Showing posts with label প্ৰথম সংখ্যা. Show all posts
Showing posts with label প্ৰথম সংখ্যা. Show all posts

Tuesday, July 25, 2023

জোনাকী সাপ্তাহিক ই আলোচনী,দ্বিতীয় বছৰ, জুলাই মাহ, প্ৰথম সংখ্যা

জোনাকী সাপ্তাহিকআলোচনী

দ্বিতীয় বছৰ■জুলাই মাহ■প্ৰথম সংখ্যা


জুলাই সংখ্যাৰ নিয়মীয়া কবি সকল:

ৰাতুল চেতিয়া ফুকন,প্ৰৱীণ ৰাজবংশী,ৰাহুল চেতিয়া, শান্তা দাস, ৰুম্পী দাস,শিল্পী দাস,মেঘালী বৰা,বিৰাজ বল্লভ নাথ, মাৰ্জিনা বেগম,শান্তনু হাজৰিকা,ঋতুৰাজ বৰগোহাঁই,দৃলীনা দাস,অনন্ত কুমাৰ ভূঞা,মোস্তাকিন শ্বেখ,নাছিৰ আহমেদ,আয়নাল হক,আমিৰ হুছেইন আহমেদ,হাইছ উদ্দিন আহমেদ,নীলোৎপল নাথ,ড০ ইকবাল হোচেইন খান,পৰিস্মিতা দত্ত, সূৰজ বৰগোহাঁই,প্ৰগতি গগৈ চাংমাই,নিবেদিতা দিম্পল,
  মিন্টু গোৱলা,দেইজী কাৰ্খ বৰদলৈ,শতাব্দী শৰ্মা,অনিন্দিতা মহন্ত।




            কবিতা শিতান


🟥মৃত্যু এতিয়া সহজ

ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।


 ক্ষন গনাৰ সময়

পৃথিৱী নামৰ গোলকটো

মহাজগতৰ পৰা নোহোৱা কৰাৰ

ক্ষন গননা ।

প্ৰযুক্তিৰে বলিয়ান আক্ৰোশী মগজুৰ

ভয়াল পৰিকল্পনা ।

মৃত্যু এতিয়া সহজ

বাৰুদৰ ধোঁৱাত ওলমি থকা ছবি ।

ক্ষণে ক্ষণে দেখো

দূৰদৰ্শনৰ পৰ্দাত

চলচ্চিত্ৰ যেন জীয়া ছবি ।

অস্থিৰ মন অস্থিৰ সময়

জীৱশ্ৰেষ্ঠৰ সংজ্ঞা সলনি কৰিবলৈ

আমাক এজন ডাৰউইন লাগে 

মানুহৰ পৰা বান্দৰ হোৱাৰ সূত্ৰ

আমাক দিবই নালাগে ।

উন্মাদ উন্মাদ।




🟪সঁচা কথা কলে ভাল লাগে

প্ৰৱীণ ৰাজবংশী

জাজৰি(মৰিগাঁও)




মাজে মাজে পুৰণি

কথাবোৰ  ভাবো

মানুহে ইমান সুন্দৰকৈ

মিছা কথা কব পাৰে 

তথাপিও সঁচা কথা

কলে ভাল লাগে ।


মইটো মিচা

কথাৰে ভুলাব নোৱাৰোঁ

যিটো নহয় নহয় বুলি কবা

তোমাকেই কৈছোঁ

যিটো হয় হয় বুলি কব লাগে

তোমাকেই কৈছোঁ ৷


সত্য সদায়ে জয়

মইও জানো

তুমিও জানা

যিটো কথা কলে

তোমাকেই কৈছোঁ 

সময় থাকোতেই

দিয়া বাকি সেউজীয়া

শব্দৰ মাদকতা ৰং ৷


হয়টো সত্য

সেইটো কেতিয়াও

অসত্য হব নোৱাৰে

অসত্যটো ক্ষন্তেকীয়া

যাৰ কোনো মুল্য নাই 

তোমাকেই কৈছোঁ ৷৷

====================



শব্দৰ খনিকৰ




তোমাৰ প্ৰতিটো শব্দত বিচাৰি পাওঁ

কেঁচা মাটিৰ গোন্ধ

কৃষিজীৱীৰ শ্ৰমৰ ময্যদা

ৰ'দ বৰষুণৰ মাদকতা ।

তোমাৰ প্ৰিয় ফুল কাঁইটীয়া

গোলাপৰ সুগন্ধি।

এজাক উৰি যোৱা সুগন্ধি পখিলাৰ

বিচৰণ।

প্ৰকৃতি প্ৰেম দেশ প্ৰেম ভাষা প্ৰেম

মাটি -পানী, আকাশ বায়ু

সকলোতে থিতাপি তোমাৰ।

সুন্দৰ শব্দৰে সজালা কবিতাৰ ধাৰা

তুমি ক'ত বিচৰণ কৰা নাই ,

তোমাৰ কবিতাত আছে

শইচ- সোণোৱালী ভবিষ্যতৰ সপোন।

যেনিয়েই চকু দিওঁ তেনিয়েই 

বিৰাজমান তুমি ।

তুমি আছিলা শব্দৰ  খনিকৰ।

তোমাৰ শব্দৰ ঝংকাৰত পৃথিৱী 

সাৰপায় উঠে ।

তুমি শয়নে -সপোনে  শুনিছা 

দেশৰ  আহ্বান।

"দেশ বুলি ক'লে আদেশ নেলাগে "

এয়াই যেন স্বদেশ - স্বজাতিৰ প্ৰতি   থকা তোমাৰ 

দেশক ভাল পোৱাৰ অমোঘ বাণী ।

 

মেঘালী বৰা

গুৱাহাটী, হেঙেৰাবাৰী।



🟦বিকশিত অসম

ৰাহুল চেতিয়া, চিলাপথাৰ




কʼত আজি বিকশিত অসম

কʼত হেৰাম সোণৰ অসম,

কʼত হেৰাল শংকৰ-আজানৰ দেশ?

মাথোঁ কেওঁফালে দেখোঁ

কেৱল বʼমা বাৰুদ আৰু তেজৰ সোঁত।

কত নিৰ্দোষীৰ প্ৰাণ নিমিষতে গʼল,

কত মাতৃ পুত্ৰহাৰা হʼল,

নি:সহায় শিশু আজি ঘাট মাওৰা হʼল।

কেওঁফালে দেখোঁ মাথোঁ

অশ্ৰু আৰু অশ্ৰু,

চৌদিশে কেৱল বিয়পি পৰিছে

গুলী, বাৰুদ আৰু ধোঁৱা,

কেঁচা মঙহৰ গোন্ধই

বিলীন হৈ গল মাতৃভূমি।

কান্দিছে কেৱল হৃদয় ভঙা শব্দই,

সহিব নোৱাৰি তাৰ বেদনা

যেনিয়েই চকু ফুৰাওঁ 

তাতে শুনো কেৱল আৰ্তনাদ আৰু আৰ্তনাদ।



তোমাৰ ঠিকনা

শান্তনু হাজৰিকা

বিশ্বনাথ চাৰিআলি



জোনাক নিশা আজি তৰা গণি গণি

বহু দূৰ আগুৱালোঁ,

তথাপি এই নিশা নিৰাশ হৈয়ে ৰ'ল

তোমাৰ ঠিকনা নাপালোঁ ।

চন্দ্ৰ তৰাই দিলে বিষাদৰ বাতৰি

কাহানিও শুনা নাই কাহিনী,

তথাপি এই নিশা তোমাক বিচাৰি গ'লো

জোনাকে নিদিলে সহাঁৰি ।

পুৱতিৰ হেঙুল ৰং শৰীৰত পৰিলহি 

জিলিকাই দুচকুৰ চকুলোঁ,

সজাৰ পক্ষীয়েও ৰিঙিয়াই ক'লেহি

অসীমত তোমাক হেৰুৱালোঁ !

অস্থিৰ হৃদয়ে আজি তোমাক বিচাৰি যায়

নাজানে তোমাৰ ঠিকনা,

অবুজ হৃদয়ক মাথোঁ সহাঁৰি দিবলৈ

দি যায় মিছা বাসনা ।।।




আত্মবিশ্বাস
ঋতুৰাজ বৰগোহাঁই

জীৱন যুঁজৰ বন্ধু তুমি
নোৱাৰোঁ নকৰো বুলি
ভাবো যদি
তুমি দিয়া সাহস , মনোবল ।
য'ত প্ৰতিঘাত
সৰল কৰা তুমি ,
জীৱৰ তুমি প্ৰবলতা
তুমি মনোবলতা ।।
বৃত্তি তোমাৰ
সাহস , দৃঢ় , মনোবলতা ,
ৰাখি যাম আত্মবিশ্বাস
কৰি যাম সংগ্ৰাম
তুমি দিয়া সংগ
মই কৰিম কষ্ট ভংগ ।।

             


🟦 দুখৰ উপাদান
    দৃলীনা দাস।



দুখ মানুহৰ আজীৱন লগৰী
জীৱনৰ প্ৰতিটো পদক্ষেপতে
সুখ যিদৰে আছে ,
দুখো তাৰ লগে লগে থাকে ।
নিমিষতে নমাই আনে
দুচকুয়েদি মুষলধাৰা
বেদনাৰ সেউজীয়া বৰষুণ ।
হেৰুৱাৰ  আন এটা
নামেই দুখ ,
জীৱনৰ ৰঙ্গমঞ্চত ভাওঁ দি
থাকোঁতে নতুন চিনাকি জন
পুৰণি হয় হৃদয়ত
স্বৰ্ণশিখৰৰ সৃষ্টি কৰে।
জীৱনৰ পথত বিভিন্ন জনে
ভিন্ন ৰূপত ভাও দি
জীৱনলৈ আহে ।
কোনোবা জন বন্ধুত্বৰ মৰমেৰে
আৰু
কোনোবা প্ৰেমৰ এনাজৰীৰে
  বান্ধ খাই।
জীৱন পথত বাট বোলোতে
বুকুৰ আপোন কিমানকযে
হেৰুৱাব লগা হয়,
কোনোৱে অভিমান কৰি
চিৰদিনৰ বাবে আঁতৰি যায়।
কোনোৱে বিশ্বাসঘাটকতা কৰি
আৰু
কোনোজনক মৃত্যুয়ে টানি লৈ যায়।
যন্ত্ৰণাসিদ্ধ পক্ষীৰ দৰে
দুখৰ সাগৰত ডুবি ডুবি
হৃদয় খন জীয়াই থাকে
অনিচ্ছাকৃত ভাৱে।
কেতিয়াবা আকৌ আমি
কাৰোবাৰ দুখৰ কাৰণ
হৈ পৰো,
বাধ্যত পৰি আঁতৰি আহিবলগীয়া হয়।
ইয়াৰ উপৰিও ভোগবাদী ধাৰণা
প্ৰতিযোগিতা, অৰ্থনৈতিক কাৰণবোৰ
হয় পৰে আমাৰ
দুখৰ উপাদান ।

