Showing posts with label জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী দ্বিতীয় বছৰ মে মাহ দ্বিতীয় সংখ্যা. Show all posts
Showing posts with label জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী দ্বিতীয় বছৰ মে মাহ দ্বিতীয় সংখ্যা. Show all posts

Tuesday, May 16, 2023

জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী দ্বিতীয় বছৰ, মে মাহ দ্বিতীয় সংখ্যা

 জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী

দ্বিতীয় বছৰ◾️মে মাহ◾️দ্বিতীয় সংখ্যা




            কবিতা শিতান




⭕️বেঙুনীয়া কলিজাৰ গান

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ


ৰক্তাক্ত কলিজাখন পঢ়ে যদি কোনোবাই
দেখিলেহেঁতেন তাতে কেঁচা তেজৰ বৰণ বা কি!
সুগন্ধি সুবাদত হাবাথুৰি খোৱা
কোনোবা ৰক্ত পিপাসু
পায় যদি আহি তেজৰ সোৱাদ বিচাৰি,
নাখায় উভতি যাব তেজৰ ৰং দেখি
বেঙুনীয়া কলিজাৰ ক'লা ক'লা তেজ
আপোন জনে উপহাৰ দিয়া।
জানো,
যদিওবা কৰাল বন্ধা ৰক্তৰ সোৱাদ নাই
ভাবিছোঁ,
কালৈনো ৰাখিম তেজালকৈ।
নিগৰি নিগৰি বোৱা এটোপাল দুটোপাল
কেঁচা তেজৰ টোপাল,
চেলেকি চায় অকাৰনে
জুতি পায় দ' কৈ শিপায়।



সমকামী(তিনিশতেইছ)

কাজি_শ্বাহাদত_ইছলাম
                             

জন্তুবোৰ সমকামী নহয়...
জন্তুবোৰ সমকামী নহয়...

কিয়....?

জন্তুবোৰ জীৱশ্ৰেষ্ঠ নহয়...
জন্তুবোৰে বিদ্যালয়লৈ নাযায়...

দিওঁতাই ঠিকেই দিছিল মানুহবোৰক 
চাৰ্টিফিকেট শ্ৰেষ্ঠত্বৰ...
কিন্তু তাতেই লাগি গ'ল নহয় জগৰ!!
ভাবিলে..... "যিহেতু শ্ৰেষ্ঠ,,
গতিকে কিহৰ নো সংশয়..??
বিৰিয়ানীও খাম... গোবৰো খাম...
অথচ জন্তুৱে গোৱৰোৱা ঘাঁহেই নাখায়...!!

"ঈশ্বৰনো কি ডাঙৰ কথা
যিহেতু আমিয়েই শ্ৰেষ্ঠ!!"
-এয়া সিহঁতৰ কথা,,
অনুভৱেই যাৰ সংবিধান--
অনুভৱেই যাৰ সমাধান--

যাৰ বাবেইতো লাখটকীয়া হাওঁফাওঁ জ্বলি যায়
দহটকীয়া চিগাৰেটৰ টানত--
নিকৃষ্টতা বতাহত বিয়পে প্ৰেমৰ নামত--

ধৰ্মৰ এ,বি,চি,ডি নজনা
জন্তুয়ে মন্দিৰ,মছজিদ,গীৰ্জাত নাযায়
অথচ তাৰ অনুভৱতে ফুৰে ধৰ্মৰ বাণী...
মানুহবোৰৰ ঘৰে ঘৰে উপাসনালয়
অথচ দিনকদিনে মানুহবোৰ হৈ আছে সমকামী...!!
==================================




তগৰ ফুলৰ গোন্ধত মন মতলীয়া :

