সম্পাদকীয়,
তুলসীৰ তলে তলে মৃগ পহু চৰে ,
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে "
তুলসী ঔষধি গুণযুক্ত এবিধ গছ। বিভিন্ন পুৰাণত সুগন্ধি তুলসীক সীতাস্বৰূপা,লক্ষ্মীস্বৰূপা , বিষ্ণুপ্ৰিয়া, কল্যাণী নামেৰে আখ্যা দিছে। জ্বৰ,কাহ, পানীলগা, বসন্ত আদি ৰোগত তুলসীৰ পাত , ৰস,বীজ ঔষধৰূপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ ৰস বিশেষকৈ কৃমি, পেলু আৰু বায়ুনাশক হিচাপে প্ৰয়োগ কৰা হয়।
অসমীয়া মানুহৰ তিনিটা বিহুৰ অন্যতম কাতি বিহু। কাতি বিহুক কঙালী, আন দুটা বিহুৰ মাঘ বিহুক ভোগালী আৰু ব'হাগ বিহুক ৰঙালী বিহু বোলা হয়। ব'হাগ বিহু কৃষি কাৰ্য কৰাৰ আগতে, মাঘ বিহু কৃষি কাৰ্য সমাপ্তি হোৱাৰ পাছত আৰু কাতি বিহু দুয়োটা বিহুৰ মাজত অনুষ্ঠিত হয়। অৰ্থাৎ পথাৰ সেউজীয়া হৈ সঁজাল ধৰি গেঁৰ মেলা সময়ত। কৃষকৰ সেউজীয়া পথাৰ পোকে খাই যাতে নষ্ট কৰিব নোৱাৰে তাৰ বাবে কৃষকৰ চিন্তা। বিহুৰ দিনা পথাৰলৈ গৈ নিৰীক্ষণ কৰে। সেইদিনা লক্ষ্মী দেৱীক আগমনৰ বাবে যেন আৰাধনা কৰা হয় যাতে কৃষকৰ শস্যৰ পথাৰ নদন-বদন হৈ সময়ত ভঁৰাল উপচি পৰে ।
আহিন মাহৰ শেষৰ দিনা অৰ্থাৎ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সন্ধিয়া তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে ভঁৰাল , পদূলি,বাৰী, পথাৰ আদিত চাকি জ্বলোৱা হয় ।ওখ বাঁহ পুতি আকাশ বন্তি জ্বলায়। পোহৰ দেখি পোক -পৰুৱাই শস্য নষ্ট কৰিব যাতে নোৱাৰে তাৰ বাবে এই প্ৰচেষ্টা । কাতিৰ কুঁৱলী, কঁহুৱা, তুলসী,শেৱালিৰ সুগন্ধ, চাকি,আকাশ বন্তি, শৰতৰ নিৰ্মল আকাশ, ফৰিংফুটা জোনাক ,শুকুলা ডাৱৰ আদি কাতি বিহুৰ সময়ৰ চিনাকি পৰিৱেশ। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ সাংসদ , সাহিত্যিক, শিক্ষাবিদ হেম বৰুৱাৰ .....মমতাৰ চিঠি ....কবিতাটোৰ একাংশলৈ এইখিনিতে মনত পৰিছে ... " সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা /পদূলিত তল সৰা শেৱালিবোৰ উপচি আছিল। "
