বাৰিষাৰ বৰষুণজাক
বাৰিষাৰ বৰষুণজাক আহিলেই
মোৰ তোলৈ বৰকৈ
মনত পৰে অ' পিতাই ,
প্ৰতিজাক শাওণীয়া বৰষুণত
তইযে হৈছিলি তিতি বুৰি
জুৰুলি জুপুৰী ।
তোৰ তামোলৰ পিকেৰে বুলোৱা
ওঠঁদুটিৰ ফাঁকেৰে
বিৰিঙি আহিছিল
পুৱাৰ জিলমিলিয়া
ৰ'দ একাঁচলি ,
পিতাই ---
তোৰ বুকুৰ লুঙ লুঙীয়া
গলিটোৱেদি
সঘনে নিগৰি আহিছিল
মুকুতাহেন দেহৰ
লুণীয়া ঘামৰ টোপালবোৰ ।
কেঁকোৰা নাঙলটোৰে তই
আঁক বাঁক কৰি গৈছিলি
দলনি মাটিডৰা এফাল ,
তাতেই যে ভৰি পৰে
সোনসেঁৰিয়া সপোনৰ ভড়াল ।
তোৰ দিনযোৰা শ্ৰমত
ভৰদুপৰৰ ৰ'দেও মানে হাৰ,
তোৰেই প্ৰেমত গা ভাৰী হৈছিল
শাওণৰ সেউজী পথাৰ ।
খোজৰ ভৰত ভাঙি গৈছিল
পথাৰৰ কেঁচা আলি ,
তোৰ এচাৰিৰ কোবত
গৰু হালেও সলাইছিল
শামূকীয়া খোজৰ গতি ।
পিতাই
তোৰ বনিয়নটোত লাগি থকা
কেঁচা ঘামৰ গোন্ধই
মোক আজিও বৰকৈ কৰে আমনি ।
মণিকা গগৈ শইকীয়া
চাবুৱা ।
No comments:
Post a Comment