ছেলিমা বেগম। 




আবেলি সময়ত কি যেন উতলা মনত লাগিছিল,
 তাকলৈ মোৰ মনৰ দুৱাৰ খুলি বহি আছিলোঁ তগৰ ফুলৰ বাগিচাত। 
নামি আহিছিল তগৰৰ ৰাগিণী  
মই মাথোঁ আৱেগ হৈ ৰৈ চাই আছিলো সেই ফুলৰ সৌন্দৰ্য্য  উপভোগ কৰি। 
তগৰৰ সৌন্দৰ্য্যত মুগ্ধ হৈ 
নিজকে খুব ভাল লাগিছিল। 
সেই বাবে মই বহি আছিলোঁ 
তগৰ ফুলৰ লগত কথা পাতিবলৈ পাগল হৈ। 
আহঃ কি যেন মধুৰ মিঠা  মিঠা গোন্ধ! 
বাৰে বাৰে তগৰ ফুলেৰ প্ৰেমত পৰি আছিলোঁ ,
পাখী লগা মন মোৰ ----
মতলীয়া হৈ উৰি ফুৰে তগৰ ফুলৰ সৌন্দৰ্য্যত ।
ব'হাগৰ  ৰূপ লাবণ্যত মন মোৰ উৰণীয়া হৈ উৰে কল্পনা ৰাজ্যত। 
ভাল লাগে কিয় মোৰ প্ৰকৃতিৰ সৌন্দৰ্য দেখি ! সেউজীয়াৰ বুকুত ৰঙা গোলাপ ফুলৰ ৰূপ দেখি 
কিমান যেন আনন্দ লাগে মনৰ মাজত 
ইমান ধুনীয়া কৈ স্ৰজিলে কোনে বিশাল পৃথিবী খন 
 আমাৰ মাজত  চমৎকাৰ কৰি। 
নাই নাই ইয়াত কোনো কাৰোবাৰ হাত ,
 জগতৰ নিয়ম মতে 
সাজি আছে এই বিশাল পৃথিৱীখন। 
আবেলি সময়ত মোৰ মন আনন্দত নাচি উঠিল তগৰ ফুলৰ এটা মিঠা গোন্ধ পাই ।
উফফু! সৃষ্টি কৰ্তা তোমাৰ যে ক'ত সৃষ্টি!



এই পৃথিৱী কাৰ বাবে ?




গোটেই বিশ্বজুৰি চলাথ কৰিও এই প্ৰশ্নৰ সমিধান নেপালো,
এই পৃথিৱী কাৰ বাবে ? 
মাথোঁ তেওঁলোকৰ বাবে নেকি  ;
যিবিলাকে ভোগ,বিলাসিতা আৰু প্ৰাচুৰ্যত
আজীৱন ডুব গৈ থাকে ; সুৰাৰ ৰাগীত হৈ উন্মত্ত।
পৃথিৱী তেওঁলোকৰ মতে ভোগ্য সামগ্ৰী 
সেয়েহে , তেওঁলোকৰ ‌একমাত্ৰ‌ মন্ত্ৰ উচ্ছাৰণ
" Eat , drink and be marry"
পুঁজিপতি,সাম্ৰাজ্যবাদী এই শোষক শ্ৰেণীৰ বাবেই
     এই পৃথিৱী খন চাগে।
তেওঁলোকৰ শান্তি - সমৃদ্ধিৰ বাবে সমাজ  ব্যৱস্থা। সকলো ধৰ্মীয় আচাৰ অনুষ্ঠান, দাৰ্শনিক তত্ত্ব, অৰ্থনৈতিক বুনিয়াদ আৰু ৰাজনৈতিক চিন্তাধাৰা !

এই শ্ৰেণীটোৱেই হৈছে "যোগ্য,ভোগ্যা বসুন্ধৰা "।

 অথচ, আমাৰ বাবে এই পৃথিৱী এক নৰক সদৃশ  এক মৃত্যু উপত্যকা, চাৰিওফালে মৰুভূমিৰ ধূ ধূ।

