■সিদ্ধান্ত
চহৰৰ খনৰ এমূৰত থকা ATM ল পৰা ওলাই হঠাৎ মুখামুখি হোৱা ব্যক্তি গৰাকী প্ৰাঞ্জল বাবে একদম অনাকাংক্ষিত আছিল। কি কৰোঁ, মাতো নামাতো ভাবি থাকোঁতেই সিফালৰ পৰাই মাত দিলে-
- ভালে আছা!
- উম ভাল ভাল।ল
সুখী বুলি বুজাবলৈ গৈ অলপ বেছিকৈয়ে জোৰ দি উত্তৰ দিলে সি।
- তোমাৰ স্কুলৰ সন্মুখত কেইবাদিনো ৰৈছিলোঁ। কিন্তু নেদেখিলোঁ....।
- পুৰণি বহুত কাম আৰু অভ্যাস এৰিলোঁ যে এতিয়া।
গুচি আহোঁ বুলি ভাবিও ভালেমান সময় কথা পাতিলে। কথাৰ মাজতে তাই প্ৰাঞ্জলৰ নতুন ঠিকনাটো খোজাত অনিচ্ছা সত্বেও দি আহিল। ঘূৰি আহি পত্নী অৰ্পণাৰ স্কুল ছুটি হোৱালৈ গেইটৰ সন্মুখতে ৰ'ল।
অৰ্পণা লগত ঘৰলৈ উভতিছে যদিও বাৰে বাৰে মনটো অতীতলৈ গুচি গৈছে। য'ত আছিল কেৱল প্ৰাঞ্জল আৰু খন্তেক আগত লগ পোৱা খ্যাতি। খ্যাতি বৰা, যাৰ অবিহনে এটা দিন কল্পনা কৰিব নোৱাৰাকৈ আছিল পাঁচ বছৰীয়া ভালপোৱা। যাৰ লগত গোটেই জীৱন জীয়াৰ কথা আছিল তেওঁক আজি প্ৰায় এবছৰৰ মূৰত অচিনাকীৰ দৰে লগ পাইছে। অতবোৰ ভালপোৱা থকাৰ পিছতো অবিশ্বাস অথবা ভুল বুজাবুজিয়ে বঢ়োৱা দূৰত্ব, তৃতীয় পক্ষৰ ষড়যন্ত্ৰত হোৱা বিচ্ছেদ.. কথাখিনিয়ে প্ৰাঞ্জলক হেঁচি ধৰিলে। বিশেষকৈ বিচ্ছেদৰ কাৰণটোত খ্যাতিৰ কোনো ভুল নাছিল বুলি জানিব পাৰি।
দিন বাগৰিল। দুই এদিন ফোনত দুয়োটাৰ কথা হ'ল। মনটোক ধৰি ৰাখিবলৈ ইমান চেষ্টা কৰিছে যদিও প্ৰাঞ্জল বিফল হৈছে। বাৰে বাৰে খ্যাতিৰ কথাবোৰে মনত বিন্ধিছে, পুৰণি ভালপোৱাই বিপাঙত পেলাইছে।
"প্ৰাঞ্জু, অৰ্পণা থাকিলেও মোৰ একো আপত্তি নাই তুমি ভাবি চাবা।
এটাই বাক্য। অথচ ইমান শক্তি। কলিজা খুলি সোমাই লৈছে। ইমান চেষ্টা কৰিও মনৰ পৰা আঁতৰাব পৰা নাই।
- আপোনাৰ কিবা হৈছে নেকি? যদি বিচাৰে মোক খোলাকৈ ক'ব পাৰে। সঠিক ব্যক্তিৰ লগত সমস্যা ভগালে সমাধান নোলালেও অন্ততঃ সান্ত্বনা পায়।
