Showing posts with label বিশেষ লেখা:কিশোৰ কুমাৰ কলিতা. Show all posts
Showing posts with label বিশেষ লেখা:কিশোৰ কুমাৰ কলিতা. Show all posts

Tuesday, October 11, 2022

বিশেষ লেখা

 বিশেষ লেখা:

সেউজীয়া আৰু নিসংগতা প্ৰিয় এগৰাকী কবি-  'এডৱাৰ্ড ষ্টেডি এন চাংমা '

বিখ্যাত কবি পিয়েৰ দ্য ৰচাৰ্ডে তেওঁৰ পত্নীক কৈছিল-" তুমি এদিন যেতিয়া খুব বুঢ়ী হবা আৰু জুইশালৰ কাষত বহি মহুৰা পকাই থাকিবা, তেতিয়া তুমি মোৰ কবিতাবোৰ আওৰাই আচৰিত হৈ নিজকে কবা- মই যেতিয়া গাভৰু আৰু ৰূপহী আছিলো , তেতিয়া ৰচাৰ্ডে মোৰ কাৰণে এই কবিতাবোৰ লিখিছিল। " আকৌ মহেন্দ্ৰ বৰাই কবিতা সম্পৰ্কে এইদৰে কৈছিল- "কেৱল মগজুৰে নহয়, হৃদয়েৰে উপলব্ধি কৰিব পৰা সত্যৰ এক নিজস্ব সৌন্দৰ্য আছে। কবিয়ে ভাষাৰ মাধ্যমেৰে সেই সৌন্দৰ্যকেই বহুজনৰ মাজলৈ সংক্ৰমিত কৰি তোলে। তাতেই কবিতাৰ সাৰ্থকতা। " এগৰাকী প্ৰিয় কবিৰ কথা আলোচনা কৰাৰ পূৰ্বে দুগৰাকী বিশিষ্ট সাহিত্যিকে কবিতা সম্পৰ্কত দিয়া উক্তিৰ প্ৰসংগ পাতনিতেই উল্লেখ কৰিলো।

              চাংমা ছাৰ। হয়, এটা পৰিচিত নামৰ সংক্ষিপ্ত ৰূপ মাথোঁ দুটা শব্দ, যি দুটা শব্দত প্ৰতিনিয়ত নিহিত হৈ থাকে আত্মিকতাৰ অন্য এক উপলব্ধি। অতি সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট আৰু চৰ্চিত কবি। যাক দেখিলেই শ্ৰদ্ধা ওপজে, এবাৰ সান্নিধ্য লাভ কৰিলে আৰু কাহিনীও পাহৰিব নোৱাৰি। চাংমা ছাৰ এই লেখকৰো এগৰাকী প্ৰিয় শিক্ষাগুৰু, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক এডৱাৰ্ড ষ্টেডি এন চাংমা। চুটিকৈ সকলো ছাত্ৰ ছাত্ৰীৰেই প্ৰিয় আৰু আদৰৰ চাংমা ছাৰ‌ । এতিয়াও মনত আছে, হেম বৰুৱাৰ সেই বিখ্যাত  ' মমতাৰ চিঠি ' নামৰ কবিতাটি। এই ' মমতাৰ চিঠি ' যিগৰাকী শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত চাংমা ছাৰৰ যাদুকৰী কথন ভংগীমাৰে এবাৰ শুনিছে, তেওঁ আৰু কেতিয়াও পাহৰিব নোৱাৰে। এই কথনভংগী আজিও চাংমা ছাৰৰ শিক্ষাদানৰ অনন্য বৈশিষ্ট হৈয়ে জিলিকি আছে বুলি শুনিবলৈ পাওঁ। প্ৰায় আঢ়ৈ কুৰিটা বসন্ত গৰকা ছাৰৰ কাব্যিক প্ৰতিভা সচাকৈয়ে স্বীকাৰ কৰিবলগীয়া। ছাৰ আজিও দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অধ্যয়ন কৰা সকলো ছাত্ৰ ছাত্ৰীৰে প্ৰিয় হৈ আছে। বহু বছৰ আগতেই ছাৰৰ পৰা আনুষ্ঠানিক শিক্ষা শেষ কৰিছো। কিন্তু ছাৰ আজিও ছাৰ হৈয়ে আছে। সাহিত্যৰ এগৰাকী অনুৰাগী বুলি নিজকে অনুভৱ কৰো বাবেই প্ৰায়ে সাহিত্যৰ অনুষ্ঠানত ছাৰক লগ পাও। কেতিয়াবা একেলগে ফুৰাৰ, মনৰ কথা পতাৰ সুবিধাকণো পাও। ছাৰে স্কুলীয়া দিনৰ পৰাই আজিলৈকে বহু কবিতা ৰচনা কৰি আহিছে। তেওঁৰ বহুবোৰ কবিতাই পঢ়িছো। তাৰ মাজত কিছুমান কবিতাই মনত সাচ পেলাইছে, হৃদয় আন্দোলিত কৰি তুলিছে। সুবিধা পালেই এতিয়াও ছাৰৰ সতে সাহিত্যৰ আলাপ কৰো, সাহিত্যৰ আদিপাঠ শিকো। তেওঁৰ কবিতাৰ ভাষাশৈলী, শব্দ চয়ন আৰু চিত্ৰকল্প অসমীয়া কাব্য সাহিত্যত অনন্য। ' ছবি ' নামৰ কবিতাটিত তেওঁ লিখিছে- 

