Tuesday, November 29, 2022

তুমি আহিবা বুলি:মিন্টু গোৱলা

 তুমি আহিবা বুলি



নিশা বহুত হ'ল দুচকুত

 টোপনিও নহা হʼল ,


তুমি আহিবা বুলি আশাৰে 

অপেক্ষা কৰি ।


তুমি আহিবা মোৰ  শেৱালী 

জোপাৰ তলেৰে স্নিগ্ধ জোনাক নিশা।


 তুমি আহিবা  বুলি বাট চাই 

মই খিৰিকী খন খুলি লʼলো।


কিন্তু তুমি নাহিলা (!)

 মই বাট চাই চাই ভাগৰি পৰিলোঁ,

শেষত খিৰিকী খন জপাই দিলোঁ।


খিৰিকী জপোৱাৰ পাছত

মোৰ দুচকুত টোপনিয়ে 

হেতা -উপৰা লগালে,

মোৰ দুচকু আপোনা আপুনি 

জাপ খাই পৰিল।


মই টোপনিৰ কোলাত পৰি ৰʼলো,

তুমি অহাৰ খৰব মই  গমেই নাপোলোঁ।


তথাপিও সপোনত আহিবা বুলি 

আশাৰে বাট চাই আছিলোঁ ।

   ~~••~~                               মিন্টু গোৱলা

                           লখিমপুৰ  কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...