Tuesday, November 29, 2022

অবিশ্বাস আৰু শংকা:ৰাজ ৰাহুল

 অবিশ্বাস আৰু শংকা

                                ✍️ ৰাজ ৰাহুল 


কিয়  বাৰু এনে লাগে

তোমাৰ  মোৰ মাজত যেন বিয়পি আছে 

বাংময়  বিচিত্ৰ  সংলাপ ।

যত ঘেৰি আছে

কিছু অবিশ্বাস আৰু শংকা।

তোমাৰ  পৰা মোলৈ

গঢ়ি উঠা সেতু বন্ধনত

ওলমি  নাথাকে নয়নতৰাৰ কোমল সুবাস ।

তুমি  অহাৰ বাটটোত

শৃংখলিত  হয় আৱেগ,

কিন্তু প্ৰেম জানো এনেকুৱা ?

হৃদয়ৰ চুকে কোণে থাকে জানো

অবিশ্বাসী অবিৰাম জ্বালামুখী ?

মনৰ মাজত তুমি  তুমি হৈয়ে থাকিলা।

গঢ় লোৱা  নেদেখিলোঁ

স্বপ্নাতুৰ ভাবনাৰ চৰম পাণ্ডুলিপি ।

সচাকৈ তুমি বাংময়  বিচিত্ৰ  সংলাপ 

মোৰ জীৱন নাটৰ,

মই বুজিকে নাপাওঁ  এই নাটৰ

ধোৱা ময় যৱনিকাত তুমি মোৰ বাবে

কি সমাধান আনিবা।

নে জীৱন হৈ পৰিব

জৰায়ু পক্ষীৰ দৰে ডেউকাহীন

মৰণৰ নেওতা পঢ়া 

বাংময়  বিচিত্ৰ  সংলাপ ।


  ------------------------

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...