' মোৰ যাত্ৰাপথৰ দুয়োকাষে এতিয়া

 এফালে সৰিয়হফুলৰ সপোন

 আনফালে তিলফুলৰ হাত-বাউল।'

          মানুহগৰাকীৰ কথাবোৰো কবিতা কবিতা লগা। অসমীয়া কবিতাৰ ভঁৰাললৈ তেওঁৰ অৱদান নিসন্দেহে অতুলনীয়। আধুনিক কবিতাৰ যিসমূহ বৈশিষ্ট্য, সেইসমূহ তেওঁৰ কবিতাত সুস্পষ্ট। তেওঁ ' দুখবোৰ ' নামৰ কবিতাটিত লিখিছে- 

' গোৱালপৰীয়া লোক সংগীতৰ সুৰ হৈ

 তাইও গাই যায় বিৰহৰ গান।'

             ক্ৰমশঃ নিসংগতাবোধক জীৱনৰ সংগী হিচাপে আকোৱালি লৈ কবিতা আৰু অধ্যাপনাৰ মাজেদিয়েই তেওঁ সময় পাৰ কৰিবলৈ লৈছে। যদিও  দক্ষিণ কামৰূপৰ অসম- মেঘালয় সীমান্তৰ গাৰো জনজাতীয় শান্তিপুৰ তেওঁৰ প্ৰকৃত পৰিচয়- ওপজা ঠাই, কৰ্মসূত্ৰে মাতৃ আৰু ভগ্নীৰ সৈতে দক্ষিণ কামৰূপৰ গোৱৰ্ধনত থাকিবলৈ লোৱা মানুহগৰাকীয়ে হতাশাক কেতিয়াও হাত বাউলি মতা নাই। অথচ আজিও অবিবাহিত হৈয়ে নিসংগতাৰ সেউজীয়া পৃথিৱীখনত তেওঁ সুন্দৰভাৱে জীৱনক উদযাপন কৰিছে। এক কথাত জীৱন কেন্দ্ৰীক অজুহাত অথবা বিষাদবোৰ সিকাটি কৰি থব খোজাৰ প্ৰৱণতাৰেই তেওঁ জী আছে। তাৰ পিছতো তেওঁ সচা অৰ্থত প্ৰকৃতিৰ আজন্ম প্ৰমিক। মানুহগৰাকীয়ে যে সেউজীয়াৰ সতে সহবাস কৰি ভালপায় সেয়া তেওঁৰ ঘৰৰ পদূলিমুখত খোজ থৈয়ে আপুনি অনুভৱ কৰিব পাৰিব । সেয়েহে ' অৰণ্য ' নামৰ কবিতাটিত এইদৰে প্ৰকাশ কৰিছে নিজৰ অনুভুতিৰ কথা- 

' সেউজীয়াবোৰে 

 ৰঙেৰে কথা কয়

পথিক-যাত্ৰীবোৰে ৰৈ ৰৈ চাই


অৰণ্যৰো যন্ত্ৰণা আছে

নিশা- গভীৰত চিঞৰে

মানুহৰ দৰে......


মানুহে নুশুনে

অৰণ্য ৰোদন


কবিয়ে বুকুত কঢ়িয়াই ফুৰে

অন্য এক বেদনাৰ ছবি....'