যেতিয়াই পৃথিৱীৰ বুকুত নামি আহে কোনো দুৰ্যোগ
আমাৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা !
প্ৰতি পলে পলে হাত বাউলি মাতে মৃত্যুৰ বিভীষিকা 
এসাজ আহাৰৰ সন্ধানত ৰে'লৰ চকাত হয় আমাৰ জীৱন্ত মৃত্যু !
আমাৰ বাবে এই পৃথিৱীত আশ্ৰয়ৰ বৰ অভাৱ !
কৰোনা ব্যাধিতকৈ ভয়ঙ্কৰ আমাৰ দাৰিদ্ৰ্য-ক্লীষ্ট জীৱন আৰু প্ৰতি মুহূৰ্ত্তত নামে ঈশ্বৰৰ দীৰ্ঘ অভিশাপ?
আমাৰ পৰিচয় নুশুধিবা ,
নুশুধিবা আমাৰ ধৰ্ম পৰিচয় বা জন্মভূমি ক'ত ?
আমাৰ এটাই মাথো পৰিচয় -----
আমি শোষিত,লাঞ্চিত ,বঞ্চিত ,নিষ্পেষিত                        যুগে যুগে দেশে দেশে সৰ্ব্বহাৰা শ্ৰমিকৰ দল !

অথচ , হাড় ভঙা পৰিশ্ৰম কৰি আমিয়েই গঢ়ো
বৃহৎ বৃহৎ অট্টালিকা, পৃথিৱীৰ সপ্তাশ্বৰ্য কীৰ্তিচিহ্ন,
বৃহত্তম চহৰ,নগৰ, সেউজ গাঁও আৰু সভ্যতা ;
কল কাৰখানাত নানা ধৰণৰ ভোগৰ সামগ্ৰী ,
অত্যাধুনিক জীৱন নিৰ্বাহৰ সকলো ব্যৱস্থা!

কিন্তু, এই পৃথিৱী কাৰ বাবে
এই প্ৰশ্নৰ সমিধান কেতিয়াও নেপালো !!

        🔸 নাছিৰ আহমেদ, গোৱালপাৰা।




তুমি হবা জানো?





তোমাৰ লগত কথা পাতিম বুলি
কৈছিলোঁ এবাৰ,
তুমি কয় দিলা অতি সহজতে
আমনি কিয় কৰা বাৰ বাৰ?
এৰি নাযাবা বুলি কোৱা কথাষাৰ
সকলো কথাতে কোৱাত,
বিৰক্তি পাওঁ বুলি
প্ৰকাশ কৰিলা দ্বিধাবোধহীনতাত।
ভালপোৱা আছে বাবেই
ভয় লাগে তোমাক হেৰুৱাৰ,
হেঁপাহেৰে সপোন দেখোঁ
তোমাকেই কাষত পোৱাৰ।
তুমি হবা জানো?
মোৰ প্ৰিয় গোলাপ,
তেতিয়া হ'লে কৰিব পাৰোঁ
মই প্ৰেমৰ বাৰ্তালাপ।

                              ✍️ শিল্পী দাস
      ভালুকমাৰী ৰাণীপুখুৰী,নগাঁও
   

অহংকাৰ


 


জীৱনৰ পৰা সকলো নিবিচাৰোঁ,
হেৰাই গ'ল আজি।
জীয়াই থাকিবলৈ চেষ্টা নকৰাকৈ,
নাই একো কাম!!

কোনোবাই আছা নে সুখেৰে,
ভাবিছা তুমি মোৰ বুলি।
তেন্তে আঁতৰি থকা কিয়,
অহা সকলো কাম এৰি!!

দূৰৰ পৰা ভাবিছা তুমি,
আছোঁ আমি সুখী।
কোন জুইত জ্বলি-পুৰি আছোঁ,
কোৱাচোন তুমি, কাক মই কʼম!!

আজিও তুমি যদি ন অহা,
অহংকাৰ কৰিছাঁ তুমি।
অহংকাৰত সকলো জ্বলিব,
ৰাখিবা তুমি নিজৰেই ধ্যান!!

মগজু কৰিবা ঠান্ডা,
বহি তুমি ভাবিবা।
সয়ম গুচি গ'লে,
কি হ'ব চিন্তা কৰি!!

হে আল্লাহ বিচাৰিছোঁ সহায় তোমাৰ,
সঠিক বাট দেখুৱা মোক।
নুৰ তুমি দুৰ্ভাগ্যৱান,
পৃথিৱীত কোনে শুনিব তোমাৰ এই চিঞৰ!!


