Tuesday, May 16, 2023

জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী দ্বিতীয় বছৰ, মে মাহ দ্বিতীয় সংখ্যা

 জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী

দ্বিতীয় বছৰ◾️মে মাহ◾️দ্বিতীয় সংখ্যা




            কবিতা শিতান




⭕️বেঙুনীয়া কলিজাৰ গান

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ


ৰক্তাক্ত কলিজাখন পঢ়ে যদি কোনোবাই
দেখিলেহেঁতেন তাতে কেঁচা তেজৰ বৰণ বা কি!
সুগন্ধি সুবাদত হাবাথুৰি খোৱা
কোনোবা ৰক্ত পিপাসু
পায় যদি আহি তেজৰ সোৱাদ বিচাৰি,
নাখায় উভতি যাব তেজৰ ৰং দেখি
বেঙুনীয়া কলিজাৰ ক'লা ক'লা তেজ
আপোন জনে উপহাৰ দিয়া।
জানো,
যদিওবা কৰাল বন্ধা ৰক্তৰ সোৱাদ নাই
ভাবিছোঁ,
কালৈনো ৰাখিম তেজালকৈ।
নিগৰি নিগৰি বোৱা এটোপাল দুটোপাল
কেঁচা তেজৰ টোপাল,
চেলেকি চায় অকাৰনে
জুতি পায় দ' কৈ শিপায়।



সমকামী(তিনিশতেইছ)

কাজি_শ্বাহাদত_ইছলাম
                             

জন্তুবোৰ সমকামী নহয়...
জন্তুবোৰ সমকামী নহয়...

কিয়....?

জন্তুবোৰ জীৱশ্ৰেষ্ঠ নহয়...
জন্তুবোৰে বিদ্যালয়লৈ নাযায়...

দিওঁতাই ঠিকেই দিছিল মানুহবোৰক 
চাৰ্টিফিকেট শ্ৰেষ্ঠত্বৰ...
কিন্তু তাতেই লাগি গ'ল নহয় জগৰ!!
ভাবিলে..... "যিহেতু শ্ৰেষ্ঠ,,
গতিকে কিহৰ নো সংশয়..??
বিৰিয়ানীও খাম... গোবৰো খাম...
অথচ জন্তুৱে গোৱৰোৱা ঘাঁহেই নাখায়...!!

"ঈশ্বৰনো কি ডাঙৰ কথা
যিহেতু আমিয়েই শ্ৰেষ্ঠ!!"
-এয়া সিহঁতৰ কথা,,
অনুভৱেই যাৰ সংবিধান--
অনুভৱেই যাৰ সমাধান--

যাৰ বাবেইতো লাখটকীয়া হাওঁফাওঁ জ্বলি যায়
দহটকীয়া চিগাৰেটৰ টানত--
নিকৃষ্টতা বতাহত বিয়পে প্ৰেমৰ নামত--

ধৰ্মৰ এ,বি,চি,ডি নজনা
জন্তুয়ে মন্দিৰ,মছজিদ,গীৰ্জাত নাযায়
অথচ তাৰ অনুভৱতে ফুৰে ধৰ্মৰ বাণী...
মানুহবোৰৰ ঘৰে ঘৰে উপাসনালয়
অথচ দিনকদিনে মানুহবোৰ হৈ আছে সমকামী...!!
==================================




তগৰ ফুলৰ গোন্ধত মন মতলীয়া :

ছেলিমা বেগম। 




আবেলি সময়ত কি যেন উতলা মনত লাগিছিল,
 তাকলৈ মোৰ মনৰ দুৱাৰ খুলি বহি আছিলোঁ তগৰ ফুলৰ বাগিচাত। 
নামি আহিছিল তগৰৰ ৰাগিণী  
মই মাথোঁ আৱেগ হৈ ৰৈ চাই আছিলো সেই ফুলৰ সৌন্দৰ্য্য  উপভোগ কৰি। 
তগৰৰ সৌন্দৰ্য্যত মুগ্ধ হৈ 
নিজকে খুব ভাল লাগিছিল। 
সেই বাবে মই বহি আছিলোঁ 
তগৰ ফুলৰ লগত কথা পাতিবলৈ পাগল হৈ। 
আহঃ কি যেন মধুৰ মিঠা  মিঠা গোন্ধ! 
বাৰে বাৰে তগৰ ফুলেৰ প্ৰেমত পৰি আছিলোঁ ,
পাখী লগা মন মোৰ ----
মতলীয়া হৈ উৰি ফুৰে তগৰ ফুলৰ সৌন্দৰ্য্যত ।
ব'হাগৰ  ৰূপ লাবণ্যত মন মোৰ উৰণীয়া হৈ উৰে কল্পনা ৰাজ্যত। 
ভাল লাগে কিয় মোৰ প্ৰকৃতিৰ সৌন্দৰ্য দেখি ! সেউজীয়াৰ বুকুত ৰঙা গোলাপ ফুলৰ ৰূপ দেখি 
কিমান যেন আনন্দ লাগে মনৰ মাজত 
ইমান ধুনীয়া কৈ স্ৰজিলে কোনে বিশাল পৃথিবী খন 
 আমাৰ মাজত  চমৎকাৰ কৰি। 
নাই নাই ইয়াত কোনো কাৰোবাৰ হাত ,
 জগতৰ নিয়ম মতে 
সাজি আছে এই বিশাল পৃথিৱীখন। 
আবেলি সময়ত মোৰ মন আনন্দত নাচি উঠিল তগৰ ফুলৰ এটা মিঠা গোন্ধ পাই ।
উফফু! সৃষ্টি কৰ্তা তোমাৰ যে ক'ত সৃষ্টি!



এই পৃথিৱী কাৰ বাবে ?




গোটেই বিশ্বজুৰি চলাথ কৰিও এই প্ৰশ্নৰ সমিধান নেপালো,
এই পৃথিৱী কাৰ বাবে ? 
মাথোঁ তেওঁলোকৰ বাবে নেকি  ;
যিবিলাকে ভোগ,বিলাসিতা আৰু প্ৰাচুৰ্যত
আজীৱন ডুব গৈ থাকে ; সুৰাৰ ৰাগীত হৈ উন্মত্ত।
পৃথিৱী তেওঁলোকৰ মতে ভোগ্য সামগ্ৰী 
সেয়েহে , তেওঁলোকৰ ‌একমাত্ৰ‌ মন্ত্ৰ উচ্ছাৰণ
" Eat , drink and be marry"
পুঁজিপতি,সাম্ৰাজ্যবাদী এই শোষক শ্ৰেণীৰ বাবেই
     এই পৃথিৱী খন চাগে।
তেওঁলোকৰ শান্তি - সমৃদ্ধিৰ বাবে সমাজ  ব্যৱস্থা। সকলো ধৰ্মীয় আচাৰ অনুষ্ঠান, দাৰ্শনিক তত্ত্ব, অৰ্থনৈতিক বুনিয়াদ আৰু ৰাজনৈতিক চিন্তাধাৰা !