🟪বিপ্লৱৰ ৰোমাঞ্চিত সময় সামৰি
অনন্ত কুমাৰ ভূঞা


মিঠা মিঠা শব্দৰ
জুই লগা ৰসাল ভাষণত
ভাঁজ লাগে কুমলীয়া মন
বিপ্লৱৰ ৰোমাঞ্চিত সময়
কোবাল ধুমুহাই উৰুৱাই নিয়ে
উত্তেজনাত ডুব যায় বেলি ।
অৰণ্যত উচুপি উচুপি
পৰি আছে লাওখোলাবোৰ
ছিগাভগা হাড়বোৰ
ছেদেলি ভেদেলি হৈ আছে তাত
অচিনাক্ত নৰকংকাল চিনাক্ত নহয় ।
পুত্ৰহাৰা মাতৃৰ হিয়াভগা কৰুণ বিননি
সেমেকি ৰৈছে ক্ষীণ পোহৰত
বুকুৰ মাজত পুত্ৰক সাৱতিবলৈ
লাখুটিত ভৰ দি ৰৈ আছে বৃদ্ধ বয়সত ।
স্বামীহাৰা নাৰীয়ে পাৰ কৰে উজাগৰি নিশা
কিজানিবা ঘূৰি আহে নিৰুদ্দিষ্ট স্বামী ।
তৰাং মনৰ ডেকা লৰাবোৰ
সংগোপনে কণ্টকময় পথেদি
বিপ্লৱৰ অগ্নিপিণ্ড বিচাৰি ঘৰ এৰিলে ।
অনুশীলন ভীষণ কঠোৰ
নিয়ন্ত্ৰিত হয় গোপন কক্ষৰ নিৰ্দেশত
মৰণ পণত শৰণ লৈ বহু যুৱকে
অলীক কল্পনাৰে
বিপ্লৱী ৰূপে সজাই নিজৰ জীৱন
অস্ত্ৰৰ ঝনঝননিত ফুলি উঠে বুকু ।
আতংকত কঁপি উঠে বিস্তৰ সমাজ
বিপ্লৱৰ শিপাই খোঁপনি পুতিছে বহু দূৰলৈ
মৃত্যুৰ কৱচ পিন্ধি
তেজাল ডেকাৰ মনবোৰ বিষাক্ত  ভেজাল
হাতৰ মাৰণাস্ত্ৰ অনিয়ন্ত্ৰিত
চগা হৈ মাতিছে নিজৰ মৰণ ।
মগজুবোৰ কেতিয়াবাই বন্ধকত ৰাখিছে
বিৱৰ্জিত ত্ৰাসৰে চলাইছে সন্ত্ৰাস
মৃত্যুপণ লৈ কৰিছে বিপ্লৱ
শংকিত লাঞ্চিত নিৰ্যাতিত আপোন মানুহ
বেলি ডুব যায় অনিশ্চিত গহ্বৰত
অবাটে জীৱনৰ বাট হেৰুৱাই
বিপ্লৱী সকলৰ বয়স গৈছে ভটিয়াই
নষ্ট সপোনে লৈ গৈছে জীৱন লুটিয়াই।
ধুঁৱলী কুঁৱলী সন্মুখৰ পথ
বয়সে আমনি দিছে
উপলদ্ধি কৰিছে মুক্তি পথৰ সন্ধান
বিপ্লৱৰ ৰোমাঞ্চিত সময় সামৰি
এৰিছে সন্ত্ৰাসৰ পথ ।
মাৰণাস্ত্ৰ সম্বৰণ কৰিছে
আত্মসমৰ্পণ মন্ত্ৰৰে ঘূৰিছে মূল সূঁতিলৈ
গেঠেলা লগা বিপ্লৱৰ যাত্ৰা এৰি থৈ
আলোক পথেৰে ঘূৰি আহিছে
বিপ্লৱৰ পাঠ সামৰি ।


🟥ৰামধেনু দেখিছা
মেঘালী বৰা
  গুৱাহাটী, হেঙেৰাবাৰী




বাৰিষাৰ আকাশত
ৰামধেনু দেখিছা
দেখিছানে ৰামধেনুৰ সাতো ৰং ?
ৰঙা নীলা হালধীয়া সুমথিৰা
বেঙুনীয়া ঘন নীলা আৰু সেউজীয়া ।
সৌৱা আকাশলৈ চোৱাঁ
ৰামধেনুৰ সাতো ৰঙে
পাতিছে ৰঙৰ মেলা
ঢালিব আজি শাওনৰ পথাৰত
মুষলধাৰে বৃষ্টি
মেঘে ওন্দোলাই আনিছে
আকাশত দেখিছোঁ মেঘজাল
শুনিছোঁ মেঘ ধ্বনি
বিজুলীয়ে চতিয়াইছে পোহৰৰ মেলা ।
শুনিছানে মেঘৰ মাদলত
বাজিছে সপ্তসুৰ ।
উপচি পৰিব শাওনৰ পথাৰ
নেথাকিব চিৰালফাট মেলা
পথাৰৰ শুকান কৰ্কশ ৰূপ
সেউজীয়া হ'ব কৃষকৰ পথাৰ
লাৱণি দেহাৰে সেউজী হ'ব ধৰা ।

  

মোৰ তেজে তেজে বৈ যায়
মোস্তাকিন শ্বেখ, নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়

মোৰ তেজে তেজে বৈ যায়
স্বাধীনতাৰ গান
দেশ মোৰ,জাতি মোৰ
ভাৰত মহান ।
শত শত ছহিদৰ ত্যাগ বলিদান
সোঁৱৰিছো আজি মই,
তোমাক বীৰ জোৱান ।
'দেশ বুলিলে নালাগে আদেশ
তোমাৰ হৈ মৰিমে আই',
তোমাৰ দৰে মাতৃভূমি
পাবলৈ নাই।
গায়এী মন্ত্ৰ পাঠ কৰি
যাম আগুৱাই,
এইখনেই আমাৰ সোণৰ ভাৰত
এয়াই মোৰ আই।
   
        

🟪শাওনক আহ্বান
নাছিৰ আহমেদ,শিমলাবাৰী গোৱালপাৰা।


শাওনৰ এই মাহেন্দ্ৰ ক্ষণত
বাৰিষাৰ ঢল নামে
পৃথিৱীৰ বুকুলৈ
পথাৰে পথাৰে হিন্দোল দল
কৃষক যুৱক -যুৱতীৰ ;
সিহঁতৰ স্বপ্ননীল দুচকুত
নতুন সৃষ্টিৰ উন্মাদনা!
পথাৰৰ কেঁচা বোকাৰ গোন্ধত
সিহঁতে বিচাৰি পায়
আদিম পুৰুষৰ উষ্ণ -মধুৰ নিশ্বাস!
লহপহকৈ বাঢ়ি  অহা বীজবোৰ
বোকাত ৰোৱাৰ মধুৰ আনন্দত
ৰোৱনীবোৰে কিৰিলি পাৰে!
সিহঁতৰ পাৰ ওপচা যৌৱনে
সময়ৰ পাৰ ভাঙি
বিচাৰে এটি মিঠা জীৱন!

কিন্তু, যুগ-যুগান্তৰৰ কুসংস্কাৰ আৰু  অন্ধবিশ্বাসৰ
সুদৃঢ় প্ৰস্তুৰ দেৱালৰ ভিতৰত
সিহঁত বন্দী যেন জেলৰ কয়দী!
সমাজৰ নিষ্ঠুৰ নিয়মৰ কশাঘাতত
ব্যৰ্থময় জীৱনৰ কৰুণ ইতিহাস!

শাওনৰ মাহেন্দ্ৰ ক্ষণত
আহক নামি বাৰিষাৰ ঢল তীব্ৰ গতিত ----------
লৈ যাওঁক উটুৱাই কু-সংস্কাৰ , অন্ধবিশ্বাসৰ আৱৰ্জনা!
                 পৃথিৱীৰ বুকুৰ পৰা ।

হাতত কোৰ আৰু নাঙল লৈ আহক নামি
দুৰন্ত কৃষক যুৱক -যুৱতীৰ দল
ভাঙি ছিঙি চুৰ্ণ কৰক
এই নিষ্ঠুৰ ওখ দেৱাল খন!
সিহঁতে ৰুৱ লাগিব সভ্যতাৰ বীজ
জন্ম দিব লাগিব ধৰণীৰ বুকুত
এক নতুন সমাজ
আৰু বিপ্লৱৰ এক দুৰন্ত সন্তান! !


🟦খেতিয়ক ল'ৰা মই
নীলোৎপল নাথ (গোলাঘাট)


পথাৰৰ কেঁচা মাটিৰ গোন্ধই মোক ৰিঙিয়াই,
বাৰিষাৰ প্ৰথমজাক বৰষুণত জীপাল হৈ উঠা পথাৰখনে
সন্তুষ্টিৰে মোক সম্ভাষণ জনায়।
সপোনৰ খেতিডৰাত প্ৰথম বীজ সিঁচাৰ দিনা
মনটো আনন্দেৰে জকমকাই উঠে,
ক্ৰমে সপোনবোৰে পোখা মেলে
সেউজীয়া হয় আপোন পথাৰ।
যোৱাবাৰ বানে জ্বলাই থৈ যোৱা জুইকুৰা
পথাৰৰ সোণোৱালী ৰঙে নিৰ্বাপিত কৰিছে ।
এইবাৰ ভড়ালটো ভালকৈ সাজি লৈছোঁ,
এমুঠি সোণগুটি সজতনে সাঁচি ৰাখিম বুলি।
বানত ভাগি ছিগি যোৱা ঘৰটোও ভালকৈ সাজি লম,
হয়, এইবাৰ পাৰিম মই সকলোখিনি কৰিব
মোৰ পথাৰখন এইবাৰ সচাঁই সোণোৱালী হৈ উঠিছে,
সপোনবোৰো বাস্তৱ হোৱাৰ উপক্ৰম হৈছে ।
আৰ্শীবাদ কৰিবি পিতাই
আই, তোৰ নিধনী পুতেৰে এইবাৰ তোক পেট ভৰাই খুৱাব।
পথাৰখনৰ সোণগুটি কেইটাই মোৰ আচলৰ ধন,
জীয়াই থকাৰ সাহস আৰু প্ৰাণ – প্ৰাচুৰ্য্য

কাৰণ মই যে খেতিয়ক।





নিবেদিতা ডিম্পল




আজিকালি দেখোন তোমাৰ
সপোন নেদেখা হলো
তোমালৈ মনত পৰি
উচপিচাই থকা ৰাতিবোৰ
আজিকালি দেখোন নোহোৱা হল

তোমাৰ আভিজাত্যবাদী মনটোৱে
মোকো কোনোবা খিনিত
কঠোৰ হবলৈ শিকালে নেকি?
প্ৰেমৰ সংজ্ঞা পাহৰিলো নেকি মই
নে তোমাৰ  বজ্ৰকঠিন হৃদয়ে
মোৰ হিয়া ভাগিলে?

এতিয়া যেন এনে লাগে
মোৰ পাবলৈ ও একো নাই
হেৰুৱাবলৈও নাই,
আছে মাথো নিৰাশাৰ কুঁৱলীৰ
এন্ধাৰ অমানিশা

নাজানো তুমি কেনেকৈ
ইমান কঠোৰ
তুমি মাথো নিজৰ মাজতে বিভোৰ
নুবুজা আনৰ অন্তৰৰ বেদনা
ভৰিৰে মোহাৰি দিলা
প্ৰেমৰ অযুত কামনা

নুবুজিলা তুমি মোৰ
ব্যথাভৰা কৰুণ গাঠা
নহলা মোৰ কোনোদিনে
এবাৰলৈও নকলা তুমি
এবাৰ ভাল পাও বুলি
ৰৈ আছিলোঁ বহু আশাৰে
তুমি জানো এবাৰ কোৱা
মোক ভাল পাওঁ বুলি।


🟦মেঘ তুমি কৈ দিয়া
শান্তা দাস
লংকা, হোজাই, অসম


শাওনৰ প্রথম দিৱসত,
মন উৰি যায় নতুন অলকত।
কোন কাননত থকা তুমি(মন)?
আকাশ ভৰ্তি মেঘ তথাপি লাগে আমনি।
বুকুৰ ভিতৰত হুৰহুৰ বতাহ,
মেঘ নামিছে যে নিস্তব্ধ ধৰাত।

আজি শাওনৰ প্রথম দিৱসত,
ক'ত নো মুক্ত আকাশ?
সকলো চোন মেঘেৰে ঢাক খোৱা।
কদমৰ গছত অশ্রু ভাহে,
মন মজিয়াত জ্বৰ, আহে লাহে লাহে।

ক'ত নো যাম,
কি নো কৰিম!
ক'লৈ গ'লে নো তাৰ দেখা পাম!
মেঘ কৈ দিয়া না,
বলা না মেঘ,
তোমাৰ লগত ময়ো যাওঁ।
যাদুকৰী শব্দৰে,
মনক বিচাৰি লওঁ।।




🟪 প্ৰেমিক চৰাই মই ■( ছিৰিজ ১৮২)
    হাইছ উদ্দিন আহমেদ,


ভালপোৱাৰ কথাবোৰ মনত পৰে
যেতিয়া তোমাৰ লগত কথা পাতিছিলোঁ
মই বহুত ভাল পাওঁ তোমাক
তুমিও এদিন মোক কৈছিলা।

জীৱন সুখৰ এটি সংসাৰৰ চিন্তা কৰিছিলোঁ
সৌ সিদানাও মই তোমাক লগ পাই কৈছিলোঁ
তুমি কোৱা কথাষাৰ মনত পেলাইছিলোঁ।

তোমাৰ অহংকাৰ নাই বুলিও নকওঁ
তোমাৰ অভিমান নাই বুলিও নকওঁ
কিয়?কেনেকৈ তোমাক ভাল পাওঁ!