সঁচাকৈয়ে অৰ্পণাক কৈ দিবলৈ মন গ'ল মনত চলি থকা দ্বন্দৰ কথা। খ্যাতিৰ কথা , তাই দিয়া প্ৰস্তাৱৰ কথা। কিন্তু নোৱাৰিলে। হঠাৎ তাৰ চকু পৰিল ঘৰৰ দেৱালত সজাই থোৱা সিহঁতৰ বিয়াৰ ফটো খনৰ ওপৰত। থৰ লাগি চাই থাকিল বহু সময়। আকৌ এবাৰ মনত পেলাইছে কথাবোৰ, এইবাৰ কিন্তু খ্যাতিৰ নহয়। অৰ্পণাৰ লগত হোৱা এবছৰীয়া মৰমৰ সংসাৰখনৰ কথা, ভাগি পৰা প্ৰাঞ্জলক একো প্ৰশ্ন নুঠোৱাকৈ ইমান মৰমেৰে সামৰি আকৌ সজীৱ কৰি তোলাৰ কথা। হঠাৎ তাৰ নিজৰ ওপৰতেই খং উঠি আহিল। এইটো সিদ্ধান্ত লবলৈ ইমান সময়ৰ প্ৰয়োজনেই নাছিল। লগে লগে সি খ্যাতিলৈ ফোন কৰিলে - " সিদ্ধান্তটো তোমাক জনাওঁ বুলি ফোন কৰিলোঁ।
- থেংক ইউ প্ৰাঞ্জু, তুমি যে মোক এতিয়াও ভাল পোৱা মই গম পাইছিলোঁ।
- খ্যাতি, অৰ্পণা মোৰ পত্নী। মই বিবাহিত পুৰুষ আৰু মোৰ কাপুৰুষ হোৱাৰ ইচ্ছা, সাহস দুয়োটাই নাই। কথাকেইটা মনত থৈ তুমি আগবঢ়ি যোৱা। সেয়া কবলৈহে ফোন কৰিছিলোঁ।
ফোনটো সিফালৰ পৰাই কাটি দিছিল। সি জানে খ্যাতি কিমান বুজা ছোৱালী অকণমান ভুল হৈছিল তাইৰো ভালপোৱাৰ খাতিৰত, কিন্তু এতিয়া যে তাইৰ ভুল ভাগিব প্ৰাঞ্জলে জানে। তথাপি মোবাইলটোৰ পৰা চিমকাৰ্ডখন ওলিয়াই ডাষ্টবিনটোত পেলাই দিলে আৰু বুকুত সাহস গোটাই কামত ব্যস্ত হৈ থকা অৰ্পণাক চিধাই গৈ জোৰকৈ সাৱটি ধৰিলগৈ।
ৰেবিকা নেওগ
তিনিচুকীয়া
_____====______________________________===_______________===_________
■দিশহাৰা
ৰিচা গগৈ। দ্বাদশ শ্ৰেণী, ২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)।
অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মই তেওঁক ডিভৰ্চ দিয়াৰ সিদ্ধান্ত ল'লো । সন্ধ্যা দেউতাক ফোন কৰি সকলো কথা জনালোঁ। মোৰ বিশ্বাস আছিল , দেউতাই এই ক্ষেত্ৰত মোক সমৰ্থন কৰিব ।
দেউতাই মোক সমৰ্থন কৰিছিল সঁচা, কিন্তু শেষত এষাৰ কথা কৈছিল। সেই কথাষাৰ শুনাৰ পিছত মই কি কৰোঁ ভাবি পোৱা নাছিলোঁ।
.... "মাজনী তোক ঘৰলৈ অনাত মোৰ একো আপত্তি নাই । কিন্তু ককায়েৰ -বৌৱেৰক কথাষাৰ এবাৰ ক'বি। সিহঁতে বা কি কয়!".......
ভয়, শংকাই আৱৰি ধৰিছিল যদিও সাহস গোটাই দাদাক কথাষাৰ ক'বলৈ ফোন কৰিলোঁ।
...." ভন্টি তই এইবোৰ কি কৈছ! তই এনেকৈ ঘৰত থাকিলেহি সমাজে কি ক'ব?? মোৰো সন্মানৰ কথা আছে নহয় । "........
...." অ ভন্টি ককায়েৰাই ঠিকেই কৈছে। তুমি ঘৰত থাকিলেহি মোৰ মাৰ ঘৰৰ মানুহৰ আগত নাকেই উলিয়াব নোৱাৰিম ।"..
