বিশেষ লেখা:
সেউজীয়া আৰু নিসংগতা প্ৰিয় এগৰাকী কবি- 'এডৱাৰ্ড ষ্টেডি এন চাংমা '
বিখ্যাত কবি পিয়েৰ দ্য ৰচাৰ্ডে তেওঁৰ পত্নীক কৈছিল-" তুমি এদিন যেতিয়া খুব বুঢ়ী হবা আৰু জুইশালৰ কাষত বহি মহুৰা পকাই থাকিবা, তেতিয়া তুমি মোৰ কবিতাবোৰ আওৰাই আচৰিত হৈ নিজকে কবা- মই যেতিয়া গাভৰু আৰু ৰূপহী আছিলো , তেতিয়া ৰচাৰ্ডে মোৰ কাৰণে এই কবিতাবোৰ লিখিছিল। " আকৌ মহেন্দ্ৰ বৰাই কবিতা সম্পৰ্কে এইদৰে কৈছিল- "কেৱল মগজুৰে নহয়, হৃদয়েৰে উপলব্ধি কৰিব পৰা সত্যৰ এক নিজস্ব সৌন্দৰ্য আছে। কবিয়ে ভাষাৰ মাধ্যমেৰে সেই সৌন্দৰ্যকেই বহুজনৰ মাজলৈ সংক্ৰমিত কৰি তোলে। তাতেই কবিতাৰ সাৰ্থকতা। " এগৰাকী প্ৰিয় কবিৰ কথা আলোচনা কৰাৰ পূৰ্বে দুগৰাকী বিশিষ্ট সাহিত্যিকে কবিতা সম্পৰ্কত দিয়া উক্তিৰ প্ৰসংগ পাতনিতেই উল্লেখ কৰিলো।
চাংমা ছাৰ। হয়, এটা পৰিচিত নামৰ সংক্ষিপ্ত ৰূপ মাথোঁ দুটা শব্দ, যি দুটা শব্দত প্ৰতিনিয়ত নিহিত হৈ থাকে আত্মিকতাৰ অন্য এক উপলব্ধি। অতি সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট আৰু চৰ্চিত কবি। যাক দেখিলেই শ্ৰদ্ধা ওপজে, এবাৰ সান্নিধ্য লাভ কৰিলে আৰু কাহিনীও পাহৰিব নোৱাৰি। চাংমা ছাৰ এই লেখকৰো এগৰাকী প্ৰিয় শিক্ষাগুৰু, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক এডৱাৰ্ড ষ্টেডি এন চাংমা। চুটিকৈ সকলো ছাত্ৰ ছাত্ৰীৰেই প্ৰিয় আৰু আদৰৰ চাংমা ছাৰ । এতিয়াও মনত আছে, হেম বৰুৱাৰ সেই বিখ্যাত ' মমতাৰ চিঠি ' নামৰ কবিতাটি। এই ' মমতাৰ চিঠি ' যিগৰাকী শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত চাংমা ছাৰৰ যাদুকৰী কথন ভংগীমাৰে এবাৰ শুনিছে, তেওঁ আৰু কেতিয়াও পাহৰিব নোৱাৰে। এই কথনভংগী আজিও চাংমা ছাৰৰ শিক্ষাদানৰ অনন্য বৈশিষ্ট হৈয়ে জিলিকি আছে বুলি শুনিবলৈ পাওঁ। প্ৰায় আঢ়ৈ কুৰিটা বসন্ত গৰকা ছাৰৰ কাব্যিক প্ৰতিভা সচাকৈয়ে স্বীকাৰ কৰিবলগীয়া। ছাৰ আজিও দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অধ্যয়ন কৰা সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰিয় হৈ আছে। বহু বছৰ আগতেই ছাৰৰ পৰা আনুষ্ঠানিক শিক্ষা শেষ কৰিছো। কিন্তু