সকলোবোৰ স্মৃতিয়েই আজি মোক আমনি কৰিছিল
তুমি ক'ত আছা?
কেনেকৈ আছা? তাকেই ভাবোঁ আজি।

তোমাৰ নিচিনা কোনো নাই
কথাটো মই মানি লৈছিলোঁ
তোমাক ভাল লাগে সঁচা
তোমাৰ  প্ৰথম চাৱনিত
মই তোমাৰ  প্ৰেমত পৰিছিলোঁ।

এনেকৈয়ে হয়নে বাৰু ভালপোৱা!
বহুতো প্ৰেমিক-প্ৰেমিকাক দেখিছোঁ
প্ৰেম কৰে আৰু বিয়াৰ পিছত অশান্তি হয়

ভালপোৱাৰ মহত্ত্ব সিয়েই বুজি পাই
যিয়ে প্ৰেমৰ অৰ্থ বুজি পায়।
মই কিনো জানো!
কেৱল হাঁহি এটা পালেই মোহিত হওঁ।

থাকিব তোমালৈ চিৰদিনৰ বাবে বিশ্বাস
আৰু মানবীয় বোধ
থাকিব সদায় সততা
আৰু সত্য প্ৰেম হৃদয়ত।

জীৱন একাকীত্ব ,শুন‍্যতা,আৰু নৈঃশব্দৰ নৰকো এদিন তোমাৰ বাবে হৈ পৰিব তুচ্চ
এনেকুৱা ভালপোৱা আছে জানো কৰবাত?

তোমাৰ জীৱনৰ ভালপোৱাৰ অনন্ত সুঁতিটো
সীমাহীন, চৰ্তহীন,অপাৰ্থিৱ ব‍্যাপ্তিৰ বাবে আকুল প্ৰাণটো জলপ্ৰপাতৰ দৰে চিৰদিন বৈ থাকক।

তোমাৰ আৰু মোৰ প্ৰেম জীয়াই থাকক
প্ৰেম হৈ নিঃসন্দেহে।
তুমি মোৰ ওচৰত নাথাকিলেও
তোমাৰ নামটো উচ্চাৰণ কৰি থাকিম।
মোক নাভাবিলেও তুমি কেতিয়াও
মই সদায় তোমাক মনত ৰাখোঁ আজিও,
এয়াই সত্য।

মই জীয়াই থাকিম তোমাৰ অমল অনুপ্ৰেৰণাৰ উৎস হিচাপে।

ভালপোৱা ইমান সহজ নহয়।
জীৱনৰ সকলো সুখ-দুখৰ সমভাগী হোৱাৰ দৰকাৰ।
তেতিয়া প্ৰেম সফল হয়।

প্ৰেমত লাগে অটুট বিশ্বাস।
প্ৰেমত লাগে মৰমৰ হাঁহি।
প্ৰেমত লাগে সপোন
যিয়ে আগুৱাই নিয়াৰ বাবে সাহস দিয়ে।
এয়াইতো প্ৰেম।
---------------------◆◆◆----------------------





🟥ধৰ্ষণ
ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা

সংকীৰ্ণতা বাঢ়িলেই
প্ৰতিবাৰেই কবিতাৰ মৃত্যু হয়
উলংগ হয় নাৰী , অথচ যাক কোৱা হয় অবলা ,আকাশৰ দৰেই যাৰ বিশাল হৃদয় , কাৰোবাৰ মা ,কাৰোবাৰ ভগ্নী ,কাৰোবাৰ পত্নী ,কাৰোবাৰ প্ৰেমিকা  ।

তথাপিও
ধৰ্ষণ  হৈ উঠে সংকীৰ্ণ জাতিবাদৰ মুখা , এটা উলংগ কৌশল 
নিৰুপায় হয় লাজ
মুক্তিহীন চিয়ঁৰ ,চিৎকাৰ
চিঞঁৰি উঠে সভ্যতা
জাতিবাদৰ উদ্ভণ্ডালিত বাৰে বাৰে মৃত্যু হয় কবিতাৰ
ক'বলৈ নেথাকে কথা
কঁপি উঠে হৃদয়
কোমল ভাৱনা বাৰে বাৰে।উজুটি খায়
নিৰাপত্তা বিচাৰি বিচাৰি নাৰী হয় হায়ৰাণ ।

এনে হৃদয় ভঙা কাহিনী
কিয় বাৰে বাৰে হয়
এয়াই নে সভ্যতা ,এয়াই নে জাতিবাদ
এয়াই নে শৃংখলিত সমাজৰ মুখা 
কিয় প্ৰশ্নৰ সমাধান নহয় সোনকালে 
কিয় বাৰে বাৰে কবিতাৰ মৃত্যু হয়
কেতিয়া শেষ হ'ব এনে নিদাৰুণ হৃদয় ভঙা  জিয়া কাহিনী।

যদি সমাধান নাই ধ্বংস হওক  সকলো
বিধ্বস্ত হওক সভ্যতা
নেলাগে এনে সভ্যতা  ।



🟦দ্ৰোপদী নহ'বি তই কামিনী
--মাৰ্জিনা বেগম, বৰপেটা
                               




দ্ৰোপদী নহ'বি তই কামিনী ঐ
নাভাৱিবি আজি ভগৱান আছে বুলি,
তোৰ মৌন প্ৰাৰ্থনাত তোৰ সুৰক্ষা নাই
যদি তই নোহোৱা দেৱী  মহাকালী ।

জন্ম হৈয়ে কৰিলি নে  দোষ
সত্য যুগ বুলি কৰিলি নে ভুল ,
সভ্যতাৰ নামত কলংক সনা
নৰপিশাচে ভৰা এয়া যে কলি যুগ ।

তই নাৰী আজি ভোগৰ হৰিণী
তোৰ শৰীৰৰ মাংসই তোৰ ভৈৰী,
তোৰ ৰিহাৰ ভাজত সৌন্দৰ্য্য নহয়
এজাক অসুৰৰ পৰিছে লোলুপ দৃষ্টি।

ক'ত হেৰাল আজি তোৰ আত্মসন্মান
দেৱী হৈও আজি কিয় জন্তুৰ সমান
মেলি দে তোৰ বিশাল ডেউকা
খুটি পেলা অভিশপ্ত বিষাক্ত আকাশ ।

হায়! কি মাতৃ,কি ভগ্নী, কি তই পুত্ৰী
সমগ্ৰ বিশ্বৰ নাৰী সত্তা আজি লজ্জিত
ৰাজপথেও হয়তো সেই নিশা কান্দিছিল
অসহায় অংগনাৰ বুকু ফলা আৰ্তনাদ শুনি।

পুৰুষৰ কামনাৰ বলি হ'বি আৰু কিমান কাল
তেজ আৰু মৃত্যুৱে  তৃপ্ত কৰিব পৰা নাই
অতৃপ্ত দানৱৰ বনৰীয়া বিজয় উল্লাহ
স্বগিত হওঁক তোৰ মৌনতা নাৰী তই বীৰাংগনা।।





                         
🟪ভাৱনাৰ সাগৰ
     শ্ৰী পৰিস্মিতা দত্ত, শিৱসাগৰ    



নৱমল্লিকাৰে সুবাসিত আজি নীৰৱ নিকুঞ্জ
ৰাত্ৰিদেৱীৰ আগমনত সুধাশুৰ
অমিয়া জ্যোৎস্নাসুধা...
প্ৰেমিকবিহীন এই প্ৰেয়সীৰ প্ৰেম মাথোঁ আজি
নীৰৱতা বিনাশী দূৰণিৰ দহিকতৰাৰ মধুগুঞ্জন
তাতেই যেন নিবিড় অজ্ঞাত প্ৰিয়সংগ...
অকলশৰে নীৰৱতাৰ কোলাত বহি
লিখি যাওঁ কবিতা...
তোমাৰ বুকুত শব্দময় নদীৰ গভীৰতা
শাওণৰ আকাশৰ উন্মাদনা
তোমাক ভাল পাওঁ বুলি ক'লেই
ৰিম ৰিম বৰষুণ নামে
তুমি শব্দময় প্ৰাণৰ দুহিতা,
ভালপোৱাৰ নন্দন প্ৰতিমা...!
তুমি শব্দ, তুমি গোন্ধ
আহিনৰ দুবৰি বুটলা সোণাৰুৰে মালা
গোঠা কবিতাৰ দৰে
সজোৱা নিশাৰ আকাশ
তোমাৰ উশাহত ফুলে শেৱালিৰ সুবাস!!




🟥বৰ্বৰ ৰাজনীতি
     সূৰজ বৰগোহাঁই, ধেমাজি
                                         



জীৱন অস্হিৰতাৰে আগবাঢ়িছে
মানুহে মানুহৰ সৰল হৃদয়খন নুবুজি
স্হূল হৈ পৰিছে মানুহৰ আত্মিক সম্পৰ্ক
প্ৰয়োজন পূৰাবৰ বাবেই যেন মানুহৰ আজি
ইমান ব্যস্ততা ইমান আয়োজন
যি আয়োজনে মানুহক অমানুহলৈ ৰূপান্তৰিত কৰিছে
টকাই সুখ আনে বুলি ভবা প্ৰতিজন ব্যক্তিয়েই
সমাজখনক কোনোবা নহয় কোনোবা দিশৰ পৰা
নষ্ট কৰি আহিছে
বৰ নেতাই স্বাৰ্থ আগত ৰাখিয়েই ৰাইজৰ ক্ষমতা নিজৰ কৰে
ৰাইজক সুৰক্ষা দিয়া ক্ষমতাই ৰাইজক ধ্বংস কৰে
বিভেদকামী ৰাজনীতি
বৰনেতাৰ মুখত ছলাহী ভদ্ৰতা
আৰু কিমান শুনিবা জনগণ?
উলংঘিত নাৰীৰ সহস্ৰ
এদল পশুৰ অভিযান দেখিও
দেশৰ বৰ নেতাই থাকে কিয় মৌন হৈ ?
শান্তি বিচৰা ৰজাই  আজি
কুটনীতি ৰাজনীতিৰ পাকচক্ৰত পৰি
উপায়হীন নি?
কব কোনে সেই গোপন সত্যবোৰ?
যিবোৰে শতদিন মানুহক অনিশ্চয়তাৰ চক্ৰত আবদ্ধ কৰি ৰাখিছে!
হয়তো উত্তৰহীন হৈয়ে ৰব হাজাৰ জনতাৰ প্ৰশ্ন!
যেতিয়ালৈকে এই কুটনীতি ৰাজনীতি চলি থাকিব…

সেয়ে সজাগ হওঁক জনগণ
আপোনাৰ এটি সঠিক সিদ্ধান্তই দেশৰ ভবিষ্যত গঢ়িব পাৰে
কিন্তু এটি ভুল সিদ্ধান্তই দেশ জ্বলাইও দিব পাৰে!
কাৰণ ক্ষমতাশালী সকলক ক্ষমতাবোৰ কোনে দিছিল তুলি?