এই শ্ৰেণীটোৱেই হৈছে "যোগ্য,ভোগ্যা বসুন্ধৰা "।

 অথচ, আমাৰ বাবে এই পৃথিৱী এক নৰক সদৃশ  এক মৃত্যু উপত্যকা, চাৰিওফালে মৰুভূমিৰ ধূ ধূ।

যেতিয়াই পৃথিৱীৰ বুকুত নামি আহে কোনো দুৰ্যোগ
আমাৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা !
প্ৰতি পলে পলে হাত বাউলি মাতে মৃত্যুৰ বিভীষিকা 
এসাজ আহাৰৰ সন্ধানত ৰে'লৰ চকাত হয় আমাৰ জীৱন্ত মৃত্যু !
আমাৰ বাবে এই পৃথিৱীত আশ্ৰয়ৰ বৰ অভাৱ !
কৰোনা ব্যাধিতকৈ ভয়ঙ্কৰ আমাৰ দাৰিদ্ৰ্য-ক্লীষ্ট জীৱন আৰু প্ৰতি মুহূৰ্ত্তত নামে ঈশ্বৰৰ দীৰ্ঘ অভিশাপ?
আমাৰ পৰিচয় নুশুধিবা ,
নুশুধিবা আমাৰ ধৰ্ম পৰিচয় বা জন্মভূমি ক'ত ?
আমাৰ এটাই মাথো পৰিচয় -----
আমি শোষিত,লাঞ্চিত ,বঞ্চিত ,নিষ্পেষিত                        যুগে যুগে দেশে দেশে সৰ্ব্বহাৰা শ্ৰমিকৰ দল !

অথচ , হাড় ভঙা পৰিশ্ৰম কৰি আমিয়েই গঢ়ো
বৃহৎ বৃহৎ অট্টালিকা, পৃথিৱীৰ সপ্তাশ্বৰ্য কীৰ্তিচিহ্ন,
বৃহত্তম চহৰ,নগৰ, সেউজ গাঁও আৰু সভ্যতা ;
কল কাৰখানাত নানা ধৰণৰ ভোগৰ সামগ্ৰী ,
অত্যাধুনিক জীৱন নিৰ্বাহৰ সকলো ব্যৱস্থা!

কিন্তু, এই পৃথিৱী কাৰ বাবে
এই প্ৰশ্নৰ সমিধান কেতিয়াও নেপালো !!

        🔸 নাছিৰ আহমেদ, গোৱালপাৰা।




তুমি হবা জানো?





তোমাৰ লগত কথা পাতিম বুলি
কৈছিলোঁ এবাৰ,
তুমি কয় দিলা অতি সহজতে
আমনি কিয় কৰা বাৰ বাৰ?
এৰি নাযাবা বুলি কোৱা কথাষাৰ
সকলো কথাতে কোৱাত,
বিৰক্তি পাওঁ বুলি
প্ৰকাশ কৰিলা দ্বিধাবোধহীনতাত।
ভালপোৱা আছে বাবেই
ভয় লাগে তোমাক হেৰুৱাৰ,
হেঁপাহেৰে সপোন দেখোঁ
তোমাকেই কাষত পোৱাৰ।
তুমি হবা জানো?
মোৰ প্ৰিয় গোলাপ,
তেতিয়া হ'লে কৰিব পাৰোঁ
মই প্ৰেমৰ বাৰ্তালাপ।

                              ✍️ শিল্পী দাস
      ভালুকমাৰী ৰাণীপুখুৰী,নগাঁও
   

অহংকাৰ


 


জীৱনৰ পৰা সকলো নিবিচাৰোঁ,
হেৰাই গ'ল আজি।
জীয়াই থাকিবলৈ চেষ্টা নকৰাকৈ,
নাই একো কাম!!

কোনোবাই আছা নে সুখেৰে,
ভাবিছা তুমি মোৰ বুলি।
তেন্তে আঁতৰি থকা কিয়,
অহা সকলো কাম এৰি!!

দূৰৰ পৰা ভাবিছা তুমি,
আছোঁ আমি সুখী।
কোন জুইত জ্বলি-পুৰি আছোঁ,
কোৱাচোন তুমি, কাক মই কʼম!!

আজিও তুমি যদি ন অহা,
অহংকাৰ কৰিছাঁ তুমি।
অহংকাৰত সকলো জ্বলিব,
ৰাখিবা তুমি নিজৰেই ধ্যান!!

মগজু কৰিবা ঠান্ডা,
বহি তুমি ভাবিবা।
সয়ম গুচি গ'লে,
কি হ'ব চিন্তা কৰি!!

হে আল্লাহ বিচাৰিছোঁ সহায় তোমাৰ,
সঠিক বাট দেখুৱা মোক।
নুৰ তুমি দুৰ্ভাগ্যৱান,
পৃথিৱীত কোনে শুনিব তোমাৰ এই চিঞৰ!!


📝মো নুৰ ইছলাম ক্বাদৰী, চিৰাং, অসম
মোবাইল:- ৯৩৬৫০৭২২২৩






⭕"তথাপিও কিয় মাকৰ চকুত জল"




  
গৰ্ভত ধৰিছে মা,পাই কিমান যন্ত্ৰনা!
ধৰিছে মা কিমান শক্তিবল!
এই পৃথিৱীত তথাপিও কিয় মাকৰ চকুত জল,
দহ মাহ,দহ দিন ৰাখিছিল যৌথুৰত
প্ৰশৱ কৰিলে মা মোক কিমান কষ্ট কৰি,
হাই! অ' মোৰ মা জননী,দেখালে এই বিশ্বভূমি,,
কটা গছত ধৰালে ফল, এই পৃথিৱীত
তথাপিও কিয় মাকৰ চকুত জল!

কোনোবাই কৰে মাকৰ পূজা,
কোনোবাই কৰে অত্যাচাৰ, তথাপিও
ভালপোৱা দি মাকে কৰিছে এই সংসাৰ
স্নেহ, মায়া, মমতা কিমান যে দিছে মা,
মনত পৰে মাকৰ এই ভালপোৱা, এই পৃথিৱীত
তথাপিও কিয় মাকৰ চকুত জল!

