Showing posts with label নৱজিৎ নাথ. Show all posts
Showing posts with label নৱজিৎ নাথ. Show all posts

Tuesday, February 28, 2023

হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণত এটি যুগৰ অৱসান

"হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণত 
         এটি যুগৰ অৱসান"



হে মহিৰূহ, হে মহান পুৰুষ, 

তোমাক কৰিছো শত কোতি প্ৰনাম। 

অসমীয়া সাহিত্যৰ জগতত যুগদ্ৰষ্টা

সংবাদ মাধ্যমৰ স্বনামধন্য ব্যাক্তিৰ 

মহাপ্ৰয়াণত অসমে হেৰুৱাই পেলালে

 এজন বিশেষ অভিভাৱক।। 

 

সাহিত্য জগতৰ উজ্বল নক্ষত্ৰ স্বৰূপ ।

হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণৰ 

সাহিত্য ৰাজিত এনে কোনো দিশ নাই 

যত তেওঁ ৰ অৱদান নাই।।  

সকলোৱে‌ তে তেওঁ বিচক্ষণ 

এক বিশাল পৰিচয় বহন কৰিছে।। 


হোমেন বৰগোহাঞি দেৱ আছিল 

বহুমুখী প্ৰতিভাসম্পন্ন সূক্ষতা আৰু 

ধৈৰ্য্যশীল দক্ষতাৰ প্ৰকৃত মানুহ গঢ়া, 

মুক্ত চিন্তাৰ তৰংগ বিলোৱা 

এজন বিশেষ মহানায়ক ।। 


হোমেন বৰগোহাঞিৰ দেৱ আছিল 

সংবাদ জগতৰ এজন মহিৰূপ । 

সামাজিক ভুমিকাৰে সংবাদ জগতক 

বলিষ্ঠ ভুমিকা  পালন কৰা।। 

হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণত 

কালজয়ী ঐতিহ্য ত পৰিণত হ'ল

 তেখেতৰ অমৰ সাহিত্যৰাজি।। 

 সোঁৱৰণী দস্তাবেজ লিখি লিখি 

 অলেখ পোহৰ বিলাই থৈ গ'ল,

 অস্ৰজ জনৰ হৃদয়ৰ মনিকোঠাত।। 


অসমীয়া সাহিত্যৰ জগতৰ ভৰাঁল

 চহকী কৰি থৈ যোৱা সেই 

 নিভীক ,স্পষ্টবাদিতাৰ কবি

 হোমেন বৰগোহাঞিৰ  কবিতাৰ 

 মুল বিষয়বস্তু "অভিনৱত্ত্ব " ।

 তেওঁৰ প্ৰতিটো বিষয় আছিল 

 সাৱলীল আৰু অভিনৱ।। 

 আধুনিকতাৰ পৰস‌ অনা

 তেখেতৰ কলমৰে নিগৰিচিল 

  নৱ নৱ সাহিত্য ৰাজিৰ এক সোৱাদ ।।

  

হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণত 

অসমীয়া সাহিত্য ৰাজিৰ 

শূন্য স্থান কেতিয়াবা নহয় পূৰন, 

অসমীয়া জাতি সৱশ্ৰেষ্ঠ অভিভাৱক 

হিচাপে যি পথ দেখুৱালে  , 

সদায় নতুন প্ৰজন্মৰ অনুপ্ৰেৰণা

 উৎস হৈ ৰৱ আৰু বৰগোহাঁইৰ 

 অৱদান সকলো ৱে শ্ৰদ্ধাৰে ৰাখিব।।

 

জাতি ,বৰ্ন ,ধৰ্ম ,ভাষাৰ ভিন্ন

সম্প্ৰদায়ৰ মাজত বিভেদ নৰখা,

বাহিৰত কঠোৰ যেন দেখা , 

ভিতৰত কোমল অন্তৰৰ মানুহজন আৰু নাই । 

এই কথাষাৰে বহু হাজাৰ হাজাৰ 

অনুৰাগী অন্তৰত বুকু উদং 

কৰি গ'ল গৈ কোনোবা 

 এখন অজান   দেশ লৈ।।_________________________________

নাম ; নৱজিৎ নাথ। ছিপাঝাৰ,দৰং।

কুঁৱলী:নৱজিৎ নাথ

কবিতা

                      "কুঁৱলী"



