লকডাউনৰ অভিশপ্ত ৰাতিটো
(খণ্ড-১)
✍️কাজি শ্বাহাদত ইছলাম
-ঐ শুনা না , এটা সহায় লাগিছিল । প্লিজ না বুলি নক'বা হা ।
কাহিলীপুৱাতেই তাইৰ মেচেজটোৱে মোক বিচলিত কৰি তুলিলে । তাই হঠাৎ এনেধৰণৰ মেচেজ এটা দিব বুলি কল্পনাতীত আছিল । কাৰণ বহুবাৰ তাইৰ আৰ্থিক সমস্যাবোৰত মই উপযাচি সহায় কৰিব খুজিছোঁ কিন্তু তাই কেতিয়াও মোৰ পৰা এনেধৰণৰ সহায় লোৱা নাই । সেই ক্ষেত্ৰত যিমানদূৰ সম্ভৱ দুখীয়া দেউতাকক হে চাপ দিছিল আৰু সমস্যাবোৰ আঁতৰ কৰিছিল । বহুত স্বাভিমানী ছোৱালীজনীৰ হঠাৎ আজি এনে কি বিপদ হ'ব পাৰে বুলি মই চিন্তাত পৰিলোঁ । অৱশ্যে তাইৰ মেচেজত সমস্যাটো উল্লেখ নাছিল যদিও মোৰ মনে ধাৰণা কৰি ল'লে আৰ্থিক সহায়েই হ'ব কিজানি ।
-ওঁ কোৱাচোন ।
- মানে মোক তিনি হেজাৰমান টকা ধাৰলৈ দিব পাৰিবা?
- আৰে কথাটো ইমান সৰু হৈ কিয় ক'ব লাগে , গুগল পে দিয়া ।
- ওঁ
- এহ ৰ'বা তোমাৰ দেখোন গুগল পে নাই । মই আহিব লাগিব নেকি ?
- নাই মোৰ একাউণ্টত দি দিয়া।
- অক্কে ছুনু ওৱেইট ।
-
টকাৰে কি কৰিব বুলি সোধাটো প্ৰয়োজনবোধ নকৰিলো যদিও কৌতুহল এটাই মোৰ মগজুত কামুৰিব ধৰিলে কাৰণ এনে কি সমস্যা হৈছে যিটো সমস্যাৰ বাবে তাইৰ স্বাভিমানৰ দেৱাল গৰকি মোৰ ওচৰত টকা খোজাৰ বাবে বাধ্য হ'ল তাই । আৰু বিষয়টো মোৰো জানিব লাগিব নিশ্চয় যিহেতু তাই মোৰ একমাত্ৰ প্ৰেমিকা যাক মই নিজতকৈয়ো বেছি ভাল পাওঁ ।
- এটা কথা সোধোঁ নে ? বেয়া পাব নেলাগে ।
- ওঁ
-তুমিতো কৈ থাকা মই হেনো তোমাৰ উশাহৰ দৰেই , তেন্তে তোমাৰ ইমান ডাঙৰ সমস্যা হৈছে মই গমেই নাপালোঁ কিয় ?
- নিশ্চয় ক'ম পাছলৈ ।
- অকে অকে দিয়া ।
মই দ্বিতীয়বাৰ নুসুধিলোঁ । কাৰণ মই ভালকৈয়ে জানো তাই কিমান জেদি । কথা এটা পুনৰ সুধি ব্ৰেকআপ খাবলৈ মন নাই মোৰ । তথাপি মই নিজে নিজেই ধাৰণা কৰিবলৈ চেষ্টা কৰিলোঁ ।
- হেলো পাগলু আজি মই বহুত বহুত বহুত বেছি সুখী । (এঘন্টামান পাছত হুৱাটছআপত মেচেজ আহিল)
- আৰে কি কোৱা !!
- আচ্ছা কোৱাচোন ভাঙি পাতি ।
- আহি আছোঁ তোমাৰ ওচৰত ।
- নাই মোৰ বিশ্বাস হোৱা নাই ।
- চাই থাকা ।
- ঐ কোৱা না আচল ঘটনাটো ।
- সঁচাকৈয়ে জানিব বিচৰা নে ?