দাদা - বৌৰ কথাখিনিয়ে মোক বাৰুকৈয়ে আঘাট দিলে। আচলতে এইয়া মোৰেই দোষ। এঘৰলৈ উলিয়াই দিয়াৰ পিছত মই আকৌ সেইখন ঘৰত কেনেকৈ থাকিমগৈ।
বহু কেইটা নিশা উজাগৰেই পাৰ হ'ল। স্বামী পৰকীয়া প্ৰেমত মচগুল। দুপৰ নিশা মদৰ নিচাত মাতাল হৈ ঘৰ সোমায়। ৰাতিপুৱা ৮ বজাতেই অফিচলৈ ওলায় যায় । অফিচ বন্ধ থকা দিনটো আহিলে বুকু খনে হাহাকাৰ কৰি উঠে। এৰেঞ্জ মেৰিজ আছিল বুলিয়ে বাৰু তেওঁ মোৰ লগত এনে কৰিব লাগে নে ??? অকনমান কথাতেই চৰ মৰাটো তেওঁৰ অভ্যাসত পৰিণত হ'ল। তেওঁৰ চামৰাৰ কোব পৰা ঠাইবোৰত ক'লা পৰিছে। তেওঁৰ কথাৰ বিপক্ষে কিবা এষাৰ কোৱা মানেই মোৰ মূৰটো ৱালৰ সৈতে যুদ্ধত লিপ্ত হোৱা।
যি জন দাদায়ে মোক বিয়াৰ কেইদিন মানৰ আগত কৈছিল ,"ভন্টি ল'ৰাটো খুউব ভাল বুজিছ। তোক একো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। আৰু কিবা অসুবিধা হ'লে মোক ক'বি। মই থাকোঁতে তোক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ।"আজি সেইজন দাদায়ে তেওঁৰ সন্মানৰ কথা চিন্তা কৰি মোক ঘৰলৈ লৈ যাবলৈ অস্বীকাৰ কৰিছে।
যিজন মানুহে মোক চাবলৈ যোৱাৰ দিনা মোৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াত সহায় কৰিম বুলি কৈছিল, এতিয়া তেওঁৰ অৱহেলাই মোক দিশহাৰা কৰি পেলাইছে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত M.A পঢ়াৰ সপোন সৰুৰ পৰাই আছিল । এই সপোন সেইদিনা বেছিকৈ উত্তেজিত হৈ পৰিছিল , যিদিনা B.A ত ফাৰ্ষ্ট ক্লাছ হোৱাৰ ফলাফল লাভ কৰিছিলো।
.... "ৰেখামণি তই কিন্তু ইউনিভাৰ্ছিটিত চিট পাবিয়ে। তাতো কিন্তু Economics ৰ topper হব লাগিব দেই ।"......
বান্ধৱীৰ কথাষাৰে বহুত বেছি উৎসাহিত কৰি তুলিছিল ।
..... কপালৰ লিখন নাযায় খণ্ডন।.....
দাদাৰ কথা ৰাখি অসীম দত্তৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত ললো । তেওঁৰ কথাবোৰক বিশ্বাস কৰি সপোন দেখিবলৈ ধৰিলো। নাহৰৰ দেশত নিজকে কল্পনা কৰিলোঁ।
..... পঢ়িব বিছাৰিলে ইয়াতে বেলেগ পঢ়িব পাৰ । কিন্তু D.U ত তোক পঢ়িবলৈ নিদিওঁ। তালৈ গৈ তেতিয়াহে আন ল'ৰাৰ লগত প্ৰেম কৰি ফুৰিবি।....
