#সহযাত্রী
ঋতুপর্ণা ইংতিপি/মৰিগাঁও
১ম খণ্ড
আজি তাইৰ কলেজৰ প্রথমটো দিন। ভবাই নাছিল এনে এটা দিন তাইৰ জীৱনলৈ আহিব বুলি। কলেজ গেটৰ বাহিৰতে কিছুপৰ থৰ লাগি ৰৈ আছে অৰুণিমা।
: কি হ'ল মাজনী? এনেকৈয়ে দিনটো গেটৰ বাহিৰত থাকিবা নে? ভিতৰলৈও যাবা।
:
: ভয় লাগিছে নেকি মাজনী?
: নাই মা!সপোন দেখি থকা যেন লাগিছে। ( তাইৰ চকু পৰা দুটোপাল চকুলো বৈ আহিছিল)
: যোৱা মাজনী! ভালকৈ মন দি পঢ়িবা। বাবাৰ সপোনবোৰ পূৰ কৰিবা।
: হ'ব মা!আপোনালোকৰ আছেই যেতিয়া মোৰ কোনো ভয়,শংকা নাই।
: এতিয়া যোৱা মাজনী, ময়ো যাওঁ।
:হমম
কাহানিও নেদেখা সপোনবোৰ এতিয়া তাই আকৌ দেখিব। অকণমান ভয়,লাজ,শংকা বুকুত বান্ধি কলেজৰ ভিতৰৰ ফালে খোজ লৈছে অৰুণিমাই।সুমথিৰা ৰঙৰ দুপাত্তা,বগা ৰঙৰ পেন্ট আৰু কুৰ্তা। হাতত পাতল গুলপীয়া ৰঙৰ বেগ। সৰু সোণালী ৰঙৰ ঘড়ী। চকুত আজি আগতকৈ কম কাজল সানি আহিছে। কিহৰ বাবে বুকুৰ ধপধপনি বাঢ়িছে তাই নাজানে। অলপমান ভয়ো খাইছে।সপোন সপোন হৈ ৰোৱা সপোনটো আজি দিঠক হৈছে। তাই বুজি পোৱা নাই এনে সময়ত মানুহে হাঁহে নে কান্দে।কোনো দিনে নভবা নি চিন্তা দিনটো আজিৰ তাইৰ জীৱনলৈ আহিল। সেই বাবেই তাই মনটো অস্থিৰ হৈ আছে। কেইবাবাৰো মহাদেৱক স্মৰণ কৰি সপোন নগৰীৰ বকুলৰ তলে তলে খোজ লৈছে অৰুণিমাই।
তাইৰ বয়স মাত্র ওঠৰ বছৰ আছিল। চঞ্চলতা প্ৰিয়, পখিলাৰ দৰে উৰি ফুৰা সুগঢ়ী ছোৱালীজনী। গাৰ ৰং ইমান উজ্জ্বল নহয় যদিও মিঠাবৰণৰ। ঘূৰণীয়া মুখনি।
ওঁঠৰ কোণত অনবৰতে এটি হাঁহি লাগিয়ে থাকে। হাঁহিলে তাইৰ ডাঠকৈ কাজল সনা দুচকু জিলিকি উঠে। জোনে যেন জোনাক এখিনি সিঁচে। কোমল বয়সৰ,কোমল মন। কিমান যে কুমলীয়া সপোনে পাখি মেলি উৰিব বিচাৰি আছে।
ন বজাৰ লগে লগে কলেজৰ চৌহদত জাতীয় সংগীত বাজি উঠিল......!!
ক্ৰমশ....
No comments:
Post a Comment