কুঁৱলী মানেই,
কৃষকৰ সপোনৰ
আঘোণ পথাৰত
আবৰি পেলোৱা এখনি
মায়াসনা বিশাল তন্দাজাল।। 

কুঁৱলী মানেই,
শৰৎৰ আবেগ সনাৰ
এটুকুৰা দুবৰি দলিছাত,
 মুকুতাৰ মনিত গচকি্ যোৱা।
  নিয়ৰসনাৰ শিক্ত কনিকাৰ 
 এটোপ এটোপ ডাৱৰৰ পানী ।।

কুঁৱলী মানেই,
শুভ এটুপি  নিয়ৰ কনিকাই 
আৱৰনে আবৰি পেলোৱা,
সেই ঘৰৰ পদুলী সন্মুখৰ 
এটুপি ৰঙা গোলাপ পাহি ।।

কুঁৱলী মানেই ,
 আঘোণ পথাৰত মাজত
 কুঁৱলী ফাঁকৰ বগা বগা আৱৰণত
 ডাৱনী আৰু ৰছীক হেৰুৱাই পেলোৱা 
  অদৃশ্য অদৃশ্য এখন উকা পৃথিৱীৰ ।।



নাম ; নৱজিৎ নাথ।
ছিপাঝাৰ দৰং

Tuesday, January 03, 2023

কিতাপ

 কবিতাৰ শিৰোনাম : কিতাপ

কিতাপ হ'ল                                        মানৱ জীৱনৰ 

আত্মৰ এক আহাৰ।              

জ্ঞানৰ এক পোহৰ     

 জীৱনৰ এক সমাহাৰ।                          জীয়াই থকাৰ প্ৰেৰনাৰ এক উৎস ।।                         

 

"কিতাপ"  হ'ল,                                      মানৱ জীৱনৰ

 সঞ্জিৱনীৰ এক সুধা।                 

  তৃপ্তিৰ এক অনন্যা                                   

 অজ্ঞানতাৰ পৃথিৱীত 

 চিঙি-ভাঙি দিৱ  পৰা                    

 দুৱাৰৰ একোখন খিৰিকী মাথোঁ।।                      


  নাম : নৱজিৎ নাথ,                                      ছিপাঝাৰ,(দৰং)

Tuesday, December 27, 2022

জীৱন:নৱজিৎ নাথ

🔴জীৱন

          ©নৱজিৎ নাথ, 

                    ছিপাঝাৰ,(দৰং)

 


জীৱন মানেই, 

এখন যুদ্ধক্ষেত্ৰ,যত থাকে,

  যুদ্ধ এক বিভীষিকা 

আৰু হেজাৰটা সংগ্ৰাম । 

এই সংগ্ৰামক নেওচি 

বীৰৰ্দপে যুঁজি যুঁজি

 জয়ী হৱ পৰা জনে 

জীৱনৰ প্ৰকৃত যোদ্বা।।        


জীৱন মানেই 

এখন যুদ্ধক্ষেত্ৰ, 

 যত থাকে মান,

অভিমানৰ অলেখ টোপোলা ।

আৰু একো একোটা বৰ্ণিল অধ্যায় ,

ৰহনাসনা স্মৃতি আৰু আবেগসনা 

      একোটা মিঠা ক্ষন ।।      


  জীৱন মানেই 

  এখন যুদ্ধক্ষেত্ৰ,

    যত থাকে জীৱনৰ 

 সুখ-দুখ,যত্ননা- বেদনা।

   এক বিশাল সাগৰ।।

 জীৱন সংগ্ৰামৰ সাগৰত ,

 সাঁতুৰি সাঁতুৰি এমুঠি সুখ

 আৰু নতুন আশাৰ সন্ধানত,      

 হাবা-থুবি কৈ পোৱা নানান 

    প্ৰত্যাহ্বান হ'ল জীৱন।। 


                    

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...