আজি কৰিলোঁ দৃঢ় প্ৰতিজ্ঞা
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)




নকৰোঁ আশা
নকওঁ বিষাদৰ বেদনা,
নিজৰ চিন্তা মুক্ত কৰি
আনৰ সুখত ব্ৰতী হ'ম
আজি কৰিলোঁ দৃঢ় প্ৰতিজ্ঞা।
পৰিশ্ৰম,বেদনা,বিষাদেৰে
মৃত্যুৰ বাট আহিলেও,
নাযাওঁ কাৰোবাক ক'বলৈ
হৃদয়ৰ গোপন কথা।
মৰি মৰি জীয়াই আছোঁ
কোনে বুজিব, কাক বুজাম?
সুখৰ সন্তান বিচাৰি
দুখৰ ভিক্ষা পাওঁ।
দলিয়াই দলিয়াই আঘাত সানে
কিনো ভুল মোৰ,
নাজানো কিমান দিন আৰু
পৃথিৱীখন আপোন হৈ থাকিব।
নোৱাৰিছোঁ হঠাতে যাম গৈ চাগে
মায়াময় পৃথিৱী এৰি,
শত শত সপোন
আধৰুৱা হৈ যাব
কিনো হ'ব মোৰ?

                              
          

🟦শাওনৰ পথাৰ

               বিৰাজ বল্লভ নাথ
                    খগা, লখিমপুৰ


হাতত লৈ ভূই

ওঠত লৈ মিচিকিয়া হাঁহিটি

একাঠু বোকাত খেলিছে ৰোৱনী ।

মুক্ত আকাশৰ তল
সেউজী শাওনৰ পথাৰ
যʼত পাই সুখৰ অনুভূতি
তাতেই আছে গাঁৱলীয়া খেতিয়ক ।

ৰʼদ বৰষুণ নেওচি
উকা পথাৰখন কৰে সেউজী,
বিচাৰি জীৱনৰ অন্য এক মাদকতা
খেতিয়কে ফালি যায় ধৰিত্ৰীৰ বুকু ।

প্ৰকৃতি নদন-বদন
হালোৱা - ৰোৱনীৰ সমদল,
ধাৰাষাৰ নামি অহা সুগন্ধি বৰষুণ
তাৰ তালে তালে প্ৰফুল্লিত মন ।

বোকাময় পথাৰত ৰচে
সৰু আঙুলিৰে সেউজী সপোন,
নাই ভোক, নাই ক্ষুধা
যেন থাকে আনন্দত খিলখিলাই ।





⬛তুমি ক'লেই লিখিব নোৱাৰোঁ কবিতা

আয়নাল হক ( ধুবুৰী )




তুমি ক'লেই লিখিব নোৱাৰোঁ
মোৰ অনুভৱৰ ছন্দযুক্ত মালিতা,
শাওণৰ জাগলত জুৰুলি-জুপুৰি হোৱা
হৃদয়খন পলসুৱা হ'বলৈ
লাগিব যে পৰ্যাপ্ত সময় !
ৰঙৰ আল্পনাৰে জীৱনটো সজাবলৈ
মোৰো মন যায়--!
আবেলিৰ শীতল বতাহছাটি
গালে-মুখে ছটিয়াই
মোৰো মন যায় কবিতা এটি হ'বলৈ--!
শুকুলা ডাৱৰবোৰৰ দৰে
আকাশত সপোন ৰচিবলৈ
মইও কটাওঁ উজাগৰী ৰাতি।
খোলা খিৰিকীৰে
শেৱালিৰ মিঠা সুবাসবোৰ লৈ
মইও থাকোঁ শাৰদীয় আলিঙ্গনত।
আৰু যেতিয়াই অনুভৱবোৰ অভিমানী হয়
তেতিয়াই কবিতাবোৰে
আত্মপ্ৰকাশ কৰে শব্দৰ সাজোনত।
কিন্তু তুমি ক'লেই
লিখিব নোৱাৰোঁ কবিতা,
অনুভৱবোৰ পলসুৱা হ'লেহে
মুক্ত হয় ছন্দযুক্ত মালিতা...।




          

                                        
🟪উৰিম বুলি পক্ষীক কৰিলোঁ আপোন
ৰুম্পী দাস
ভালুকমাৰী
ৰাণীপুখুৰী , হোজাই



উৰিম বুলি পক্ষীক কৰিলোঁ আপোন ,
পক্ষীও স্বসম্মানে মোকও
আপোন কৰিছিল ।
তেতিয়া হৃদয়ত আছিল ...
সীমাহীন আনন্দ ,
মুখত হাঁহিৰ বজাৰ ।
যি বজাৰত আছে কেৱল
উল্লাস , আশা , সপোন
আৰু শান্তিৰ অনুভৱ ।
আকাশ চুবলৈ বৰ হেঁপাহ
আকাশৰ বুকুত জীয়াই
মুক্ত আকাশৰ কোলাত ,
মোৰ জীৱন সজোৱাম বুলি ...
মইও বিচাৰোঁ আকাশক
আকোঁৱালি ল'বলৈ ।
আকাশৰ বুকুৰ নীলা পুখুৰীত
  সাঁতুৰিব মন যায় ,
উৰন্ত পক্ষীৰ পিছ ধৰি
মোৰও উৰিবলৈ মন যায় ;
দু-ডানা মেলি ।




🟥সপোন

                      ✍🏻ৰুম্পী দাস
                           ভালুকমাৰী
              ৰাণীপুখুৰী , হোজাই


সপোনবোৰ হেৰাই যায়
নিৰাশাৰ বাটত ,
মোৰ দুচকুত চকুলোঁ নিগৰে
প্ৰতিপল দুখৰ বজাৰত ।
সপোনেও নিৰৱে কান্দে
বাস্তৱিক হ'বলৈ ,
উজ্বলীয়া চকুজুৰিয়ে
বহু গোপন কথা পাতে
ভৰসাৰ ইংগিতও দিয়ে ।
চকুমুদা ৰাতিৰ সপোন
নিমেষে হেৰাই যায়
আক্ষেপও থাকি যায় ,
হৃদয়ত বহু হতাশাৰ সৃষ্টি হয় ।
এয়াই যেন সত্য ,
চকুমেলি বহু কষ্টেৰে
নিৰৱে সংক্ষিপ্ত
সপোন দেখি সচাঁই সফলতা ;
অৰ্জন কৰিব পাৰি ।





🟪সংগ্ৰাম
শিল্পী দাস
ভালুকমাৰী,নগাঁও

জীৱন মানেই সংগ্ৰাম
প্ৰতি পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ শব্দ,
যি শব্দই শিকাই
জীৱন বাটৰ জীয়াই থকাৰ উৎসাহ।
শত শত সংগ্ৰামে
তেজিত ৰক্তাক্তে
পৰিশ্ৰমী কান্ত দেহই
উপহাৰ দিলে
'স্বাধীনতা'।
সংগ্ৰাম আমাৰ প্ৰাণ,
সংগ্ৰামই আমাৰ প্ৰকৃত বন্ধু
সাহসৰ প্ৰতীক স্বৰূপ।
সংগ্ৰাম মানে পৰিচয়,
নিজৰ অস্তিত্ব তুলি ধৰাৰ
এক বিশেষ অস্ত্ৰ।
সংগ্ৰাম মানে জন্মৰ উৎস,
সংগ্ৰাম মানেই জীৱন প্ৰক্ৰিয়া।
সংগ্ৰাম মানে প্ৰাণ,
সংগ্ৰাম মানে ধৰ্ম,
সংগ্ৰাম মানে কৰ্ম।





🟦কিবা যেন হেৰালোঁ
শিল্পী দাস
ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
        

কিবা যেন হেৰালোঁ
কিনো হেৰালোঁ?
সকলোতে ভৰপূৰ মই।
আকাশৰ চন্দ্ৰ- তৰা,
বতাহৰ মলয়া পৰশ,
পথাৰৰ সোণালী বৰণ,
চাৰিওফাল সেউজীয়া,
দিৱসৰ ৰবিৰ কিৰণ,
আপোনৰ পৰা আপোন;
সকলো আছে আজিও
আপোনতকৈও আপোন।
পিছে আজি,
কিবা যেন হেৰালোঁ।
সুখ নে সন্মান?
স্বাধীনতা নে শান্তি?
আশা নে অনুভৱ?
বিচাৰি বিচাৰি ক্লান্ত;
দেহ-মন হ'ল শান্ত।
তেনে হেৰালোঁ ঠিকেই,
স্বাধীনতাৰ এখন পৃথিৱী।


                             

          
🟦কবিৰ প্ৰেমত
প্ৰগতি গগৈ চাংমাই




সেউজীয়া চোলাটো কান্ধত আঁৰি
সেউজীয়াৰ সপোন দেখা মানুহজন
ভাল লাগি যায়

সোণোৱালী সপোন এসোপাই আমনি কৰে৷

লাহে লাহে তেওঁৰ অনুভৱে আগুৰি ধৰে
তাইৰ সমগ্ৰ সত্ত্বা৷

অনবৰতে কঢ়িয়াই লৈ ফুৰে তাই
এখন জীয়া ছবি

মন গ'লেই উলিয়াই লৈ কথা পাতে
সুখবোৰ ভগায়
দুখত কান্দি উঠে৷

প্ৰেমৰ যোগ বিয়োগ
ভগ্নাংশও পতা হৈ যায়

তেনেকুৱাতে সপোনটো সুলকি পৰে৷





বৰষুণ
       মিন্টু গোৱলা লখিমপুৰ কদম

ৰিমি ঝিমি বৰষাত
তিতিবৰ মন যায় ।

বৰষাৰ টোপালৰ লগত
মিলি যাবলৈ মন যায়
জান-জুৰিলৈ ।

তিতিবৰ মন যায়
এজাক আবতৰিয়া
বৰষাৰ লগত,
যত থাকে  সপোন ।

কেতিয়াবা যাবলৈ মন যায়
বৰষাৰ হিয়াৰ মাজত ,
বৰষাৰ হিয়াৰ মৰম ল'বলৈ ।

কেতিয়াবা আকৌ ভয় লাগে
বৰষাৰ হিয়াৰ টোপাল বোৰ যদি
ভয়ংকৰ হৈ হিয়ালৈ নামি আহে ।

কি হ'ব বাৰু ?