শিশু কালত মাকৰ কোলাত কৰিছিলোঁ খেলা
ব্যাথা ভৰা জীৱন লৈ পাহৰিছিল জ্বালা,
মাতৃ দিৱসে কয় ভাই মা অবিহনে একো নাই
শিকদাৰে কয় ভাই মা অবিহনে একো নাই
মা যে মোৰেই সম্বল। এই পৃথিৱীত
তথাপিও কিয় মাকৰ চকুত জল।

               ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
                  জুৰীয়া, নগাঁও (অসম)




🟡"আমাক এখন কুৰুক্ষেত্ৰ ৰ  যুদ্ধ লাগে"


ৰেণু শৰ্মা, কুমাৰণীছিগা, ডিব্ৰুগড়, অসম

আই তই ইমানযে ধুনীয়া আছিলি
তোৰ ৰূপ তোৰ গুণ শুনি, বহুজনে আহি আহি 
তোৰ বুকেতেই গ'ল লীন
তোৰ ৰূপৰ পাহাৰ, সোণৰ খনি দেখি
বগা বঙাল আহে দিন বাৰ লেখি
এইযে এদেও দুদেও লোটা নিবৰ চেও
সকলোৱে চেগ বুজি
মাৰি আছে খেও
তোৰ বুকু ৰিক্ত কৰি
কৰি আছে মধুৰস পান
তোৰ আছেনে তালৈ কাণ? কিযে মহা অপায় মিলেছে আজি
কোমল বুকুত তোৰ
মহাকালে তাণ্ডব নাচিছে
অঙ্গে অঙ্গে চলে ক্ষুধিত কৃপাণ
খণ্ডিত দেহ তোৰ ধুলিতে লুন্ঠিতা
তথাপিও তেজপীয়াহঁতে
এৰা নাই তেজ পীবলৈ 
ঘৰে ঘৰে শুনোঁ আজি
দুখৰ কুৰুলি, মৃত্যুৰ কিৰিলি
নগৰৰ অলিয়ে গলিয়ে
ধৰ্ষিতা নাৰীৰ ক্ৰন্দন
তাৰ বাবে দোষ দিয়া কাক? শত্ৰু মিত্ৰ চিন নাই তাত
সেয়ে মই দ্ৰৌপদীয়ে
কৈছোঁ সৰগৰপৰা
আমাক এজন কৃষ্ণ লাগে আৰু লাগে
এখন কুৰুক্ষেত্ৰৰ যুদ্ধ।





নতুন লহৰ
দুৰ্গেশ্বৰ শইকীয়া /মাজুলী



মেঘৰ ঢোলৰ চাপৰত
নাচনী নদীবোৰে ককাল ভাঙিছে
বৰষুণৰ নূপুৰৰ তালে তালে
যৌৱনা জান, জুৰিত সুৰৰ লহৰ,
জলচৰৰ সভাত
গৃহীত হৈছে প্ৰস্তাৱ.....
বাসন্তীক স্বাগতম জনোৱাৰ।

চকৰি পুঠিয়ে শুৱাগুৰি তুলিব
গেদগেদীয়ে কুলাবুঢ়ী নাচিব
গাথিয়ন খুন্দিব খলিহনা বাইটিয়ে
গৰৈ ঢুলীয়াই বজাব
পানীতোলা ছেও।

সোৱন দৰিকণাই কইণা সজাব
উজানৰ বাটেদি
বৰযাত্ৰীৰে আহিব দৰা,
ন বৰষুণৰ নতুন পানীত
বাসন্তী জনীৰ বিয়াত
উখলমাখল হ'ব তটিনী।



ফকৰা - যোজনাৰে কবিতা

 
    মেঘালী বৰা
    হেঙেৰাবাৰী, গুৱাহাটী




জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে
চিকিৎসক দম্পতীৰ একেই দশা
কেঁচু খান্দোতে সাপ ওলাব
 এতিয়া বুজিছা চাগৈ কি হ'ব দশা ।
লোভেই পাপ পাপেই মৃত্যু
কাৰাগাৰত থাকি লোৱাচোন মজা ।
 একালৰ বৃন্দাবন একালত পৰে ছন
 তাকেই বোলে
 আঁউসীৰ ধাৰ পূৰ্ণিমাত শুজা ।
জুইৰ লগত ধেমালি কৰি 
কিয় আনিছা বিপদ মাতি ।
মুখতে বঁটা পায়, মুখতে কটা যায়
মুখখন থাকিলেই যিহকে তিহকে নক'বা
লাগিব লেঠা ।
আগতে কথাবোৰ জুকিয়াই চোৱা হ'লে
এনে দশা নহ'ল একা ।
বুঢ়াৰ কথা নুশুন ডেকা ,
টানত পৰি কিয় কেঁকা ।
বোলোঁ 
ভৰি পিছল খালে নিজে দুখ পায়,
জিভা পিছল খালে গঁতা খায় ।
গুৰু- গোঁসাই নামানি
বত্ৰিশটা  চিচি  কেমেৰা ৰাখিলা 
সেইবোৰেই উদঙাই দিলে
কিমান নিদাৰুণ আছিলা ।
সেয়ে কৈছোঁ 
বাছি খাবা ,জাগি শুবা তাৰ ফল পাছে পাবা।
 বিধিয়ে দিলেও বিধাতাই নিদিয়ে
 যমজ সন্তানক মাতৃত্বৰ উমেৰে
ৰখা হ'লে
কেতিয়াও নহয় এনে দশা ।
তাকেহে কৈছোঁ 
আনক দুখ দিয়ে যি নিজেও দুখ পায় সি
আনক সন্মান কৰিব পাৰিলে
নিজে সন্মান পায় ।
এটা কথা জানিবা সদায়
হস্তীৰো পিচলে পাও সজ্জনৰো বুৰে নাও ।