📝মো নুৰ ইছলাম ক্বাদৰী, চিৰাং, অসম
মোবাইল:- ৯৩৬৫০৭২২২৩






⭕"তথাপিও কিয় মাকৰ চকুত জল"




  
গৰ্ভত ধৰিছে মা,পাই কিমান যন্ত্ৰনা!
ধৰিছে মা কিমান শক্তিবল!
এই পৃথিৱীত তথাপিও কিয় মাকৰ চকুত জল,
দহ মাহ,দহ দিন ৰাখিছিল যৌথুৰত
প্ৰশৱ কৰিলে মা মোক কিমান কষ্ট কৰি,
হাই! অ' মোৰ মা জননী,দেখালে এই বিশ্বভূমি,,
কটা গছত ধৰালে ফল, এই পৃথিৱীত
তথাপিও কিয় মাকৰ চকুত জল!

কোনোবাই কৰে মাকৰ পূজা,
কোনোবাই কৰে অত্যাচাৰ, তথাপিও
ভালপোৱা দি মাকে কৰিছে এই সংসাৰ
স্নেহ, মায়া, মমতা কিমান যে দিছে মা,
মনত পৰে মাকৰ এই ভালপোৱা, এই পৃথিৱীত
তথাপিও কিয় মাকৰ চকুত জল!

শিশু কালত মাকৰ কোলাত কৰিছিলোঁ খেলা
ব্যাথা ভৰা জীৱন লৈ পাহৰিছিল জ্বালা,
মাতৃ দিৱসে কয় ভাই মা অবিহনে একো নাই
শিকদাৰে কয় ভাই মা অবিহনে একো নাই
মা যে মোৰেই সম্বল। এই পৃথিৱীত
তথাপিও কিয় মাকৰ চকুত জল।

               ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
                  জুৰীয়া, নগাঁও (অসম)




🟡"আমাক এখন কুৰুক্ষেত্ৰ ৰ  যুদ্ধ লাগে"


ৰেণু শৰ্মা, কুমাৰণীছিগা, ডিব্ৰুগড়, অসম

আই তই ইমানযে ধুনীয়া আছিলি
তোৰ ৰূপ তোৰ গুণ শুনি, বহুজনে আহি আহি 
তোৰ বুকেতেই গ'ল লীন
তোৰ ৰূপৰ পাহাৰ, সোণৰ খনি দেখি
বগা বঙাল আহে দিন বাৰ লেখি
এইযে এদেও দুদেও লোটা নিবৰ চেও
সকলোৱে চেগ বুজি
মাৰি আছে খেও
তোৰ বুকু ৰিক্ত কৰি
কৰি আছে মধুৰস পান
তোৰ আছেনে তালৈ কাণ? কিযে মহা অপায় মিলেছে আজি
কোমল বুকুত তোৰ
মহাকালে তাণ্ডব নাচিছে
অঙ্গে অঙ্গে চলে ক্ষুধিত কৃপাণ
খণ্ডিত দেহ তোৰ ধুলিতে লুন্ঠিতা
তথাপিও তেজপীয়াহঁতে
এৰা নাই তেজ পীবলৈ 
ঘৰে ঘৰে শুনোঁ আজি
দুখৰ কুৰুলি, মৃত্যুৰ কিৰিলি
নগৰৰ অলিয়ে গলিয়ে
ধৰ্ষিতা নাৰীৰ ক্ৰন্দন
তাৰ বাবে দোষ দিয়া কাক? শত্ৰু মিত্ৰ চিন নাই তাত
সেয়ে মই দ্ৰৌপদীয়ে
কৈছোঁ সৰগৰপৰা
আমাক এজন কৃষ্ণ লাগে আৰু লাগে
এখন কুৰুক্ষেত্ৰৰ যুদ্ধ।





