Tuesday, March 28, 2023

অসজ্জিত সময়ৰ কথাৰে:ইন্দিৰা কোঁৱৰ

 অসজ্জিত সময়ৰ কথাৰে


উজুটি খাই পৰোঁ বুলি

হাতত ধৰি আগবঢ়াই নিওঁতে

এবাৰো নাভাবিলোঁ

সেই অনুকম্পা কিহৰ বাবে।

বৰষুণত তিতা দেখি

নিজৰ ছাতিটো মোক দি

তুমি তিতি যোৱা দেখিও

নাভাবিলোঁ একোকে,

ক'বতো পাৰিলোঁহেঁতেন--

"আহা যাওঁ একেটা ছাতিৰ তলতে"!


সময় আগবাঢ়িল

তাৰিখ সলনি হ'ল

তুমি আঁতৰি গ'লা

উচ্চ শিক্ষাৰ বাবে--!

কিয় জানো--

তোমাৰ অশৰীৰি উপস্থিতিয়ে

মোক যেন উপলুঙা কৰি

বাৰে বাৰে ক'ব খোজে--

"সিদিনা কিয় নাভাবিলা

যিদিনা আছিলোঁ কাষতে ?"


হয়,--নাভাবিলোঁ--নুবুজিলোঁ,

কিন্তু তুমিতো ক'ব পাৰিলাহেঁতেন --

"মোক বুজি পাইছানে অৰ্পিতা ?"

তুমিও নক'লা--মইও নুবুজিলোঁ

তেন্তে আজি কিয় ফোন কৰিলা ?


মই যে এতিয়া আনৰ বাগদত্তা !!


উজুটি খাই পৰিলেও

তোমাৰ হাতত ধৰিব নোৱাৰা দূৰত্বত

অৱস্থান কৰি

আজীৱন তিতি থাকিম

এজাক হালধীয়া বৰষুণত--!


প্লিজ---

আৰু ফোন নকৰিবা...।


        

      ইন্দিৰা কোঁৱৰ

       ১৭/০৩/২০২৩

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...

শেহতীয়া সংখ্যা সমূহ