         সহজ সৰল জীৱনবোধেৰে কবিতাৰ মাজতেই নিজকে বিলিন কৰি দিবলৈ প্ৰয়াস কৰা কবিগৰাকীয়ে কবিতা সৃষ্টিৰ লগতে বিভিন্ন ধৰণৰ প্ৰবন্ধও  প্ৰকাশ কৰি আহিছে। কবি অথবা কবিতা সম্পৰ্কে, জনজাতীয় তথ্য সম্বৃদ্ধ বিষয় সামৰি অথবা সাহিত্যৰ ছাত্র ছাত্ৰীৰ সুবিধাৰ্থে বিভিন্ন প্ৰৱন্ধও ৰচনা কৰি আহিছে। আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা থলুৱা অথবা জনজাতীয় ভাষাসমূহো তেওঁৰ সৃষ্টিসমূহত উপস্থাপন অতি সুন্দৰ। তাৰ মাজতো কবি গৰাকীয়ে যেন নিসংগতাৰ প্ৰেমক  প্ৰিয় কৰি লবলৈ প্ৰয়াস কৰিছে। বহু কবিতাত তেনে নিসংগ প্ৰেমৰ ভাৱনা বিৰাজমান। ' তুমি স্মৃতি হৈ আহিছা, প্ৰিয় সন্ধিয়াটোৰ দৰে' নামৰ কবিতাটোত উল্লেখ কৰিছে- 

' তুমি নষ্টালজিক কবিতা এটিৰ দৰেই ওলাই আহিছা

ঠিক যেন শ্বিলঙৰ সন্ধিয়াটোত

চহৰ পৰিভ্ৰমণ কৰিবলৈ অহা

ফিৰফিৰিয়া শীতল বতাহজাকৰ দৰে.....'

              প্ৰতিপল সহায়ৰ হাতখন  সহোদৰৰ দৰে আগবঢ়াই দি আত্মসন্তুষ্টি লাভ কৰা ব্যক্তিগৰাকীয়ে এই লেখকৰ চানডুবিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে ৰচনা কৰা উপন্যাস " কেচা সোণ " খনক পাঠকৰ মনোগ্ৰাহী কৰি তোলাত যথেষ্ট অৰিহনা আছিল। ছপা কৰি উলিওৱাৰ পূৰ্বেই বহুবোৰ ভুল-ক্ৰুটি শুধৰাই দিছিল। যাৰ বাবে উপন্যাসখনে ২০০৪ চনত ছিপাঝাৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত "গিৰিধৰ শৰ্মা বটা" লাভ কৰিবলৈও সক্ষম হৈছিল। এয়া একো একোটা উদাহৰণহে মাথোঁ।

           এইগৰাকী বিশিষ্ট কবি- সাহিত্যিক- অধ্যাপক এডৱাৰ্ড ষ্টেডি এন চাংমা ছাৰৰ মন প্ৰাণ সদায়ে সেউজীয়া হৈ থাকক, এগৰাকী তৰুণৰ দৰেই কৰি যাওক নতুনৰ সৃষ্টি, লাভ কৰক দীৰ্ঘায়ূ জীৱন। ওপৰত দুগৰাকী বিশিষ্ট সাহিত্যিকে কবিতা সম্পৰ্কত দিয়া মন্তব্য উল্লেখ কৰাৰ উদ্দেশ্যে এটাই আছিল যে এইগৰাকী কবিৰ জীৱন আৰু কবিতা সম্পৰ্কীয় চিন্তাবোৰৰ সতে তেনে মন্তব্যৰ সুন্দৰভাৱে মিলি গৈছে। লেখাটিৰ শেষ সীমনাত তেওঁৰ কাব্যিক ভাষাকেই সামৰণি মাৰিলো -

'আকাশ তোৰ বুকুত

এৰি দিছো মোৰ হেপাঁহবোৰ.....

সপোন সপোন যেন সন্ধিয়াবোৰ ......।


কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ )

মাৰফৎ- স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা

গাও - দখলা (বণিয়াপাৰা)

ডাক - বিজয়নগৰ (দখলা)

পিন- ৭৮১১২২

ফোন- ৯৯৫৪০৩০৯৩১

কামৰূপ (অসম )

মিছাইল মানৱ এ.পি.জে. আব্দুল কালাম:কিশোৰ কুমাৰ কলিতা

 মিছাইল মানৱ এ.পি.জে. আব্দুল কালাম:

২০১৫ চনৰ ২৭ জুলাই, তেতিয়া আবেলি তিনিমান বাজিছিল। বৰঝাৰ বিমান বন্দৰৰ বাহিৰত তেওঁৰ বাবে ৰৈ থকাৰ কেইটামান স্মৰণীয় ক্ষণ। ইয়াৰ আগতে এবাৰ লগ পাইছিলোঁ যদিও আকৌ এবাৰ মানুহগৰাকীক লগ পোৱাৰ হেপাঁহেৰে ক্ষণবোৰ পাৰ হৈছিল। সংবাদকৰ্মী হিচাপে সতীৰ্থ চাহাব চৌধুৰীৰ সৈতে অধীৰ আগ্ৰহেৰে তেওঁ ওলাই অহালৈ ৰৈ আছিলো। অৱশেষত সেই অনন্য ব্যক্তিত্বৰ মানুহগৰাকী বিমান বন্দৰৰ ভিতৰৰ পৰা মানুহৰ ভিৰ ঠেলি ওলাই আহিছিল। ওচৰলৈ যোৱাৰ লগে লগেই এমকৰা হাহিৰে তেওঁ উপস্থিত সকলোৰে আদৰণি গ্ৰহণ কৰিছিল। এই লেখকেও একেবাৰে ওচৰলৈ গৈ আদৰণি জনাই কেমেৰাৰ সমুখত কিবা ক'ব নেকি বুলি সোধাত তেওঁ ক'বলগা একোৱেই নাই বুলি হাতখন জোকাৰি জোকাৰি ৰৈ থকা গাড়ীখনত উঠি পুনৰ হাত জোকাৰি সকলোৰে পৰা বিদায় লৈ শ্বিলং অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। লগ পোৱাৰ কেইটামান মূহুৰ্ত মাত্ৰ ; মানুহগৰাকীৰ সেই বিদায়ৰ মূহুৰ্তটো আজিও মনৰ দাপোনত চিৰ সেউজীয়া হৈয়ে আছে। ' আপুনি পঢ়ি- শুনি যিমানেই ডিগ্ৰী অৰ্জন নকৰক কিয়, যদি আপুনি সামান্য শিষ্টাচাৰখিনি নাজানে তেন্তে সেই ডিগ্ৰী অৰ্থহীন।' সচাকৈয়ে তেওঁ কোৱা এই বাক্যশাৰী তেওঁৰ ব্যৱহাৰিক জীৱনটো দেখি বা শুনি পুনৰবাৰ মনলৈ আহিছিল। কিন্তু তেতিয়া মনলৈ অহাই নাছিল, সেই দেখাই যে শেষ দেখা হবগৈ। বিশ্ববাসীৰ হৃদয় জিনিব পৰা ভাৰতৰ  আটাইতকৈ জনপ্ৰিয় আৰু আদৰ্শ, একবিংশ শতিকাৰ ভাৰতৰ যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰাক্তন ৰাষ্ট্ৰপতি, আধুনিক ভাৰত নিৰ্মাণৰ সপোন বুকুত সাৱটি সেইদিনা সন্ধিয়া শ্বিলঙতেই আমাক কন্দুবাই চিৰদিনৰ বাবে অসীমৰ সীমনাত হেৰাই গৈছিল  "মিছাইল মানৱ", "ভাৰত ৰত্ন"  ড° এ.পি.জে. আব্দুল কালাম। খৱৰ বিয়পি পৰাৰ লগে লগেই যেন ক্ষন্তেকৰ বাবে স্থবিৰ হৈ পৰিছিল সমগ্ৰ ভাৰতবৰ্ষ। হেৰুওৱাৰ বেদনাত ভাৰতবাসীয়ে উচুপি উঠিছিল।

