অনুভূতি:
মায়াৰ সপোন তুলি
বিষাদৰ আচ্ছাদন ফালি,
ম্লান পৰিল সৌন্দৰ্যতাৰ
নামি আহিল অমানিশা ।।
ঘোৰ অমানিশাৰ আন্ধাৰে
আৱৰি ধৰি জোনাকীক,
সু-বৰ্ণিল স্বৰ্ণময়ী পথকো
কৰি তুলিল কণ্টকীত-দুৰ্গম।।
কণ্টকীত পথেৰেই পদব্ৰজে
তন্দ্ৰাহীন ক্লান্তহীন বৰ্ণনাটিতহৈ,
আগুৱাব খোঁজে পথিকে
দিবা-স্বপ্নক সাৱতি অকলে।।
শুনা হেৰা পথিক
দিবা-স্বপ্নক বাস্তৱ ভাৱি,
নাযাবা ভুল তুমি
মিছা; সকলো মিছা।।
কাৰণ!
দিবা-স্বপ্ন নহয় বাস্তবায়িত,
থাকিব লাগিব আজীৱন
অকলে অকলেই তুমি।।
✍️ হিৰণ্যজ্যোতি বড়া, নিলখ কৈলাশ পূৰ
৯৮৬৪৮২২৪৬৬
No comments:
Post a Comment