তেওঁক ওলোটাই কিবা এষাৰ কোৱাৰ ইচ্ছা নহ'ল । সপোনবোৰ সেইদিনাই স্তব্ধ হৈ ৰ'ল । ডিভৰ্চৰ তাৰিখ চমু চাপি আহিছে। কিন্তু ডিভৰ্চৰ পিছত মই কলৈ যাম? এই প্ৰশ্নটোৱে মোক বৰকৈ কষ্ট দিছে।
এৰা, দেউতাৰ ঘৰলৈ যাবলৈও দাদা - বৌৰ সন্মানৰ কথা আছে।
■জীৱনৰ সিপাৰে
ৰহস্য ঘন কাল্পনিক গল্প
নৱযানী বৰুৱা শইকীয়া, ডিগবৈ
9101768437
স্কুলৰ পৰা আহিয়েই গাটো কিবা একেবাৰে ভাল লগা নাই চোন। দুৰ্বল দুৰ্বল অনুভৱ হৈছে । চকু বোৰ পুৰিছে, গোটেই গাটো বিষত কোঙা হৈ পৰিছোঁ। বোধহয় জ্বৰ উঠিছে। গৰম পানী বটলৰ পৰা পানী এগিলাচ ঢালি খালোঁ। কাপোৰ খিনি খুলি বিছনালৈ দলিয়াই পাতল কপাহী চোলা এটা গাত সুমুৱাই ললোঁ। ৰান্ধনীঘৰৰ ফালে যাবলৈ মন নগল। ভৰি হাত কেইটা ধুই পোনেই বিছনাত পৰি দিলোঁ।
মোৰ যেন উশাহ বোৰ চুটি চুটি হ'ব ধৰিছে। বুকুখনলৈ নিশাহ খিনি আহি শেষ হৈ যায়, অলপ নিশাহ ডিঙিৰ ফালে গতি কৰি মূৰৰ দিশত জোৰত ওলাই যাব খোজে। চকু বোৰ ডাঙৰ ডাঙৰ কৈ মেল খায় যোৱা যেন লাগিছে। মই বৰ কষ্ট পাই আছোঁ এতিয়া। পৃথিৱীৰ একো বস্তুৰ প্ৰতি মোৰ এই মুহূৰ্তত মোহ নাই। মই মৰিব খোজোঁ। মই নিশ্বাস খিনি উলিয়াই দিব খোজোঁ।
নিশ্বাস খিনি ওলাই বুকুখন খালি হৈ গ'ল। জোৰেৰে মূৰৰ ফালে খুন্দা মাৰি ঘূৰি আহি মুখেৰে সমস্ত নিশ্বাস ওলাই গল। এতিয়া মোৰ গাটো পাতল পাতল লাগিছে। একো দুখ যন্ত্ৰণা নাই, একো চিন্তা ভাৱনা নাই মই মুক্ত পক্ষী হৈ উৰি আছোঁ। বৰ্তমান আমাৰ ঘৰৰ পৰা প্ৰায় এশ ফুট উচ্চতাত মই উৰি আছোঁ। চেঁচা বতাহ একোজাকে কেতিয়াবা কোবাই যায় । ক্ষন্তেক ৰৈ আকৌ উৰি থাকোঁ। ক'ত যাম ,কিমান দূৰ যাম একো নাজানোঁ। জানিব নোখোজোঁ। এটা কষ্টময় শৰীৰৰ পৰা ওলাই মুক্ত মনে মই উৰি আছোঁ , উৰি থাকিম অন্ততকাল। তললৈ চালোঁ এনেই এবাৰ। গেটৰ সন্মুখত বহুত মানুহ জমা হৈছে। হাত মেলি মেলি মানুহ বোৰে কিবা কথা পাতিছে। মই হলে একোডাল শুনা নাই। মুখবোৰত উৎকণ্ঠাৰ ভাৱ স্পষ্ট । সৌজনী চোন পিহু । তাইও আহিছে। কিন্তু চকুত চোন তাচ্ছিল্যৰ হাঁহি বিয়পি আছে। কি হৈছে বুজা নাই । ইমান দৌৰাদৌৰি কিয় কৰিছে মানুহ বোৰে ? গাড়ী এখন আহি ৰৈছে গেটত। বগা ৰঙৰ পেন্ট চাৰ্ট পিন্ধা দুজন ল'ৰা নামি হাতত কিবা এখন ঠেলি দৌৰি ভিতৰ সোমাইছে। আৰে, মোৰ সন্তান মোৰ স্বামী সকলো কান্দোনত ভাগিপৰা যেন লাগিছে। আচলতে হৈছে কি ? মই সিহঁতক দেখি কিছু আবেগিক হৈ পৰিছোঁ। হাত খন মেলি কৈছোঁ, নেকান্দিবি তহঁতে, ছা মই উৰি আছোঁ।
