৰিবি। আগতে যিবোৰ কৈছিলোঁ পাহৰি যাবি।"

        "পেহী আইতা! মই আপোনাক অকণো বেয়া পোৱা নাই। সময়ে মানুহক ক'ৰপৰা ক'লৈ লৈ যায় কোনেও ক'ব নোৱাৰে। আজিৰ ভাতসাঁজ আমাৰ ঘৰতে একেলগে খাম ব'লক।"

         বিমলাই সোলা হাঁহি এটা মাৰিলে।





গল্পকাৰৰ ঠিকনা-

প্ৰগতি গগৈ চাংমাই


সহ: শিক্ষয়িত্ৰী

৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়

ডাকঘৰ-চকীমুখ, (নাজিৰা)

পিন-৭৮৫৬৮৫

ফোন-৭০৮৬১৩৭৯০২

জিলা-শিৱসাগৰ।

Tuesday, February 14, 2023

অনুগল্প,প্ৰগতি গগৈ চাংমাই,

 ণুগল্প


প্ৰগতি গগৈ চাংমাই,


১)  

        দৰিদ্ৰতা:-

নিজৰ মাক-দেউতাকক এৰি স্বামীৰ ঘৰখনত প্ৰথম খোজ পেলোৱাৰ পিছতেই কাৰোবাক ফোনত স্বামীয়ে কোৱা শুনিলে - "ছোৱালী জনী ভাল কিন্তু দুখীয়া!"


২)

           ধৈৰ্য:-


ফেইচবুকত দিনটো মূৰ গুঁজি থকা পত্নীক সি একো নকয় যদিও হাতৰ মুঠি দুটা লাহে লাহে টান হৈ আহে৷


৩)

              ভাগ্য:-

শহুৰৰ ঘৰখনে দুখীয়া বুলি হঁহা (আগতে) এতিয়া তাইৰ ওচৰতে হাত পাতিব লাগে তাই চাকৰি পোৱাৰ পাছত৷


৪)

মমতা:-

দিনটো কাম কৰি কৰি ভাগৰি পৰে যদিও কণমানিজনীৰ হাঁহিটোৱে তাইৰ হিয়া শাঁত পেলায়৷


৫)

সহ্য:-


শাহুৱেকে তাইৰ চুলিত ধৰি ৱালত মূৰটো খুন্দা মাৰি দিছিল যদিও তাই গিৰীয়েকৰ মৰমতে গিৰীয়েকক বাথৰুমত পিছলি পৰা বুলিহে ক'লে৷

কুণ্ডলী

 কুণ্ডলী


                                      

ধা জ্বলা চাকিটি

এই নুমাওঁ নুমাওঁ

মিতিৰালি পাতিছে

উৰুখাঁ ছালৰ খেৰৰ সৈতে।

কুণ্ডলী পকাই পকাই

ছাঁই বৰণীয়া হৈ

উৰি আছে

 হেঁপাহবোৰেও।


✍️প্ৰগতি গগৈ চাংমাই

Tuesday, February 07, 2023

অগ্ৰগামী,প্ৰগতি গগৈ চাংমাই

 অগ্ৰগামী




আমি নাৰী

উন্নতিৰ পথত হওঁ অগ্ৰগামী,

মানৱতাৰ গীত আওৰাই

ভেদভাৱ আঁতৰাই

সমাজৰ হকে মাত মাতি

অন্ধবিশ্বাসক বিনাশি

যাওঁ আমি আগুৱাই। 

অগ্ৰগামী আমি 

স্বাধীন দেশৰ নাৰী

স্বাধীনমনা , জাতিৰ হিতৈষী

কনকলতা, মূলাগাভৰুৰ আদৰ্শ সোঁৱৰাই

মুক্তি কামনাৰে নাৰীক সবলীকৰণ কৰাই

লৈ যাওঁ উন্নতিৰ শিখৰলৈ।

সমমৰ্যদাক দি অগ্ৰাধিকাৰ

উচ্চ-নীচ , দীনতা পাহৰি

কন্যাসন্তানক শিক্ষাৰ জ্যোতিৰে

নিওঁ আগুৱাই উন্নতিৰ জখলাৰে।

ন সূৰুযৰ ন ৰেঙনিৰে উদ্ভাসিত

প্ৰসন্ন বদনে প্ৰজ্জ্বলিত 

ভোটাতৰা যেন মন আকাশৰ....

উজ্জ্বলে অহৰহ দীপলিপ্

তিৰ্ বিৰ্ তিৰ্ বিৰ্।

অগ্ৰগ্ৰামী সমুখ সমৰত

নকৰোঁ নতশিৰ

শত্ৰুৰ কাষৰত

এই যেন পোহৰৰ বিন্দু

আকাশৰ সীমনাৰ 

এবুকু নীলিমা 

বিশাল হৃদয়ৰ গৰাকী।



       প্ৰগতি গগৈ চাংমাই, নাজিৰা।

Tuesday, December 27, 2022

তোলৈ বৰকৈ মনত পৰিছে:প্ৰগতি গগৈ চাংমাই,

 আই আজি নতুন ঘৰত প্ৰথম দিন

🔴তোলৈ বৰকৈ মনত পৰিছে

প্ৰগতি গগৈ চাংমাই, নাজিৰা


আই আজি তোলৈ বৰকৈ মনত পৰিছে অ'

নতুন ঘৰ, নতুন মানুহ

মোৰ মনত অহৰহ ভয় এটাই খোপনি পুতিছে

তোৰ অবিহনে যে মোৰ কোনো নাই 

পিতাই সিফলীয়া হোৱাৰ পাছৰে পৰাই

তোৰ দুহাতত খামুচি জীৱন জীয়ালোঁ

এতিয়া..….

এতিয়া তোৰ অবিহনে মই 

কেনেকৈ থাকিম এই নতুন ঘৰখনত?

নতুন ঘৰখনৰ মানুহবোৰক বুজি পাবলৈ সময় লাগিব আই

বুকুৰ ৰিক্ত আসনত 

তোৰ ঠাইত শাহু আইক বহাবলৈ

চেষ্টা কৰিছোঁ আই

তই কোৱাৰ দৰেই...

যিমান পাৰোঁ সহজ হ'বলৈ প্ৰয়াস কৰিছোঁ

আজিৰ পৰা এইখনেই  নিজৰ ঘৰ বুলি 

নিজকে পতিয়ন নিয়াইছোঁ।

আই ! 

ভাইটোক চাবি

সিয়েই এতিয়া তোৰ কণাৰ লাখুটি!

দুখ কৰি নাথাকিবি

আশীৰ্বাদ এজোলোকা দিবি 

সুখত থাকিবলৈ!

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...