Showing posts with label কনমানি নাথ. Show all posts
Showing posts with label কনমানি নাথ. Show all posts

Tuesday, March 28, 2023

ঋতুৰ পৰিৱৰ্তনে জলবায়ুৰ তাৰতম্য ঘটাই:কনমনি নাথ(বাক্সা)

 ঋতুৰ পৰিৱৰ্তনে জলবায়ুৰ তাৰতম্য ঘটাই



সম্প্ৰতি সময়ত ঠাণ্ডাৰ দিন। প্ৰকোপ ঠাণ্ডাত কঁপি কঁপি হলেও দৈনন্দিন কাৰ্য ক্ৰমনিকা সমূহ কৰি যোৱাটো নৈতিক দায়িত্ব থাকে। কোনোৱে জুইশালত বহি ঠাণ্ডা নিয়ন্ত্ৰণ কৰিছে, কোনোৱে গৰম কাপোৰ পৰিধান কৰি আৰু আন কোনোৱে ইলেকট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰি হলেও ঠাণ্ডা নিয়ন্ত্ৰণ কৰো। মুঠতে আমি যেনেকৈ হলেও ঠাণ্ডা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ। সকলো ফালে ঠাণ্ডা ঠাণ্ডা জলবায়ু যদিও এই সময়তে পুৰণক বিদায় দি নতুন বছৰক সম্ভাষণ জনাই আদৰণি জনোৱা হয়। এই সময়ছোৱা ভ্ৰমণৰ কাৰণে খুবেই উপযোগী বুলি ধৰা হয় আৰু সেইমতে দেশ- বিদেশ, ভিন্ন ঠাই ভ্ৰমন কৰি ভিন্ন অঞ্চলৰ মনোমোহা দৃশ্য পৰিদৰ্শন কৰি অভিজ্ঞতা আহৰণ কৰাৰ উপৰি বিবিধ স্বাদযুক্ত খাদ্য সম্ভাৰেৰে বনভোজ খোৱাৰ মাদকতা উপভোগ কৰা হয়। তাৰ পিছতেই আকৌ মাঘ বিহুৰ আগমনে সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে তৈয়াৰ কৰাত ব্যস্ত আৰু পৰিয়াল, আত্মীয়, ওচৰ-চুবুৰীয়া সকলোৱে একত্ৰিত হৈ মিলা প্ৰীতিৰে জুতি লোৱা হয়।

          পুহ মাহৰ শেষৰ ফালে পুৱাৰ ধাননি পথাৰত নিয়ৰ আৰু কুঁৱলীৰ পৰশত সোণালী নৰা জীপাল হৈ থাকে। পুহ মাহৰ সূৰ্য্যৰ তাপত শুকান হৈ পৰাত তাৰ সুযোগলৈ কণ-কণ লৰা-ছোৱালী, ডেকা-গাভৰু সকলোৱে মাঘৰ ভেলাঘৰ বা মেজি সজাৰ কাৰণে পথাৰত ৰং-ধেমালিৰ মাজেৰে নাৰ কটাত ব্যস্ত। নৰা কাটি মেজি সজা অসমীয়া সমাজৰ আপুৰুগীয়া পৰম্পৰাগত এক নিয়ম। মেজি জ্বালোৱাৰ আগৰ দিনা উৰুকা বুলি কোৱা হয় আৰু সেই দিনাই লগভাত খোৱাৰ পৰম্পৰা আছে।

              ঠাই বিশেষে মাঘৰ পথাৰত চৌপাশ হালধীয়া ৰঙেৰে উপচি সুন্দৰ মনোমহা পৰিবেশে আপ্লুত কৰি ৰাইজক আকৰ্ষিত কৰি তোলে। চাৰিও দিশে মাথোঁ হালধীয়া ৰঙেৰে সজ্জিতহৈ পৰে। হালধীয়া ফুলত মৌ মাখিৰ কলধ্বনিত ফুলৰ মৌ শুহি ৰঙৰ মেলাপাতি গুণ গুনাই প্ৰেমৰ গান গাই নাচি বাগি ৰঙৰ ৰং খেলে।

যি দৃশ্যই সকলোকে আপ্লুত কৰি আকৰ্ষিত কৰি তোলে।

             মাঘৰ উৰুকা দিনটোত যদি পৰিয়ালৰ কোনো সদস্য দুৰ দূৰণিত কৰ্মত নিয়োজিত হৈ থাকিলেও সেই বিশেষ দিনটোত সময় উলিয়াই ঘৰলৈ আহি পৰিয়ালৰ সৈতে একত্ৰিত হৈ লগভাত খোৱাৰ মাদকতাই সুকীয়া।

            মাঘ বিহু অন্ত পৰাৰ লগে লগে ফাগুনৰ পছোৱা বতাহতে দেহ-মন উৰুঙা উৰুঙা লগাই কাণে কাণে কৈ যায় যৌৱনৰ উন্মাদনাৰ কথা। দেহৰ শিৰে শিৰে ঢালি দিয়ে বলিয়া ফাগুনৰ পছোৱা বতাহৰ সোঁত। ফাগুন ফাগুন লগা দিনে গছ-গছনিৰ ডাল পাত নাঙঠ কৰি ঢালি দিয়ে বতৰৰ বতৰা। মাদাৰ ফুলৰ ফুলে পছোৱাৰ প্ৰেমত পৰি