- হয় আকৌ ।
- অক্কে.... গুৱাহাটীত মোৰ জব হৈ গ'ল ।
- এহ্ কি কোৱা ... এয়াতো বহুতেই ভাল খবৰ । কংগ্ৰেচুলেচন ছুনু ।
- থেংক ইউ ছু মাচ্চ পাগলু ।
হয় অৱশেষত তাই জব এটা পালে । আজি তাইতকৈ মই হে বেছি আনন্দিত কাৰণ তাইৰ এটা মাথোঁ জবৰ কাৰণে কম ঘূৰি ফুৰিছোঁ নে । গুৱাহাটীৰ এনে এখনো মেডিকেল বাকী নাই য'ত তাইৰ বায়োডাটা জমা দিয়া হোৱা নাই । তাইৰ এ. এন. এম. ক'ৰ্চ সম্পূৰ্ণ হোৱাৰে পৰা আমি দুয়ো পাগলৰ দৰে হৈ গৈছিলোঁ । প্ৰতিদিনেই অনলাইন-অফলাইন, বন্ধু-বান্ধৱী, বিজ্ঞাপন ইত্যাদিত সময় ব্যয় কৰিছিলোঁ কিজানি ক'ৰবাত এটা জব হৈয়েই যায় । কিছুমান মেডিকেলত ডাবোলকৈয়ো বায়োডাটা জমা দিয়া হৈছিল । কিন্তু কোনো মেডিকেলৰ পৰাই যোগাত্মক সঁহাৰি পোৱা নাছিলোঁ । কেতিয়াবা মই তাইৰ হাতত বায়োডাটা দি পঠিয়াই মেডিকেলৰ বাহিৰত বহি অপেক্ষা কৰিছিলোঁ আৰু ভাবিছিলোঁ তাই বাহিৰলৈ আহি সোঁহাতৰ বুঢ়া আঙুলিৰে উৰ্ধমুৱা ইচাৰাৰ জৰিয়তে মোক খবৰ দিব বায়োডাটা গ্ৰহণ কৰিছে বুলি । কিন্তু বায়োডাটা জমা লৈছিল যদিও জব হোৱাৰ নিশ্চয়তা কোনেও দিব পৰা নাছিল । সকলোৰে মুখত মাথোঁ এটাই কথা যে নাৰ্চৰ প্ৰয়োজন হ'লে কন্টাক্ট কৰিব । তথাপি নিজকে বুজাই পৰাই মেডিকেল ত্যাগ কৰিছিলোঁ এইটো ভাবি যে ইমান কেইখন মেডিকেলত বায়োডাটা জমা দিলোঁ ইয়াৰ ভিতৰত কমচেকম এখন মেডিকেলৰ পৰা হ'লেও মাতিব ।
এদিনাখন আশাৰ গছত ফল লাগিছিল । ২০১৯ চনৰ আগষ্ট মাহ । ভি.আই.পি. ৰোডত থকা মেডিকেল এখনৰ পৰা এদিনাখন হঠাৎ ফোন আহিল । আমি জমা দি থৈ অহা বায়োডাটাৰ বিষয়টো ক'লে আৰু ইন্টাৰভিউৰ কাৰণে মাতিলে । আমাৰ মনত বহুত আনন্দৰ জোৱাৰ উঠিল । তাই গাঁৱৰ পৰা পুৱাই আহি গুৱাহাটী মোৰ ওচৰ পালে । তাইক লৈ মই নিৰ্ধাৰিত সময়ৰ আগতেই মেডিকেলত গৈ উপস্থিত হ'লোঁ । চিকিউৰিটিক ইন্টাৰভিউৰ কথা কোৱাত দ্বিতীয় মহলালৈ যাবলৈ আঙুলিয়াই দিলে । আমি তাতে গৈ দেখা পালোঁ আৰু এজনী ছোৱালীয়ে ল'ৰা এজনৰ লগতে বহি আছে । আমি মনে মনে ভাবিলোঁ হয়তো আমাৰ দৰেই ইন্টাৰভিউ দিবলৈ আহিছে । কিছু মুহূৰ্ত পাছত উক্ত নাম্বাৰলৈ কল কৰিলোঁ ,অৱশ্যে ইয়ালৈ অহাৰ আগতে দুই তিনিবাৰ ফোন কৰা হৈছিল । সেইফালৰ পৰা আদেশ আহিল অলপ বহিব লাগে , সময় হ'লে মাতি দিব বুলি । প্ৰচণ্ড গৰমৰ মাজত ততাতৈয়াকৈ অহাৰ বাবে আমি ক্লান্ত হৈ পৰিছিলোঁ কাৰণে তাইক বহাই থৈ মই ক'ল্ড ড্ৰিংছ এটা কিনিবলৈ তললৈ নামি আহিলোঁ । ক'ল্ড ড্ৰিংছ কিনি ওপৰলৈ গৈ দেখোঁ তাই তাতে নাই । ভাবিলোঁ হয়তো ভিতৰত ইন্টাৰভিউ চলি আছে তাইৰ । কিন্তু ভিতৰত কৰ্মৰত চবৰে জোতা বাহিৰত আছে তাইৰ জোতাযোৰ নাই । মই চিন্তিত হৈ তাইলৈ কল কৰিলোঁ । তাই ৰিচিভ নকৰিলে । মোৰ চিন্তা বাঢ়ি গ'ল । তাইলৈ মই আকৌ ফোন কৰিলোঁ কিন্তু এইবাৰো ৰিচিভ নকৰিলে । মই ঘামিবলৈ আৰম্ভ কৰিলোঁ কাৰণ ইতিমধ্যে মই এনেকুৱা বহুতো নিউজ দেখা পাইছোঁ য'ত ইন্টাৰভিউ দিবলৈ যোৱা ছোৱালীবোৰ এইচ্চ. আৰৰ দ্বাৰা ধৰ্ষণ হৈছে । এনেই মোৰ জ্বলন বেছি তাতে তাইৰ কোনো পাত্তা নাই লগতে ফোনো ৰিচিভ কৰা নাই । মই আকৌ ফোন কৰাত এইবাৰ ৰিচিভ কৰিলে যদিও তাইৰ কথাবোৰ অস্পষ্ট । মই কঁপিবলৈ আৰম্ভ কৰিলোঁ। তাই ফোন কাটি দিলে । মই আকৌ কল কৰিলোঁ কিন্তু