নতুন লহৰ
দুৰ্গেশ্বৰ শইকীয়া /মাজুলী



মেঘৰ ঢোলৰ চাপৰত
নাচনী নদীবোৰে ককাল ভাঙিছে
বৰষুণৰ নূপুৰৰ তালে তালে
যৌৱনা জান, জুৰিত সুৰৰ লহৰ,
জলচৰৰ সভাত
গৃহীত হৈছে প্ৰস্তাৱ.....
বাসন্তীক স্বাগতম জনোৱাৰ।

চকৰি পুঠিয়ে শুৱাগুৰি তুলিব
গেদগেদীয়ে কুলাবুঢ়ী নাচিব
গাথিয়ন খুন্দিব খলিহনা বাইটিয়ে
গৰৈ ঢুলীয়াই বজাব
পানীতোলা ছেও।

সোৱন দৰিকণাই কইণা সজাব
উজানৰ বাটেদি
বৰযাত্ৰীৰে আহিব দৰা,
ন বৰষুণৰ নতুন পানীত
বাসন্তী জনীৰ বিয়াত
উখলমাখল হ'ব তটিনী।



ফকৰা - যোজনাৰে কবিতা

 
    মেঘালী বৰা
    হেঙেৰাবাৰী, গুৱাহাটী




জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে
চিকিৎসক দম্পতীৰ একেই দশা
কেঁচু খান্দোতে সাপ ওলাব
 এতিয়া বুজিছা চাগৈ কি হ'ব দশা ।
লোভেই পাপ পাপেই মৃত্যু
কাৰাগাৰত থাকি লোৱাচোন মজা ।
 একালৰ বৃন্দাবন একালত পৰে ছন
 তাকেই বোলে
 আঁউসীৰ ধাৰ পূৰ্ণিমাত শুজা ।
জুইৰ লগত ধেমালি কৰি 
কিয় আনিছা বিপদ মাতি ।
মুখতে বঁটা পায়, মুখতে কটা যায়
মুখখন থাকিলেই যিহকে তিহকে নক'বা
লাগিব লেঠা ।
আগতে কথাবোৰ জুকিয়াই চোৱা হ'লে
এনে দশা নহ'ল একা ।
বুঢ়াৰ কথা নুশুন ডেকা ,
টানত পৰি কিয় কেঁকা ।
বোলোঁ 
ভৰি পিছল খালে নিজে দুখ পায়,
জিভা পিছল খালে গঁতা খায় ।
গুৰু- গোঁসাই নামানি
বত্ৰিশটা  চিচি  কেমেৰা ৰাখিলা 
সেইবোৰেই উদঙাই দিলে
কিমান নিদাৰুণ আছিলা ।
সেয়ে কৈছোঁ 
বাছি খাবা ,জাগি শুবা তাৰ ফল পাছে পাবা।
 বিধিয়ে দিলেও বিধাতাই নিদিয়ে
 যমজ সন্তানক মাতৃত্বৰ উমেৰে
ৰখা হ'লে
কেতিয়াও নহয় এনে দশা ।
তাকেহে কৈছোঁ 
আনক দুখ দিয়ে যি নিজেও দুখ পায় সি
আনক সন্মান কৰিব পাৰিলে
নিজে সন্মান পায় ।
এটা কথা জানিবা সদায়
হস্তীৰো পিচলে পাও সজ্জনৰো বুৰে নাও ।






আমাৰ ফুলনি 





আমাৰ ফুলনিখনি আটক ধুনীয়া
যত থাকে ভোমোৰাই ভুন ভুনাই
সেই ফুলনি খন কোনে নু শ্ৰজিলে 
চকু চাত মাৰি ধৰায়। 
ৰাতিপুৱা গধূলি আমাৰ আইতাই
ফুলবোৰ আদৰ কৰে 
নিজ সন্তানৰ দৰে 
লালন পালন কৰে ।।
ৰদ বৰষুণ চাই আইতা ই
ফুল বোৰ যত্ন কৰে 
গোলাপ, তগৰ ,শেৱালী
নাৰ্জী আৰু যে কত কি 
যাৰ সুগন্ধই সৰি নিয়ে 
মন প্ৰাণ ভৰে,
 নিয়ে দুখ ভাগৰ আঁতৰাই 
 লৈ যাই আমাক প্ৰকৃতিৰ
 আটাইতকৈ সুখৰ মাজলৈ 
 বাৰে ৰহনীয়া ফুলৰ মাজত 
 আহি হালি জালি নাচি ফুৰে 
 ৰচকী পখিলাই দেও দি ফুৰে । 