আমাৰ ফুলনি 





আমাৰ ফুলনিখনি আটক ধুনীয়া
যত থাকে ভোমোৰাই ভুন ভুনাই
সেই ফুলনি খন কোনে নু শ্ৰজিলে 
চকু চাত মাৰি ধৰায়। 
ৰাতিপুৱা গধূলি আমাৰ আইতাই
ফুলবোৰ আদৰ কৰে 
নিজ সন্তানৰ দৰে 
লালন পালন কৰে ।।
ৰদ বৰষুণ চাই আইতা ই
ফুল বোৰ যত্ন কৰে 
গোলাপ, তগৰ ,শেৱালী
নাৰ্জী আৰু যে কত কি 
যাৰ সুগন্ধই সৰি নিয়ে 
মন প্ৰাণ ভৰে,
 নিয়ে দুখ ভাগৰ আঁতৰাই 
 লৈ যাই আমাক প্ৰকৃতিৰ
 আটাইতকৈ সুখৰ মাজলৈ 
 বাৰে ৰহনীয়া ফুলৰ মাজত 
 আহি হালি জালি নাচি ফুৰে 
 ৰচকী পখিলাই দেও দি ফুৰে । 

 ✍️ দৃলীনা দাস





🟡এধানি সুখৰ সন্ধানত




অনুভৱবোৰ ক্ৰমশঃ লোপ পাব ধৰিছে
মন - হংসই ক'ৰবাত বাট হেৰুৱাইছে 
চাৰিওফালে দেখিছোঁ কেৱল অন্ধকাৰ।

হেৰাই গৈছে হৃদয়ৰ ভাষা
থমকি ৰৈছে গতিশীল তুলিকা
জীৱন পৃষ্ঠাবোৰ উকা হৈয়ে ৰ'ল 
লিখিম বুলিও লিখিব পৰা নাই কবিতা ।

বেদনাৰ উল্কাবোৰে দিনে নিশাই হৃদয় দহে
বিষাদৰ অশ্ৰুবোৰে সাগৰত দলিচা পাৰে।
সুখবোৰো হেৰাই গ'ল জীৱন ডায়েৰীৰ পাতত 
প্ৰতিপল দুখৰ ঢৌৱে ছুনামীৰ সৃষ্টি কৰে মন সাগৰত ।

ভালপোৱাবোৰ বুটলি লৈ গাঠিছিলোঁ প্ৰেমৰ মালিতা,
পিছে পিন্ধাবলৈ নৌপাওঁতেই ছিগি গ'ল আকলুৱা হৃদয়ৰ আলসুৱা সূতা ।

ভগ্ন হৃদয়েৰে পুনৰ ৰচিছিলোঁ জীৱন কবিতা
কিন্তু বাৰে বাৰে হেৰাই যায় সপোনৰ ঠিকনা।
সপোনৰ ঠিকনা বিচাৰি মইযে এতিয়া দিশহাৰা !

এদিন হঠাৎ স্তব্ধ হৈ পৰিব মোৰ হৃদয়ৰ স্পন্দন
চাৰিওফালে বিৰাজ কৰিব কেৱল নিস্তব্ধ,নীৰৱতাই ,
তেতিয়াই মই গুচি যাম ওঠঁত মিছা হাঁহিটি লৈ
সুখৰ সন্ধান বিচাৰি অন্য এখন পৃথিৱীলৈ ।



                    ৰিমাশ্ৰী কোচ-ৰাজবংশী
                                 একাদশ শ্ৰেণী
‌                                   ঢকুৱাখনা

জীৱন:পৰিস্মৃতা দত্ত। শিৱসাগৰ


জীৱন এক যাত্ৰা 
জন্মৰ পৰা মৃত্যুলৈ ...
প্ৰতিটো কেঁকুৰীত তুলি লওঁ সুখ - দুখ 
হাঁহি , কান্দোন, বিশ্বাস আৰু প্ৰতাৰণাবোৰ..।

জীৱন এক অনন্ত কবিতা.…
বুজা - নুবুজাৰ , জোনাক- ধুমুহাৰ 
পোৱা - নোপোৱাৰ অযুত আশাৰ...। 

জীৱন এক সংগ্ৰাম 
এক গতানুগতিক ব্যস্ততা 
কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে
কোনোবাই হৃদয়ৰ পাত লুটিয়াই
লিখে সোণালী ইতিহাস...। 

জীৱন এখন নদী
কেতিয়াবা বহল , কেতিয়াবা কোমল
অজান ইয়াৰ চৰিত্ৰ।
এক ৰহস্যময়, চলনাময় 
জীৱন এক অন্তহীন জিজ্ঞাসা।

জীৱন গতিশীল
এই গতিশীলতাৰ জগততে আৱৰ্তিত
আমাৰ জীৱনৰো গতি,
অনন্ত বিশ্ব ব্ৰহ্মাণ্ডৰ এই মহাশূন্যত ..
জীৱনৰ অস্তিত্ব নাপাওঁ বিচাৰি। 

জীৱন বৰ ক্ষন্তেকীয়া
আৰম্ভ হোৱাৰ লগে লগেই
মৃত্যু এক শাশ্বত হৈ ইয়াৰ লগে লগেই আহে
জীৱনৰ বিলাসীতাৰ মাজত স্থায়িত্ব বোলা
কোনো বস্তুৱেই নাথাকে। 

জীৱন এনেকুৱাই...
এতিয়া কলা ডাৱৰ হৈ
মনৰ আকাশ ঢাকি কন্দুৱাব
আকৌ.. 
পিছমুহূৰ্ততে ওঠত 
হাঁহিৰ ৰামধেনু বিৰিঙাব।

সুখ -দুখ , হাঁহি -কান্দোন, সংঘাত ইত্যাদিৰে
জীৱন আগুৱাই যাব , 
তথাপি জীৱন বৰ অনুপম। 




আধা লিখা কবিতা:অসীম গগৈ




মোৰ এটি আধা লিখা কবিতা 
কেতিয়াও নহ'ল পোৰা,
বগা কাগজত নীলা চিয়াঁহীয়ে
কৰিলোঁ আধা লেখা।

তোমাৰেই ভাৱনাত তোমাৰেই নাম
লিখি শেষ নহ'ল,
জীৱনৰ সৌন্দৰ্য্যময় পথ মোৰ
কণ্টকময় হৈ ৰ'ল।

মনৰ মাজত আছিলা তুমি 
পখিলা হৈ উৰি,
কবিতা ছন্দে ছন্দে থাকা তুমি
লুকা ভাকু খেলি

বহু দিন গ'ল বহু ৰাতি গ'ল
বহু সময় পাৰ হ'ল
বাস্তৱত তোমালৈ লিখা কবিতা 
অাধৰুৱা হৈ ৰ'ল।

                       
                      


ঐতিহ্যমণ্ডিত ফাটবিহু

 


