অসজ্জিত সময়ৰ কথাৰে
উজুটি খাই পৰোঁ বুলি
হাতত ধৰি আগবঢ়াই নিওঁতে
এবাৰো নাভাবিলোঁ
সেই অনুকম্পা কিহৰ বাবে।
বৰষুণত তিতা দেখি
নিজৰ ছাতিটো মোক দি
তুমি তিতি যোৱা দেখিও
নাভাবিলোঁ একোকে,
ক'বতো পাৰিলোঁহেঁতেন--
"আহা যাওঁ একেটা ছাতিৰ তলতে"!
সময় আগবাঢ়িল
তাৰিখ সলনি হ'ল
তুমি আঁতৰি গ'লা
উচ্চ শিক্ষাৰ বাবে--!
কিয় জানো--
তোমাৰ অশৰীৰি উপস্থিতিয়ে
মোক যেন উপলুঙা কৰি
বাৰে বাৰে ক'ব খোজে--
"সিদিনা কিয় নাভাবিলা
যিদিনা আছিলোঁ কাষতে ?"
হয়,--নাভাবিলোঁ--নুবুজিলোঁ,
কিন্তু তুমিতো ক'ব পাৰিলাহেঁতেন --
"মোক বুজি পাইছানে অৰ্পিতা ?"
তুমিও নক'লা--মইও নুবুজিলোঁ
তেন্তে আজি কিয় ফোন কৰিলা ?
মই যে এতিয়া আনৰ বাগদত্তা !!
উজুটি খাই পৰিলেও
তোমাৰ হাতত ধৰিব নোৱাৰা দূৰত্বত
অৱস্থান কৰি
আজীৱন তিতি থাকিম
এজাক হালধীয়া বৰষুণত--!
প্লিজ---
আৰু ফোন নকৰিবা...।
ইন্দিৰা কোঁৱৰ
১৭/০৩/২০২৩
No comments:
Post a Comment