সেই বাবে  বৰষাৰ লগত
তিতিবলৈও ভয় লাগে ।



               

অসাধাৰণ
দেইজী কাৰ্খ বৰদলৈ।




এজন অসাধাৰণ মানুহ।
তেনেই এযোৰ সাধাৰণ কাপোৰ পিন্ধি আহিছিল।
মানুহ বোৰে তেওঁক
দেখি বহুতো ঠাট্টা
মষ্কা কৰিছিল।
তথাপিও তেওঁ অইন
মানুহৰ দৰে কাজিয়া
কৰা নাছিল।।।
মানুহ জনে ভাবিছিল,,
কোনোবাই কয় আছে
কয় থাকক।।।
কাৰণ কিছুমান মানুহে
বেলেগক ঠাট্টা কৰিয়ে
আনন্দ পায়।।
আচলতে কেতিয়াও  মানুহক
হাঁহিব নাপায়।
কাৰণ,, মানুহক সদায়
মানুহ হিচাপে ভাবিব লাগে।
সাধাৰণ এযোৰ কাপোৰ
পিন্ধি আহিল বুলি যে ,,
মানুহজন বেয়া, সেইটো
আচলতে মানুহবোৰৰ
ভুল ধাৰণা।।।


🟥বন্ধু
দেইজী কাৰ্খ বৰদলৈ।



বন্ধু হৈছে এটা বুজাব
নোৱাৰা শব্দ ।
য'ত বিশ্বাস, আন্তৰিকতাৰে
ভৰা এটা সম্পৰ্ক।
বন্ধুৰ সৈতে কেনেদৰে সময়বোৰ পাৰ হৈ যায়
ধৰিবই নোৱাৰি।
বন্ধু বুলি ক'লে সৰু কালৰ
কথা বৰকৈ মনত পৰে।
কিয়নো গাঁৱৰ ফুৰা চকা কৰা,
আৰু একেলগে স্কুললৈ
যোৱা হয়।।
তাৰোপৰি, বিভিন্ন সূত্ৰে সু সম্পৰ্ক গঢ়ি এই সম্বন্ধ
স্থাপন হৈছিল।
বয়স বাঢ়ি যায় কিন্তু
সম্পৰ্ক হেৰাই নাযায়।
আজিও সেই স্কুলৰ লগৰ বোৰক বৰকৈ মনত পৰে।
বন্ধুৰ সৈতে জড়িত হৈ থকা
আবেগ আনন্দ বুজা বুজি
কেতিয়াবা বিষাদো হৈ পৰে।
বিশ্বাস আৰু মানুহৰ স্বাৰ্থৰ মাজত বন্ধুত্বৰ পবিত্ৰ সম্পৰ্কৰ
মৰ্যদা আৰু বিশ্বাস যোগ্যতা
হেৰাই গৈছে। বন্ধু বোৰৰ মাজত গঢ়ি উঠা এই সম্পৰ্ক কোনেও নুই কৰিব নোৱাৰে।
বিশ্বাস নাথাকিলে বন্ধুত্বৰ কোনো একো মুল্য নাই।
বিপদৰ মুহূৰ্তত বন্ধুৰ কাষত,,
আনন্দৰ মূহুৰ্তটো বন্ধুৰ কাষত।।
কিয়নো বন্ধু এজন বিপদত
পৰিলে বন্ধুজনক টকা পইচা
দি সহায় কৰিব নোৱাৰিলে
বন্ধুজনক সাহস দিয়াটো
অতি প্ৰয়োজন।।।
সেই খিনি বিশ্বাস সদায়
বন্ধুৰ মাজত থাকিব লাগে।
হোৱাটচ্এপত হাই, হেল্লো
অথবা ছ'চিয়েল মিডিয়াত
বহুতো বন্ধু পোৱা যায় ।
কিন্তু বিপদৰ মুহূৰ্তত থকা
জনহে প্ৰকৃত বন্ধু।
ছ'চিয়েল মিডিয়াত কাৰ কিমান বন্ধু আছে তাৰ
হিচাপ আমি সাংখ্যিকভাৱে
পালেও সেই বন্ধুত্ব ব্যৱহাৰিক
বন্ধুত্বৰ সম্পৰ্কই চুব নোৱাৰে।

তথাপিও বন্ধু সদায় বন্ধুৱেই।
বন্ধুৰ বাবে কোনোবা মৰিব পাৰে,
বন্ধুৰ বাবে কোনোবাই সকলো
কৰিব পাৰে।।।
সুখ দুখৰ সংগীয়েই
হৈছে বন্ধু।।।।।।।।


🟥কলেজীয়া জীৱনৰ স্মৃতি
দেইজী কাৰ্খ বৰদলৈ



আপোন কলেজ খনলৈ আজিও মনত পৰে।
আজিও গছৰ তলৰ আদ্দাবোৰৰ কথা চকুৰ আগত সজীৱ হৈ উঠে,
আজিও মনত পৰে।
ক্লাছ কৰি থাকিলে
মাজতে কোনোবা জনীয়ে
সুধি দিয়ে কি পঢ়াই আছে বে???
কিবা বুজিছা নে???
কেনেকৈ তিনি বছৰ পাৰ হৈ গ'ল,,,,
গমেই পোৱা নগ'ল।
সকলোৱেই কথাবোৰ আজিও মনত পৰে।।
হয়তো এইবোৰ সৰু সৰু
স্মৃতিৰ মাজেৰে তিনিটা
বছৰ পাৰ হʼল।
ছাৰ বাইদেউ সকলৰ কথা
আজিও মনত পৰে।



🟪খেৰীঘৰত সাপ
     - শতাব্দী শৰ্মা,   নগাঁও



সৌৱা, খেৰীঘৰত এডাল সাপ,
অলপো শংকাৰ আৱশ্যকতা নাই।
নিশ্চিন্তমনে লেও সেও দি পৰি আছে ।
সাপডাললৈ ভয় কৰাৰ পৰিভাষা নাই।
সৰ্পদংশনৰ কেচেলুৱা যন্ত্ৰণা ভুগি
পুনৰাই জীৱিত দিকদৰ্শনৰ সমভাগী সম্ভৱ!
কিন্তু চাৰিওফালে গাখীৰ খুৱাই পোহা
বাস্তৱিক সৰ্পৰূপী মানৱ জাতিৰ
দংশনৰ পৰা ৰক্ষাৰ মন্ত্ৰ কি?
সেই মন্ত্ৰ যদি বিদিত হয় এদিন ,
সেইদিনাই অবৈধ ঘোষিত হ’ব,
খেৰীঘৰৰ সাপ !
     
  

🟦শান্তি

অনিন্দিতা মহন্ত ,শিৱসাগৰ




এই বিশাল জনতাৰ সমাৱেশ
যাৰ মাজত লুকাই আছে
এই কঠিন আৰু ভগ্ন হৃদয় ।
এনে এটা পৰিৱেশ
য'ত শালীনতা, বিশৃংখলতা, অগ্নাশয়
উজ্বলি উঠিছে ।
ক'তো শান্তিৰ প্ৰতিষ্ঠা কৰিব নোৱাৰি
হাহাকাৰ হৈ পৰিছে ।
জাগ্ৰত পৃথিৱীত এয়া বিৰহৰ ঢৌ
ফুটি উঠিছে জনতাৰ অন্তৰত
জাগিছে বিজয় বাসনা ,
কোন দিনা উন্মত পৃথিৱীত
শান্তি বিৰাজ কৰিব ?
সেয়া হয়তো কোনেও নাজানে
কেৱল মাথো বিশ্ব দৰবাৰ ?
সৃষ্টি কৰা ভগৱানৰ মাথোন লীলাভূমি
মায়া - মোহ ত্যাগ কৰি নি:স্বাৰ্থভাৱে
আগবাঢ়ি যোৱা দেখিবা সন্মুখত
বিজয়ৰ জয়গান গোৱা এটি প্ৰতিচ্ছবি ।

             


পুৰুষ আৰু পাহাৰ

আমিৰ হুছেইন আহমেদ |


ৰ'দত পোৰে পুৰুষৰ প্ৰশস্ত পিঠি
এঙাৰৰ  দৰে ক'লা পৰে দেহৰ বৰণ
নীলা চকুত সৰে টোপে টোপে ঘামৰ বৃষ্টি
কষ্টোপাৰ্জিত কন্টাকীৰ্ণ সাৰ্থক জীৱন ।

জীৱন সংগ্ৰামৰ অবিৰত জাল গুঠে
নাঙলৰ সীৰলুত প্ৰভাতী বেলি উঠে
আকাশৰ দৰে বিশাল মন-স্বাভিমানী
পাহাৰৰ দৰে অলৰ-অচৰ মজবুত স্থিতি
সৃষ্টিশীল পথাৰৰ পুৰুষে জ্ঞানী অগ্ৰগণী,
সংসাৰ নাওৰ গুৰিয়াল ছাদৰ মূল খুটি---!

কিন্তু পুৰুষৰ নখৰ বিষাক্ত আচোঁৰত
ক্ষত-বিক্ষত প্ৰকৃতি প্ৰদত্ত পাহাৰৰ বুকু
নিৰ্দয় হাতোৰাৰ কোবত ভয়াৰ্ত্ত প্ৰাণী জগত
ভূ-মাফিয়াৰ দৌৰাত্ম্য যেন পৈতৃক সম্পদ
প্ৰকৃতিৰ নান্দনিক সেউজী সাজ ফালি চিৰি
বিবস্ত্ৰা দেহত কিয় পৰে তোমাৰ শেনচকু ?

লৌহ হাতোৰাৰ কেকোঁৰা চেপাৰে
কোমল দেহত চলোৱা অবৈধ খনন কাৰ্য্য
শৈল-ভাস্কৰ্য্য প্ৰস্তৰ যুগীয় অক্ষয়ী সৌন্দৰ্য্য
নিৰ্বলীৰ ওপৰত বীৰত্ব-এয়াই নেকি বীৰ্য ?
পুৰুষ -তুমি কিয় ইমান নিৰ্মম নিৰ্লজ্জ?

ধুমুহাৰ প্ৰাচীৰ-ধৰিত্রীৰ অতন্ত্ৰ প্ৰহৰী
সুৰক্ষিত মানৱ স্থিতপ্ৰজ্ঞ আজন্ম লগৰী
সঞ্জীৱনী সুধা পাহাৰী স্ৰোতস্বিনীৰ পানী
জনজীৱনৰ প্ৰাণ-প্ৰকৃতিৰ নিৰৱ গান
পাহাৰে জীৱকুলৰ অক্ষয়ী অম্লজানৰ খনি--!!
_______________________________


Tuesday, May 02, 2023

দ্বিতীয় বছৰ, মে মাহ,প্ৰথম সংখ্যা

 দ্বিতীয় বছৰ, মে মাহ,প্ৰথম সংখ্যা

                   বিতা শিতান

_______________________________________


🟤শ্ৰমিক বন্ধুৰ প্ৰতি


কিমাননো আৰু কামকে কৰি নাথাকা
আঁহা অলপ জিৰনি লোৱা
বুকুৰ কামিহাড় কেইডাললৈ এবাৰ চোৱা
ৰ' দৰ তাপত শিলৰ ৰঙ লোৱা পিঠিটো
এবাৰ মুহাৰি চোৱা
কিমান ভৰ সহিব পাৰে সি ।
পেতটো নথকা হ'লে
পিঠিটো নিমজ হ'ল হেতেন
উৱঁলি নগল হেঁতেন বনিয়নটো ।
দুহাতৰ কঠিন আঙুলি বোৰে
সন্ধিয়া যেতিয়া কেঁচুৱাটো চুৱে
কেঁচুৱা টোৱে কান্দে
সিটো নাজানে
কঠিন আঙুলিৰ খহতা স্পৰ্শ ই
তাক কেনেকৈ নিৰাপত্তাৰ আভৰণ দিছে ।
কিমান নো আৰু কামকে নকৰা
আহা অলপ জিৰণি লোৱা ।
তোমাক দেখিলে
যন্ত্ৰ ই বোলে লাজ পাই
মালিকৰ খং নকমে ।
পাৰিশ্ৰমিক দিবৰ বেলা
অজুহাত ।
কেতিয়াও ডাং নাখাইনে
তোমাৰ কঠিন হাত ?
কিমান নো কামকে নকৰা
আহা অলপ জিৰণি লোৱা ।


ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

_______________________________________




🔴শ্ৰমিক দিৱস





নহওঁ আমি শ্ৰমিক
নালাগে আমনি
ন ন সৃষ্টি কিম্বা
কাঠৰ পুতলা সাজি,
নতুবা লোৰ গাত হাতুৰি মাৰি আমি গঢ়োঁ
একো একোটা সম্পদ
আমাৰ ত্যাগ আৰু পৰিশ্ৰম
সকলোৰে সুখৰ ফচল।
জীৱনৰ কাঁইটীয়া বাটৰ
অক্লান্ত সংগ্ৰামী সত্ত্বা,
নহওঁ কাহানিও ভাগৰুৱা।
সপোনক বাস্তৱত ৰূপ দিয়াৰ
অঘোষিত আখৰাৰে
জীৱন জয়ৰ অংগীকাৰ।
কপালৰ কেঁচা ঘাম মাটিত পেলাই
জীৱন সংগ্ৰামত ব্ৰতী
নতুন প্ৰভাতৰ ঠিকনা বিচাৰি
কৰ্মপ্ৰেৰণাৰে দি যাওঁ
নিজৰ কৰ্তব্যৰ পৰিচয়।

