Sunday, September 25, 2022

লুইত পাৰৰ বীৰাংগনা শ্বহীদ কনকলতা-দীপিকা দাস

লুইত পাৰৰ বীৰাংগনা শ্বহীদ কনকলতা-দীপিকা দাস


চেনেহৰ জীয়ৰী আই অসমীৰ
কত সাধনাৰে গঢ়িলা জীৱন 
ধৰণী কঁপালা কুমাৰী কালতে
স্বদেশ -স্বজাতিৰ ৰাখি গ'লা মান।
ফুল-কুমলীয়া জীৱন উছৰ্গিলা স্বদেশৰ মংগল, স্বাধীনতাৰ বাবে
মহান কৰ্ত্তব্য ত্যাগৰ মহিমা
ল'ৰালিতে বাৰু কোনে শিকালে?
  মহীয়ান  তুমি আই সৰগীয় আত্মা
মৰিও অনন্ত ধামত  বিৰাজিতা।
হে পূণ্যৱতী আই কনকলতা
আদৰ্শৰ চানেকি জগতলৈ এৰি
সুগন্ধি বিলালা স্বদেশ জুৰি ।
ব্ৰিটিছ  শাসনৰ শৃঙ্খল চিঙিবলৈ
বুকুত জ্বলাই  দপ্ দপ্  অগনি
মৃত্যুবাহিনীত ল'লা প্ৰথম শাৰী । হাতত  ত্ৰিৰংগ পতাকা লৈ হ'লা উন্মত ৰণাংগিণী
বুকুপাতি ল'লা সাম্ৰাজ্যবাদী শাসকৰ পুলিচৰ গুলী।
লুইতৰ পাৰতে  পাতি তেজৰ  দীপাৱলী
'কৰিম নহলে মৰিম' ধ্বনিৰে
চিৰনিদ্ৰিত কৰিলা কুমলীয়া তনুটি।
ত্যাগৰ স্বাক্ষৰ ৰাখি যেন শেষ  হোৱা  ধূপকাঠি
সুৱাস বৈছে আজিও ত্যাগৰ কণিকা সিঁচি ।
উচৰ্গিলা অমূল্য জীৱন মাতৃৰ পূজাৰ বেদীত
উজ্বলিছো আজিও আমি তোমাৰ জ্যোতিৰ জেউতিত।
আজিৰ এই শুভ ক্ষণত জনাওঁ তোমাক  শত প্ৰণাম
সততাৰে উদ্ভাসিত হওঁক
  ক্ষণস্থায়ী আমাৰ  মানবী জনম।

দীপিকা দাস
গোলোকগঞ্জ,ধুবুৰী

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...

শেহতীয়া সংখ্যা সমূহ