মোকেই কিবা এখনত শুৱাই ঠেলি নি গাড়ীত উঠাই লৈ গাড়ী খন গলগৈ। মানুহৰ ভীৰ কমিল। ঘৰটো শূণ্য হৈ পৰিল। পদূলিত পিহু আৰু নিতুৰ মাকে কোৱা কথাৰ ওঁঠ পঢ়ি বুজিলোঁ " মৰিল ভালেই হ'ল।" কোন মৰিল কি কথা একো উৱাদিহ পোৱা নাই। ইফালে বতাহে মোক ওপৰলৈ আৰু ওপৰলৈ নিবলৈ জোৰ কৰি আছে। বেছি নেভাবি মইও ওপৰলৈ উঠি গলো।
এতিয়া মই এশ কিলোমিটাৰ গতিত এটা অন্ধকাৰ পথেৰে ক'ৰবালৈ গৈ আছোঁ। পথ চোৱা দীঘল আৰু সুৰংগৰ দৰে। ঘিত মিত অন্ধকাৰত কাষৰ ফালে কি আছে মনিব নোৱাৰি। অনুমান কৰিছোঁ শূন্যৰ দেশত এইটো এটা সৰ্পিল পথ। অলপ ভয় ভয় লাগিছে চোন। মই অকলে তেনেকৈ ক'তো যোৱা নাই আজিলৈকে। মানুহজনলৈ বৰ মনত পৰিছে মোৰ। তেওঁ লগত থকা হ'লে সাহস দি আগুৱাই নিলেহেঁতেন। উভতি যাওঁ নেকি ? স্বামী আৰু সন্তানৰ লগত পুনৰ একেলগে আহি এই মায়াবী চহৰত এদিন এভুমুকি মাৰি যাম। পাৰিম নে উভতি যাব? নাজানোঁ। মই ছটফটাই উঠিছোঁ। উভতি আহিব খুজিছোঁ । ককবকাই উঠিছোঁ। অনুস্ব কণ্ঠ কাণত পৰিছে,
" চেন্স আহিছে ।"
সু সজ্জিত কোঠাত মোক বেৰি লৈ কেইবাজনো মানুহ। পিন্ধনত বগা চাৰ্ট আৰু ওপৰত সেউজীয়া এপ্ৰণ। বগা টুপী পিন্ধা মহিলা দুজনীও ব্যস্ত ভাৱে ইফালে সিফালে ঘূৰি ফুৰিছে। স্বামীক বিচাৰি মোৰ চকুযোৰে হাহাকাৰ কৰি উঠিছে। সৌৱা, বাৰাণ্ডাত বেঞ্চ খনত অবিন্যস্ত চুলি আৰু শুকান মুখেৰে স্বামী আৰু সন্তান বহি আছে।
স্বামী আৰু সন্তানৰ মোহে মোক আগুৱাব দিয়া নাই। ইফালে কিবা এক অজান শক্তিয়ে মোক ওপৰৰ ফালে টানি নি আছে। সুৰংগৰ শেষ হোৱাৰ উপক্ৰম হৈছে। সন্মুখত পোহৰৰ ৰেঙনি দেখিছোঁ।
ৱা ! এইটো চোন কোনোবা ৰজাৰ বৃহৎ অট্টালিকা। সোণৰ খুঁটা বোৰ জোনৰ পোহৰত জিলিকি আছে । জোনটো মাজ ভাগত অট্টালিকাৰ ওপৰত লাইট ওলমাই থোৱা দৰে ওলমাই থোৱা আছে। তাৰে পোহৰত সন্মুখৰ ফুলনিৰ ফুল বোৰে হালি জালি নাচিছে। এপাহ বৰ ধুনীয়া আৰু ডাঙৰ ফুল ফুলনিৰ ঠিক মাজত ফুলি আছে । বোধহয় ৰাণী ফুল। ডাঙৰ ডাঙৰ পাহি আৰু মাজত ৰেণু বোৰ চক্ৰ আকাৰে গঁথা আছে। ঈষত নীলা বৰণৰ ফুল পাহত ৰেণু বোৰৰ ৰঙ হালধীয়া। ঘূৰি পকি চাই শেষ কৰিব নোৱাৰা এইখন স্বৰ্গ লোক নেকি ? ধেৎ, মনতে নিজেই হাঁহি দিলোঁ । নৰকৰ কীট আমি স্বৰ্গৰ কল্পনা কৰিছোঁ।