 হেৰা,বন্ধু
  মʼহঘূলি চাপৰিত ফাটবিহু চাবলৈ
 আহিবাচোন তুমি । 
কিযে বিনন্দীয়া ছবি এয়া 
চাৰিকড়ীয়াই গঢ়া এয়া 
একতাৰ ভূমি।
হেৰা,বন্ধু 
 ফাটবিহুৰ আমেজ লবলৈ
 আহিবাদেই তুমি 
 ঢকুৱাখনাৰ ই আবেগ আৰু স্বাভিমান
প্ৰৱাহিত ইয়াতে হেঁপাহৰ ধাৰ।
 জাতীয় সাজযোৰ পৰিধান কৰি
 দুয়ো 
 উপভোগ কৰিম ফাটবিহু|

                শ্ৰী পৰাগ জ্যোতি দাস 
             দ্বাদশ শ্ৰেণী 
          ঢকুৱাখনা,লখিমপুৰ





🟦বিদায়





নতুন নতুন লগা কলেজখন
আজি বিদায়ৰ ক্ষন্তেক আহি পালে,
কলেজৰ সকলো বস্তুই আমাৰ ফালে
উকি-জুকি মাৰি চালে।
নতুনত্বৰে কলেজখনৰ নতুন বন্ধু-বান্ধৱী,শিক্ষাগুৰু
দাদা -বাইদেউ, ভাই-ভনী লৈ এখন পৰিয়াল সাজিলোঁ;
তিনিবছৰ কেনেকৈ জানো পাৰ হৈ গ'ল
আমি হাঁহি -ধেমালিৰ মাজত গ'মেই নাপালোঁ। 
শিক্ষাগুৰুৰ শ্ৰেণীত আমি কৰা কিছুমান ভুল
আজিও মনত গাঁথি আছে,
বন্ধু-বান্ধৱীৰ লগত হাঁহি-ঠাট্টাৰে কটোৱা
মধুৰ স্মৃতিবোৰ বৰকৈ মনত পৰিছে।
বিদায় জনাই কলেজখনক
গৈ আছোঁ উন্নতিৰ নতুন বাটত,
সকলোৱে আশীৰ্বাদ কৰিব
উপনীত হ'ব পাৰোঁ যেন লক্ষ্যত।
তিনিবছৰৰ অতি প্ৰিয় কলেজখনক
অন্তৰেৰে নিদিওঁ বিদায়,
স্মৃতিবোৰ আকোঁৱালি লৈ
মনত ৰাখিম সদায়।


                           নাম - শিল্পী দাস
       কলেজ - লংকা মহাবিদ্যালয়   
    শ্ৰেণী-চতুৰ্থ ষান্মাসিক (বাণিজ্য
                                           শাখা) 
          ঠিকনা-ভালুকমাৰী , নগাঁও
                  তাৰিখ-১৪-০৫-২০২৩

        ****************************



🟪মা তুমি অনন্যা





মা শব্দটো যদিও এটা আখৰৰ
কিন্তু ইয়াৰ পৰিসৰ তেনেই বহল,
পৃথিৱীৰ আটাইতকৈ ভাল লগা
শব্দটো হল মা।
সন্তানৰ জন্মৰ পাছতে মুখত
প্ৰথম ফুটি ওলোৱা শব্দটো মা।
মা তুমি যে অনন্যা!!!
ঘৰখনৰ কাৰণে যদি লক্ষ্মী
সন্তানৰ বাবে সৰস্বতী,
আৰু প্ৰয়োজনত কালী
হলেও তুমি যে দেৱী মা।
সন্তানৰ সুখৰ সময়ত
লগত থাকিব নোৱাৰিলেও,
দুখৰ সময়ত সদায় 
কাষত থকা গৰাকীয়েই মা।
দহজনৰ চিন্তা আগত কৰি
নিজৰ চিন্তা কৰিবলৈ 
পাহৰি যোৱা তুমি মা।
হাজাৰ দুখ কষ্ট হলেও
নিজৰ কৰ্তব্যক 
পাহৰি নোযোৱা তুমি মা।
সকলোৰে আগত সুন্দৰৰ দেৱী হৈও
নিজৰ সন্তানক কোনোবাই কষ্ট দিলে
কালীৰ ৰূপ ধাৰণ কৰা তুমি মা।
মা তুমি সঁচাকৈ অনন্যা!!!


                       ✍️ অনুস্কা বৰ্মন।
                              দশম শ্ৰেণী
                              চামতা (নলবাৰী)




◼️ পাগল কবি মই




বেয়া নাপাব দেই
কথা এটি কও
কবিতাৰ সৈতে মোৰ
সম্পৰ্ক আজিৰ নহয় ।
প্ৰাথমিক অৱস্থাৰ পৰাই
মই কবিতাৰ প্ৰেমিক ।
তাই মোৰ প্ৰাণত্মা।
শব্দবোৰ পঢ়ি চাই
কোনেও ভুল নুবুজিবা
মই পাগল কবি
আজিও তেওঁৰ প্ৰেমত।
পবিত্ৰ প্ৰেমত দাগ নালাগে
দীনতাত ভুগিলেও আনকি
বিপদ সংকট ত্ৰাসতো
সমস্ত বুকুৰ বেদনাবোৰ
কবিতাই আঁতৰাই দিয়ে।
কলুষিত তমসা অৱগুণ ।কবিতা বুজা জনেও
হয়তো কবি জনক 
ভালদৰে নুবুজিব পাৰে ।
তথাপি কবিতা তুমি
মোৰ জীৱন যাত্ৰাৰ জ্যোতি ।
আধুনিক যান্ত্ৰিক যুগৰ মানৱে নুবুজিলেও,,,
দুখ নকৰো তুমিও দুখ নকৰিবা
তুমি কান্দিলে ময়ো কান্দো
তুমি হাঁহিলে ময়ো হাঁহো
মই তোমাৰ প্ৰেমিক
এজন পাগল কবি।

    যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম।




◻️হৃদয়ৰ স্পন্দন




গভীৰ নিশা আমনি কৰে স্মৃতি বোৰে
নয়নজলে তিতিছে গাৰু;
উচুপনি বোৰক ফুচুলাই
শান্ত কৰাৰ চেষ্টা কৰোঁ।

কিনকিনিয়া বৰষুণত বাহঁনিজোপাৰ
কেৰমেৰ শব্দ বাঢ়ি গৈছে;
ৰিণিকি ৰিণিকি কুকুৰৰ
ভুক ভুকুনিবোৰ ভাঁহি আহিছে।

এক মায়াময় পৰিবেশ মই 
আজি পূৰ্ণ স্বাধীন;
মনৰ ক্ষোভ উজাৰিবলৈ
বিবেক আজি বোধশক্তিহীন।।



এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও
ফোন নং- ৮৮৭৬১২৩১২৪





◼️জীৱন ইমান সহজ নহয়




হয়, জীৱন কেতিয়াবা
হৈ পৰে তুচ্ছ;
কেতিয়াবা হৈ পৰে
বহুতো বিৰাগ।
হাস্পাতাল অথবা মঠ- মন্দিৰ,
মছজিদ, গিৰ্জাৰ দুৱাৰে দুৱাৰে 
জীৱন ভিক্ষাৰ কাতৰ 
কামনাৰ অন্ত নহয়।
নিষ্পাপ জীৱনো কেতিয়াবা
হৈ পৰে বিৰামহীন তথা বিষাক্ত,
কেতিয়াবা পাপী জীৱনৰ 
সুখ সমৃদ্ধিয়ে চকু কপালত তোলে।

হয়, জীৱন ইমান সহজ নহয়

আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত
জীৱনে বাছি লয়;
কেতিয়াবা জীৱনে নতুনকৈ
প্ৰকৃতিয়ে উশাহ
লোৱাৰ উমান পায়।
জীৱন কেতিয়াবা অনুপম নহয়
কঠোৰ সংগ্ৰামৰ এপদ এপদ 
সম্পদ বিক্ৰী কৰে;
নৰিয়াত শয্যাশায়ী ৰোগীজনো
মৃত্যুঞ্জয়ী জীৱনৰ
সপোন ৰচে।


 এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও
ফোন নং- ৮৮৭৬১২৩১২৪




⭕️তোমাতেই বিছাৰি পাওঁ মা

           :আহচানাল মাৰিফ
     :৮৬৩৮০৬৬৮০৬





সুখ-শান্তি বিছাৰি,
ফুৰো গোটেই ধৰণী।

তথাপিও নাপাওঁ ,
সুখৰ বন্যাস।

ৰাতিপুৱাৰ মৃদুল বতাহত আৰম্ভ হয়____
অন্তঃ নিসেহ ৰাতিৰ বুকুত।
তথাপি নাপাওঁ সুখৰ অকণো ছাঁ।

গোটেই ধৰণীৰ চোকে কোণে-
বিচৰাৰ অন্তত মনত হয়____
সেই সুখৰ ছাঁৰ কথা_____
তেখেত নহয় কোনো আন।বৰঞ্চ!
গোটেই জগতৰ একমাত্ৰ শক্তি,
যাৰ আগত শূন্য এই ধৰণী,
যাৰ প্ৰাসংগিকতা হয় অপাৰ,
যাৰ আশীৰ্বাদে দিয়ে মোক সাগৰৰ সৈতে যুঁজিবৰ ক্ষমতা।
যাৰ দেহত নাই____
ধৰ্য্য ক্ষমতাৰ অন্ত
মুখেৰে অপ্ৰকাশিত শব্দৰ অধিকাৰী
গোটেই জগতত অতুলনীয় শক্তিৰ দ্বাৰা পৰিচিত,
"হে মোৰ অসহায়ী মা"।




◼️বুজিও নুবুজা কিয় ?



                  ✍🏻ৰুম্পী দাস                        
                       ভালুকমাৰী   
          ৰাণীপুখুৰী , হোজাই 


বুজিও নুবুজা কিয় ...
মোৰ অনুভূতিৰ কথা ?
প্ৰকাশ নকৰোঁ ,
আবেগৰ আশা ।
সপোনত দেখা
তুমিয়েনে প্ৰিয় মোৰ 
কোৱানা এবাৰ ?
বাহিৰত বহিলে 
কপি উঠে মোৰ স্নিগ্ধ দেহ ,
স্নিগ্ধ বতাহৰ পৰশে ।
অশান্ত মন-প্ৰাণ 
তোমাৰ অপেক্ষাত ব্যাকুল ,
মই শান্ত পক্ষীজনীৰ ।
চাবলৈ মন যায় ,
তোমাৰ মাজতেই 
সতেজ মোৰ হৃদয়খনি ।



◼️শুকান পৃথিৱী





অভিমানবোৰ সামৰি আহিবা কেতিয়াবা,
মোৰ শুকান পৃথিৱীলৈ ।
চাই যাবা..,
শুকান বালিৰ মৰুভূমিত মৰীচিকা খেদি
কেনেকৈ হাবাথুৰি খাই ফুৰো !
সময় পালে ক্ষন্তেক ৰৈ চাই যাবা,
অসহায় মনটোক সঁহাৰি দিবৰ বাবে
কেনেকৈ মিছা আশাৰে সকলো সামৰো !
হয়টো তোমাৰ আজৰি নাই
মোৰ পৃথিৱীলৈ জুমি চোৱাৰ,
অথবা নাই কোনো আশা- অনুভূতি !
তথাপিও...
সময় পালে এবাৰ চাই যাবা,
আশাত বন্দী মোৰ দুটি নয়নে
কেনেকৈ বাট চাই ৰয়...!
অব্যক্ত ভাষাৰে বুকুৰ ভগ্ন সপোনবোৰ
কেনেকৈ নীৰৱে সহ্য কৰি
বুকুৰ মাজতেই সাৱটি থয় !!!



                    ✍🏻শান্তনু হাজৰিকা



◼️এনেদৰেই আগবাঢ়ে জীৱন ডিঙা



কিমান বুটলিম মৰহা বকুল
কিমান লেখিম অপূৰঠ সপোন
তথাপি জীৱন ডিঙা
বাবই লাগিব ঢৌ ঠেলি ঠেলি !

শত তৰঙ্গ
কত ধুমুহাকো নেওচি
গন্তব্য পথৰ ঠিকনাত
ৰুদ্ধ নহয় গতি।

লেখি লেখি ভাগৰা নাই
অপ্ৰাপ্তিৰ হিচাপ
বুকুত অদম্য হেঁপাহ লৈ
সদায় যে প্ৰাপ্তিৰে পৰিমাপ।

কোনে ক'ব
সংগ্ৰাম নাই কৰা বুলি ?
সংগ্ৰাম আছে বাবেই
প্ৰাপ্তিত আছে অনাবিল তৃপ্তি।

মৰহা বকুলৰ সুবাসেও
হৃদয়ত তোলে খলকনি !
সপোনৰ শেতেলিতে লুকাই থাকে
জীৱন ডিঙাৰ
জোৱাৰ প্ৰতিহত কৰি
আগবাঢ়ি যোৱাৰ মধুৰ সোঁৱৰণী...।

            ************

                       আয়নাল হক চৌধুৰী 
                       ধুবুৰী , আগমণি 

🟪"মা"






মা'এটি আখৰৰ বিশাল সৃষ্টিৰ বৃষ্টি 
তুলনাবিহীন সহিষ্ণু সংগ্ৰামী সত্তা, 
নিঃস্বাৰ্থপৰ মমতাময়ী পূৰ্ণাঙ্গ নাৰী 
আজন্ম আশ্ৰয় বেষ্টনী--নিছিদ্ৰ প্ৰহৰী 
মিঠা মাতৰ আদৰণীয় অক্ষয়ী সংস্কৃতি 
সন্তানৰ অপত্য স্নেহৰ নিশ্চিত নিৰাপত্তা....! 