         ' মানুহ সেইদিনাই প্ৰকৃত মানুহ হব, যিদিনা আনৰ ভুল ধৰা এৰি আগে নিজৰ ভুল শুধৰাবলৈ শিকিব। '  সচা অৰ্থত এগৰাকী মহান মনিষাৰ আবিৰ্ভাৱ হৈছিল এইখন ভাৰতবৰ্ষত। যাৰ বাবে তেওঁ নিজকে প্ৰকৃত মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছিল। ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্ম লাভ কৰিছিল এইজনা মহান মনিষীয়ে। এইগৰাকী মহান মনিষীৰ সম্পূৰ্ণ নাম ড: আবুল পাৰিক জইনাল আবেদিন আব্দুল কালাম।  ১৯৩৯ চনত ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি ১৯৪৪ চনত  ৰামনাথপুৰমলত হাইস্কুলত নামভৰ্তি কৰিছিল। ছেইণ্ট জ'ছেফ মহাবিদ্যালয়ৰ পৰা ১৯৫৪ চনত পদাৰ্থ বিজ্ঞানত অনাৰ্চসহ বি এছ ছিত উত্তীৰ্ণ হৈ মাদ্ৰাজ ইন্ষ্টিটিউট অৱ টেক্নলজিত যোগদান কৰিছিল। তাৰ পিছত ভনীয়েক জোহাৰাৰ সোণৰ অলংকাৰ বন্ধকত দি ডি এম আই টিত যোগদান কৰিছিল এইগৰাকী মহান মনিষীয়ে। পিছত ১৯৫৮ চনত দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত মাহিলী আঢ়ৈশ টকা বেতনত জ্যেষ্ঠ বিজ্ঞানীৰ সহায়কৰ পদ লাভ কৰি কাম কাজ আৰম্ভ কৰিছিল। তাৰ পিছৰে পৰা আৰু উভতি চাব লগা হোৱা নাছিল। ১৯৬১ চনত বাংগাল'ৰৰ বৈমানিক বিকাশ প্ৰতিষ্ঠানত এ ডি ই হিচাপে যোগদান কৰিছিল। তেতিয়াৰে পৰাই নিজৰ কৰ্ম দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ১৯৬২ চনত থুম্বাত ইকুৱেট'ৰিয়েল ৰকেট লঞ্চিং ষ্টেচন স্থাপন, ১৯৬৩ চনৰ ২১ নৱেম্বৰ ভাৰতৰ প্ৰথম ৰকেট নাইক এপেক  উৎক্ষেপন, ১৯৬৪ চনত ৰোহিণী ৭৫ ৰকেট উৎক্ষেপণ, ১৯৬৭ চনত মেনকা ৰকেট উৎক্ষেপণ, ১৯৬৮ চনত ইণ্ডিয়ান ৰকেট ছ'চাইটিৰ গঠন, ১৯৭২ চনৰ ৮ অক্টোবৰত উত্তৰ প্ৰদেশৰ বেৰেলী এয়াৰ ফট্ ষ্টেচনত ৰাটো প্ৰণালী পৰীক্ষণ, ১৯৭৯ চনত কৃত্ৰিম উপগ্ৰহ যান SLV-3 ৰ পৰীক্ষামূলক উৰণ, ১৯৮০ চনৰ ১৭ জুলাইত কালামৰ সঞ্চালনাত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ,  ১৯৮৮ চনৰ ২৫ ফেব্ৰুৱাৰীত স্বদেশী ক্ষেপণাস্ত্ৰ 'পৃথ্বী' উৎক্ষেপণ ইত্যাদিত বলিষ্ঠ ভূমিকা প্ৰদৰ্শনেৰে সপোনৰ ভাৰতক এখোপ এখোপকৈ বিশ্বৰ বুকুত ওপৰলৈ লৈ গৈছিল। তাৰ মাজতেই ১৯৮২ চনৰ ফেব্ৰুৱাৰীত ডি আৰু ডি এলৰ সঞ্চালকৰ পদত নিযুক্ত হৈ নতুন দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

            ' পিতৃ মাতৃৰ হৃদয় জিনিলে আপুনি জীৱনত সফল হব। নহলে গোটেই জীৱন যুজঁত আপুনি জয়ী হৈয়ো হাৰি যাব।' সচা অৰ্থত পিতৃ মাতৃ তথা পৰিয়ালৰ হৃদয় জিনিব পাৰিছিল বাবেই প্ৰতিটো কামতেই সহযোগিতা লাভ কৰিছিল। যাৰ বাবে তেওঁ কব পাৰিছিল- ' তোমাৰ পৰিয়াল কিমান ধনী সেইটো ডাঙৰ কথা নহয়।তোমাৰ পৰিয়াল কিমান সুখী সেইটোহে ডাঙৰ কথা।' তেওঁৰ দেউতাক এগৰাকী মাছমৰীয়া আৰু নাৱৰীয়া আছিল। শিশু অৱস্থাৰ পৰাই আৰ্থিক দৈন্যতাৰ মুখামুখি হবলগা হৈছিল বাবেই জীৱনৰ প্ৰকৃত মহত্ব বুজিব পাৰিছিল। আনকি শৈশৱতেই ভাতমুঠিৰ বাবে ঘৰে ঘৰে গৈ কাকত বিলাবলগীয়াও হৈছিল। ১৯৭৬ চনত ১০২ বছৰ বয়সত দেউতাক জৈনুলাবদিনৰ মৃত্যু হৈছিল। তাৰ কেইদিনমানৰ পাছতে মাকৰো মৃত্যু হৈছিল। আপোন মানুহ হেৰুওৱাৰ দুখ তেওঁৰ আছিল। কিন্তু জীৱন যুদ্ধত কোনোদিনেই ভাগৰি পৰা নাছিল। 