অট্টালিকাৰ মাজতে এখন বহল চোতাল।ঠিক ৰজাৰ দৰবাৰৰ দৰে। শাৰী শাৰী চকী সজাই থোৱা আছে । বৰ্তমান মোৰ বাহিৰে তাত কোনো নাই। ভাবিছোঁ, ডাঙৰ মানুহৰ ঘৰলৈ আলহী গ'লে আপ্যায়নৰ সাধাৰণ সৌজন্যতা খিনি দেখুৱাই মাত এষাৰ দিবলৈ কোনোবা এজন ওলাই আহিলে ভাল লাগে। ভৱা লগে লগেই কেইবাজনো ৰজাৰ দৰে সাজ পিন্ধা মানুহ খুব ততাতৈয়াকৈ সোমাই আহিল। তেতিয়াহে মন কৰিছোঁ, মোৰ ঠিক লগতেই শুদ্ধ বগা ধূতি পঞ্জাৱী পিন্ধা মানুহ এজন ৰৈ আছিল। আমি এনেকুৱা কাপোৰ পিন্ধা মানুহক বুঢ়া ডাঙৰীয়া কওঁ। ডাঙৰীয়াৰ ফালে চাই এবাৰ ফিচিক কৈ হাঁহিও এটা মাৰিলোঁ। মনতে বোলো হওক দে , যাওঁতে দুয়োটা একেলগে যাবগৈ পাৰিম।
যাম কলৈ ? কৰপৰা আহিছিলোঁ ? বৰ্তমান ক'ত আছোঁ ? কোনফালে আহিলোঁ ? একো মনত পেলাব পৰা নাই। ইয়াৰ আগতে ক'ত আছিলোঁ ? ওহোঁ, একো মনত নাই। ৰজাৰ দৰে কাপোৰ পিন্ধা মানুহ কেইজন সজাই থোৱা চকী বোৰত বহিল। মাজত এজন মুখিয়াল বা সভাপতি । মণ্ডল অফিচৰ মেপ খনৰ দৰে ডাঙৰ কাগজ এখন মাজতে থৈ সকলোৱে বেৰি ধৰি তাত কিবা চাই চাই কথা পাতিছে। কি পাতিছে মই শুনা নাই । মাজে মাজে মোৰ ফালে আঙুলিয়াই কিবা কয়। ওচৰত থকা বুঢ়া ডাঙৰীয়া সদৃশ মানুহজানো আগুৱাই গৈ সামান্য দূৰত্বত ৰৈ হাত দুখন আগলৈ ৰাখি , ঠিক আমি সমবেত সংগীত গোৱাৰ সময়ত থকাৰ দৰে আছে। তেওঁক চিঞৰি চিঞৰি কিবা সোধে আৰু তেওঁ নম্ৰতাৰে উত্তৰ দিয়ে। এইবোৰ কি হৈছে নাজানোঁ। মোৰ কিন্তু থাকি বৰ ভাল লাগিছে। গাটো তুলাৰ দৰে পাতল হৈ বতাহত ওপঙি আছে। কঁকালত থকা পুৰণি বিষয়েও আজি আমনি কৰা নাই। মই বাৰু কোনোবা মহাকাশ যানৰ যাত্ৰী হৈ আছোঁ নেকি ? মনতে এনেই ভাবিলোঁ।পিছে নহয় মই কোনোবা এটা ৰাজ অট্টালিকাত আছোঁ যে এইটো বুজি পাইছোঁ। লাহে লাহে অট্টালিকাৰ চাৰিওফালে শাৰী শাৰী বন্তি কিছুমান জ্বলি উঠিল। ওপৰত ওলমাই থোৱা জোনবাই টো তেতিয়া পোহৰ স্তিমিত কৰি শুবলৈ লৈছে চাগে। পবিত্ৰ আত্মাৰ বহুত পুৰুষ মহিলা ফুলনিৰ অন্য ফালে থকা মুকলি ঠাইত সমবেত হৈছে। বোধহয় প্ৰাৰ্থনাৰ সময়। মুখিয়াল জনে ঘনে ঘনে মোৰ ফালে চোৱা বাবে মই অলপ অস্বস্তিত ভুগিছোঁ। মোক লৈ যে আলোচনা চলি আছে সেয়া এতিয়ালৈকে বুজি উঠিছোঁ। অলপ শংকা হৈছে। যদি মোক ইয়াৰ পৰা পঠিয়াই দিয়ে !