এইবাৰ ছুইচ্চ অফ । তাৰপাছত মই তললৈ নামি আহিলোঁ আৰু চিকিউৰিটিজনক সুধিলোঁ মোৰ লগত অহা ছোৱালীজনী সেইফালেদি ক'ৰবাত গৈছে নেকি বুলি সুধিলোঁ কিন্তু তেওঁ যোৱা নাই বুলি ক'লত মই মেইন গেটত থকা চিকিউৰিটিজনক সুধিলোঁ । নাই তেৱোঁ মন কৰা নাই । উপায়ন্তৰ হৈ মেডিকেলৰ কম্পাউণ্ডৰ পৰা ওলাই ৰাস্তাৰ ইপাৰে-সিপাৰে হোটেল আৰু দোকানবোৰত বিচাৰিব ধৰিলোঁ । ফোন চুইচ্চ অফ থকা সত্ত্বেও বাৰে বাৰে ফোন মাৰিয়েই থাকিলোঁ । বাৰে বাৰে ছুইচ্চ অফ বুলি চিঞৰি থকা ম'বাইলৰ ছোৱালীজনীৰ কণ্ঠস্বৰ মোৰ ওচৰত বিৰক্তিকৰ হৈ উঠিল । তাই চুইচ্চ অফ ৰখাৰ কাৰণ কি ! বেটেৰীত চাৰ্জ নাই যদি কমচেকম বেলেগ কাৰোবাৰ নাম্বাৰৰ পৰাতো ফোন কল এটা কৰিব পাৰে । নহ'লে এয়াওতো হ'ব পাৰে তাই কাৰোবাৰ চক্ৰান্তৰ বলি হৈছে । আকৌ দৌৰিলোঁ মেডিকেললৈ । নাই ক'তোৱেই নাই ।মেডিকেলৰ সন্মুখৰ ফুটপাথৰ চাহ দোকানৰ পৰা এবটল পানী কিনিলোঁ । তাৰে ভঙা বেঞ্চখনত বহি একে উশাহতে ক'ল্ড ড্ৰিংছৰ বটল শেষ কৰি দিলোঁ আৰু মুখমণ্ডলত পানী মাৰিলোঁ । আকৌ কেইবাবাৰো তাইলৈ ফোন কৰিলোঁ যদিও ফলাফল একেই । দিকবিদিক হেৰোৱাই এইবাৰ তাইৰ প্ৰিয় বান্ধৱী মুন্মীক কল কৰি সকলো বিৱৰি ক'লোঁ । মুন্মীও চিন্তান্বিত হৈ তাইক বহুবাৰ কল কৰি ব্যৰ্থ হ'ল । তাইৰ ঘৰলৈ কল কৰি মুন্মীয়ে কথাবোৰ ক'ব খুজিলে যদিও মই বাধা দিলোঁ । হয়তো আমি ভবাৰ দৰে নহ'বওতো পাৰে । এতিয়া মই কি কৰোঁ ক'ত যাওঁ... মোৰ অগোচৰে চকুলো নিগৰিব ধৰিলে । হঠাতে পিছফালৰ পৰা কোনোবাই মোৰ কান্ধত ৰখাত মই চমকি উঠিলোঁ । ঘূৰি চাই দেখা পালোঁ তাইৰ কপালৰ পৰা ঘামৰ টোপালবোৰ নিগৰি পৰিছে । মই কান্দি দিলোঁ । তাই আচৰিত হৈ মই কন্দাৰ কাৰণ জানিব বিচৰাত সকলোখিনি কথা ক'লোঁ । তাই কাণত ধৰি ক্ষমা খুজিলে আৰু ক'লে মই বাৰে বাৰে কল কৰাত হেনো এইচ্চ.আৰ জনে চুইচ্চ অফ কৰিব কৈছিল । এইচ্চ. আৰজনে তাইৰ লগত কোনো অশ্লীল ব্যৱহাৰ কৰিছে নেকি বুলি জোৰ দি সুধিলোঁ কিন্তু তাই ক'লে তেনে একো আচৰণ কৰা নাই কিন্তু কিবা কথা বুজাই থকাৰ সময়ত তাইৰ কান্ধত হেনো এবাৰ হাত হে ৰাখিছিল । কথাটো শুনি মোৰ তেজ গৰম হৈ গ'ল । তাই মোক জান সোণ বুলি বুজাই পৰাই তাৰ পৰা লৈ আহিলে ।
তাইৰ ইন্টাৰভিউ হৈছে যদিও ফলাফল ফোনত জনাব । তাইক ঘৰলৈ পঠিয়াই দিলোঁ । পাছদিনা পুৱা ছয় বজাত কল কৰাত তাইক বিজি পালোঁ । কোনে কল কৰিছে বুলি সোধাত এইচ্চ . আৰে কৰা বুলি ক'লে । মই হতভম্ব হৈ পৰিলোঁ । ইমান ৰাতিপুৱাতেই এইচ্চ. আৰে কিয় কল কৰিব ! অফিচিয়েল টাইম হ'বলৈ হ'লেওতো কমচেকম দহ বাজিব লাগিব । মোৰ সমান্য খং উঠিল কাৰণ ইন্টাৰ্ভিউৰ সময়ত কান্ধত হাত ৰখা বিষয়টো পাহৰিব পৰা নাছিলোঁ । তাই মোৰ খং অভিমানবোৰ আওকাণ কৰিলে কাৰণ তাইৰ জবৰ প্ৰয়োজন । মই তাইক আদেশ দিলোঁ এইচ্চ. আৰে কোৱা কথাবোৰ যাতে মোক কল ৰেকৰ্ড কৰি শুনায় । কিন্তু তাই অমান্তি হ'ল লগতে মোৰ ওপৰত প্ৰশ্ন তুলিলে মই সন্দেহ কৰোঁ বুলি । সেই এইচ্চ. আৰ. জনক মই বেয়া পাওঁ গতিকে তাই মোক সন্দেহবাদী বুলি ভাবিলেও ভাবিব মুঠতে মই মানি ল'ব পৰা নাই মানুহজনৰ কলবোৰ । আকৌ দুপৰীয়া কল কৰিলোঁ । তেতিয়াও ওৱেটিং । বাৰে বাৰে মোৰ কল কাটি দিয়ে লগতে হুৱাটচ্আপত মেচেজ দিলে