Tuesday, December 27, 2022

সৰু কালতে বৰশী বাইছিলোঁ:এম.দেৱান ৰাজবংশী

🔴সৰু কালতে বৰশী বাইছিলোঁ 


     🖋️এম.দেৱান ৰাজবংশী । 

       ( কাকৈজানা : বঙাইগাঁও ) 




বাঁহবাৰীৰ আগ মৰা কুমলীয়া ভুলুকা বাঁহৰ পৰা 

বাষ্টপৰ পোক ধৰি বৰশীত আঁৰি লৈ

নাদৰ পানীত পেলাই দিছিলোঁ যিবোৰ নাদত

চেং গৰৈয়ে খেলা কৰি থাকিছিল নিৰ্ভয়ে আপোন মনে ।


তাহানিৰ বাৰিষা কালত  দংঙে দংঙে বৰশী বাই 

মই চেং গৰৈ মাছ ধৰিছিলোঁ

এটি দুটিকৈ হালোচনি ভৰাই ;

কেতিয়াবা এটাও নাপাওঁ ।


সেই মাছ কেইটা মই খেৰৰ জুইত পুৰিছিলোঁ 

মাছৰ পুৰা ক'লা বাকলিবোৰ 

ভালকৈ মচি মচি পিটিকা কৰি খাইছিলোঁ 

জলকীয়া পুৰা আলুত নিমখ দি সন্ধিয়াৰ চোতালত । 


চেং গৰৈ মাছ কেইটা আহু ধান খেৰৰ জুইত পুৰি থাকোঁতে

এটি অদ্ভুদ ছন্দৰ বাক্য শুনিছিলোঁ,

মাছ কেইটাৰ শোক মই বুজি পাইছিলোঁ 

তথাপি আধা গৰম ভাতৰ লগত

মাছৰ পিটিকাৰে আনন্দশ্ৰুৰে খালোঁ ;

সেই বাক্যটিৰ পম খেদি মই হাবাথুৰি খালোঁ ।


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...