         ' ভুল হোৱাটো স্বাভাৱিক। মানি লোৱাটো বিবেক, আৰু শুধৰাই লোৱাটোৱেই জ্ঞান। ' সচা অৰ্থত জ্ঞানৰ গৰিমা আৰু কৰ্মৰে তেওঁ এগৰাকী সম্পূৰ্ণ মানুহ হৈ পৰিছিল। ১৯৮১ চনত গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতিৰ পৰা পদ্মভূষণ বঁটা গ্ৰহণ কৰিছিল। ১৯৯৭ চনত সৰ্ব্বোস্ব ভাৰতৰত্ন সন্মানেৰে সন্মানিত হয়। ইয়াৰ পিছতো জাতীয় নেহৰু বটা, বীৰ ছাভাৰকাৰ বটা, ইন্দিৰা গান্ধী জাতীয় সংহতি বটাকে ধৰি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল। ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত দূৰদৰ্শী চিন্তা প্ৰতিফলন হিচাপে কালামদেৱে ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিল। তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হল- চিল্ডৰেণ আস্ক কালাম (আমাৰ সপোন), মিছন ইণ্ডিয়া, উইংচ আৱ ফায়াৰ (অগ্নিৰ ডেউকা) আৰু ইগনাইটেড মাইগু (তেজস্বী মন)। 

              ২০১৫ চনৰ ২৭ জুলাইৰ সন্ধিয়া হঠাতে সেই দুখৱৰটো ভাহি আহিছিল।  Livable Planet earth বিষয়ত আই আই এম শ্বিলঙত বক্তৃতা প্ৰদান কৰি থাকোঁতে কালামদেৱৰ সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে। ততাতৈয়াকৈ গুৰুতৰ অৱস্থাত বেথানী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসা চলি থকা সময়তেই সকলোকে শোকস্তব্ধ কৰি এইগৰাকী মহান মনিষাই জীৱন নাটৰ অন্ত পেলায়। ' যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্যে অকল চাকৰি পোৱাটোৱে হব, তেতিয়ালৈকে সমাজত অকল চাকৰৰ জন্ম হব, মালিকৰ নহয়।'  এনেধৰণৰ কথাৰে কোটি কোটি ভাৰতীয়ৰেই নহয়, বিশ্ববাসীৰো হৃদয় জিনি সাৰে থকা সপোনৰ সাকাৰ ৰূপ দেখুৱাই তেওঁ আৰু কোনোদিনেই উভতি নহাৰ বাটেৰেই গলগৈ। 

             'শৰীৰ আৰু সম্পত্তিক লৈ কোনোদিনেই অহংকাৰ কৰিব নালাগে, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়া আহে কোনেও কব নোৱাৰে।' মানুহগৰাকীয়ে কৈ যোৱা এইষাৰ অমৃত বাণী তেওঁৰ নিজৰ জীৱনত সুন্দৰ ৰূপত প্ৰতিফলন ঘটাব পাৰিছিল। সেই বাবেই আজি সকলোৰে বাবে মহান মনিষা। জীৱন নাটৰ অন্ত পৰিলেও মানুহগৰাকী জীয়াই থাকিল। ' কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎ কৰ্ম কৰি যোৱা। কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব।' সচাকৈয়ে তেওঁক মানুহেটো দিলেই, ঈশ্বৰেও দিলে। যাৰ বাবে মৃত্যুৰ পিছতো তেওঁ জীয়াই আছে, আৰু অনন্তকাল জীয়াই থাকিব।


(বিভিন্ন উৎস তথা কাকত আলোচনীৰ সহায় লোৱা হৈছে। )


কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ)

মাৰফৎ- স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা

গাওঁ- দখলা (বণিয়াপাৰা)

ডাক- বিজয়নগৰ (দখলা)

পিন- ৭৮১১২২

ফোন - ৯৯৫৪০৩০৯৩১

কামৰূপ (অসম)

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...