প্ৰগতি গগৈ চাংমাই

________________________________________



🟣“নিঃসঙ্গতা”





নিঃসঙ্গতাই দিছে মোক
সেই সুখৰ পৰিচয়,
যি সুখ থাকে দূৰৰ মাজতেওঁ
হৈ এক বিস্ময়।

নিঃসঙ্গতাই শিকাইছে মোক
কষ্টৰ মাজত ভালেই থাকা,
কান্দোন ও অশ্ৰুবোৰক
হাঁহিৰ অন্তৰালত ঢাকি ৰখা।

নিঃসঙ্গতাই শিকাইছে মোক
কোনটো প্ৰকৃত ভালপোৱা,
ও কোনটো কেৱল আবেগ,
মিছা অভিনয়, মিছা আশা।

নিঃসঙ্গতাই শিকাইছে মোক
এই জীৱনৰ মানেটো কি!
হাজাৰ মানুহৰ ভিৰত
সেয়ে আজিও মই নিঃসঙ্গ।

               ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
                      জুৰীয়া, নগাঁও (অসম)
_________________________________________



🟡এবাৰ আহিবাচোন বৰপেটালৈ

             



 
বন্ধু,
এবাৰ আহিবাচোন বৰপেটালৈ
মৃত বেঁকী-মানাহৰ পাৰত অৱস্থিত
মোৰ এই বিনন্দীয়া চহৰৰ লগত
দিম তোমাক চিনাকি কৰাই
হাউলী পাটবাউসী সৰ্থেবাৰী
আৰু বৰপেটা সত্ৰখন।

এবাৰ আহিবাচোন বৰপেটালৈ
বিভিন্ন ঠাইৰ পৰ্যটকসকল
ঐতিহাসিক হাজোৰ পোৱা মক্কা
আৰু হয়গ্ৰীৱ-মাধৱ মন্দিৰলৈ
আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী
হিন্দু-মুছলমানৰ ই পবিত্র মিলন ভূমি।

চাই যোৱা বন্ধু, ই বৈকুণ্ঠধাম
সত্ৰনগৰী বৰপেটা চহৰ
বিভিন্ন সত্ৰৰ সমাগম
বৰপেটাৰ হোলী আৰু হাউলীৰ ৰাসমেলা
বিশ্ব বিখ্যাত মহামিলনৰ পৱিত্ৰ স্থলী
হিন্দু-মুছলমান শিখ-জৈন-খ্ৰীষ্টান
একতাৰ নিদৰ্শন বৰপেটা চহৰখন।

এবাৰ চাই যাবা
বৰপেটাৰ হাতী দাঁত আৰু বাঁহ বেত
সৰ্থেবাৰী কাঁহ-পিতলৰ উদ্যোগ
ঐতিহাসিক হাজো চহৰখন
ল'বাহি ইয়াৰ বিশুদ্ধ বায়ু-পানী
অতিকে আপোন।


এছ ইছলাম শিক্ষক
              পঃমইনবৰী বৰপেটা

_________________________________________



🟡এক অন্তহীন যুদ্ধৰ অংগীকাৰ




  
এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।                
কিন্তু,                                                                 
   মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
দুচকুত দপ্ দপ্ কৈ জ্বলি উঠিছে প্ৰতিহিংসাৰ জুই!
মোৰ বজ্ৰমুষ্ঠি হাতত চিকমিক কৈ উঠিল চোকা দা

এৰা , মই অনামিকা কলিতাই কৈছোঁ ---
"আপুনিয়েই কওঁকচোন ,ডাঙৰীয়া
যেতিয়া ৰঙীন স্বপ্ন দুঃস্বপ্নত পৰিণত হয় নিমিষতে
পৰম শান্তিৰে বুকুত সাৱটি লোৱা কোমল ফুলপাহ
এক বিষাক্ত সাপ হৈ দংশন কৰে অনবৰত ;
কলিজাৰ কেঁচা তেজ চুহি চুহি খায় !"

"আপুনিতো ভালকৈ বুজি পায়,ডাঙৰীয়া -
নাৰীয়ে পৃথিৱীৰ সকলো যন্ত্ৰণা উপেক্ষা কৰে ;
কিন্তু, প্ৰেমৰ প্ৰতিদ্বন্দিতা কৰা প্ৰতিদ্বন্দ্বীক ?
ভণ্ড স্বামীৰ যেতিয়া মুখৰ আঁৰৰ মুখা খোল খায় ?"
সেয়ে,  পুষ্পৰ দৰে সুকোমল হৃদয় মোৰ
নাৰীত্বক বিসৰ্জন দি বজ্ৰৰ দৰে কঠিন হৈ পৰিল
আৰু মই হৈ পৰিলোঁ এক বিষধৰ নাগিনী !

এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।
কিন্তু,
মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
কেঁচা মঙহৰ গোন্ধত মতলীয়া                                               
  দুজন চৰিত্ৰহীন কামুকৰ দুৰ্বলতাৰ সুযোগ লৈ
আৰম্ভ হ'ল মোৰ ব্লু-ষ্টাৰ অপাৰেশ্বন  (Blue -star operation)
হাতৰ চোকা দাৰ নাচোনত দুটি দেহ দ্বিখণ্ডিত হ'ল।

এতিয়া এইখন পুৰুষ -প্ৰধান সমাজৰ চকুত
মই এজনী মায়াৱিনী, ৰহস্যময়ী,কলঙ্কিনী ,
অপৰাধী, দ্বিশ্চৰিত্ৰা হত্যাকাৰী নিষ্ঠুৰ নাৰী !

অথচ, অবিৰতভাবে  চলি আছে মোৰ
এক অন্তহীন যুদ্ধৰ অংগীকাৰ !!


✍️নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা


==================================



🔵তুমি নাভাবিবা




মই মনে মনে থাকোঁ বুলি নাভাবিবা মোৰ অভিমান নাই বুলি।
মোৰ অভিমানতকৈ তোমালৈ ভালপোৱা বেছি।
মই বাৰে বাৰে আগতে মেচেজ কৰি থাকোঁ বুলি নাভাবিবা মোৰ আত্মসন্মান নাই বুলি।
মোৰ ভালপোৱাক প্ৰতিযোগিতা বুলি নাভাবিবা।
কোন আগত ,কোন পিছত মোৰ  ভালপোৱাত এইবোৰ অৰ্থহীন।
মোৰ চকুপানী দেখা নাই বুলি নাভাবিবা।
মোৰ অন্তৰখন কঠিন বুলিহে তুমি দিয়া তিতাখিনি মিঠা বুলি গ্ৰহণ কৰোঁ।
চকুপানীবোৰ উশাহত তোমাৰ নামত শান্তি হৈ নিগৰে।
গুচি যাওঁ বুলি কোৱাৰ পিচতো বাৰে বাৰে ওভটাই আনো তোমাক মোৰ কাষলৈ।
নাভাবিবা মই বৰ অকলশৰীয়া বুলি।
আনৰ দৰে মৰমৰ শব্দ লগাই মৰম দিব নোৱাৰা বাবে নাভাবিবা তোমালৈ মৰম নাই বুলি।
মোৰ মৰমবোৰ অন্তৰত থাকে শব্দ নহয়।


=================================



🔵মনত পৰিছে তোমাক






কাইলৈ পৰিবহি বহাগ,
আজি বৰকৈ
মনত পৰিছে তোমাক ।
যোৱা বছৰৰ দৰে,
নাই যে তুমি
মোৰ কাষৰত ।
কাঁচিয়লি ৰ'দৰ তলত,
চম্পাৱতী নদীৰ কাষত,
তুমি দিছিলা এখনি
ফুলান গামোচা,
আছে নে তোমাৰ মনত ।
কিন্তু.....
আজি তুমি নাই
মোৰ কাষত ।
বৰকৈ পৰিছে ও
তোমাক মনত ।।

                 ✍️ মানসজ্যোতি ৰায় ।
                        চিৰাং (অসম)
           

==================================


নিঃসঙ্গতা




নিঃসঙ্গতাই দিছে মোক
সেই সুখৰ পৰিচয়,
যি সুখ থাকে দূৰৰ মাজতেওঁ
হৈ এক বিস্ময়।

নিঃসঙ্গতাই শিকাইছে মোক
কষ্টৰ মাজত ভালেই থাকা,
কান্দোন ও অশ্ৰুবোৰক
হাঁহিৰ অন্তৰালত ঢাকি ৰখা।

নিঃসঙ্গতাই শিকাইছে মোক
কোনটো প্ৰকৃত ভালপোৱা,
ও কোনটো কেৱল আবেগ,
মিছা অভিনয়, মিছা আশা।

নিঃসঙ্গতাই শিকাইছে মোক
এই জীৱনৰ মানেটো কি!
হাজাৰ মানুহৰ ভিৰত
সেয়ে আজিও মই নিঃসঙ্গ।

        ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
             জুৰীয়া, নগাঁও (অসম)


===========================



🔵তোমাৰ অন্তৰলৈ

               



তোমাৰ অন্তৰলৈ ,
মোৰ অনুভূতিৰ
পৰিচয় শূন্য ।
তোমাক আঁকোৱালি
মোৰ অকলশৰীয়া জীৱন ,
বহু পৰিপূৰ্ণ ।
তথাপি মোৰ প্ৰতি ,
বিন্দুময় ভালপোৱাৰ
মনোভাৱ নাই তোমাৰ ।
আছে কেৱল ,
ঘৃণা ভৰা
বিৰক্তিৰ সন্ধান ।

                          ✍🏻ৰুম্পী দাস                          
                            ভালুকমাৰী
              ৰাণীপুখুৰী ,  হোজাই


=================================


🟣মোৰ প্ৰতিপল






আজি মোৰ প্ৰতিপল
তোমাকেই মাথোঁ ভাবে,
তুমি অবিহনে যেন
একোৱেই ভাল নালাগে।
সুখ-দুখৰ প্ৰতিটো কথা
ক'বলৈ মন যায়,
হৃদয়ৰ কোমল স্পন্দনে
তোমাকে ভাবি ঢেউ উঠে।
পৰ পৰ তুমি জন
হ'লা অতিকৈ আপোন,
প্ৰতি নিদ্ৰাত তোমাকলৈ
দেখো বহু সপোন।
প্ৰতিপলৰ লগৰী তুমি
সাক্ষী আছে হৃদয়,
মোৰ প্ৰতিটো ভাবনাত
জিলিকি আছা সদায়।

                              ✍️ শিল্পী দাস
     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                      লংকা মহাবিদ্যালয়
                
==================================



🟢জীৱনৰ লক্ষ্য






জীৱনৰ যুঁজত
লক্ষ্য স্হিৰ কৰি ল'লে
লোৰ শিকলিয়েও বাধা দিব নোৱাৰে।
শৰীৰৰ পৰা বৈ যোৱা তেজেও
লক্ষ্যৰ পথেৰেই গতি কৰে।

লক্ষ্যহীন জীৱন
বৈঠা নথকা
নাওঁৰ দৰে।
লক্ষ্যই মানুহক
সাফল্যমণ্ডিত কৰে।

যুঁজিব পাৰিলে
এগৰাকী পংগুয়েও
পাহাৰ বগাব পাৰে।
প্ৰতিবাদী মনে সদায়
ইতিহাস ৰচিব পাৰে।

পাৰিম বুলি মগজুত বহাই ল'লে
কৰিম বুলি মন বান্ধি ল'লে
বিষাদেও হাৰ মানিবলৈ বাধ্য হয়।
জীৱনৰ অৰ্থ বুজি পালে
জীৱন সাৰ্থক হয়।



✍️চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
ফোন নং: 9395341929




=================================


              🟤 "শিশু শ্ৰমিক"





পখিলা খেদি ফুৰা বয়সত
শিশুৱে পঢ়িব লাগে পাঠশালাত
অন্ন বস্ত্ৰৰ দৰিদ্রতাই কোঙা কৰা
পেটৰ ক্ষুধা নিবাৰণৰ অসহ্য যন্ত্ৰণাত
শূন্যত বিলীন হয় শিক্ষাৰ অধিকাৰ
কোমল হাত দুখন হয় শ্ৰমৰ হাথিয়াৰ,
তথাকথিত উচ্চ ধনবিতৰ আলয়ত ।

মালিকৰ ঘৰত দোকানত পথাৰত
কল-কাৰখানাত গেৰেজত হোটেলত,.
পুৱাৰ পৰা নিশা দ্বি প্ৰহৰলৈকে
হাড় ভঙা নিয়ম বিহীন শ্ৰম কৰে,
শৈশৱৰ ৰংবোৰ দৈন্যতাই কাঢ়ে--!

