Tuesday, November 01, 2022

তুমি মহান জুবিন দা:সমূজ্বল ডেকা

তুমি মহান জুবিন দা
                  ✍🏻কবি: সমুজ্জ্বল ডেকা

'জু' আখৰেৰে হৃদয়ত যতি পেলাই যোৱা,

'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।

'ন' আখৰেৰে নতুন আশা জগাই তোলা,

তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।

তোমাৰ কণ্ঠত আছে অসীম যাদু,

ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।

গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে 

তুমি এজন সমাজসেৱক,

হেজাৰ-হেজাৰ সুৰেৰে 

তুমি হোৱা মহান গায়ক ।

টোপনি নাহিলেও আহি যায় টোপনি,

কেৱল তোমাৰ গীত শুনি-শুনি।

জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,

চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...