মোক যদি তেওঁলোকে লগত নেৰাখে ? কত যাম মই ? ইয়াত কাকোয়েই চিনি নেপাওঁ। মনটো দুৰু দুৰু কঁপি উঠিল। ইতিমধ্যে মুকলি ঠাইত সমবেত হোৱা পুৰুষ মহিলা সকল পুনৰ নিজৰ নিজৰ ঠাইলৈ গুচি গৈছে। তাৰ মাজত এখন মুখে মোক বৰকৈ আমনি কৰিছে। যেন সেয়া মোৰ মা ! সাইলাখ মাৰ দৰেই খোজ কাটলে , কথন ভংগী। মাথোঁ তেওঁক বেছ সুখী আৰু সপ্ৰতিভ যেন দেখা গৈছে।
ধেই, কি বোৰ ভাবিছোঁ। মা ঢুকোৱা চোন আজি ছয় বছৰ পাৰ হল। ইয়াত নো কেনেকৈ দেখিম। ফুলনিৰ মাজত থকা ডাঙৰ ফুল পাহ কঁপি উঠিল।পাতৰ শব্দত সেইফালে চকু ঘূৰাই চাইছোঁ। সেই মানুহ গৰাকী। মানে মা মা লগা মানুহজনী ৰৈ মোলৈ ৰ' লাগি চাই আছে। মুখত মিচিকিয়া হাঁহিটো যে বিশ্বাস কৰক মই এই অন্ধকাৰ নিশা বন্তিৰ পোহৰত স্পষ্টকৈ দেখা পাইছোঁ। ইতিমধ্যে ৰজাৰ নিচিনা সভা খনৰ অন্ত পৰিল। সভাপতি বা মুখিয়াল জনে অলপ আগুৱাই সন্মুখৰ ফালে আহি মোলৈ চাই নমস্কাৰ দিয়াৰ দৰে হাত দুখন একেলগ কৰি অলপ আগলৈ হাউলি দিলে। মই কিবা কম বুলি ভাবোঁতেই মোৰ ওচৰত যে বুঢ়া ডাঙৰীয়া নিচিনা মানুহজন তেওঁ মোক জাষ্ট লাহেকৈ ঠেলা মাৰি দিলে। মই চোন সুসোঁৱাই তললৈ নামি আহিছোঁ। কিমান বেগত আহিছোঁ নাজানোঁ, নামি আহি আছোঁ। আগৰ বাটে নে বেলেগ বাটে আহিছোঁ মই নেজানো। মোৰ হাতত গতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা নাই। চিনাকি চিনাকি গোন্ধ এটাই মোক উদ্বাউল কৰি তুলিছে। মই এতিয়া পুনৰ আমাৰ ঘৰৰ ওপৰত উৰি আছোঁ। মোক লৈ যোৱা গাড়ী খন মই বিচাৰি ফুৰিছোঁ। মোক থিতাপি লবলৈ এটা ঠিকনাৰ খুবেই প্ৰয়োজন। মই সোনকালে মোক বিচাৰি উলিয়াব নোৱাৰিলে হয়তো নষ্ট কৰি পেলাব, হয়তো জ্বলাই দিব। তেতিয়া মই সদায় এনেদৰেই উৰি ফুৰিব লাগিব ঠিকনা বিহীন ভাৱে। এইটো মই হ'বলৈ দিব নোৱাৰোঁ। স্বামী আৰু সন্তানলৈ মোৰ খুব মনত পৰিছে। সিহঁতে মোক বিচৰা নাই কিয় ? সিহঁতে মোক শব্দ দিয়া নাই কিয় যাৰ দ্বাৰা মই মোক বিচাৰি উলিয়াব পাৰোঁ! উৰি উৰি মোৰ ভাগৰ লাগিছে। আকৌ মোৰ উশাহ ঘন ঘন হৈছে। সেয়া, কৰবাত চিনাকি শব্দৰ ৰোল শুনিছোঁ। হয়, এয়াই মই। মোৰ ওচৰতে বহি সন্তানে কাবৌ কৰাৰ চিনাকি শব্দটো মোৰ কাণত ভাঁহি আছে।
" মা, মা, এবাৰ চকু মেলা।
স্বামীৰ উচুপনি কাণত পৰিছে।
" মোক এৰি তই কলৈ যাবলৈ ওলাইছ। ?"