এইচ্চ. আৰে কল কৰা বুলি । এইবাৰ মই খঙতে অগ্নিশৰ্মা হৈ বাৰে বাৰে কল কৰিব ধৰিলোঁ তাই বাৰে বাৰে কাটি দিব ধৰিলে । ওৱেটিং চলি থকা অৱস্থাতে হুৱাটছআপত মোক মেচেজ দিলে কল কৰিবলৈ মানা কৰিলে । সময় পালে হেনো তায়েই মোক কল কৰিব । মই মানসিকভাৱে দুৰ্বল হৈ পৰিলোঁ । তাই মোক কল কৰিবলৈ নিষেধ কৰাৰ চাৰি ঘন্টালৈ মই অপেক্ষা কৰিলোঁ । মাজতে দুবাৰমান কল কৰিছিলোঁ যদিও তাই ওৱেটিঙতেই । মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল যদিও নিজকে চম্ভালিলোঁ । সন্ধিয়ালৈ তাই মোলৈ কল কৰিলে । তাইৰ সুৰত নম্ৰতা কিন্তু মই বাকৰূদ্ধ । কাৰণ ক'বলৈ বা সুধিবলৈ মোৰ মনত বহু কথা কিন্তু কোনটো থৈ কোনটো সুধিম । তাই যিহেতু মোক ভালকৈয়ে জানে গতিকে নিজে নিজেই ছৰি কৈ ক্ষমা খুজিলে । অৱশেষত মই তাইক ক'লোঁ কাইলৈ যদি তেওঁ কল কৰে মোক যাতে "হেলো"ৰ পৰা আৰম্ভ কৰি "কল ৰাখিছোঁ" বুলি কোৱালৈকে মোক পৰিপূৰ্ণ কল ৰেকৰ্ড দিয়ে । তাই অমান্তি হ'ল। ইয়াতে দুটা কাৰণ সোমাই আছে । প্ৰথম কাৰণটো হ'ল কল ৰেকৰ্ডৰ বুটাম টিপিলে বিপৰীতফালে ভইচ যায় কল ৰেকৰ্ড হৈ আছে বুলি । দ্বিতীয় কাৰণ হ'ল তাইৰ লগতে মানুহজনে অশ্লীল ইংগিতত কথা পাতে যি মই শুনিলে আমাৰ জীৱনলৈ ভূমিকম্প আহি যাব । তাই প্ৰয়োজনত এইচ্চ. আৰৰ অশ্লীল কথা সহ্য কৰিব কিন্তু জবটো তাইৰে যিকোনো প্ৰকাৰে হাচিল কৰিবই লাগিব । মই তাইক আগৰে পৰা কৈ থাকোঁ যে তাই কষ্ট কৰি নাইট ডিউটিৰ কাম কৰিব নেলাগে যিহেতু মোৰ উপাৰ্জন বেয়া নহয় । কিন্তু তাই যিহেতু বহুত বেয়া পৰিস্থিতিৰ পৰা উঠি আহি এটা টাৰ্গেট লৈ নাৰ্ছিঙত সোমাইছে গতিকে তাই জব কৰিবই । লাগিলে বিনা দৰমহাতে কৰিব তথাপি জব কৰিব কাৰণ তাই গিৰিয়েকক ডিবোৰ্চ দি ঘৰলৈ গুচি অহাৰ পাছত চুবুৰীয়াৰ পৰা বহু ধৰণৰ তিতা-কেহা কথা শুনিছিল আৰু তেতিয়াই তাই নিজকে প্ৰতিশ্ৰুতি দিছিল এদিনাখন কৃতকাৰ্যতাৰ শিখৰ চুই দেখুওৱাব বুলি । যাৰ কাৰণে তাই কষ্ট কৰি জব কৰা বিষয়টো মই বিৰাটেই বেয়া পাওঁ যদিও একমাত্ৰ তাইৰ আত্মপ্ৰতিশ্ৰুতিটো পূৰ্ণতা পাওক বুলি হে জবৰ মাথা মাৰি ফুৰিছোঁ ।
তাইক মই পৰামৰ্শ দিলোঁ যাতে দেউতাকৰ ম'বাইলত চিম কাৰ্ড সুমুৱাই থৈ দিয়ে আৰু কল কৰিলে ৰেকৰ্ড কৰে । তাই উপায়ন্তৰ হৈ আমাৰ সম্পৰ্কৰ মাজত কোনোধৰণৰ গণ্ডগোল নহওক বুলি মই কোৱা মতেই কাম কৰিলে । এই কথাটো সত্য যে তাইৰ ফালে কোনোবাই কেৰা দৃষ্টি দিলে মই বহুত কষ্ট পাওঁ কিন্তু কল ৰেকৰ্ডৰ অন্য কাৰণো আছে । তাই ছাত্ৰী জীৱনৰ পৰা ওলাই আহিছেহে মাত্ৰ গতিকে তাই মানুহ চিনি নাপায় । তাই পৃথিৱীটোক বহুত সহজভাৱে লয় । আচলতে পৃথিৱীটো বহুত জটিল । কোনে কোন চক্ৰান্ত মনত পুহি কি পৰিকল্পনাৰে কাৰোবাৰ লগত গেম খেলে কোনেও ধৰিব নোৱাৰে । তাতে আকৌ তাই ছোৱালী মানুহ । যৌন লালসাত কিছুমান পুৰুষ মানুহ যিকোনো পৰ্যায়ত যাব পাৰে । সেইকাৰণে মই এইচ্চ. আৰৰ কথাবোৰৰ পৰা তেওঁৰ মনৰ পৰিকল্পনাবোৰ অনুসন্ধান কৰিম বুলি ৰেকৰ্ড কৰিব দিছোঁ ।
