Tuesday, August 08, 2023

বাৰিষাৰ বৰষুণ এজাক:মণিকা গগৈ শইকীয়া

বাৰিষাৰ বৰষুণজাক


বাৰিষাৰ বৰষুণজাক আহিলেই
মোৰ  তোলৈ বৰকৈ
মনত পৰে অ' পিতাই  ,
প্ৰতিজাক  শাওণীয়া বৰষুণত
তইযে  হৈছিলি তিতি বুৰি
 জুৰুলি জুপুৰী ।
 তোৰ  তামোলৰ পিকেৰে বুলোৱা
 ওঠঁদুটিৰ  ফাঁকেৰে  
 বিৰিঙি আহিছিল
 পুৱাৰ  জিলমিলিয়া
 ৰ'দ একাঁচলি  ,
 পিতাই ---
 তোৰ বুকুৰ লুঙ লুঙীয়া 
 গলিটোৱেদি 
 সঘনে নিগৰি আহিছিল 
মুকুতাহেন দেহৰ 
 লুণীয়া ঘামৰ  টোপালবোৰ ।
কেঁকোৰা  নাঙলটোৰে তই
আঁক বাঁক কৰি গৈছিলি 
 দলনি মাটিডৰা এফাল  ,
তাতেই যে ভৰি পৰে
 সোনসেঁৰিয়া সপোনৰ ভড়াল ।
 তোৰ দিনযোৰা শ্ৰমত 
ভৰদুপৰৰ ৰ'দেও মানে হাৰ,
 তোৰেই প্ৰেমত গা ভাৰী হৈছিল
শাওণৰ  সেউজী পথাৰ ।
 খোজৰ ভৰত ভাঙি গৈছিল
 পথাৰৰ কেঁচা আলি  ,
তোৰ  এচাৰিৰ কোবত
গৰু হালেও সলাইছিল
 শামূকীয়া খোজৰ গতি ।
পিতাই  
 তোৰ বনিয়নটোত  লাগি থকা
 কেঁচা ঘামৰ  গোন্ধই
  মোক আজিও বৰকৈ কৰে আমনি ।

মণিকা গগৈ শইকীয়া
 চাবুৱা ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...