 ✍️ দৃলীনা দাস





🟡এধানি সুখৰ সন্ধানত




অনুভৱবোৰ ক্ৰমশঃ লোপ পাব ধৰিছে
মন - হংসই ক'ৰবাত বাট হেৰুৱাইছে 
চাৰিওফালে দেখিছোঁ কেৱল অন্ধকাৰ।

হেৰাই গৈছে হৃদয়ৰ ভাষা
থমকি ৰৈছে গতিশীল তুলিকা
জীৱন পৃষ্ঠাবোৰ উকা হৈয়ে ৰ'ল 
লিখিম বুলিও লিখিব পৰা নাই কবিতা ।

বেদনাৰ উল্কাবোৰে দিনে নিশাই হৃদয় দহে
বিষাদৰ অশ্ৰুবোৰে সাগৰত দলিচা পাৰে।
সুখবোৰো হেৰাই গ'ল জীৱন ডায়েৰীৰ পাতত 
প্ৰতিপল দুখৰ ঢৌৱে ছুনামীৰ সৃষ্টি কৰে মন সাগৰত ।

ভালপোৱাবোৰ বুটলি লৈ গাঠিছিলোঁ প্ৰেমৰ মালিতা,
পিছে পিন্ধাবলৈ নৌপাওঁতেই ছিগি গ'ল আকলুৱা হৃদয়ৰ আলসুৱা সূতা ।

ভগ্ন হৃদয়েৰে পুনৰ ৰচিছিলোঁ জীৱন কবিতা
কিন্তু বাৰে বাৰে হেৰাই যায় সপোনৰ ঠিকনা।
সপোনৰ ঠিকনা বিচাৰি মইযে এতিয়া দিশহাৰা !

এদিন হঠাৎ স্তব্ধ হৈ পৰিব মোৰ হৃদয়ৰ স্পন্দন
চাৰিওফালে বিৰাজ কৰিব কেৱল নিস্তব্ধ,নীৰৱতাই ,
তেতিয়াই মই গুচি যাম ওঠঁত মিছা হাঁহিটি লৈ
সুখৰ সন্ধান বিচাৰি অন্য এখন পৃথিৱীলৈ ।



                    ৰিমাশ্ৰী কোচ-ৰাজবংশী
                                 একাদশ শ্ৰেণী
‌                                   ঢকুৱাখনা

জীৱন:পৰিস্মৃতা দত্ত। শিৱসাগৰ


জীৱন এক যাত্ৰা 
জন্মৰ পৰা মৃত্যুলৈ ...
প্ৰতিটো কেঁকুৰীত তুলি লওঁ সুখ - দুখ 
হাঁহি , কান্দোন, বিশ্বাস আৰু প্ৰতাৰণাবোৰ..।

জীৱন এক অনন্ত কবিতা.…
বুজা - নুবুজাৰ , জোনাক- ধুমুহাৰ 
পোৱা - নোপোৱাৰ অযুত আশাৰ...। 

জীৱন এক সংগ্ৰাম 
এক গতানুগতিক ব্যস্ততা 
কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে
কোনোবাই হৃদয়ৰ পাত লুটিয়াই
লিখে সোণালী ইতিহাস...। 

জীৱন এখন নদী
কেতিয়াবা বহল , কেতিয়াবা কোমল
অজান ইয়াৰ চৰিত্ৰ।
এক ৰহস্যময়, চলনাময় 
জীৱন এক অন্তহীন জিজ্ঞাসা।

জীৱন গতিশীল
এই গতিশীলতাৰ জগততে আৱৰ্তিত
আমাৰ জীৱনৰো গতি,
অনন্ত বিশ্ব ব্ৰহ্মাণ্ডৰ এই মহাশূন্যত ..
জীৱনৰ অস্তিত্ব নাপাওঁ বিচাৰি। 