ছাৰ আজিও ছাৰ হৈয়ে আছে। সাহিত্যৰ এগৰাকী অনুৰাগী বুলি নিজকে অনুভৱ কৰো বাবেই প্ৰায়ে সাহিত্যৰ অনুষ্ঠানত ছাৰক লগ পাও। কেতিয়াবা একেলগে ফুৰাৰ, মনৰ কথা পতাৰ সুবিধাকণো পাও। ছাৰে স্কুলীয়া দিনৰ পৰাই আজিলৈকে বহু কবিতা ৰচনা কৰি আহিছে। তেওঁৰ বহুবোৰ কবিতাই পঢ়িছো। তাৰ মাজত কিছুমান কবিতাই মনত সাচ পেলাইছে, হৃদয় আন্দোলিত কৰি তুলিছে। সুবিধা পালেই এতিয়াও ছাৰৰ সতে সাহিত্যৰ আলাপ কৰো, সাহিত্যৰ আদিপাঠ শিকো। তেওঁৰ কবিতাৰ ভাষাশৈলী, শব্দ চয়ন আৰু চিত্ৰকল্প অসমীয়া কাব্য সাহিত্যত অনন্য। ' ছবি ' নামৰ কবিতাটিত তেওঁ লিখিছে-
' মোৰ যাত্ৰাপথৰ দুয়োকাষে এতিয়া
এফালে সৰিয়হফুলৰ সপোন
আনফালে তিলফুলৰ হাত-বাউল।'
মানুহগৰাকীৰ কথাবোৰো কবিতা কবিতা লগা। অসমীয়া কবিতাৰ ভঁৰাললৈ তেওঁৰ অৱদান নিসন্দেহে অতুলনীয়। আধুনিক কবিতাৰ যিসমূহ বৈশিষ্ট্য, সেইসমূহ তেওঁৰ কবিতাত সুস্পষ্ট। তেওঁ ' দুখবোৰ ' নামৰ কবিতাটিত লিখিছে-
' গোৱালপৰীয়া লোক সংগীতৰ সুৰ হৈ
তাইও গাই যায় বিৰহৰ গান।'
ক্ৰমশঃ নিসংগতাবোধক জীৱনৰ সংগী হিচাপে আকোৱালি লৈ কবিতা আৰু অধ্যাপনাৰ মাজেদিয়েই তেওঁ সময় পাৰ কৰিবলৈ লৈছে। যদিও দক্ষিণ কামৰূপৰ অসম- মেঘালয় সীমান্তৰ গাৰো জনজাতীয় শান্তিপুৰ তেওঁৰ প্ৰকৃত পৰিচয়- ওপজা ঠাই, কৰ্মসূত্ৰে মাতৃ আৰু ভগ্নীৰ সৈতে দক্ষিণ কামৰূপৰ গোৱৰ্ধনত থাকিবলৈ লোৱা মানুহগৰাকীয়ে হতাশাক কেতিয়াও হাত বাউলি মতা নাই। অথচ আজিও অবিবাহিত হৈয়ে নিসংগতাৰ সেউজীয়া পৃথিৱীখনত তেওঁ সুন্দৰভাৱে জীৱনক উদযাপন কৰিছে। এক কথাত জীৱন কেন্দ্ৰীক অজুহাত অথবা বিষাদবোৰ সিকাটি কৰি থব খোজাৰ প্ৰৱণতাৰেই তেওঁ জী আছে। তাৰ পিছতো তেওঁ সচা অৰ্থত প্ৰকৃতিৰ আজন্ম প্ৰমিক। মানুহগৰাকীয়ে যে সেউজীয়াৰ সতে সহবাস কৰি ভালপায় সেয়া তেওঁৰ ঘৰৰ পদূলিমুখত খোজ থৈয়ে আপুনি অনুভৱ কৰিব পাৰিব । সেয়েহে ' অৰণ্য ' নামৰ কবিতাটিত এইদৰে প্ৰকাশ কৰিছে নিজৰ অনুভুতিৰ কথা-
' সেউজীয়াবোৰে
ৰঙেৰে কথা কয়
পথিক-যাত্ৰীবোৰে ৰৈ ৰৈ চাই
অৰণ্যৰো যন্ত্ৰণা আছে
নিশা- গভীৰত চিঞৰে
মানুহৰ দৰে......
মানুহে নুশুনে
অৰণ্য ৰোদন
কবিয়ে বুকুত কঢ়িয়াই ফুৰে
অন্য এক বেদনাৰ ছবি....'
