Tuesday, December 27, 2022

শেষ পাওনা:আমিৰ হুছেইন আহমেদ

শেষ পাওনা

             আমিৰ হুছেইন আহমেদ,



বকো বামুনবড়ী কামৰূপ (গ্ৰাম্য)

মনুষ্য জীৱন মাথোঁ ভঙা-গঢ়া

শ্বাস-প্ৰশ্বাস পৰম সম্পদ,

ডাল-পাতেৰে ভৰা এজোপা গছ

ছিন্নমূল হলে অৱশ্যম্ভাৱী বিপদ!


 দালান পকীঘৰ ক্ষণিকৰ আশ্ৰয়

 জীৱন জিৰণিৰ বেষ্টনী মাত্ৰ

জীৱিকাৰ বাটৰ সৰল সন্ধানেই

শেষ পাওনাৰ আচল সম্পদ !

বেঁকা পথ নৰকৰ ঘাই অস্ত্ৰ

পোন পথত মিলে নন্দন- কানন!


মনুষ্য ৰং বগা ক'লা-তেজ লোহিত

তেন্তে কিয় বৰ্ণ বৈষম্য ভিন্ন স্বভাৱ ?

স্ৰষ্টাই গাঁথি দিয়া এধাৰি মালা

পশুত্ব সুপ্তৰ বাবেই ঐক্যৰ অভাৱ !


একে নাওৰ যাত্ৰী একে কৰ্ম

মৰণ জয় কৰা প্ৰকৃত মনুষ্য ধৰ্ম

তেন্তে মৰণলৈ কিহৰ ভয় ?


ঈশ্বৰৰে আছে যাৰ পুৰ্ণ বিশ্বাস

ইহকাল পৰকালৰ অটুট বন্ধন

প্ৰভুৰ বঁটা-সজাৰ আত্মাৰ ছুটি

কবৰত কোনেও নকৰে সহগমন 

শ্ৰেষ্ঠত্বৰ চুক্তিৰ নাখাটিব যুক্তি !

_____________________________

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...