জীৱন বৰ ক্ষন্তেকীয়া
আৰম্ভ হোৱাৰ লগে লগেই
মৃত্যু এক শাশ্বত হৈ ইয়াৰ লগে লগেই আহে
জীৱনৰ বিলাসীতাৰ মাজত স্থায়িত্ব বোলা
কোনো বস্তুৱেই নাথাকে। 

জীৱন এনেকুৱাই...
এতিয়া কলা ডাৱৰ হৈ
মনৰ আকাশ ঢাকি কন্দুৱাব
আকৌ.. 
পিছমুহূৰ্ততে ওঠত 
হাঁহিৰ ৰামধেনু বিৰিঙাব।

সুখ -দুখ , হাঁহি -কান্দোন, সংঘাত ইত্যাদিৰে
জীৱন আগুৱাই যাব , 
তথাপি জীৱন বৰ অনুপম। 




আধা লিখা কবিতা:অসীম গগৈ




মোৰ এটি আধা লিখা কবিতা 
কেতিয়াও নহ'ল পোৰা,
বগা কাগজত নীলা চিয়াঁহীয়ে
কৰিলোঁ আধা লেখা।

তোমাৰেই ভাৱনাত তোমাৰেই নাম
লিখি শেষ নহ'ল,
জীৱনৰ সৌন্দৰ্য্যময় পথ মোৰ
কণ্টকময় হৈ ৰ'ল।

মনৰ মাজত আছিলা তুমি 
পখিলা হৈ উৰি,
কবিতা ছন্দে ছন্দে থাকা তুমি
লুকা ভাকু খেলি

বহু দিন গ'ল বহু ৰাতি গ'ল
বহু সময় পাৰ হ'ল
বাস্তৱত তোমালৈ লিখা কবিতা 
অাধৰুৱা হৈ ৰ'ল।

                       
                      


ঐতিহ্যমণ্ডিত ফাটবিহু

 


 হেৰা,বন্ধু
  মʼহঘূলি চাপৰিত ফাটবিহু চাবলৈ
 আহিবাচোন তুমি । 
কিযে বিনন্দীয়া ছবি এয়া 
চাৰিকড়ীয়াই গঢ়া এয়া 
একতাৰ ভূমি।
হেৰা,বন্ধু 
 ফাটবিহুৰ আমেজ লবলৈ
 আহিবাদেই তুমি 
 ঢকুৱাখনাৰ ই আবেগ আৰু স্বাভিমান
প্ৰৱাহিত ইয়াতে হেঁপাহৰ ধাৰ।
 জাতীয় সাজযোৰ পৰিধান কৰি
 দুয়ো 
 উপভোগ কৰিম ফাটবিহু|

                শ্ৰী পৰাগ জ্যোতি দাস 
             দ্বাদশ শ্ৰেণী 
          ঢকুৱাখনা,লখিমপুৰ





🟦বিদায়





নতুন নতুন লগা কলেজখন
আজি বিদায়ৰ ক্ষন্তেক আহি পালে,
কলেজৰ সকলো বস্তুই আমাৰ ফালে
উকি-জুকি মাৰি চালে।
নতুনত্বৰে কলেজখনৰ নতুন বন্ধু-বান্ধৱী,শিক্ষাগুৰু
দাদা -বাইদেউ, ভাই-ভনী লৈ এখন পৰিয়াল সাজিলোঁ;
তিনিবছৰ কেনেকৈ জানো পাৰ হৈ গ'ল
আমি হাঁহি -ধেমালিৰ মাজত গ'মেই নাপালোঁ। 
শিক্ষাগুৰুৰ শ্ৰেণীত আমি কৰা কিছুমান ভুল
আজিও মনত গাঁথি আছে,
বন্ধু-বান্ধৱীৰ লগত হাঁহি-ঠাট্টাৰে কটোৱা
মধুৰ স্মৃতিবোৰ বৰকৈ মনত পৰিছে।
বিদায় জনাই কলেজখনক
গৈ আছোঁ উন্নতিৰ নতুন বাটত,
সকলোৱে আশীৰ্বাদ কৰিব
উপনীত হ'ব পাৰোঁ যেন লক্ষ্যত।
তিনিবছৰৰ অতি প্ৰিয় কলেজখনক
অন্তৰেৰে নিদিওঁ বিদায়,
স্মৃতিবোৰ আকোঁৱালি লৈ
মনত ৰাখিম সদায়।