এটি বিকৃত নামে চিনাকি- 'পোৱালি '
হীন-দেৰি দায় দোষৰ অকাৰণত
অনবৰত মালিক পক্ষৰ ক্ৰোধৰ বলি
চৰ ভুকু কিল শ্ৰমৰ বৰ্বৰ উপহাৰ
দৈহিক মানসিক অসহিষ্ণু অত্যাচাৰ
লগত থাকে শ্ৰতিকটু অশ্লীল গালি  ।

শিশু শ্ৰমিকৰ কোমল নিষ্কুলুষ মনে
মালিক পক্ষৰ পৰা মাথোঁ বিচাৰে
এধানিমান মৰম আৰু দৰদী মাত
সহানুভূতি উদাৰতা-কিছু সহায়ৰ হাত
কৰ্ম্মৰ ফাকে ফাকে ক্ষন্তেক বিনোদন,
শ্ৰমৰ মৰ্য্যাদাৰ বিনিময়ৰ প্ৰাপ্য ধন
কিন্তু বিনিময়ত উপলব্ধ হয়  কি?
হতাশা কলঙ্ক মজুৰি কৰ্তন হীনমন্যতা
হেৰুৱাই পেলায় জীৱনৰো নিৰাপত্তা
শেষ পৰিণতি নিৰুদ্দেশ বা আত্ম-হনন-!
হায়! শিশু শ্ৰমিকৰ কদর্যময় জীৱন..
মানৱৰ মানৱতাৰ হৈছে নেকি পতন--?


✍️আমিৰ হুছেইন আহমেদ ।
বকো, বামুণবড়ী ।


=================================


  🔴 "প্ৰেম"



       

তোমাৰ চকুলে চালে,
নামি আহে প্ৰেমৰ বৰষা।
কাজলসনা নয়নজুৰিত
জিলিকে ভালপোৱাৰ চন্দ্ৰমা।
তোমাৰ দীঘল চুলি প্ৰত্যক্ষ মোৰ,
যেন মিলনৰ ডোল।
মোৰ ফালে চাই দিয়া
তোমাৰ মিচিকিয়া হাঁহিটিতে
মৰমৰ নিজৰাখনি বয়।
চকুয়ে কথা কয়
তুমি হেনো মোৰ।
তোমাৰ খোজত,
লাহি-পাহি দেহৰ ভাজত
মোৰ হিয়া হয় প্ৰফুল্ল।


কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া


==================================




🟠অনুসংগ

চালেও চকু বিষাই
নদী হ'লে বৈ যায় ,

নীৰৱতা সহ্য কৰি
নিঠৰ হৃদয় ৰৈ যায়
হঠাতে,গীত গোৱা চৰাই ,
আকাশৰ বাওলী বতাহ জাকি হেৰাই যায়
হেঁপাহত আকুৱালি ল'লে
কিয় যানো দূৰলৈ উৰা মাৰে ?
ভাল পোৱাৰ মূল্য নুবুজি...

বৰষুণ হ'লে ভিজা হৃদয়
মৰম নহ'লে মিছা প্ৰণয়!!
এটি আশা কিয়নো জাগে
নেদেখিলেই  হিয়া ভাগে।।


                          --- সূৰজ বৰগোহাঁই, মৰিঢল 



=================================



🟡অহংকাৰ





পূৱাৰ বেলি সকলোৰে
ছালাম লৈ উদয় হয়,
লগে- লগেই
পোহৰ বিলাই,,
ছাঁ দিয়ে কেতিয়াবা
ৱতৰ দাওৰীয়া হয় ।
আকৌ কেতিয়াবা
ৰ'দ দিয়ে!
সলনি হয় ৱতৰৌ--
একেটাই আছমান
একেই জমিন---
কৰোঁৱত আছে পানী।
কিন্তু আমিবোৰ কি
প্ৰাণী মানৱ নহয়--
বিধাতাৰ লগতো
কৰোঁ ঠাটামি!!

✍️ জাকিৰ হুছেইন
  গাওঁ -মাহগুৰি(টাইবেল)
জিলা_নগাওঁ(অসম)
যোগা _+918139862693




===============================



⚪বৰষুণৰ বাবে অপেক্ষা


মই বৰষুণৰ বাবে অপেক্ষা কৰি আছোঁ।
বৰষুণত মই তিতি যাম

কোনেও ৰৈ নাথাকিব,
কোনেও ছাতি ধৰিব নোৱাৰিব,
কোনো সঙ্গীও নাথাকিব,,,, মই অকলে তিতিম!

সেইদিনা চকুত চকুলো নাথাকিব,
ঘৰৰ স্মৃতিবোৰ ৰৈ নাথাকিব।
সেইদিনা মই হাঁহিম...
এই ভ্ৰমহীন চহৰৰ পৰা মুক্তি পায় সুখী!!

হৃদয়খন খুলি শান্তিৰে হাঁহিম!
যি দিনা মই মুক্তি লাভ কৰিম, সেই দিনা সুখ পাম!

এনে সুখ, যি হেৰুৱাবলৈ ভয় নকৰোঁ...
তাক বোলে .... চিৰন্তন সুখ!
                 
যিটো মোৰ ইচ্ছা! মই তিতি যাম!!!
বাধা নিদিয়াকৈ তিতি যাম
হেজাৰ হেজাৰ মৃতদেহৰ ভিৰ..
এটা শ্বশান ও কবৰস্থানত!


✍🏻 মোঃ নুৰ ইছলাম ক্বাদৰী।
           চিৰাং, অসম
      

===============================





🟣তুমি জানো সঁচাই সুখী নে ?




সময়ে সকিয়াই যায়
দুদিনীয়া জীৱনৰ  প্ৰকাশ ভঙ্গী
বুজালে বুজি পাব লাগে
অচিনাকী হৈ আঁতৰি নাযায়
মিলাপ্ৰীতিৰ এক চিহ্ন যাত্ৰাৰে
জীৱন পথত সদায় এখোজ আগবাঢ়ি
চিন হৈ ৰ'ব  দুভৰি খোজ ।

জোনাকীৰ এধানি আশাত
অনাকাংক্ষিত বিষাদ ছাঁ
মৌন ওঠৰ হাঁহিৰ স্পৰ্শ
মহানদী হৈ বাগৰে
বুকুয়েদি সমুদ্ৰাভিমুখে   হবানে
তুমি জানো    সঁচাই সুখী নে
মই বিহীন জীৱনৰ  অচিন মৰম ।

আনে সুধিলে তোমাৰে বতৰা
বুকুৰ ভিতৰৰ   ভাৱ প্ৰৱণতাৰ ব্যথা
ক'ৰবাত ঢৌৱে ঢৌৱে সুললিত শব্দৰে
পাৰ্থিৱ প্ৰেমেৰে আকুলতাৰ বন্ধন
মধু যাত্ৰাৰ অনাবিল আশা   ।



                ✍️ যমুনা দুলু বৈশ্য 
                      শুৱালকুছি


=================================



🔴বসন্তই সানে খেতিয়কলৈ সেউজী সুগন্ধ





বসন্তই সানে খেতিয়কৰ হৃদয়ত
প্ৰশান্তিৰ সেউজী সেউজী সুগন্ধ |

ফাগুন অহা মানে বসন্তৰ আগমণ
খেতিয়কৰ পথাৰত
সোণগুটি শইচ সিঁচাৰ বতৰ ,
এই বসন্ততে ঠন ধৰি উঠে
খেতিয়কৰ আশাভৰা সপোনবোৰ  |

এজাক বৰষুণৰ বতৰা লৈ আনে
খেতিয়কলৈ বুলি বসন্ত ককায়ে
এই বৰষুণে দিয়ে
খেতিয়ক মনলৈ সুখৰ আনন্দ |

বসন্ত মানে যেন
আলু,কচু,হালধি,ধান কঠীয়া সিঁচাৰ সময় |

নাঙলৰ  শিঁৰলুত লুকাই থাকে
খেতিয়কৰ কপালৰ ঘাম,
বসুন্ধৰাৰ উৰ্বৰা যৌৱনত
খেতিয়কৰ ওঁঠত বিৰিঙি উঠে
আশাভৰা সপোনৰ
সেউজী সেউজী প্ৰশান্তিৰ সুগন্ধ |

ব'হাগৰ বতৰত ৰ'দ বৰষুণ নেওচি
গৃহিনীয়ে বন নিৰায় ,
দুচকুত সোণগুটি ভঁৰালৰ
অযুত আশা লৈ
লখিমীক অাদৰাৰ প্ৰস্তুতি চলায় |

বসন্তৰ সেউজবুলীয়া ৰঙত
প্ৰকৃতি মনোমোহা হৈ পৰে,
খেতিয়কে নিজক পাহৰি
গছ-লতিকা ,চৰাই-চিৰিকতিৰ সৈতে
মিতিৰালি কৰি আত্মহাৰাত
থৌকি বাথৌ হৈ নাচে |

বসন্তৰ বতৰত কমোৱা তুলাৰ দৰে
উৰি যায় খেতিয়কৰ মন
ব'হাগত কুলিৰ মাতত ৰ'ব নোৱাৰি
দেহ- মন ৰজনজনাই যায় ,
ঢোল-পেঁপা-গগনাৰ গুমগুমনিত
খেতি-পথাৰ এৰি ক্ষন্তেকৰ বাবে নাচে
বসন্তৰ  পৰশ পায় ||



✍🏻বিজুলতা পায়েং,গোগামুখ

        

============================


🟤আইৰ বিননি :-

 



চৌদিশে অনিয়মৰ ত্ৰাস
হিংসাই দহিছে সমাজ,
হাজাৰজনৰ ৰক্ত প্লাৱন কৰি
কেনেকৈ জীয়াই থাকো ?
এয়াই আজি সমাজৰ মূলসূত্ৰ ।
চাৰিওফালে কেৱল দেখো ...
লোভ , মোহ , হিংসা আৰু অহংকাৰেৰে ভৰা
এক জঞ্জাল পৃথিৱী ।

ৰাজনীতি ৰুঢ় বাস্তৱ - কদৰ্য আৰু ভয়ানক
চৌদিশে স্বাধীনতা, স্ব - অধিকাৰ ৰক্ষাৰ দাবীত
উত্তাল ৰাজপথ , ৰক্তপাত , লুণ্ঠন
ধৰ্ষণ আৰু বিস্ফোৰণত আতঙ্কিত নি : কিনজন।
চৌদিশে দেখিছোঁ মৰিশালী ...
মানুহৰ দেখোন অস্তিত্বই নাই ।

চোৱা সকলোৱে...
সন্তানৰ কু - কৰ্মৰ চিৰসাক্ষী প্ৰকৃতি আইয়ে
আজি নীৰৱে চকুলো টুকিছে ।
আৰু...
আমিয়েই দিছো আমাৰ আইৰ চকুত চকুপানী।
এই সেউজীয়া গছ - গছনিসমূহ
আমাৰ ভাই-ভগ্নী
আৰু...
আমিয়েই আমাৰ ভাই - ভগ্নীৰ হত্যাকাৰী।
ধিক , প্ৰকৃতিৰ এনে সন্তান!