পাছদিনাখন ৰাতিপুৱা কল কৰাত আকৌ ওৱেটিং। এইবাৰ মোৰ খং উঠা নাই । মই কাৰ লগত ওৱেটিঙত আছে বুলি এইচ্চ. আৰজনৰ নাম্বাৰলৈ কল কৰিলোঁ। তেৱোঁকো ওৱেটিঙত দেখা পাই মই কল ৰেকৰ্ডিঙলৈ অপেক্ষা কৰিব ধৰিলোঁ । এঘন্টাৰ মূৰত তাই মোলৈ কল ৰেকৰ্ডিং শ্বেয়াৰ কৰিলে । মই এঘন্টাৰ ৰেকৰ্ডিঙত দহ মিনিট শুনি নিজৰ নিয়ন্ত্ৰণ ক্ষমতা হেৰুৱাই পেলালোঁ । তাৰপাছত তাইক কল কৰি মাথোঁ এটা কথাই ক'লোঁ- "আত্মসন্মানটো বহুত ডাঙৰ বস্তু গতিকে অনুগ্ৰহ কৰি তেওঁৰ নাম্বাৰ ব্লক কৰি ডিলিট কৰা মই তোমাক জীৱন দি হ'লেও বেলেগত জব মিলাই দিম ।" কথাবোৰ কওঁতে মই নিজকে ইমানেই সংযত ৰাখিবলৈ চেষ্টা কৰিলোঁ যে তাই মোৰ কথাবোৰ সহজতে মানি ল'লে । মই ভালকৈয়ে জানিছিলোঁ তাইৰ লগত খং কৰি কথা ক'লে প্ৰয়োজনত মোৰ নাম্বাৰ ব্লক কৰি দিলেহেঁতেন আৰু জেদ বশতঃ সেই মেডিকেলত জব ল'লেহেঁতেন । আৰু মই জীয়াই জীয়াই পুৰি মৰিলোঁহেতেন । তাইৰ সকলো ধৰণৰ দোষ-গুণেই ভাল পাওঁ কিন্তু তাইৰ জেদলৈ মোৰ বৰ ভয় লাগে কাৰণ জেদত পৰি তাই কৰিব নোৱাৰে এনে কোনো কাম নাই । তাইৰ অতীতটো বহুত ঘাত-প্ৰতিঘাতেৰ ভৰা আৰু তাৰ মুখ্য কাৰণ হ'ল তাইৰ অতিৰিক্ত জেদি মনোভাৱ । তাৰ বাবে মই মাজে-সময়ে সকিয়নি দি থাকোঁ তাইৰ জেদৰ বাবে ভৱিষ্যতে ডাঙৰ সমস্যা আহিব পাৰে আৰু তাই নিজকে পৰিৱৰ্তন কৰাৰ প্ৰয়োজন বুলি ।
-আচ্ছা কেতিয়ালৈ জইন কৰিবানো?
-অহা সপ্তাহতেই।
- কি মেডিকেল ক'ৰ মেডিকেল অলপ ভাঙি-পাতি কোৱাচোন । মানে মই চাই আহোঁ মেডিকেলখন ।
- মেডিকেলৰ নাম এঞ্জেলছ হস্পিটেল , স্থান বেলতলা।
- কিন্তু জানু কথা এটা কওঁ?
-ওঁ কোৱা আকৌ !
- বৰ্তমানৰ পৰিস্থিতিতো গম পোৱাই ন ?
- মানে ?
- মানে চোৱা চাৰিওফালে ক'ৰণা ভাইৰাছৰ কোলাহল তাতে আকৌ মেডিকেলৰ ডিউটি...
- একো নাই ,আমিও সৈনিকৰ দৰেই। সৈনিক সকলেও দেশ তথা মানৱজাতিৰ হিতাৰ্থে ডিউটি কৰে আমিও কৰিম । আৰু কৰ্তব্যক ভয় কৰি নিজকে ভাল কামৰ পৰা আঁতৰ কৰি ৰখাটোও কিন্তু একপ্ৰকাৰৰ কাপুৰুষালি । আৰু এটা কথা কোৱা হোৱা নাই ।
- কি কথা ?
- আমাক স্পেচিয়েলি ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ কাৰণে হে জব অফাৰ কৰিছে?
-কি? অসম্ভৱ, মই তোমাক যাব নিদিওঁ ...
- শুনা , মই এইবাৰ তোমাৰ পৰা কোনো নাটক আশা নকৰোঁ ।
- জানি বুজি মই তোমাক মৃত্যুৰ দুৱাৰডলিলৈ খোজ পেলাব নিদিওঁ ।
- ইছ...(বিৰক্তিৰে ) কিয় যে মই তোৰ নিচিনা অপদাৰ্থ এটাক জীৱনলৈ আনিছিলোঁ ... ছিঃ নিজৰ ওপৰতেই ধিক্কাৰ উপজিছে ।
- প্লিজ মই তোমাৰ ভালৰ কাৰণেই কৈছোঁ , প্লিজ বুজিবলৈ চেষ্টা কৰা ।
- ভালৰ কাৰণে মাই ফুট...!! তই কোন ? মই তোক চিনি নাপাও । তোক মই এই মুহূৰ্তত ব্ৰেকআপ দিলোঁ যাহ দূৰ হ মোৰ জীৱনৰ পৰা ।
-
মই আনুমান কৰিব পাৰিলোঁ তাই ম'বাইলটো দলিয়াই দিয়াটো । তাই এইমাত্ৰ কৰা আচৰণবোৰৰ বাবে মই আচৰিত একেবাৰেই নহ'লোঁ কাৰণ মাহেকত ৩/৪ বাৰ আমাৰ মাজত এইবোৰ হৈয়েই থাকে । দোষ তায়েই কৰক অথবা মই , অপৰাধী মোৰেই হ'ব লাগে আৰু ব্ৰেকআপৰ কষ্টও ময়েই পাব লাগে । অৱশ্যে তায়ো বহুত কষ্ট পায় কিন্তু সেইবোৰ তাইৰ খং আৰু জেদৰ বহুত তলত ঢাক খাই থাকে যাক বাহিৰৰ পৰা আন্দাজ কৰিব নোৱাৰি । মই ভালকৈয়ে জানো যে তাই মুখেৰে মোক শত শতবাৰ ব্ৰেকআপ কৰিলেও বাস্তৱত কেতিয়াও এৰি থৈ নাযায় । কিন্তু তাইৰ মুখৰ পৰা ব্ৰেকআপ শব্দটো ওলালেই মই অস্থিৰ হৈ পৰোঁ । অৱশ্যে প্ৰতিবাৰৰ ব্ৰেকআপৰ পাছত হোৱা পেচ্চআপৰ আমেজ বৰ মধুৰ ।