মা তুমি গৰ্ভধাৰিনী অনন্যা ধাত্ৰী 
বিস্ময়কৰ প্ৰসৱ বেদনা এটি বিপদ
 ঈশ-স্তুতিৰে বিচাৰে দোৱা আশীৰ্বাদ, 
 সন্তান মাৰ গৰ্ভৰ নাড়ী সংলগ্ন গৰ্বৰ ধন 
 চিৰ-ঋণী মাৰ কোলাটো শীতলতাৰ খনি 
মৌবৰষা মাতত নিগৰে সুধা সঞ্জীৱনী ।

মায়ে গঢ় দিয়ে সন্তানৰ চিৰস্থায়ী ভেঁটি 
সততা বিশ্বাস চৰিত্ৰ গঠনৰ সবল স্থিতি 
তাই আদিগুৰু জন্ম অৱধি শিকায় পাঠ 
বিনয়ী সচ্চৰিত্ৰ সততাৰ দেখুৱায় পোণ বাট 
দীৰ্ঘ প্ৰতীক্ষাৰ মা-ধৈৰ্য্যৰ জীয়া প্ৰতিমূৰ্ত্তি ।

মাৰ পদ যুগলৰ তলত সন্তানৰ স্বৰ্গ 
মা-পূজাৰ নাথাকে কোনো পাদ্য-অৰ্ঘ্য, 
মাৰ আঁচলখন যেন পুণ্য তীৰ্থস্থান 
 মাতৃ-দুগ্ধ পান সন্তানৰ অমৃত সমান---!! 

সন্তান-প্ৰৌঢ়ত্বৰ একমাত্ৰ অৱলম্বন 
মসৃণ সান্নিধ্যৰ জোনাকী অভিলাষা 
মা' সেৱাৰ উৰ্ধত অৰ্থহীন লৌকিক ধৰম 
স্থান নহওঁক জগত জননী মাৰ-বৃদ্ধাশ্ৰম--!
অসীম বিশেষণী মা-অতি জ্যোতি ৰূপা ! 



________________________
আমিৰ হুছেইন আহমেদ


🟪 মা-



মা-
সৰগৰ এটি শব্দ
য'ত আছে জীৱনৰ মাদকতা
সৃষ্টিৰ কাৰেংত ৰঙীন আবিৰ সানি
সৃষ্টিৰ শ্ৰেষ্ঠ উপহাৰ
নদন-বদন পুষ্প কাননত শীতল এচাটি মাত
যি মাতে কঢ়িয়াই 
আশা আৰু সপোন
জীৱনৰ অমৃত আৰু শান্তি। 

হৃদয়ক দগ্ধ কৰি চিৰকাল কৰিলে পক্ষপাতী
আপোন চাহিদাক বন্দকীত থৈ
প'লে প'লে কৰিলা ত্যাগ
হৰ্ষময় কৰাৰ আপ্রাণ প্ৰয়াস
বিষাদৰ সহস্র নৈ বৈ গৈছে
হৃদয়ৰ মণিকোঠাত
তৎস্বত্বেও পক্ষপাতিত্ব কেৱল মাথোঁ
সন্তানৰ হকে। 

হক-বিহক নুবুজিল
নুবুজিলে শ্ৰম-পৰিশ্ৰম
কষ্টৰ সাগৰকো নেওচি বাৰে বাৰে ৰ'ল চাই
সন্তানৰ মুখখনি।

এগাল মিছা কথা কৈ গৈছে বাৰে বাৰে
নাখায়ো খোৱাৰ অভিনয়
নিপিন্ধিও পিন্ধাৰ ভাও লোৱা
কেতিয়াবা যদি ধাত্রী
আন কেতিয়াবা চিকিৎসক
শিকাইছে অনেক কিছু
গুৰুৰ ভূমিকা পালন কৰি। 

মা- 
এটি অবাধ চিনাকি নাম
যি সঁচাকৈয়ে কোমল আৰু নিকা
হৃদয়ত গভীৰ ঝংকাৰৰ সৃষ্টি কৰে
নিৰ্মল হয় কপটতা
স্বচ্ছ হয় কলুষিত আত্মা। 

মা-
ককবকাই থকা বিষাদৰ সাগৰত  নিগৰা এটি শব্দ
যাৰ হৃদয়ত আছে সাগৰ সম মৰম
গগণ সম দয়া
ওৰেটো জীৱন উচৰ্গা কৰিব খোজে
কেৱল সন্তানৰ পক্ষে। 

মা-
এটি বচন 
য'ত আছে আৰ্শীবাদৰ খনি, ৰোগৰ দৰৱ
যাৰ পৰশত প্ৰাণ পাই উঠে জগত
শীতল কোলাত আছে পৰম মায়া,গভীৰ স্নেহ। 

মা-
জগতৰ এটি বিস্ময়কৰ মাত
যি শব্দ আৰু অৰ্থৰ সাৰ্থক বচন
বিনন্দীয়া জগতৰ সৰ্বশ্ৰেষ্ঠ সম্পদ
যাৰ মৌসনা মিঠা মাতে 
হ্ৰাস কৰে যন্ত্রণা, লাঘৱ কৰে চকুলো। 

মা-
এটি অসাধাৰণ নাম
যি উচ্চাৰিত হয় আপোনা-আপুনি
স্বাধীন আৰু মুক্ত
প্ৰভাৱিত কৰে
জীৱনৰ পাতনি কিম্বা অন্তিম বেলালৈ। 

মা-
এটি বন্ধন
যি নহয় অন্ত কদাপি
সৰ্বদা কামনা কৰে বিকাশ
আৰ্শীবাদ কৰে জী থকালৈ
আনকি বৃদ্ধাশ্রমত থাকিও। 


বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
ম'বাইল- 9101130649


◼️গছত উঠা গৰু

       