                           নাম - শিল্পী দাস
       কলেজ - লংকা মহাবিদ্যালয়   
    শ্ৰেণী-চতুৰ্থ ষান্মাসিক (বাণিজ্য
                                           শাখা) 
          ঠিকনা-ভালুকমাৰী , নগাঁও
                  তাৰিখ-১৪-০৫-২০২৩

        ****************************



🟪মা তুমি অনন্যা





মা শব্দটো যদিও এটা আখৰৰ
কিন্তু ইয়াৰ পৰিসৰ তেনেই বহল,
পৃথিৱীৰ আটাইতকৈ ভাল লগা
শব্দটো হল মা।
সন্তানৰ জন্মৰ পাছতে মুখত
প্ৰথম ফুটি ওলোৱা শব্দটো মা।
মা তুমি যে অনন্যা!!!
ঘৰখনৰ কাৰণে যদি লক্ষ্মী
সন্তানৰ বাবে সৰস্বতী,
আৰু প্ৰয়োজনত কালী
হলেও তুমি যে দেৱী মা।
সন্তানৰ সুখৰ সময়ত
লগত থাকিব নোৱাৰিলেও,
দুখৰ সময়ত সদায় 
কাষত থকা গৰাকীয়েই মা।
দহজনৰ চিন্তা আগত কৰি
নিজৰ চিন্তা কৰিবলৈ 
পাহৰি যোৱা তুমি মা।
হাজাৰ দুখ কষ্ট হলেও
নিজৰ কৰ্তব্যক 
পাহৰি নোযোৱা তুমি মা।
সকলোৰে আগত সুন্দৰৰ দেৱী হৈও
নিজৰ সন্তানক কোনোবাই কষ্ট দিলে
কালীৰ ৰূপ ধাৰণ কৰা তুমি মা।
মা তুমি সঁচাকৈ অনন্যা!!!


                       ✍️ অনুস্কা বৰ্মন।
                              দশম শ্ৰেণী
                              চামতা (নলবাৰী)




◼️ পাগল কবি মই




বেয়া নাপাব দেই
কথা এটি কও
কবিতাৰ সৈতে মোৰ
সম্পৰ্ক আজিৰ নহয় ।
প্ৰাথমিক অৱস্থাৰ পৰাই
মই কবিতাৰ প্ৰেমিক ।
তাই মোৰ প্ৰাণত্মা।
শব্দবোৰ পঢ়ি চাই
কোনেও ভুল নুবুজিবা
মই পাগল কবি
আজিও তেওঁৰ প্ৰেমত।
পবিত্ৰ প্ৰেমত দাগ নালাগে
দীনতাত ভুগিলেও আনকি
বিপদ সংকট ত্ৰাসতো
সমস্ত বুকুৰ বেদনাবোৰ
কবিতাই আঁতৰাই দিয়ে।
কলুষিত তমসা অৱগুণ ।কবিতা বুজা জনেও
হয়তো কবি জনক 
ভালদৰে নুবুজিব পাৰে ।
তথাপি কবিতা তুমি
মোৰ জীৱন যাত্ৰাৰ জ্যোতি ।
আধুনিক যান্ত্ৰিক যুগৰ মানৱে নুবুজিলেও,,,
দুখ নকৰো তুমিও দুখ নকৰিবা
তুমি কান্দিলে ময়ো কান্দো
তুমি হাঁহিলে ময়ো হাঁহো
মই তোমাৰ প্ৰেমিক
এজন পাগল কবি।

    যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ, অসম।


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...