ৰাতি মই তাইলৈ মই কল কৰাত মোক ব্লক কৰিছে বুলি গম পালোঁ । এইবাৰো মই আচৰিত নহ'লোঁ কাৰণ জীৱনত তাই মোক কিমানবাৰ যে ব্লক মাৰিছে তাৰ সীমা নাই । তাইৰ দেউতাকৰ নাম্বাৰলৈ কল কৰিলোঁ । প্ৰথম তিনি-চাৰিবাৰ ফোন কাটি দিলে যদিও শেষলৈ ৰিচিভ কৰি মনে মনে থাকিল । ইমূৰৰ পৰা মই ''হেল'... হেল'..." কৰিবলৈ ধৰিলোঁ অথচ কোনো প্ৰত্যুত্তৰ নাই । এইবাৰ মই একপক্ষীয়ভাৱে কথা ক'বলৈ আৰম্ভ কৰিলোঁ ।
- মই জানো তুমি মোৰ কথা শুনি আছা । মোৰ ব্লকটো খুলি দিয়া । আৰু মোৰ পক্ষৰ পৰা মই ক্ষমা খুজিছোঁ । তোমাৰ সপোন বাস্তৱায়িত হোৱাৰ প্ৰাকক্ষণত মই তোমাক বাধা দিব নালাগিছিল যদিও মই তোমাক বাধা দিলোঁ এয়া মোৰ চৰম মুৰ্খামি । মই কাণত ধৰি উঠা-বহা কৰিছোঁ তথাপি মোক ক্ষমা কৰি দিয়া প্লিজ । চোৱা , কালি পুৱাতেই যিহেতু মেডিকেললৈ আহিব লাগিব গতিকে হাতত একেবাৰেই সময় নাই । মানসিক প্ৰস্তুতিৰ লগতে বেডিং পাতিৰ বোজাৰো কথা আছে । এই মুহূৰ্তত যদি মনে মনে থাকা কাইলৈ বহুত অসুবিধাত পৰি যাবা গতিকে কথা কোৱা প্লিজ ।
- ৰাতিপুৱা ৮ বজাত জালুকবাৰীত থাকিবা ।(গহীন কণ্ঠস্বৰ)
- ঠিক আছে জান । থেংক ইউ ছু মাচ্চ্ ! লগতে কোনোবা আহিব নেকি ?
- নাই মই অকলেই যাম , কিবা অসুবিধা ?
- নাই নাই ।
ৰাতিপুৱা সোনকালে উঠি তাইৰ কাৰণে ৰাতিয়েই কিনি লৈ অহা বস্তুবোৰ(বিস্কুট, চকলেট, কাজু , চানা ইত্যাদি) ধুনীয়াকৈ পেকিং কৰিলোঁ আৰু পুৱা ৭ বজাতেই জালুকবাৰী তাই বাছৰ পৰা নামিব লগা ঠাইখিনিত বহি অপেক্ষা কৰিব ধৰিলোঁ । গাড়ী-মটৰ একেবাৰে পাতল । লকডাউনৰ এছ.অ'. পি.মতে দুপৰীয়া ১২ বজালৈকে হে গাড়ী-মটৰ খোলা থাকিব । গতিকে পৰাপক্ষত সোনকালে তাইক মেডিকেললৈ থৈ আহিব লাগে । চৌদিশে মানুহৰ সংখ্যা তাকৰ আৰু যি দুই-চাৰিজন আছে সকলোৰে মুখে মুখে মাস্ক । ময়ো ঘৰৰ পৰা ওলাওঁতে মাস্ক পিন্ধিয়েই ওলাইছোঁ । মনত শংকা আৰু চেপা আনন্দৰ সৈতে তাইৰ বাবে মই কৰা তেতিয়াৰ অপেক্ষাবোৰ বৰ অদ্ভুত আছিল।
অৱশেষত মোৰ সন্মুখত বাছগাড়ী এখন ৰৈ দিলে । গাড়ীখনত যাত্ৰী খুবেই কম । এইখনেই তাই অহা বাছ বুলি ধাৰণা কৰিলোঁ মই । সুদীৰ্ঘ তিনি মাহ অন্তত আজি তাইক মুখামুখি দেখা পাম বুলি হৃদস্পন্দন ক্ৰমান্বয়ে বৰ্দ্ধিত হ'বলৈ ধৰিলে । তাই বুলিলে মই একেবাৰেই দুৰ্বল । তাই বুলিলে মই নিজৰ ভাল-বেয়া , লাভ-ক্ষতি , আজৰি-ব্যস্ততা , দিন-ৰাতি , খাল-বাম ইত্যাদি বিষয়বোৰ ক্ষণিকতেই পাহৰি পেলাওঁ ।
মই পকেটৰ পৰা চেনিটাইজাৰৰ সৰু বটলটো হাতত লৈ বাছখনৰ সন্মুখৰ দুৱাৰেদি ভিতৰৰ ফালে উকি মাৰি চাব ধৰিলোঁ । কিন্তু তাই মোৰ দৃষ্টিত পৰা নাই । হঠাতে পিছফালৰ পৰা কোনোবাই নিজৰ আঙুলিৰে মোৰ মূৰত টোকৰ দিয়া অনুমান কৰিলোঁ । পিছফালে ঘূৰি চাই তাইক দেখা পালোঁ ।
মোৰ মনটো সেমেকি গ'ল কাৰণ লকডাউনৰ কাৰণে বহু দিনৰ অন্তত তাইক ওচৰৰ পৰা পালোঁ । মনত খুবেই ইচ্ছা জাগিছিল তাইক এক মিনিটৰ বাবে হ'লেও সাবটি ধৰি চকুযুৰি বন্ধ কৰি ৰাখোঁ কিন্তু "দেশ বুজি বেশ" বুলি নিজকে নিয়ন্ত্ৰণ কৰিলোঁ । মোৰ নাকলৈ ভাহি আহিল তাইৰ নিজস্ব সেই অপূৰ্ব সুবাস যি সুবাস মই ক'তোৱেই বিচাৰি নাপাওঁ ।
- হুমম... হাত আগবঢ়াই দিয়া ।
- কিয় মোৰ পৰা তোমালৈ ক'ৰণা ভাইৰাছ বিয়পিব নেকি ?
