Showing posts with label কল্পনা বৰা. Show all posts
Showing posts with label কল্পনা বৰা. Show all posts

Tuesday, December 27, 2022

কন্যা সন্তান জন্ম হোৱাত দোষ মহিলাৰ নে?

🔴কন্যা সন্তান জন্ম হোৱাত দোষ মহিলাৰ নে?



বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰ উন্নতিৰ লগে লগে বিজ্ঞানে দাঙি ধৰিছে সময়ৰ অগ্ৰগতিত আমাক বিবিধ বিবিধ তথ্য।যিমানেই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতি নহওঁক কিয় এতিয়াও জানো কিছুমান কু-সংস্কাৰ আমাৰ মাজত প্ৰচলিত নহয়? সময়ৰ অগ্ৰগতিত মানুহৰ বৈজ্ঞানিক মানসিকতা বৃদ্ধি পাইছে হয়, কিন্তু কিছুমান অন্ধবিশ্বাস তথা কু-সংস্কাৰৰ কৱলত পৰি এতিয়াও আমাৰ সমাজখন সম্পূৰ্ণৰূপে নিকা হোৱা নাই। আজিৰ বিজ্ঞানৰ যুগত অন্ধবিশ্বাসে এচাম লোকক তল পেলোৱাতো আমাৰ বাবে অতি দুখৰ বিষয়। এইটো সঁচা কথা, বিজ্ঞানৰ যুক্তিৰ বলত আমি নানা তত্ত্ব উদ্ঘাটন কৰি আমাৰ জীৱন মাৰ্গ মসৃণ কৰি তুলিছোঁ।
কিন্তু আমি সকলোৱে জানো অন্ধবিশ্বাসৰ কাঁইটয়া বান্ধোনৰ পৰা মুক্তি লাভ কৰিব পাৰিছোঁ? ইয়েই আমাৰ সমাজখন খুলি খুলি খাইছে।মহিলাসকলে লাঞ্চনা,গৰিহণা খাই সকলোবোৰ নিৰৱে মূৰ পাতিছে।
       আমি কেৱল কাৰোবাৰ ওপৰত দোষ জাপিবহে জানো। কিছুমান কথাৰ সত্য উদ্ঘাটন কৰি আমি কেইজনে সমাজৰ পৰা এনেধৰণৰ নেতিবাচক চিন্তাধাৰা আঁতৰাব চেষ্টা কৰিছোঁ? তাৰ বিপৰীতাৰ্থে আমি নেতিবাচক চিন্তাধাৰাতেই সমৰ্থন জনাই কাৰোবাৰ হৃদয়ত দিছোঁ আমি প্ৰচণ্ড আঘাত।
        বৰ্তমান বিজ্ঞানৰ যুগ বুলি আমি চিঞৰি থাকিলে নহʼব। বৈজ্ঞানিক মানসিকতাৰে নিজে শুদ্ধ হোৱাৰ লগতে আন দহজনৰো চকু মুকলি কৰিব পাৰিব লাগিব।
      এই যে আমাৰ বিশেষকৈ গাঁৱলীয়া সমাজত কাৰোবাৰ ছোৱালী সন্তান জন্ম হʼলে মাতৃগৰাকীকে দোষী সজাই নানা গৰিহণা দিব ধৰে।
"আজিলৈকে দুটা/তিনিটা সন্তান জন্ম দিলে, অথচ লʼৰা এটা জন্ম দিব নোৱাৰিলে।"
শুনিবলৈ নীচ যদিও এনেধৰণৰ কথোপকথন আমাৰ সমাজত বহুলভাৱে প্ৰচলিত।কেৱল মাতৃগৰাকীৰ ওপৰতে দোষ জাপি মাতৃগৰাকীৰ হৃদয়ত বুজাব নোৱাৰা দোষ জাপি দিয়ে।চাইছে জানো তেওঁলোকে প্ৰকৃত কথাবোৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চালি-জাৰি? যদি কেনেবাকৈ জানোও মানুহবোৰক বুজনি দিয়াৰ সলনি মহিলাগৰাকীয়ে দোষাৰোপ কৰাত নিজেও যোগ দিছোঁ। সমাজখনৰ উন্নতি হʼব জানো এনেকৈ? 
           মানুহৰ শৰীৰত ২৩ যোৰ ক্ৰমজʼম থাকে।তাৰে ২২ যোৰে আমাৰ মানৱ দেহ গঠন কৰে আৰু ১ যোৰ হৈছে লিংগ নিৰ্ণায়ক ক্ৰমজʼম। পুৰুষ আৰু মহিলা উভয়ৰ ক্ষেত্ৰতে ২২ যোৰ ক্ৰমজʼম একেই থাকে কিন্তু লিংগ নিৰ্ণায়ক ক্ৰমজʼমযোৰ ভিন্ন হয়। মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজʼম XX যোৰা পাতি থাকে আৰু পুৰুষৰ ক্ষেত্ৰত XY ক্ৰমজʼম যোৰা পাতি নাথাকে।কাৰণ পুৰুষৰ ক্ষেত্ৰত X ক্ৰমজʼমডাল দীঘল আৰু Y ক্ৰমজʼমডাল ছুটি হয়। যদিহে যোজন কোষত পিতৃৰ X ক্ৰমজʼম আৰু মাতৃৰ X ক্ৰমজʼমৰ মিলন হয় , তেন্তে সেই সন্তান ছোৱালী হয় । অন্যথা পিতৃৰ Y ক্ৰমজʼম আৰু মাতৃৰ X ক্ৰমজʼমৰ মিলন হয়, তেন্তে সন্তানটি লʼৰা হয়। 
সন্তান লʼৰা বা ছোৱালী হোৱাতো মাতৃৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰ্ভৰ কৰে পিতৃৰ Y ক্ৰমজʼম আৰু মাতৃৰ X ক্ৰমজʼমৰ লগত মিলন হোৱাৰ ওপৰত।  
       যদি মাতৃৰ ওপৰত নিৰ্ভৰ নকৰেই , তেন্তে কিয় একাংশ মাতৃ গৰিহণাৰ বলি হʼবলগীয়া হৈছে ? বৰ্তমান সময়ত বিজ্ঞানৰ অৱদানৰ ফলত বহুতৰ চকু মুকলি হৈছে হয় কিন্তু একাংশ আজিও আছে এইবোৰ কথাৰ অজ্ঞাত হৈ। সেয়ে তেওঁলোকে মাতৃগৰাকীকে দোষ দি সমাজখন কলূষিত কৰি আহিছে।প্ৰকৃততে আমি সকলোবোৰ কথাই যুক্তিৰে বিবেচনা কৰি চোৱা উচিত। তদুপৰি আজিৰ যুগত লʼৰা আৰু ছোৱালী সকলো সম। ছোৱালী জন্ম হʼল বুলিয়েই দোষ কৰিবলগা একো নাই। আজিৰ যুগত মহিলায়ো সমানেই পুৰষৰ লগে লগে আগুৱাই যাব পাৰিছে।
        যি কি নহওঁক।আমি সকলোৱেই প্ৰতিটো কথা যুক্তিৰে বিবেচনা কৰা উচিত।কন্যা সন্তান জন্ম হʼলে মাতৃগৰাকীৰ ওপৰতে দোষ জাপি দিয়াতো এক অতি অযুক্তিকৰ কথা।আমি সকলোৱেই এনেবোৰ নেতিবাচক চিন্তাধাৰাৰ বিৰোধিতা কৰি সমাজখন সত্য আৰু শুদ্ধ নিকা পথেৰে আগুৱাই লৈ যাবলৈ চেষ্টা কৰা উচিত।