কিমান ৰাতি আৰু উজাগৰে প্ৰকৃতি আয়ে
উচুপি থাকিব?
যদি সঁচা অৰ্থত আমি অসমীয়া হয়,
সঁচাই যদি গঢ় দিব বিচাৰো
সুন্দৰ সেউজীয়া পৃথিৱী
ওলাই আহা সকলো
বৰলুইতৰ পাৰত বাহুৰ উদ্যমেৰে গঢ়ো
নতুন  অসম !!
শেষ হওঁক দুৰ্নীতি, কপটতাৰে ভৰা
বিশৃঙ্খল সমাজৰ অনিয়ম ,
হৈ পৰক সেউজীয়া প্ৰকৃতিৰ সেউজীয়া মন
প্ৰকৃতি আয়ে অশ্ৰু মোহাৰি
প্ৰশান্তিৰ হাঁহি মাৰক!!



নাম: শ্ৰী পৰিস্মৃতা দত্ত।



============================


🟠আমি পোহৰ বিচাৰি যাওঁ

          





'আমি পোহৰ বিচাৰি যাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ '
হে ভাষাৰ ওজা তুমি
দৃষ্টিহীনক দিলা জ্ঞান চকু দান
ভাষাক  কৰিলা বিশ্বজনীন
হেমকোষ থকালৈকে বিশ্বত
জিলিকি থাকিব তোমাৰ নাম।
বিশ্বৰ বুকুত বিন্দুৰ ৰূপত
জিলিকিল ভাষা জননী
গঢ়িছে বিশ্ব অভিলেখ ।
বিৰাষী কিলো আঠশ গ্ৰাম ওজনেৰে
একৈশ টা খণ্ড ছটা উপখণ্ডেৰে
ওপচাই দিলা
ভাষাত চহকী হ'ল জননী
দহ হেজাৰৰো অধিক পৃষ্ঠাৰ
নবৈ হেজাৰৰো অধিক শব্দ থকা
গোটেই বিশ্বতে বিৰল অভিধান ।
আজি দৃষ্টিহীনৰ উঠিছে আনন্দৰ জোৱাৰ
আইৰ মুখৰ ভাষাৰ আলোকময়ী যাত্ৰাত
ৰাজ্যত উঠিছে উচাহৰ ধল  ।
হে ভাষাৰ ওজা তোমাৰ উত্তৰ পুৰুষে
পাঁচ বছৰৰ নিৰলস সাধনাৰে গঢ়িলে বিশ্ব অভিলেখ ।
এক মে ৰ দিনা আনুষ্ঠানিক পত্ৰ প্ৰদান কৰি গীনিছ বুকে দিব তাৰে উৎকৃষ্ট প্ৰতিদান ।
চেষ্টাৰ অসাধ্য একো নাই
তোমাৰ উত্তৰ পুৰুষে
তাৰেই কৰিলে প্ৰমাণ ।
দৃষ্টিহীনৰ প্ৰতি ৰচিলে
উৎকৃষ্ট অৱদান ।
ভাষাৰ মুৰ্মূষু সময়ত
বিশ্ব দৰবাৰত তোমাৰ
চিন্তা চেতনা  অনবদ্য বৰঙণিৰে
আৰু এখোজ আগুৱাই গ'ল
পুনঃ জিলিকি উঠিল তোমাৰ নাম ।




      মেঘালী বৰা
        গুৱাহাটী, হেঙেৰাবাৰী



================================



⚫এক অন্তহীন যুদ্ধৰ অংগীকাৰ






  
এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।                
কিন্তু,                                                                 
 মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
দুচকুত দপ্ দপ্ কৈ জ্বলি উঠিছে প্ৰতিহিংসাৰ জুই!
মোৰ বজ্ৰমুষ্ঠি হাতত চিকমিক কৈ উঠিল চোকা দা

এৰা , মই অনামিকা কলিতাই কৈছোঁ ---
"আপুনিয়েই কওঁকচোন ,ডাঙৰীয়া
যেতিয়া ৰঙীন স্বপ্ন দুঃস্বপ্নত পৰিণত হয় নিমিষতে
পৰম শান্তিৰে বুকুত সাৱটি লোৱা কোমল ফুলপাহ
এক বিষাক্ত সাপ হৈ দংশন কৰে অনবৰত ;
কলিজাৰ কেঁচা তেজ চুহি চুহি খায় !"

"আপুনিতো ভালকৈ বুজি পায়,ডাঙৰীয়া -
নাৰীয়ে পৃথিৱীৰ সকলো যন্ত্ৰণা উপেক্ষা কৰে ;
কিন্তু, প্ৰেমৰ প্ৰতিদ্বন্দিতা কৰা প্ৰতিদ্বন্দ্বীক ?
ভণ্ড স্বামীৰ যেতিয়া মুখৰ আঁৰৰ মুখা খোল খায় ?"
সেয়ে,  পুষ্পৰ দৰে সুকোমল হৃদয় মোৰ
নাৰীত্বক বিসৰ্জন দি বজ্ৰৰ দৰে কঠিন হৈ পৰিল
আৰু মই হৈ পৰিলোঁ এক বিষধৰ নাগিনী !

এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।
কিন্তু,
মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
কেঁচা মঙহৰ গোন্ধত মতলীয়া                                  দুজন চৰিত্ৰহীন কামুকৰ দুৰ্বলতাৰ সুযোগ লৈ
আৰম্ভ হ'ল মোৰ ব্লু-ষ্টাৰ অপাৰেশ্বন  (Blue -star operation)
হাতৰ চোকা দাৰ নাচোনত দুটি দেহ দ্বিখণ্ডিত হ'ল।

এতিয়া এইখন পুৰুষ -প্ৰধান সমাজৰ চকুত
মই এজনী মায়াৱিনী, ৰহস্যময়ী,কলঙ্কিনী ,
অপৰাধী, দ্বিশ্চৰিত্ৰা হত্যাকাৰী নিষ্ঠুৰ নাৰী !

অথচ, অবিৰতভাবে  চলি আছে মোৰ
এক অন্তহীন যুদ্ধৰ অংগীকাৰ !!



নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা ।



=================================



🔴যাত্ৰা

                             



                  

জীৱনৰ খলা-বমা পথত
এৰি অহা সঁচা কাহিনীবোৰে
কেতিয়াবা প্ৰতিবাদ কৰিব খোজে
অতি সংগোপনে---!

অনুভৱৰ ছন্দোময় ক্ষণবোৰত
বিচৰণ কৰা অন্তৰ আত্মাই
তেতিয়া হাহাকাৰ কৰে
নীৰৱে--আকুলতাৰে।

অপ্ৰকাশ্য জীৱন গাথা
ৰুদ্ধ প্ৰকাশৰ পথ
উক্ মুকাই থকা উত্তেজনাবোৰে
তচ-নচ কৰে হৃদিকক্ষ !

যেন সকলো প্ৰতিবন্ধকতা নেওচি
ল'ম যেন এক অভিনৱ পদক্ষেপ,
শৃংখলমুক্ত হ'ব এটি বিহংগ
যাত্ৰা হ'ব তাৰ দিগন্ত প্ৰসাৰী...।



                               আয়নাল হক চৌধুৰী
                                    ধুবুৰী , আগমণি

                                                  


 _____________________________________




🟤ফাগুনীৰ বিয়া





ফাগুনৰ পুৱাতে খিৰিকীৰ কাষতে  ।
দেখিলোঁ তোমাৰ ছবিখন যে ইয়াতে। ।

মদাৰ ,পলাশ, শিমলু যে স্বাগতম ।
ধৰণীখন জাকজমক যে কৰিম।।

পাখি লগা মন  মতলীয়া  উৰি ফুৰে ।
ফাগুনৰ সৌন্দৰ্য্যত মন  মোৰ উৰে। ।

ফাল্গুণীৰ বিয়া যে পলাশৰ লগত ।
দুয়োৰো বিয়া যে জগতৰ নিয়মত। ।

ৰভা মণ্ডপখন  ধৰণীৰ তলত।
কন্যা  বহিব সৰা পাতৰ ওপৰত ।।

ভোমোৰা আহিব গুণগুণাই  গাবলৈ ।
মৌ মাখি আহিব যে বিয়াৰ মিঠাই লৈ। ।

মদাৰ ফুল আহিব ৰঙা শাৰী পিন্ধি ।
চজিনা ফুল আহিব বগা শাৰী পিন্ধি ।।

পচোৱা বতাহ যে আহিব নাচি নাচি ।
কমোৱা তুলা লৈ যে বিয়াত সাজি -কাঁচি ।।

উত্তৰ পৰা দক্ষিণলৈ বলা পচোৱা ।
উৰুৱাই নিব  যে কন্যা জনীক চোৱা ।।

  বৰদৈচিলা আহিব কন্যাক নিবলৈ ।
সকলো তচনচ কৰি যাব  কন্যা লৈ। ।



✍️ছেলিমা বেগম
জিলা নগাঁও।
গাঁও মেলেকাধিং
ডাকঘৰ বলিকটীয়া
পিন নম্বৰ 782122

________________________________________




         অনুগল্প শিতান


শ্ৰমিক সকলৰ উচিত বিচাৰ লাগে 


মন্ত্ৰী মহোদয় আজি আমি কৃষক সকলে আপোনাৰ ওচৰত আহিছোঁ, আমাৰ হাড় ভঙা কষ্টৰ বিনিময় উচিত মূল্য বিচাৰি। এনেতে মন্ত্ৰী মহোদয়ে খঙতে অগ্নি শৰ্মা, এজন কৃষকে মাত লগালে হেৰৌ মহোদয় এই খন ওপৰ মহলাত বহি বহি পেটত ভাত দিব নোৱাৰিব আমি কৃষক সকলে শস্য কৰি দিলে হে পেটত যাব। কথাটো শুনি মন্ত্ৰী সুৰেশ শৰ্মা লাজ পাই মূখখন হেঁতা পৰিল।



অণুগল্প 

ছেলিমা বেগম।



_______________________________



অণুগল্প



        চুঙা চাই সোপা 



      বহুত দিনৰ মূৰত মনা ৰত্না হঁতৰ ঘৰলৈ আহি বেগটো খুচৰি কেইখনমান ফটো উলিয়াই ৰত্নালৈ আগবঢ়াই দি ক'লে চা এইজনী ছোৱালী আমাৰ মামা হঁতৰ ঘৰৰ ওচৰৰে তোৰ দেওৰলৈ কেনে হ'ব  দেখাই শুনাই পঢ়া  একোতে পেলাব নোৱাৰি ।  দেউতাকে উচগত মাটি একঠা পাচ লেচাও দিব বুলি কৈছে  । এইজনী আকৌ এল আই চি অফিচত চাকৰি কৰে এনেকৈ কেইবাজনী ছোৱালীৰ ফটো দেখুৱাই ক'লে তোৰ যি জনীকে ভাল লাগিছে কথা পাতিব পাৰ ।  আন নহ'লেও ধৰ্ম হ'ব । ৰত্নাই ক'লে সি কোনোমতে চাকৰিটোত সোমাইছেহে এইবোৰ কথা লাহে ধীৰে চিন্তা কৰিলেও হ'ব মনা । জন্ম মৃত্যু বিবাহৰ কথা কোনেও নাজানে এইবোৰ সকলো সময়ত ঠিক হৈ যাব । মনাই   তৎমুহূৰ্ততে কৈ উঠিল ধনঘটা দেওৰেক লগত থাকিলে কোনো নবৌয়েকে বিয়াৰ কথা নাভাবে । ৰত্নাই লাহেকৈ ক'লে দূৰৰ পাহাৰ দূৰৰ পৰাহে ধুনীয়া ।




    মেঘালী বৰা 

    গুৱাহাটী, হেঙেৰাবাৰী ।

   

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...