Tuesday, December 27, 2022

ফাগুনৰ এছাতি পছোৱা:নৱজিৎ নাথ

ফাগুনৰ এছাতি পছোৱা


ফাগুন,

এছাতি পছোৱা বতাহৰ 

এক উৰুঙা উৰুঙা মন । 

তল সৰা পাতৰ বিননি, আৰু 

 বতাহৰ ৰিনিকি ৰিনিকি শব্দ মাথোঁ।।

 

 ফাগুন মানেই ,

 ধুলিয়ৰি বাটৰ উদং 

 পথাৰৰ পলাশ ,শিমলু আৰু

  ৰঙাচুৱা মদাৰ ফুলৰ

   নানা বৰনীয়া ৰঙৰ মেলা মাথোঁ।।           

   

উতলা ফাগুনৰ ৰঙত 

মনে নাচে উলাহত।

দেহত ফাকুৱা ৰঙৰ বোল আৰু

 মনত প্ৰেমৰ উতনুৱা 

 এচাতি বতাহে জাকে  

 মোৰ কানে কানে কয়...?

  মই ফাগুন ।।          

 

ফাগুনৰ বলিয়া বতাহত

 হেজাৰ জনতাৰ মন প্ৰানত,

   ফাগুনে প্ৰতিবাৰে আনে । 

 প্ৰতি জন‌ অসমীয়াৰ মাজত 

   নতুনত্বৰ এক পৰস।।

 


মৌ সনা হৃদয়ত

 ফাগুনে প্ৰতিবাৰে আহি 

  জাকি মাৰি উৰা মাৰে । 

  অসমীয়াৰ অন্তৰত।।

 

ফাগুনৰ ধুলিয়ৰি বাটক  

এজাক বৰষুণে আহি

 ধুই নিয়ক,আকৌ 

সজীৱ হৈ উঠক, 

 শীতৰ লঠঙা লঠঙা 

 গছ -বিৰিখ বোৰ।। 

 

আকৌ ,এজাক বৰষুণৰ 

অপেক্ষাৰ অন্তত ফাগুনৰ

 উৰুঙা উৰুঙা মনত 

 আনি দিয়ক  বসন্তৰ 

 আগজাননী মধুৰ বতৰা।।  


  নাম: নৱজিৎ নাথ।। 

  ছিপাঝাৰ,(দৰং)  ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...