- আৰে নহয় , জাষ্ট ফৰ ফৰ্মেলিটি ।
- অকে। (তাই হাত দুখন আগবঢ়াই দিলে আৰু মই চেনিটাইজাৰ স্প্ৰে কৰিলোঁ )
- এতিয়াতো কমচেকম মাস্ক খুলি মোৰ জানৰ মুখখন চাবলৈ দিয়া । কিমান দিন হ'ল দেখা নাই ।
- নু ! ফৰ্মেলিটি কেৱল তোমাৰেই আছে নেকি ?
- হাঃ... হাঃ... হাঃ ... (দুয়ো হাঁহিলো )
তাই মাস্কটো খুলি দুৰ্বলভাৱে মোলৈ চালে। ময়ো আৱেগিক হৈ পৰিলোঁ । দুয়ো হাত মিলালোঁ লগতে তাইৰ বাওঁহাতত চুমা এটা দিলোঁ । সোঁহাতেৰে তাইৰ বেডিং দাঙি বাওঁহাতেৰে তাইৰ সোঁহাতখন ধৰি বাইকখনৰ ওচৰলৈ আগুৱাই গ'লোঁ ।
- কি খাবা... ভাত নে ৰুটি ?
- একোৱেই নাখাওঁ ।
- নাই ভোক নাই ।
- ধেই কি কোৱা , মোৰ প্ৰচণ্ড ভোক লাগিছে ।
- তুমি খোৱাগৈ।
- নাটক নকৰিবা কৈছোঁ (মৰমেৰে)
- অকে ব'লা ।
জালুকবাৰী ফ্লাই অ'ভাৰৰ তলতে থকা হোটেল এখনত সোমালোঁ । দুয়ো তৃপ্তিৰে মাছভাত খাই মেডিকেললৈ ওলালোঁ জালুকবাৰীৰ পৰা বেলতলালৈ। তাই খীন বুলি লগৰবোৰৰ পৰা সদায়েই ট্ৰ'ল হোৱা ছোৱালীজনী লকডাউনত ঘৰত বহি বহি বেচ শকত হৈছে । কিন্তু শৰীৰৰ বৰণ আগতকৈ পৃথক হৈছে কাৰণ গাঁৱৰ ধূলি-বালি লগতে টিৱেলৰ পানীয়ে তাইৰ ছালৰ মসৃণতাৰ হ্ৰাস ঘটাইছে । গাল দুখন "গুলো-মোলো" ধৰণৰ হৈছে । মুঠতে তাই আগতকৈ বেছি মৰমলগা হৈ পৰিছে । সৰু সৰু ল'ৰা-ছোৱালীৰ সৈতে কথা কোৱাৰ দৰে মই নিজৰ কণ্ঠস্বৰত মৰম মিহলাই তাইক লাহে লাহে সুধিবলৈ আৰম্ভ কৰিলোঁ তিনি হেজাৰ টকাৰ পৰা মেডিকেললৈ জব পাৰ্পচত অহাৰ মাজৰ ঘটনাসমূহ । বিশেষকৈ মোৰ বৰকৈ জানিবলৈ মন গ'ল তাইলৈ জবৰ অফাৰটো আহিল কেনেকৈ আৰু তাই টকা খিনি কাক দিলে । এইবাৰ তেওঁ খং নকৰি লাহে-ধীৰে চব কথা ভাঙি-পাতি ক'বলৈ আৰম্ভ কৰিলে ।
-এই কেইমাহমানত আমি যে ৰিজিয়্যুমবোৰ হস্পিটেলবোৰৰ লগতে অনলাইন জব এজেন্সীবোৰত জমা দি থৈছোঁ তাৰেই এখন এজেন্সীৰ পৰা ফোন আহিছিল । ফোনত মানুহজনে ক'লে যে বেলতলাৰ এঞ্জেলছ হস্পিটেলত চাৰিগৰাকীমান নাৰ্চৰ প্ৰয়োজন । ক'ৰণা ভাইৰাছে আক্ৰমণ কৰা ৰোগীসকলৰ বিশেষ চিকিৎসাৰ কাৰণে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চ । হস্পিটেল পক্ষৰ পৰা আমাক ট্ৰেইণ্ড কৰিব । আচলতে জব এজেন্সীৰ পৰা সিহঁতে জবৰ ব্যৱস্থা কৰি দিলে সিহঁতক টকা দিব লাগে । মোলৈ ফোন কৰা মানুহজনেও ৭০০০ টকা বিচাৰিছে । তাৰে ৩০০০ টকা নগদ আৰু ৪০০০ টকা প্ৰথম দৰমহাৰ পৰা দিব লাগিব । ক'ব গ'লে এমাহৰ দৰমহা সিহঁতকেই দিব লাগিব । মানে মাহত ৭০০০ টকা হে পাম আৰু থকা-খোৱা হস্পিটেল পক্ষৰ । আৰু আমাৰ ডিউটিবোৰ একেৰাহে নহৈ এদিন পিছে পিছে হে হ'ব , মানে এমাহত ১৫ দিন ডিউটি ।
- কি কোৱা , তেনেহ'লে দৰমাহাও দেখোন আধা হ'ব ।
- নাই , ১৫ দিন ডিউটি কৰিলেও দৰমহা ৭০০০ টকা ।
- কিন্তু ক'ৰণা বেমাৰতো চিৰদিন নাথাকে , তেন্তে তোমাৰ জব ক'ৰণা শেষ হৈ গ'লে থাকিব জানো ।
- সিহঁতে কৈছে ক'ৰণা শেষ হ'লে বেলেগ হস্পিটেলত জইন কৰাই দিব ।
- মোৰ কিন্তু বিশ্বাস হোৱা নাই । ছৰি বেয়া নাপাবা ।