                                    ✍️কল্পনা বৰা 
                             -- দ্বাদশ শ্ৰেণী, বিজ্ঞান শাখা
             --দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট 

Tuesday, October 11, 2022

নিৰস অনুভৱৰ নিৰস কবিতা:কল্পনা বৰা

নিৰস অনুভৱৰ নিৰস কবিতা:

হয়তো বহুদিনেই হʼল
মনৰ মাজতে খলকনি লগোৱা
নিৰস শব্দৰে কবিতা নিলিখা;
কʼৰবাত বাৰু হেৰাই গʼল নেকি
ক্ষুদ্ৰ অনুভৱৰ শব্দৰ মালা?
ব্যস্ততাৰ অজুহাতত
শব্দবোৰো আজি প্ৰাণহীন মোৰ;
পাৰিব জানো দিব
মোৰ উকা হৃদয়ৰ অনুভৱী ঢৌৱে
কোনোজনৰ বেদনাত জৰ্জৰিত হৃদয়ত সুৰ?
কৰ্মৰ মাজতে ব্ৰতী হৈ
ব্যস্ততাক আকোঁৱালি লৈ
দুখে-ভাগৰে হেঁচা দি ধৰে মন।
ৰঙীন সপোনৰ পৰা নিলগত থাকি
ভৱিষ্যত সিদ্ধান্তত ৰৈ থমকি
পূৰ কৰিব পাৰিম জানো
মধুময় জীৱনৰ পণ ?
পথভ্ৰষ্ট পথিক হৈ
হামখুৰি নাখায় জীৱন পথত
মাথোঁ চেষ্টা কৰোঁ আগবাঢ়িব 
ক্ষন্তেকীয়া জীৱনৰ কাঁইটীয়া মাৰ্গত।
                    ✍️কল্পনা বৰা
                       দ্বাদশ শ্ৰেণী
                       -- গোলাঘাট জিলা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...