চৌপাশ ৰঙীন কৰি তোলে। শিমলু ফুলে আকাশত সিচঁৰিত কৰি ফুলৰ মালা গাঁঠি উৰুঙা কৰি দৌল মহোৎসৱৰ আগমন ঘটাই মানুহৰ দেহ-মন ফৰকাল কৰি প্ৰেমৰ জোৱাৰ আনি

চ'তৰ আগমন ঘটে।

          চ'তৰ মুক্ত পথাৰ ইমুৰৰ পৰা সিমূৰলৈকে মাথোঁ শূণ্যতা। চৌপাশ সেউজীয়া ঘাঁ, বন, বৃক্ষৰে পৰিৱেশ জীপাল হৈ উঠে। গছ-গছনিৰ ডাল-পাত নতুন সাজেৰে পোখা মেলি যৌৱনত হালি-জালি ভৰ প্ৰেমত পৰে। নৈৰ বোৱতী সোঁতত নৈৰ দাঁতিত কহুৱাই হালি জালি নৈৰ সোঁতত বিলীন হৈ পৰে।

          চ'তৰ সংক্ৰান্তিত বহাগ বিহুৰ আগমনে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে মন-প্ৰাণ ফৰকাল কৰি বিহুৰ নামত মাতালহৈ মুখে মুখে বিহু গীত জুৰি নাচি-বাগি বহাগ বহাগ লগা ঋতুক আদৰণি জনায়। সমনীয়াৰ সৈতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়াৰ পৰম্পৰা অসমীয়া সমাজৰ আপুৰুগীয়া এক নিয়ম। 

           বহাগৰ বৰষুণৰ প্ৰভাৱে ঠাই বিশেষে নদ-নদীৰ পানী ওফণ্ডি ফেনে ফুতুকা পানীৰ সোঁতত মথাউৰিৰে পানী উপচি খেতি পথাৰ জল সমুদ্ৰৰ সৃষ্টি কৰি হাহাকাৰ লগাই দিয়ে। মাথোঁ চৌপাশে পানী সিঁচৰতি হৈ খেতিয়ক, সাধাৰণ জনসাধাৰণ, জীৱ-জন্তু সকলোৰে সমস্যাৰ সৃষ্টি কৰে যদিও বহাগ বহাগ লগা ঋতুৱে গছ-গছনিৰ ডাল-পাত পৰিবৰ্তন হোৱাৰ দৰেই মানুহৰ দেহ-মন পৰিৱৰ্তন ঘটাই ৰঙীন কৰি তোলে।

বহাগ অন্ত পৰাৰ লগে লগে জেঠ মাহত কৃষিজীৱি খেতিয়কৰ খেতিৰ নামত দেহে-কেহে নিজৰ খেতি দৰাত নিয়োজিত হৈ হাল বাই! মাটি সাৰুৱা কৰিবলৈ কেঁচু সাৰ, ভিন্ন ৰাসায়নিক সাৰ প্ৰয়োগেৰে মাটিৰ উৰ্ব্বৰতা বৃদ্ধি কৰি খেতিৰ ফচল বৃদ্ধি হোৱাৰ মানসেৰে নিজৰ নিজৰ কামত ব্যস্ত।

ভঁৰালত যতনেৰে সাঁচি থোৱা ধানৰ বীজ উলিয়াই দিনৰ দিনটো পথাৰতে ব্যস্ত থাকি অনেক কষ্ট কৰি যেনেকৈ হলেও কঠীয়াৰ কাৰণে ধানৰ বীজ সিচেঁ ।        

           আহাৰ, শাওঁনত ধানৰ বীজ গজালি মেলি লহপহ কৈ উঠে। কঠিয়া তুলি শাওন মহীয়া খেতি দৰাত বোকা খেদেলি লাহি পাহি আঙুলিৰে ধানৰ গোজা ৰুই থয়। ভাদ, আহিন মাহত খেতি পথাৰ সেউজী ধানেৰে উপচি কাতি মাহত খেতিদৰাত বন্তি জ্বলাই প্ৰাৰ্থনা জনাই। কাতি মাহত খেতিয়ক সকলক উদ্দেশ্যি কাতি বিহু পালন কৰা হয়। এই মাহত খেতিয়ক সকলৰ অভাৱ অনাতনে জুৰুলা কৰে কাৰণে কাতি বিহুক কঙলী বিহু বুলিও কোৱা হয়।  

              কঙালী বিহু অন্ত হোৱাৰ লগে লগে আঘোণক আদৰণি জনাই। আঘোণ মাহৰ খেতি দৰা সোণোলী বৰণেৰে আৱৰি ধৰে। লগে লগে খেতিয়কৰ মুখলৈ যেন হাঁহিৰ বিৰিঙনি স্বতঃস্ফুৰ্ত ভাৱে বৰ্হিপ্ৰকাশ পাই। আঘোণৰ পূৰ্ণিমাৰ দিনা ৰাস মহোৎসৱৰ আগমনে কৃষিজীৱি সকলে নতুন কাপোৰলৈ উৎসৱ পালন কৰে।

               মুঠতে ঋতু পৰিৱৰ্তনে আমাৰ দৈনন্দিন কাৰ্য ক্ৰমণিকা সমূহ সময়ৰ গতিত ভিন্ন ধৰণৰ সালসলনি হোৱা দেখা যায়।


  ✍️কনমনি নাথ(বাক্সা)

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...