কাতি বিহুৰ সময়ত কৃষকৰ ভঁৰাল মাঘ বিহুৰ দৰে উভৈনদী হৈ নাথাকে। মাঘ বিহু সঁচাকৈয়ে ভোগালী। কৃষকৰ শস্য চপোৱাৰ অন্তত মাঘ বিহুৰ উৰুকাৰ নিশা ৰং-আনন্দেৰে লগে -ভাগে এসাঁজ খোৱা হয়। ৰাতিপুৱা মেজি জ্বলায় । ভোগৰ উৎসৱ ভোগালীৰ যেন অন্ত নহয়। বাৰী-ঘৰ শস্য - মৎস্যৰে উভৈনদী হৈ পৰে বাবে সকলো ফালৰ পৰাই সুবিধা হয়। ভোগৰ উৎসৱ ভোগালী হোৱাৰ দৰে ৰঙৰ উৎসৱ ৰঙালী বিহু । চাৰিওফালে বসন্তৰ পৰশত গছে -বনে কুঁহিপাত ,কপৌ , কেতেকী,নাহৰ ,তগৰৰ আমোলমোল সুবাস । ঢুলীয়াৰ ঢোলৰ চেওত, পেঁপাৰ মাতত বিহুৱা-নাচনীৰ বিহু মৰা আনন্দৰ মাজত সকলো ৰঙিয়াল হৈ পৰে; কিন্তু কাতিবিহুৰ সময়ত সেই আনন্দ-উল্লাহ দেখা পোৱা নাযায়।এফালে প্ৰদূষিত পৰিৱেশ, বজাৰত বয়বস্তুৰ অত্যাধিক দাম, ভঁৰালত শস্যৰ নাটনি। অন্যহাতে বানে ধুই নিয়া পথাৰত কাঁচি লগাবলৈ উপায় নোহোৱা বাবে বহুত কৃষকৰ ভোগালীৰ বতৰতেই কঙালী হৈ পৰে।কাতি বিহুৰ সময়ত পূৰ্বৰ মাদকতা নাথাকে। কেৱল কোনো কোনো সংবাদ মাধ্যমেহে কাতি বিহুৰ কঙালী নোহোৱা কৰি ৰঙালী, ভোগালীৰ দৰে উৎসৱমুখৰ কৰি তুলিব খোজে।যি কি নহওঁক কাতি বিহুৰ এক সুকীয়া বৈশিষ্ট্য আছে । কৃষিজীৱী সমাজৰ নিজস্ব পৰম্পৰাৰে এই বিহু পালন কৰি অহা হৈছে ।
অসমীয়াৰ অস্তিত্ব আৰু স্বকীয়তা শূন্যত খেপিয়াই ফুৰা পণ্ডিতে পথাৰত ৰোৱা গেঁৰেলী নহ’লেও অথবা ধানৰ থোক নোলালেও কাতি বিহু পাতে৷ পিছে, সর্বভাৰতীয় উৎসৱবোৰৰ কলেৱৰ বৃদ্ধি হৈ অসমীয়া কৃষ্টিক হেঁচা মাৰি ধৰাত খেদৰ কাৰণ দেখা নাপায়৷ কাতি বিহু কঙালী বুলি অথবা কঙালী কৃষ্টিৰ আত্মীয়তা সাৰোগত কৰি অসমীয়া জাতি চিৰতৰে জীয়াই থকাৰ সংকল্প ল’বলৈ নেতৃত্বৰ অভাৱ৷ দিছপুৰে জাতীয় চৰিত্রৰ ওপৰত জাপি দিবলৈ শংকৰদেৱে বর্জন কৰা ধর্ম-সংস্কৃতিৰ আমদানি ঘটাবলৈ উদ্যোগ লোৱা পৰিলক্ষিত হওঁতে কাতি বিহুৰ আগমনলৈ সুকীয়া দৃষ্টি দিওঁ৷ কঙালী কৃষ্টিৰ সংজ্ঞা বদলি কৰোঁ৷ নতুন প্রজন্মৰ দিবাস্বপ্নলৈ শুধৰণি আগবঢ়াওঁ৷ কাতি বিহুত পৰিপূর্ণ ভঁৰালৰ সপোন ৰচনা কৰোঁ৷ এই কাতিৰ বিহুৰ পৰম্পৰাগত বিশ্বাসৰ মাজতেই ঘৰে ঘৰে লখিমী আহি উপচি পৰক তাৰেই কামনা কৰিলো৷
সম্পাদক
ৰাহুল চেতিয়া
১৮/১০/২০২২
No comments:
Post a Comment