তাইৰ উৎসুক মনটোত যেন অশান্তিৰ ছাঁ এটাই আৱৰি ধৰিলে । মই পৰিস্থিতি পৰিৱৰ্তন কৰাৰ বাবে অন্য বিষয় এটালৈ গুচি গ'লোঁ কাৰণ যোৱা ৰাতিৰ কথাটো এতিয়াও পাহৰি যোৱা নাই । মই স্পষ্টকৈ বুজি পাইছিলোঁ যে তাই কিবা এটা বিপদ চপাই আনি আছে কিন্তু মই তাইক মোৰ মনৰ ভাৱনাটোক বুজাবলৈ সাহস পোৱা নাছিলোঁ তাইৰ হঠকাৰী আৰু খঙাল স্বভাৱটোৰ কাৰণে । হেজাৰ হ'লেও আজি শুভ কাম এটাত সোমাব গতিকে ময়ো কোনো ধৰণৰ ছিন ক্ৰিয়েট হোৱাটো নিবিচাৰোঁ ।
- লোকেচন চেক কৰি লোৱা আৰু কিমান দূৰ বাকী আছে।
- মই চিনি পাওঁ , আৰু অলপ দূৰ যাব লাগিব ।
- সোনকাল কৰা কাৰণ ১২ বজাৰ আগতে তোমাৰো গন্তব্যস্থললৈ উভতিব লাগিব ।
- হয় ঠিকেই কৈছা ।
- আৰু এটা কথা স্পষ্টকৈ কৈ থৈছোঁ তোমাক শুনা ।
- অ কোৱা ।
- তুমি মোক যধে-মধে কল নকৰিবা । সময়ে সময়ে মই হে তোমাক কল কৰিম ।
- কৰিবা কিন্তু , পাহৰি নাযাবা । তুমিতো জানাই তোমাৰ সৈতে কথা পাতিব নোৱাৰিলে মই অস্থিৰ হৈ পৰোঁ ।
ক'ব লগা বা বুজাব লগা বহুত কথাই আছিল যদিও মই অনিচ্ছাকৃত নিৰৱতা অৱলম্বন কৰিলোঁ । কিয়নো মই মুখ মেলিলেই জঁট লাগি যাব পাৰে । অৱশেষত তাইৰ গন্তব্যস্থললৈ লৈ গৈ তাইক নমাই দিলোঁ আৰু ময়ো নামিলোঁ । বাইকখন পাৰ্ক কৰি বেডিংবোৰ হাতত লৈ গেইটেৰে প্ৰৱেশ কৰিব খোজাত গেইটৰ সন্মুখত থকা চিকিউৰিটিয়ে আমাৰ বাট ভেটা দি সোধা-পোছা কৰিলে । আমি সকলো ভাঙি-পাতি কোৱাত আমাক আৰু বেডিংবোৰক এটাৰ ৰুমলৈ সুমুৱাই চেনিটাইজিং কৰিলে লগতে ওপৰ মহলালৈ যাবলৈ আঙুলিয়াই দিলে । মেডিকেলৰ ভিতৰলৈ সোমাই ওপৰৰ মহলালৈ যাব ধৰাত ভিতৰৰ চিকিউৰিটিয়ে ক'লৈ যাম বুলি সুধিলে । তাতেও কথাবোৰ কোৱাত তাইক ওপৰলৈ যাবলৈ দিলে আৰু মোক ওভতি যাবলৈ ক'লে যিহেতু মই মেডিকেলৰ ষ্টাফ নহয় । নিৰুপায় হৈ মই ওভতি আহিবলৈ ল'লোঁ আৰু দুয়ো দুয়োৰে ফালে দুৰ্বল দৃষ্টিৰে শেষবাৰৰ বাবে চালোঁ । তাইৰ চকুযুৰিত অশ্ৰু জল মল কৰিবলৈ ধৰিলে । সেই মুহূৰ্তত মোৰ এনেকুৱা লাগিল যেন আপোন মানুহ এজনক কবৰাধীন কৰি আঁতৰি যাব ধৰিছোঁ । সাগৰৰ মাজত সাঁতুৰি পানীৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু ক'ৰণাৰ মাজতে ৰৈ ক'ৰণাৰ বিৰুদ্ধে যুদ্ধ কৰা একেই যেন লাগিল । নাজানো এই যুদ্ধত তাই জয়ী হয় নে পৰাজিত হয় !
সময় প্ৰায় ১২ বাজিবৰে হ'ল । গেইটৰ বাহিৰৰ পৰা তাইক এবাৰ চাবলৈ প্ৰয়াস কৰিলোঁ কিন্তু ব্যৰ্থ হ'লোঁ ।
উপায়হীন হৈ ভিডিঅ' কল কৰিলোঁ তাই কাটি দিলে । আকৌ কৰিলোঁ । এইবাৰো তাই কাটি দিলে লগতে "ডন্ট কল মি নাউ" বুলি মেচেজ এটাও দিলে । "নাই আৱেগৰ বৰষুণত অতিৰিক্ত তিতিলে পুলিচৰ কোবৰ বাহিৰে একোৱেই নিমিলিব ।" কথাটো ভাবি মই গুচি আহিলোঁ ।
তাইৰ এটা ফোন কলৰ বাবে বাট চাই ৰাতি ন বাজিল কিন্তু ফোন কল নাহিল । তাই কৈ থোৱা কথা মানি চলাটো মোৰ কাৰণে অসহ্যকৰ হৈ পৰিল । তাইৰ সকলো বাধা-নিষেধ অমান্য কৰি অৱশেষত কল কৰিলোঁ । তিনি চাৰিবাৰ কল কৰাৰ পাছত তাই ৰিচিভ কৰিলে । দেহৰ পৰা উৰি যাব ধৰা মোৰ জীউটো যেন পুনৰ সংস্থাপিত হ'ল ।
আগলৈ....