সহজ সৰল জীৱনবোধেৰে কবিতাৰ মাজতেই নিজকে বিলিন কৰি দিবলৈ প্ৰয়াস কৰা কবিগৰাকীয়ে কবিতা সৃষ্টিৰ লগতে বিভিন্ন ধৰণৰ প্ৰবন্ধও প্ৰকাশ কৰি আহিছে। কবি অথবা কবিতা সম্পৰ্কে, জনজাতীয় তথ্য সম্বৃদ্ধ বিষয় সামৰি অথবা সাহিত্যৰ ছাত্র ছাত্ৰীৰ সুবিধাৰ্থে বিভিন্ন প্ৰৱন্ধও ৰচনা কৰি আহিছে। আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা থলুৱা অথবা জনজাতীয় ভাষাসমূহো তেওঁৰ সৃষ্টিসমূহত উপস্থাপন অতি সুন্দৰ। তাৰ মাজতো কবি গৰাকীয়ে যেন নিসংগতাৰ প্ৰেমক প্ৰিয় কৰি লবলৈ প্ৰয়াস কৰিছে। বহু কবিতাত তেনে নিসংগ প্ৰেমৰ ভাৱনা বিৰাজমান। ' তুমি স্মৃতি হৈ আহিছা, প্ৰিয় সন্ধিয়াটোৰ দৰে' নামৰ কবিতাটোত উল্লেখ কৰিছে-
' তুমি নষ্টালজিক কবিতা এটিৰ দৰেই ওলাই আহিছা
ঠিক যেন শ্বিলঙৰ সন্ধিয়াটোত
চহৰ পৰিভ্ৰমণ কৰিবলৈ অহা
ফিৰফিৰিয়া শীতল বতাহজাকৰ দৰে.....'
প্ৰতিপল সহায়ৰ হাতখন সহোদৰৰ দৰে আগবঢ়াই দি আত্মসন্তুষ্টি লাভ কৰা ব্যক্তিগৰাকীয়ে এই লেখকৰ চানডুবিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে ৰচনা কৰা উপন্যাস " কেচা সোণ " খনক পাঠকৰ মনোগ্ৰাহী কৰি তোলাত যথেষ্ট অৰিহনা আছিল। ছপা কৰি উলিওৱাৰ পূৰ্বেই বহুবোৰ ভুল-ক্ৰুটি শুধৰাই দিছিল। যাৰ বাবে উপন্যাসখনে ২০০৪ চনত ছিপাঝাৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত "গিৰিধৰ শৰ্মা বটা" লাভ কৰিবলৈও সক্ষম হৈছিল। এয়া একো একোটা উদাহৰণহে মাথোঁ।
এইগৰাকী বিশিষ্ট কবি- সাহিত্যিক- অধ্যাপক এডৱাৰ্ড ষ্টেডি এন চাংমা ছাৰৰ মন প্ৰাণ সদায়ে সেউজীয়া হৈ থাকক, এগৰাকী তৰুণৰ দৰেই কৰি যাওক নতুনৰ সৃষ্টি, লাভ কৰক দীৰ্ঘায়ূ জীৱন। ওপৰত দুগৰাকী বিশিষ্ট সাহিত্যিকে কবিতা সম্পৰ্কত দিয়া মন্তব্য উল্লেখ কৰাৰ উদ্দেশ্যে এটাই আছিল যে এইগৰাকী কবিৰ জীৱন আৰু কবিতা সম্পৰ্কীয় চিন্তাবোৰৰ সতে তেনে মন্তব্যৰ সুন্দৰভাৱে মিলি গৈছে। লেখাটিৰ শেষ সীমনাত তেওঁৰ কাব্যিক ভাষাকেই সামৰণি মাৰিলো -
'আকাশ তোৰ বুকুত
এৰি দিছো মোৰ হেপাঁহবোৰ.....
সপোন সপোন যেন সন্ধিয়াবোৰ ......।
কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ )
মাৰফৎ- স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা
গাও - দখলা (বণিয়াপাৰা)
ডাক - বিজয়নগৰ (দখলা)
পিন- ৭৮১১২২
ফোন- ৯৯৫৪০৩০৯৩১
কামৰূপ (অসম )
No comments:
Post a Comment