গছৰ আগত গৰু এটাই 
আছিল বাঁ‌হী বাই,
মিচিকিয়াই হাঁ‌হি ক'লে
মোৰ ফালে চাই।
শুন হেৰ' মানুহ তই
নকৰিবি লাজ,
হাল বোৱা, মৈ দিয়া 
কৰোঁ কতো কাজ;
চৰা ঘৰৰ দেখা নাপাওঁ
মজিয়াৰ মাজ,
সদায় বান্ধি ৰাখা দেখো
কৰি ঘৰৰ "বাজ"।
কৰি মৰোঁ খেতি-বাতি
খুৱাৱ খেৰ-দানা,
আমি কৰা ধান ডৰাও
খাবলৈ কৰা মানা।
বল কৰি গাখীৰ নিয়া
খীনাইছে দামুৰি,
খুচি হ'লেই সলাই ফুৰা
আমাক বিক্ৰী কৰি।
পেলনীয়া খুৱাই আমাৰ
গোৱৰো বিক্ৰী কৰা,
মৰা গৰুৰ হাড়-চামৰাও
কতো অলপ নেৰা।
নপঢ়িলে "ঐ গৰু" বুলি
গালি দিয়া ল'ৰাক,
"ষাঁ‌ড়" বুলি গালি দিয়া
হৃষ্ট-পুষ্ট-মহা দুষ্টক।
আমি নিৰিহ গৰু জাতিক
নুবুলিবি সৰু,
আজি নাকী লগাই তোৰ
পিঠিত চিঙিম লৰু।


        কবি-ভূপেন কলিতা
              মিৰ্জা, কামৰূপ





⭕️ভয় 





মেটেল ডিটেক্টৰ লগাই
চাব পাৰি নেকি
বুকুৰ ভিতৰ খন
ক'ত লোকাই থাকে প্ৰেম ।
মোৰ ভয় জানোছা
হঠাৎ বিস্ফোৰণ ঘটি
থান বান হয় যদি হৃদয়
কোনোবা অচিনাকী জনৰ হাতত ।




ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।



🟪আহে দিন যায় দিন






সুবিধা বাদীয়ে সুবিধা লয়
তাইৰ পিকসনা ৰাঙলী ওঁঠ দুটি
কাজল সনা চকুদুটিত 
সৰি পৰে  দুখৰ চকুলো ।

আহে দিন যায় দিন
সময়ৰ খোজত সময়ৰ কাটা
জীৱনৰ অসহায় ত্ৰন্দন
যুজি যুজি যন্ত্ৰণাময়  কি যে কৰুণ ।

সময় বৰ নিষ্ঠুৰ
ক্ষন্তেকীয়া মানৱীয় চিন্তাত
বিপদ সংকেত লৈ যায়
বিষয় বাসনাই এলাগীৰ অপ্ৰত্যাশিত 
দুৰ্গদ্ধ চৌদিশ  মাতৃ গৰ্ভৰ দৰ দাম । 



    ✍️ যমুনা দুলু বৈশ্য
          শুৱালকুছি



🟦ঐশ্বৰ্য্য 




      

নিজৰ বুলিবলৈ আছিল মাথোঁ 

পাহাৰ- প্ৰকৃতি, কৃষ্ণচূড়া 

আৰু সূৰ্য উঠা দেশ ,

নিৰ্বাসিত এই  পথত 

নাপাওঁ যদি একো তথাপি, 

নিৰিবিলি, লীলাকেন্দ্ৰত

অহোৰাত্ৰি আহ্বান জনায়  .....  

সৌন্দৰ্য্যৰ মনোৰম মেলাত ।

মই  সেই অৰণ্য মানৱৰ 

প্ৰাচীন ৰজন 

যাৰ চকু মুখত  ঢৌৱাই 

বন বিৰিখৰ কেঁচা গোন্ধ , 

দেহৰ প্ৰতিটো ভাঁজে ভাঁজে 

থাকে  শেলুৱৈৰঙী এন্ধাৰ ।

 চকু মেলি চোৱাচোন ,

মাটিৰ ধৰনীৰ প্ৰাচীন ৰজা মই 

যাৰ নিজৰ বুলিবলৈ সাঁচি ৰাখিছে 

কত পৰিত্যাক্ত মৰম -ভালপোৱা,

 জোন - জ্যোৎস্নাৰে ভৰা 

আঁউসীৰ জোনাক আৰু, 

অতুল ঐশ্বৰ্য্যশালী কত  বিভূতি.....

কোটি কোটি চকু পানী !!



     মাৰ্জিনা বেগম,বৰপেটা ।






🟦পথাৰ


          এছ ইছলাম শিক্ষক 
          পঃমইনবৰী বৰপেটা 

পথাৰত প্ৰখৰ ৰ'দৰ উত্তাপ 
আওকাণ কৰি কৃষকে 
পথাৰখন চাহ কৰে, 
পথাৰতেই কৃষকৰ সপোন
গাভৰু শইচবোৰে
জীৱনৰ পাতনি মেলে। 

পথাৰত কঠিয়াৰ উত্তৰণ ঘটাই 
পথাৰখন সেউজীয়া কৰে
পথাৰৰ লেপথেপীয়া 
বোকাপানী খচি গাৰ ঘাম মচি
ভুঁই ৰুৱে। 

পথাৰত কঠিয়াই ঠন ধৰি 
লহপহ কৈ বাঢ়ে
গাভৰু থোকবোৰে 
বতাহত হালে-জালে 
লখিমী আইয়ে 
মিচিকিয়াই হাঁহে। 

কুঁৱলীৰ আৱৰণ ফালি 
পুৱতিৰ ৰ'দজাক গাত লৈ
বিৰিয়াৰ ৰুণ্ জুন্ শব্দেৰে 
গাঁৱলীয়া পথ সুসজ্জিত কৰে।

আইতাই মূৰ দোঁৱাই 
কৃষকৰ সপোনৰ ভেঁটিত
জীৱনৰ ৰং বিচাৰি পায়, 
আইতাই চোতালখন মচি 
লখিমী আইক 
আদৰি আনে স্বগৃহলৈ
সাঁচি থ'ব শীতল ভঁৰালত। 

প্ৰভুৰ শ্ৰীচৰণত ভক্তিভাৱে
ন-খোৱা লগে ভাগে খাই 
প্ৰশান্তি লভে গৃহস্থই
পথাৰতেই কৃষকৰ 
ভৱিষ্যতৰ সপোন গঢ়ে।
                        

         

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...