Tuesday, November 01, 2022

তুমি মহান জুবিন দা:সমূজ্বল ডেকা

তুমি মহান জুবিন দা
                  ✍🏻কবি: সমুজ্জ্বল ডেকা

'জু' আখৰেৰে হৃদয়ত যতি পেলাই যোৱা,

'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।

'ন' আখৰেৰে নতুন আশা জগাই তোলা,

তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।

তোমাৰ কণ্ঠত আছে অসীম যাদু,

ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।

গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে 

তুমি এজন সমাজসেৱক,

হেজাৰ-হেজাৰ সুৰেৰে 

তুমি হোৱা মহান গায়ক ।

টোপনি নাহিলেও আহি যায় টোপনি,

কেৱল তোমাৰ গীত শুনি-শুনি।

জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,

চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...