মই মোৰ ঠিকনা , আৰু মোক বিচাৰি পালোঁ।এতিয়া মই জিৰণি লব বিচাৰোঁ এসাগৰ ভাগৰে মোক হেঁচি ধৰিছে। সন্তানৰ আকুলতা মোৰ কাণত বাৰে বাৰে ভাঁহি আছে।
"বাছা, মই আহিলোঁ। তই নেকান্দিবি ।"
কথা হৈ নোলায় গেঙনি হৈ হে ওলাল চোন। বগা চাৰ্ট পিন্ধা মানুহবোৰৰ তৎপৰতা বাঢ়িল।
" আহিল , আহিল, অক্সিজেন প্লিজ।
মুখত কিবা এটা পিন্ধাই দিলে। এতিয়া মই শুব খোজোঁ। দিন ৰাত একেকাৰ কৰি কেৱল শুব খোজোঁ। মোৰ এখন হাতত স্বামীৰ পৰশ মই অনুভৱ কৰিলো। আনখন হাতত বগা টুপী নিচিনা পিন্ধা মহিলাৰ। মই সন্তানক বিচাৰি আছোঁ, টোপনি অহা আগতে দুয়োকে কাষত থৈ লব বিচাৰোঁ। অন্যথা মই আকৌ উৰিবলৈ নিবিচাৰোঁ। সিহঁতে হে মোক ৰাখিব পাৰিব। মোৰ শিতানত কোনোবা এজন আছে। লাহে লাহে মোৰ চুলিত হাত বুলাই দিছে। সেয়া মোৰ সন্তানৰ পৰশ । মই নিশ্চিন্তে এতিয়া শুব পাৰোঁ।
কিমান সময় সোলো মনত নপৰে। সাৰ পাই দেখোঁ, ভৰিৰ ফালে চকী খনত স্বামী আউজী বহি আছে। কাষৰ বিছনাত সন্তান। কোনোবা নাৰ্ছিং হোম যেন লাগিল। গাটো লৰাব পৰা নাই। বিষত কেকাই উঠিলোঁ। স্বামী আৰু সন্তানে চিঞৰি উঠিল
" ডাক্তৰ , ডাক্তৰ, ডাক্তৰ ।
এতিয়া মই সুস্থ। সম্পূৰ্ণ এমাহৰ পিছত ঘৰলৈ আহিলোঁ। এমাহৰ স্মৃতি খিনি সযতনে বুকুত বান্ধি ৰাখিছোঁ।
( লেখাটোত বহুত দিনৰ আগতে পঢ়া কোনোবা লেখকৰ গল্প এটাৰ ছা পৰিছে।লেখকৰ নাম বা গল্পটোৰ নাম মনত নাই। নিজৰ অনুমান হৈছে কৰবাত যেন পঢ়িছিলোঁ এনে কাহিনী । বাকীখিনি সম্পূৰ্ণ মৌলিক আৰু মোৰ নিজস্ব কল্পনাৰ। কপিৰাইট সংৰক্ষিত।)
No comments:
Post a Comment